ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্টীয় ঘাই পথত ৩ফেব্ৰুৱাৰীৰ পুৱা চোৰাং গৰু ভৰ্তি বাহন এখন জব্দ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষীয়ে। আৰক্ষী সুত্ৰে জানিব পৰা মতে ৩ফেব্ৰুৱাৰী ৰাতিপুৱা থানা সন্মুখতে নিয়মীয়া তালাচী চলাই আছিল ওৰাং আৰক্ষী থানাৰ এটা আৰক্ষী দলে। আৰক্ষী দলটোৱে তালাচী চলাই থকাৰ সময়তে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা নম্বৰবিহীন এখন গৰু ভৰ্তি বলে’ৰ গাড়ী দেখা পাই ৰবলৈ কয়।

নিয়মীয়া তালাচীৰ কিছু নিলগত চালক জনে গাড়ী খন ৰখাই যদিও চালক জনৰ সৈতে আন দুজন ব্যক্তি গৰু বৰ্তি বাহন খন এৰি থৈ পলাই যায় । পাছত ওৰাং আৰক্ষীয়ে ছয়টা চোৰাং প্ৰকাণ্ড বলধ গৰুৰ সৈতে বাহন খন জব্দ কৰি থানালৈ লৈ আহে । ওৰাং আৰক্ষীয়ে নম্বৰবিহীন চোৰাং গৰু ভৰ্তি বাহন খনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ নং -২০/২২ ইউ এচ- ৩৭৯/৪১১ এটি গোচৰ পঞ্জীয়ন কৰাৰ উপৰিও গো সুৰক্ষা আইন ১৩ (১) ২০২১,আন এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।