Breaking

ৰঙিয়াত পুনৰ আটক আফিং সৰবৰাহকাৰী ।

0 532

সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো ড্ৰাগছ বিৰোধী অভিযান অব্যহত ।

দেওবাৰে নিশা অভিযান চলাই ৰঙিয়াৰ নিকটৱৰ্তী কলমনি বৰকুকুৰীয়া গাৱৰ পৰা আটক কৰে এজন আফিং সৰবৰাহকাৰী ।

আটকাধীন ব্যক্তিজন অহেদুৰ ৰহমান ।

তেওৰ পৰা উদ্ধাৰ কৰে ৭১২ গ্ৰাম মাৰাত্মক উপিয়ামসহ এটি মোবাইল ফোন ।

উক্ত উপিয়ামখিনিৰ বজাৰ মূল্য প্ৰায় ৮० হেজাৰ টকা বুলি জানিবলৈ দিয়ে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাসে ।
ইতিমধ্যে আটকাধীন আফিং সৰবৰাহকাৰী ব্যক্তিজনৰ বিৰুদ্ধে ৰঙিয়া থানাত ১৭(বি)/২৯(১) ধাৰাৰ অধিনত ৬৩২/২১ নম্বৰৰ এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ।
ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ ৰিপʼৰ্ট ।

Leave A Reply