Operation Sindoor: ভাৰতে ইচ্ছা কৰিলেই গোটেই পাকিস্তানক উৰুৱাই দিব পাৰে

ভাৰতে ইচ্ছা কৰিলেই গোটেই পাকিস্তানক উৰুৱাই দিব পাৰে৷( Operation Sindoor) ইছলামাবাদৰ বুকুত কঁপনি তুলি এনে মন্তব্য কৰিছে ভাৰতৰ এগৰাকী শীৰ্ষ সামৰিক বিষয়াই৷ ভাৰতে যোৱা ৭ মে’ৰ মাজনিশা ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ কৰিছিল৷ এই প্ৰতিআক্ৰমণত পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিসমূহ নিৰ্বাচিতভাৱে ধবংস কৰা হৈছিল৷ ইয়াৰ পিছত পাকিস্তানেও গুলীচালনা আৰম্ভ কৰে৷ একেৰাহে চাৰি দিন ধৰি দুয়োখন দেশৰ মাজত এই সংঘাত অব্যাহত আছিল৷ পিছলৈ অৱশ্যে দুয়োপক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে৷ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতি পূৰ্বৰ তুলনাত অলপ শান্ত হৈছে৷ সেই পৰিৱেশত ভাৰতৰ শীৰ্ষ সেনা বিষয়াগৰাকীয়ে পাকিস্তানক সতৰ্কবাণী শুনাইছে৷ ভাৰতৰ সামৰিক শক্তিৰ কথা তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰিছে৷ তেওঁ কয়, ভাৰতে ইচ্ছা কৰিলে সমগ্ৰ পাকিস্তানক উৰুৱাই দিব পাৰে৷ আৰু তেনে পৰিস্থিতিত পাক সেনাই লুকাই থাকিবলৈ দ গাঁত বিচাৰিব লাগিব।

সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় সেনাৰ ডি জি এয়াৰ ডিফেন্স লেফটেনেণ্ট জেনেৰেল চুমেৰ ইভান ডি(Sumer Ivan D’Cunha) কুনহাই কয় যে সমগ্ৰ পাকিস্তান ভাৰতৰ হাতৰ মুঠিত আছে৷ ভাৰতৰ ইচ্ছা কৰিলে সমগ্ৰ পাকিস্তানত আঘাত কৰিব পৰা সামৰিক শক্তি আছে। ‘যদি পাক সেনাই ৰাৱালপিণ্ডিৰ পৰা মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰে তেন্তে তেওঁলোকে লুকাই থাকিবলৈ দগাঁত বিচাৰিব লাগিব৷’ সমগ্ৰ পাকিস্তান দখল কৰিব পৰাকৈ ভাৰতৰ হাতত যথেষ্ট অস্ত্ৰ-শস্ত্ৰ আছে বুলি দাবী কৰে বিষয়াগৰাকীয়ে৷ গতিকে সমগ্ৰ পাকিস্তান ভাৰতৰ সামৰিক ক্ষেত্ৰৰ ভিতৰত আছে৷ পাকিস্তানৰ সেনাই তেওঁলোকৰ মুখ্য কাৰ্যালয় ৰাৱালপিণ্ডিৰ পৰা খাইবাৰ পখতুনখোৱালৈ স্থানান্তৰিত কৰক বা য’তেই নকৰক কিয়, ভাৰতৰ হাতৰ পৰা সাৰি যাব নোৱাৰিব৷ শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক উত্তেজনাৰ মাজতে ভাৰতীয় সেনাই মূলতঃ সীমান্তৰ কেইবাটাও পাকিস্তানী বিমান ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলায়৷ অৱশ্যে পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় ৰাৱালপিণ্ডিতো এই আক্ৰমণ চলা বুলি কোৱা হৈছে৷

এই অভিযানৰ সফলতাৰ কাৰণ আছিল উন্নত থলুৱা প্ৰযুক্তি যেনে দীৰ্ঘ দূৰত্বৰ ড্ৰোন আৰু অন্যান্য বিভিন্ন অস্ত্ৰ৷ সেই প্ৰসংগটোৰ কথা উল্লেখ কৰি লেফটেনেণ্ট ডি’কুনহাই কয় যে, ‘পাকিস্তানে চাৰি দিনত পশ্চিম সীমান্তত প্ৰায় ৮০০১ পৰা ১০০০টা ড্ৰ’ন আক্ৰমণ সংঘটিত কৰিছিল৷’ কিন্তু ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ সমন্বিত প্ৰচেষ্টাত সকলো ড্ৰ’ন সফলতাৰে ধবংস হ’ল৷ ‘যদিও তেওঁলোকে জনবসতিপূৰ্ণ অঞ্চলক লক্ষ্য কৰি লৈছিল, আমি নিশ্চিত কৰিছিলো যে সাধাৰণ নাগৰিকৰ কোনো ক্ষতি নহয়৷’ মন কৰিবলগীয়া যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷

Related Articles