Breaking

‘এটা ফোন কৰিলে বিজেপি দলত যোগদান কৰিব বিৰোধী দলৰ শোণিতপুৰৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়ে’ – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

0 61

সোমবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শোণিতপুৰ লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হয়। বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ২৭ মাৰ্চত দাখিল কৰিব মনোনয়ন পত্ৰ৷ মনোনয়ন পত্ৰ প্ৰদানৰ সময়ত ৰঞ্জিত দত্তক সংগ দিব নোৱাৰিব বাবে আগতীয়াকৈ ৰঞ্জিত দত্তক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্বিশ্ব শৰ্মাই।

ইফালে অহা ২০২৫ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বিজেপি দলত যোগদান কৰিব কংগ্ৰেছ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশৰ্মাই সংৰক্ষণ কৰি ৰাখিছে দুটাকৈ বিধান সভা সমষ্টি ৷ অৱশ্যে সমষ্টি দুটাৰ নাম কোৱাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী৷ এটা ফোন কৰিলে বিজেপি দলত যোগদান কৰিব বিৰোধী দলৰ শোণিতপুৰৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়ে৷ শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে নিৰ্বাচনৰ পিছত বিজেপি দলত যোগদান কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ ভৰত নৰহৰ লগত কথা পতা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে ভৰত নৰহে বিজেপি দলত যোগদান প্ৰসংগত মন্তৱ্য কৰাৰ পৰা বিৰত বুলি মত প্ৰকাশ ৷

যোৰহাট সংসদীয় সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰসংগত মন্তব্য কৰাৰ বিপৰীতে হাতযোৰ কৰি মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী হিমন্বিশ্ব শৰ্মা নীলা তেজৰ বাহিৰে ৰঙা তেজ থকা প্ৰতি গৰাকী কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপি দলত যেগদান কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply