চুলাই ঘাটি উৎখাত ওৰাং আৰক্ষীৰ

মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই  চুলাই ঘাটিৰ পৰাই ক’ৰোনাৰ গন সংক্ৰমণ হোৱাৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত  ৰাজ্য খনত অবৈধ ভাৱে চলি থকা চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ এই জৰুৰী বাৰ্তা পোৱাৰ পাছতে ওদালগুৰি জিলা আবকাৰী বিভাগে স্থানীয় প্ৰশাসনৰ সহযোগত ভিন্ন অঞ্চলত  ইটোৰ পিছত সিটো চুলাই মদৰ  ঘাটি উৎখাত কৰিছে । ওৰাং আৰক্ষীয়ে একেৰাহে  আজি কেবাদিন ধৰি এই চুলাই মদৰ বিৰুদ্ধে তীব্ৰতৰ  অভিযান চলাই  চমুৱা গাওঁ,ভোগদল  আন কেইবাঠাইতো  অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰি শ ,শ লিটাৰ চুলাই মদ নষ্ট কৰি পেলোৱাৰ  লগতে বিশাক্ত চুলাই মদ তৈয়াৰ কৰা বহু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে । ওৰাং আৰক্ষীৰ এই চুলাই মদৰ ঘাটি উচ্ছেদ অভিযান  নিতান্তই প্ৰসংশনীয়  পদক্ষেপ যদিও ওৰাং আৰক্ষী থানা এলেকা ধনশ্ৰীঘাট, দফলাপোট, পাউৰীপোট,ওৰাং চাহ বাগিছাৰ ১ নং গেট আৰু হাবিগাওঁতো অবাধে চলি আছে চুলাই মদৰ ৰমৰমীয়া বেহা । ইফালে মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত  মেৰাবিল,মণ্ডল চক,ফুলগুৰি, মহলীযাপাৰা,নাহৰঝাৰ,লামাবাৰী চেন্টাৰ  ইত্যাদি অঞ্চলত চুলাই মদৰ অবাদ বেহা চলি থকাৰ উপৰিও মাজবাট, লামাবাৰী,বাহিপুখুৰী ,বেটেৰি, বেটিবাৰী, ধনশ্ৰী আৰু ওৰাং চাহ বাগিছা সমুহতো চাহ বাগিছাৰ পৰিচালকৰ সহযোগতে  একাংশ লোকে  চুলাই মদৰ ঘাটি স্থাপন কৰি অঞ্চল সমুহত সমাজিক, শৈক্ষিক, অৰ্থনৈতিক পৰিৱেশ বিনষ্ট কৰি আহিছে ।অতি শীঘ্ৰে এই চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ আবকাৰী তথা স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছে মাজবাট বাসী ৰাইজে ।

Related Articles