১৬ মে’২০২৫ঃ operation sindoor । ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তান বায়ুসেনাৰ হাতত আছিল অত্যাধুনিক ৰাডাৰেৰে সজ্জিত ছুইডেনত নিৰ্মিত ৯খন ‘এছএব ২০০০ এইআৰআই’ এৱাকছ বিমান।
এয়া হৈছে ‘এয়াৰবৰ্ণ ৱাৰ্নিং এণ্ড কণ্ট্ৰল চিষ্টেম’ (AWACS)। আচলতে ই শত্ৰুক নিৰীক্ষণ কৰিবলৈ অত্যাধুনিক ৰাডাৰেৰে সজ্জিত গোপন বিমান। ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ আৰু তাৰ পিছৰ সংঘাতত কমেও এখন পাকিস্তানী বায়ুসেনাৰ বিমান ক্ষতিগ্ৰস্ত হৈছে। পাকিস্তান বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল মাছুদ আখতাৰে এতিয়া এই কথা স্বীকাৰ কৰিছে।
পাকিস্তানী সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আখতাৰে কয় যে, “দীৰ্ঘ দূৰত্বৰ ৰাডাৰ চোৱাচিতা কৰা আৰু আকাশমাগ নিয়ন্ত্ৰণ কৰা এৱাকছ বিমানখন ইছলামবাদৰ ভোলাৰী বিমানঘাটিত আছিল।” ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণত ধ্বংস হৈ পৰে।” ৯ মে’ৰ গভীৰ নিশা ভাৰতৰ ‘পাৰফেক্ট মিছাইল আক্ৰমণ’ৰ ফলত এই ক্ষতি হোৱা বুলি কয় এজন অৱসৰপ্ৰাপ্ত পাকিস্তানী এয়াৰ মাৰ্শ্বালে।
চলিত সপ্তাহৰ আৰম্ভণিতে ৱাশ্বিংটন পোষ্ট আৰু নিউয়ৰ্ক টাইমছকে ধৰি আমেৰিকাৰ কেইবাটাও সংবাদ মাধ্যমে ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণত পাকিস্তান বায়ুসেনাৰ যথেষ্ট লোকচান হোৱা বুলি দাবী কৰিছিল। অৱশ্যে পাকিস্তান সেনাৰ আন্তঃসেৱা জনসম্পৰ্কৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধৰীয়ে ভাৰতীয় আক্ৰমণত পাকিস্তানী সামৰিক আৰু অসামৰিক লোকৰ প্ৰাণ হেৰুৱাৰ কথা নিশ্চিত কৰে যদিও প্ৰতিৰক্ষা আন্তঃগাঁথনি বা সঁজুলিৰ ক্ষতি হোৱাৰ কথা স্বীকাৰ কৰা নাছিল।
এই প্ৰসংগত শুকুৰবাৰে আখতাৰে দিয়া মন্তব্য এনেধৰণৰ , “তেওঁলোকে (ভাৰতীয় বাহিনীয়ে) একেৰাহে চাৰিটা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল।” ‘গ্ৰাউণ্ড টু গ্ৰাউণ্ড’ সংস্কৰণ, নে ‘স্কাই টু গ্ৰাউণ্ড’ থ্ৰ’ৱেবল। পাকিস্তানী পাইলটসকলে দ্ৰুতগতিত নিজৰ বিমানখন সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ভোলাৰী এয়াৰ বেছৰ হেংগাৰত ক্ষেপণাস্ত্ৰই খুন্দা মাৰে। তাত আমাৰ এটা AWACS আছিল। ইয়াৰ যথেষ্ট ক্ষতি হৈছে।” তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় সেনাই এতিয়াও কোৱা নাই যে ভাৰতীয় বায়ুসেনাই ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত আৰু তাৰ পিছৰ সংঘাতৰ সময়ত ব্ৰহ্মছ মিছাইল ব্যৱহাৰ কৰিছিল নে নাই।
কাকতলীয়াকৈ ক’বলৈ গ’লে ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ হোৱাৰ আগতে পাকিস্তান বায়ুসেনাৰ হাতত ছুইডেনত নিৰ্মিত ৯ খন ‘ছাব ২০০০ এইআৰআই’ এৱাক আছিল। তেওঁলোকে ছুইডেনৰ পৰা মুঠ ১০খন ‘ছাব ২০০০ এইআৰআই’ ক্ৰয় কৰিছিল। কিন্তু ২০১২ চনত পাকিস্তানী পঞ্জাৱৰ মিনহাছ বিমান ঘাটিত তেহৰিক-ই-তালিবান (টিটিপি) বিদ্ৰোহীৰ আক্ৰমণৰ পিছত চাৰিটা এৱাকছৰ ভিতৰত তিনিটা ক্ষতিগ্ৰস্ত হয়, ইয়াৰে এটা সম্পূৰ্ণ অক্ষম হৈ পৰে। আখতাৰে আন এখন বিমান ধ্বংস কৰা বুলি স্বীকাৰ কৰে।
প্ৰসংগক্ৰমে ইছলামবাদে ২০০৬ চনত ছুইডেনৰ সৈতে চুক্তিবদ্ধ হৈ ৪৫০ কিলোমিটাৰ দূৰত্বৰ পৰা শত্ৰুক ধৰা পেলাব পৰা ‘ছাব ২০০০ এইআৰআই’ ক্ৰয় কৰিছিল। সেই সময়ত সামৰিক শাসক পাৰভেজ মুশ্বাৰফ ক্ষমতাত আছিল।