ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park

১৪ মে’ ২০২৫:orang national park । কালিৰে পৰা দেশী-বিদেশী সকলো পর্যটকৰ বাবে বন্ধ হৈ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বন বিভাগে এই ঘোষণা কৰিছে বেছিভাগ সময় বেয়া পথঘাট আৰু বৃষ্টিপাতৰ বাবে উদ্যানখনৰ বাস্তুতন্ত্রৰ ৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনত। সাধাৰণতে বছৰি বৰষুণৰ সময়ত উদ্যানখন বন্ধ কৰি দিয়া হয়।

বন বিভাগৰ সূত্ৰ মতে, অহা অক্টোবৰ মাহৰ পৰা পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ’ব পৰ্যটকৰ বাবে। উদ্যানখন খোলাখুলিৰ সময়ছোৱাত এইবাৰ পৰ্যটকৰ পৰা লাভ হোৱা মুঠ ৰাজহ আছিল তিনিলাখ ছয়ষষ্ঠি হাজাৰ টকা।

এই সময়চোৱাত দুহেজাৰ তিনিশজন পৰ্যটকে উদ্যানখন পৰিদৰ্শন কৰে, য’ত বিদেশী পৰ্যটকৰ সংখ্যা আছিল একেটা সময়ছোৱাত বিয়াল্লিশজন।

উল্লেখযোগ্য যে, সদ্যহতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত ১২৫ৰো অধিক একেশৃঙীয়া গঁড় চিনাক্ত কৰা হৈছে। লগতে, বাঘ, হাতী, হৰিণা, গাহৰি আৰু বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি হিচাপে এই উদ্যানখনে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উদ্যানখনৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তথ্য অনুসৰি, বন জীৱ সংৰক্ষণ আৰু উদ্যানখনৰ স্বাভাৱিক পৰিৱেশ ৰক্ষা কৰাৰ উদ্দেশ্যে এই বন্ধ ঘোষণা কৰা হৈছে।

Related Articles