Breaking

ওৰাং সপ্তাহিক বজাৰৰ দুৰবস্থা

0 1,538

ওদালগুৰি জিলাৰ ওৰাং মাজবাট ৰোডত অৱস্থিত জিলাখনৰ  অন্যতম সাপ্তাহিক বজাৰ হিচাবে কেইবা দশক ধৰি পৰিচিত ওৰাং সাপ্তাহিক বজাৰ । এতিয়া এই বজাৰৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰাত চিন্তিত হৈছে সমগ্ৰ ওৰাং অঞ্চল বাসী ৰাইজ । ওৰাং চাৰিআলিৰ পৰা ৫০০ মিটাৰ দূৰত অৱস্থিত এই সাপ্তাহিক বজাৰ খনত ওদালগুৰি জিলা শোণিতপুৰ জিলাৰ লগতে দৰং জিলাৰ ব্যৱসায়ী  সকলে তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰাৰ লগতে সমগ্ৰ ওৰাং অঞ্চলৰ দাঁতি কাষৰীয়া বিভিন্ন গাঁও ,চাহ বাগিচা আদিৰ পৰা বজাৰলৈ ওলাই অহা ৰাইজক সেৱা আগবঢ়াই অহাৰ লগতে ব্যৱসায় সকলে নিজৰ পৰিয়ালক পোহ পাল দি আহিছে । এই মাজবাট বিধানসভা সমষ্টিৰ অন্যতম সাপ্তাহিক বজাৰ খনত স্থানীয় লোক সকলেও তেওঁলোকৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত উৎপাদিত কেঁচা সামগ্ৰী ক্ৰয় বিক্রয় কৰি তেওঁলোকৰ চাহিদা পূৰণ কৰি আহিছে । ওৰাঙৰ নাম কৰা এই সাপ্তাহিক বজাৰত শাক পাচলিৰ পৰা আৰম্ভ কৰি গৰু ছাগলী , মুৰ্গী হাঁহ চৰাই , কাপোৰ কানি , হোটেল আদিকে ধৰি সকলো সামগ্ৰীৰ বেচা কিনা হয় । কিন্তু  দুৰ্ভাগ্যবশত ক’ৰোণা মহামাৰীৰ ফলত দেশৰ লগতে সমগ্ৰ ৰাজ্যত লক ডাউন ঘোষিত কৰাৰ ফলত দৈনিক অহাযোৱা নোহোৱাত উক্ত সাপ্তাহিক বজাৰৰ অৱস্থা অতি  শোচনীয় হোৱা পৰিলক্ষিত হৈছে ।মানুহৰ অহা যোৱা নোহোৱাৰ ফলত সাপ্তাহিক বজাৰৰ দোকান ,ৰাস্তা আদি এতিয়া ঘোৰ অৰণ্য লৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে । বজাৰ খনত কেইবাশ মান জুপুৰী ঘৰ ,টিন ঘৰ আছে যদিও বিগত কেইবামাহ ধৰি বন্ধ থকাৰ লগতে যোৱা বাৰিষাৰ পানী পৰি বজাৰ খনৰ শোচনীয় অৱস্থাই চিন্তিত কৰিছে অঞ্চলটোৰ সচেতন মহলক । ওৰাং অঞ্চলৰ সচেতন মহলে মাজবাট উন্নয়ন খণ্ডৰ দায়িত্ব থকা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে । মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই ৰাইজে অভিযোগ দিয়া মৰ্মে বজাৰ খনৰ পৰিদৰ্শন কৰি প্ৰকৃতাৰ্থত ওৰাং সাপ্তাহিক বজাৰৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে বহুতো ঘাঁহ জংঘল বাঢ়ি আহিছে আৰু ৰাইজৰ সমাগম নোহোৱাৰ ফলত দিনকদিনে বজাৰ খন নিম্ন গামী হোৱা কথা সদৰি  কৰি লগতে যুৱ নেতা কিশোৰ শৰ্মাই কয় যে দেশ জুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোণা মহামাৰীৰ ফলত এই অৱস্থা হৈছে দোকানী সকলে নিজৰ নিজৰ ঘৰ নিজেই ঠিক কৰা সম্ভৱ কিন্তু  বজাৰৰ ভিতৰত গজি উঠা বন জংঘল পৰিস্কাৰ কৰি দিয়াৰ বাবে এই বিভাগৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষই নিশ্চয় এই সমস্যা সমাধান কৰিব বুলি যুৱ নেতা কিশোৰ শৰ্মাই আশা প্ৰকাশ কৰিছে ।

Leave A Reply