Breaking

লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…

0 14

লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলনখন লামাজান বিহুতলীত বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হৈছে।।অনুষ্ঠানৰ আজি পুৱা ৭ বজাত সমাজকৰ্মী প্ৰহ্লাদ বৰাৰ নেতৃত্বত চাফাই অভিযান। পুৱা ৮ বজাত গছপুলি ৰোপণ কৰে শিক্ষক শশী দত্তই।পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তিথেশ্বৰ শইকীয়াই।পুৱা ১০ বজাত স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক অৰূপ গগৈয়ে।

পুৱা ১০-৩০ বজাৰ পৰা কণী যুজঁ, পুৰুষ-মহিলাৰ মাজত ৰচী টনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।দুপৰীয়া ১২ বজাত বিহুতলী উদ্ধোধন কৰে চেঙাজান মাজৰবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক গন্ধেশ্বৰ গগৈয়ে।দিনৰ ১-৩০ বজাত সাংস্কৃতিক প্ৰতিযোগিতাৰ উদ্ধোধন কৰে শিক্ষক নৃপেন বুঢ়াগোহাঁইয়ে। কাৰ্যসূচীত গছতলৰ বোৱাৰী জেং বিহু, গছতলৰ পাট গাভৰু জেং বিহু, চেমনীয়া আৰু যুৱকৰ ঢোল বাদন,বাঁহী, পেঁপা,গগনা বাদন,সৰু বিহুৱতী, মাজু বিহুৱতী, চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী লক্ষেশ্বৰ বৰা,যোগেন দিহিঙ্গীয়াই। কালিলৈ অনুষ্ঠিত মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় দল সংগঠনৰ নেতা উপস্থিত থকাৰ লগতে নিশা  সাংস্কৃতিক অনুষ্ঠানত  কন্ঠশিল্পী প্লাৱন ভূঞা আৰু কৃষ্ণা শইকীয়াই গীত-মাত পৰিৱেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিব দিছে লগতে   জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিততি কামনা কৰিছে।

Leave A Reply