ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ প্ৰাকৃতিক সীমাৰেখা পাচনৈৰ পশ্চিম তীৰত নিজম নৈসৰ্গিক শোভাৰ স্পৰ্শত অৱস্থিত ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভামহাবিদ্যালয় (কণিষ্ঠ)। শৈক্ষিক ক্ষেত্ৰত সুনামী কণিষ্ঠ মহাবিদ্যালয়খনৰ ১৯ নবেম্বৰত নতুনকৈ পৰিচালনা উন্নয়ন সমিতিখন গঠন কৰি হয়। ওৰাঙৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী মণ্টু বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ মামলু ৰাম ডেকাই । সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থকা ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নতক মহাবিদ্যালয়ৰ প্ৰাক্তন সহ:অধ্যাপক তথা বৰ্তমান বিটিচিৰ ই এম ড০ নীলুট স্বৰ্গীয়াৰীয়ে মহাবিদ্যালয়খনৰ অভাৱী আন্তঃগাঠনিৰ উন্নয়নৰ প্ৰয়োজন তথা গুৰুত্ব অনুভৱ কৰা বুলি সদৰী কৰি ইয়াৰ হকে তেওঁ যথাবিহিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ কয় পূৰ্বে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ,সম্প্ৰতি গুণগত শিক্ষা বৃদ্ধিৰ লগতে শ্ৰেণীকোঠাৰ সৰ্বাংগীন বিকাশৰ ওপৰতহে প্ৰাধান্য প্ৰদান কৰা হৈছে ।বিটিচি প্ৰধান প্ৰমোদ বড়ো সমন্বিতে তেওঁৰ পাৰিষদবৰ্গই বিটিচিত শৈক্ষিক দিশত অগ্ৰণী গুৰুত্ব দিছে । মহাবিদ্যালয়খনৰ ছাত্র -ছাত্ৰী, প্ৰবক্তা ,কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া অন্যতম মৌলিক অভাৱ (খোৱা পানী) পূৰণৰ বাবে জানুৱাৰী (২০২২)ৰ আগেই খোৱাপানী আচনি ব্যৱস্থা কৰণ , গ্ৰন্থাগাৰলৈ প্ৰয়োজনীয় মূল্যবান গ্ৰন্থ যোগানৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে কাৰ্যবাহী সদস্য নীলুট স্বৰ্গীয়াৰীয়ে। তেওঁ কয় মই যিমান দিনলৈ থাকিম কলাগুৰু বিষ্ণু ৰাভা কণিষ্ঠ আৰু স্নাতক দুয়োখন মহাবিদ্যালয়ৰ উন্নয়নৰ হকে কাম কৰিম । সভাৰ অন্যতম সন্মানীয় অতিথি বিটিচিৰ ৩৯ নং পাচনৈ ছেৰফাং সমষ্টিৰ পাৰিষদ দিপক মৌৰে বক্তব্যত কয় মহাবিদ্যালয়খন এক পবিত্র অনুষ্ঠান ।আজি গঠন হোৱা মহাবিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ দায়িবাহীসকলৰ দায়িত্ব বাঢ়িল ।আজি আৰু আগৰ পৰ্যায়ৰ আকাশ পাতাল পাৰ্থক্য আছে । মহানুভৱী প্ৰতিষ্ঠাপকসকল আৰু প্ৰবক্তাসকলৰ ত্যাগবোৰ আমি সুৱৰিব লাগিব । তেওঁ লগতে উল্লেখ কৰে মহাবিদ্যালয়খনৰ গৃহ (শ্ৰেণীকোঠা ,কাৰ্যালয়, প্ৰবক্তাৰ জিৰণি কোঠা) আৰু চিলিংসমূহৰ শোচনীয় অৱস্থা-উন্নয়নৰ চিন্তাৰ প্ৰয়োজন আহি পৰিছে । মই মোৰ ক্ষমতাৰ আওতাৰ ভিতৰত কৰ্তব্য পালনৰ চেষ্টা কৰিম । পাৰিষদ গৰাকীয়ে মহাবিদ্যালয়খনত নতুনকৈ চাইকেল-বাইক ষ্টণ্ড নিৰ্মাণৰ প্ৰতশ্ৰুতিও প্ৰদান কৰে । সভাত বক্তব্য ৰাখে অৱসৰী অধ্যক্ষ তাজেম আলি, মহাবিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ড০ ধৃতিমান বৰুৱা, ৰাষ্ট্ৰীয় বটাপ্ৰাপ্ত অৱসৰী কৃতি শিক্ষক কৃষ্ণ বৰা , পাউৰীপোটা হাইস্কুলৰ অৱসৰী শিক্ষক ললিত চন্দ্ৰ ডেকা , গেলাবিল হাইস্কুলৰ শিক্ষক অতুল চন্দ্ৰ নাথ আদিয়ে ।ইয়াৰ পূৰ্বে মহাবিদ্যালয়খনৰ পৰিচালনা উন্নয়ন সমিতিৰ বাবে গণ্যমান্য ব্যক্তি ললিত চন্দ্ৰ ডেকা আৰু ৰতন চন্দ্ৰ দৈমাৰীক সভাপতি ,চাকেশ মহানন্দ আৰু মণ্টু দৈমাৰীক উপসভাপতি ৰূপে প্ৰস্তাৱ আগবঢ়াই বাচনি আৰু অনুমোদনৰ বাবে সংশ্লিষ্ট শিক্ষা বিভাগলৈ প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়ায় । সদনত প্ৰবক্তা ইংকুমণি নাথক শিক্ষক প্ৰতিনিধি, স্থানীয় শিক্ষক জয়ধন মাহাতোক শিক্ষক প্ৰতিনিধি ,নৱ কুমাৰ ডেকা, চুমশ্ৰী বসুমতাৰী, কুসুম্বৰ ডেকা, বিজুমণি কলিতা, হাবিবুল্লাক অভিভাৱক সদস্য আৰু মোছিবীৰুল হকক কম্পিউটাৰ সদস্য ৰূপে স্থলাভিষিক্ত কৰা হয় । সামৰণিত সুন্দৰকৈ শলাগৰ শৰাই আগবঢ়ায় ইংকুমণি নাথে।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কিহৰ বাবে খং কৰিছে পোহনীয়া ভাটৌ চৰাইটিয়ে? এটা এটাকৈ সকলো ঘৰৰ বাচন-বৰ্তন দলিয়াবলৈ আৰম্ভ কৰিলে
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক
- আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ–মূল্যয়কৰ দৃষ্টি আকৰ্ষণৰ বাবে বিভিন্ন বিষয় উপস্থাপন–উৎসৱমুখৰ বিদ্যালয়ৰ পৰিৱেশ
- ২০০০ বৰ্গফুটত ২০০ বিধ উদ্ভিদৰ শাক-পাচলি খেতি কৰে এগৰাকী গৃহিণীয়ে
- ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master Season-5 ত উজলিছে চিলাপথাৰ ফুলবাৰীপথাৰৰ ৫ বছৰীয়া আধ্যাশ্রী উপাধ্যায়
- বঙাইগাঁৱৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কাছাৰপেটী গাঁও পঞ্চায়তত হাজাৰ হাজাৰ হেক্টৰ ধান মৰাপাটৰ খেতি নষ্ট