Breaking

অপাৰেচন অজয়ৰ তৃতীয় খন বিমান ১৯৭ গৰাকী ভাৰতীয়ৰ সৈতে উপস্থিত দিল্লীত…

0 53

অপাৰেচন অজয়ৰ তৃতীয় খন বিমান ১৯৭ গৰাকী ভাৰতীয়ৰ সৈতে উপস্থিত দিল্লীত। এতিয়ালৈকে ভাৰত চৰকাৰৰ অপাৰেচন অজয়ৰ অধীনত ইজৰাইলৰ যুদ্ধ পৰিস্থিতিৰ পৰা মুঠ ৬৪৪ জন ভাৰতীয়ক চাৰ্টাৰ্ড বিমানেৰে নিৰাপদে ঘূৰাই আনিছে। দিল্লী বিমানবন্দৰত ইজৰাইলৰ পৰা উভতি অহা ভাৰতীয় নাগৰিকক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে। বিমানবন্দৰত অৱতৰণ কৰা ভাৰতীয় নাগৰিকৰ মুখত সুখৰ জোৱাৰ। মন্ত্ৰী কৌশল কিশোৰে কয়, “মই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ আৰু অভিনন্দন জনাইছো’।

ইয়াৰ পূৰ্বে শনিবাৰে (১৪ অক্টোবৰ) অপাৰেচন অজয়ৰ অধীনত ইজৰাইলৰ টেল আভিভৰ পৰা ২৩৫ জন ভাৰতীয় নাগৰিক কঢ়িয়াই অনা দ্বিতীয়খন বিমান নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল। শুকুৰবাৰেও ২১২ জন ভাৰতীয় নাগৰিকক ঘূৰাই অনা হয়। এই পৰ্যন্ত মুঠ ৬৪৪ জন লোকক ঘূৰাই অনা হৈছে।

বিদেশ মন্ত্ৰী এছ জয়শংকৰে যোৱা বুধবাৰে (১১ অক্টোবৰ) অপাৰেচন অজয়ৰ কথা ঘোষণা কৰিছিল। তেওঁ কৈছিল যে ইজৰাইলত প্ৰায় ১৮ হাজাৰ ভাৰতীয় লোক বাস কৰি আছে, য’ত ছাত্ৰ-ছাত্ৰী, পেছাদাৰী আৰু ব্যৱসায়ীসকলো আছে। ইয়াৰ ভিতৰত ঘূৰি আহিব বিচৰাসকলকক এই অভিযানৰ অধীনত ঘৰলৈ ঘূৰাই অনা হ’ব। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰিছিল যে আমি ইজৰাইলৰ পৰা উভতি আহিব বিচৰা আমাৰ নাগৰিকসকলৰ উভতি অহাৰ বাবে ‘অপাৰেচন আজেয়া’ আৰম্ভ কৰিছো। বিশেষ চাৰ্টাৰ বিমান আৰু অন্যান্য ব্যৱস্থা কৰা হৈছে। বহিঃৰাজ্যৰ আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি আমি সম্পূৰ্ণৰূপে দায়বদ্ধ।

Leave A Reply