Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দূৰ’(Operation Sindoor) অভিযানৰ পিছত ভাৰতৰ কূটনৈতিক প্ৰচাৰৰ অংশ হিচাপে ৩৩খন দেশলৈ প্ৰেৰণ কৰা বহুদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি অহা ৯ বা ১০ জুনত নতুন দিল্লীত এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সাংসদ, বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু কূটনীতিবিদক লৈ গঠিত এই প্ৰতিনিধি দলটোক ভাৰতৰ স্থিতি দাঙি ধৰাৰ লগতে দেশৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বাবে বিশ্বব্যাপী সমৰ্থন আহৰণৰ দায়িত্ব দিয়া হৈছিল।

সূত্ৰ অনুসৰি প্ৰতিনিধি দলসমূহে তেওঁলোকৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক উচ্চ পৰ্যায়ৰ বৈঠক, কৌশলগত আলোচনা, পহলগাঁও আক্ৰমণৰ প্ৰতি বিভিন্ন দেশৰ প্ৰতিক্ৰিয়া আৰু ভাৰতৰ বৃহত্তৰ সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাকে ধৰি গুৰুত্বপূৰ্ণ পৰিঘটনাসমূহৰ বিষয়ে অৱগত কৰিব। বহুদলীয় ঐক্যৰ এক অভূতপূৰ্ব প্ৰদৰ্শনত চৰকাৰে ৭টা প্ৰতিনিধি দল বিদেশলৈ প্ৰেৰণ কৰিছিল। প্ৰত্যেকৰে নেতৃত্ব দিছিল এজন বিশিষ্ট সাংসদ। শশী থাৰুৰ (কংগ্ৰেছ), ৰবি শংকৰ প্ৰসাদ (বিজেপি), সঞ্জয় কুমাৰ ঝা (জেডিইউ), বৈজয়ন্ত পাণ্ডা (বিজেপি), কণিমোঝি কৰুণানিধি (ডিএমকে), সুপ্ৰিয়া চুলে (এনচিপি) আৰু একনাথ শিণ্ডে (শিৱসেনা) আদি নেতাসকল।


প্ৰধানমন্ত্ৰীক কেৱল এই ভ্ৰমণৰ ফলাফলৰ বিষয়ে অৱগত কৰাই নহয়, সন্ত্ৰাসবাদ, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক স্থিতিশীলতা সম্পৰ্কীয় ভাৰতৰ বাৰ্তা আৰু ভ্ৰমণৰ বিষয়বস্তুৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিৰ বিষয়েও অৱগত কৰা হ’ব।মঙলবাৰে বিয়লি ২:৩০ বজাত বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বাধীন সাংসদৰ প্ৰতিনিধি দলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি ভ্ৰমণৰ সবিশেষ অৱগত কৰিব। পাণ্ডাৰ নেতৃত্বত এই প্ৰতিনিধি দলটোৱে চৌদি আৰব, বাহৰেইন, কুৱেইট আৰু আলজেৰিয়া ভ্ৰমণ কৰিছিল।আনহাতে, ৪ জুনত বিয়লি ৪:৩০ বজাত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মন্ত্ৰী পৰিষদৰ সৈতে বৈঠকত মিলিত হ’ব পাৰে।

Related Articles