Operation Sindhu: ইৰাণ ইজৰাইলৰ যুদ্ধত উদাৰতা দেখুৱালে ভাৰতে, চুবুৰীয়া দেশৰ বাবে এই কাম কৰিব ভাৰতে

ইৰাণত আবদ্ধ হৈ থকা নাগৰিকক(Operation Sindhu) উদ্ধাৰৰ বাবে ভাৰতে আৰম্ভ কৰে অপাৰেচন সিন্ধু। এতিয়া ইৰাণত আবদ্ধ হৈ থকা নেপাল আৰু শ্ৰীলংকাৰ ছাত্ৰ-ছাত্ৰীকো ভাৰতে নিৰাপদে উলিয়াই আনিব।

ইৰাণ আৰু ইজৰাইলৰ মাজত অহৰহ আক্ৰমণ চলি আছে। এই যুদ্ধৰ সময়ত ইৰাণত আবদ্ধ হৈ থকা বহু ভাৰতীয় নাগৰিকক অপাৰেচন সিন্ধুৰ অধীনত নিৰাপদে দেশলৈ ঘূৰাই অনা হৈছিল। এতিয়া ভাৰতে এই অভিযান সম্প্ৰসাৰণ কৰি ইৰাণৰ পৰা নেপাল আৰু শ্ৰীলংকাৰ নাগৰিকক নিৰাপদে উদ্ধাৰৰ কথা ঘোষণা কৰিছে। দুয়োখন দেশৰ আনুষ্ঠানিক ঘোষণাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

অপাৰেচন লায়নৰ অধীনত ইজৰাইলে ইৰাণত বহুত বোমা বিস্ফোৰণ কৰিছে। ইয়াৰ বাবেই মধ্যপ্ৰাচ্যত যথেষ্ট উত্তেজনা সৃষ্টি হৈছে। ইৰাণেও ইজৰাইলৰ এই আক্ৰমণৰ প্ৰতিশোধ লৈ টেল আভিভক মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰিছে। এই আক্ৰমণত এই পৰ্যন্ত দুয়োপক্ষৰ বহু সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। দুয়োখন দেশৰ যুদ্ধৰ বাবে তাত থকা সাধাৰণ নাগৰিক আৰু আন দেশৰ পৰা পঢ়া-শুনা বা কামৰ বাবে তালৈ যোৱা লোকসকল আবদ্ধ হৈ পৰে।

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ সময়ত তেহৰাণত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ঘূৰাই আনিবলৈ ভাৰতে অপাৰেচন সিন্ধু আৰম্ভ কৰিছিল। এই অভিযানৰ অধীনত ২১ জুন শনিবাৰে পুৱা তুৰ্কমেনিস্তানৰ আছগাবাটৰ পৰা ভাৰতীয় নাগৰিক কঢ়িয়াই অনা এখন বিশেষ বিমান নতুন দিল্লীত উপস্থিত হয়। ২০ জুন শুকুৰবাৰে গভীৰ নিশা ইৰানে নিজৰ আকাশমাৰ্গ মুকলি কৰাৰ পিছত তেহৰাণৰ পৰা ২৯০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিৰাপদে অনা হয়। ইয়াৰে অধিকাংশই আছিল জম্মু-কাশ্মীৰৰ।

তেহৰাণত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত লিখা আছে, ‘নেপাল আৰু শ্ৰীলংকা চৰকাৰৰ অনুৰোধত ইৰাণত থকা ভাৰতীয় দূতাবাস খালী কৰাৰ প্ৰচেষ্টাত নেপাল আৰু শ্ৰীলংকাৰ নাগৰিককো অন্তৰ্ভুক্ত কৰা হ’ব।’

Related Articles