Breaking

‘নাটু নাটু’ খ্যাত অ’স্কাৰ জয়ী ৰাহুল চিপ্লিগুঞ্জৰ সৈতে সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ বৈঠক

0 27

২০২২বৰ্ষত মুক্তি লাভ কৰা ব্লক বাষ্টাৰ চলচ্চিত্র ‘আৰ আৰ আৰ’ৰ অ’স্কাৰ বিজয়ী ‘নাটু নাটু’ শীর্ষক গীতৰ পাৰ্শ্বগায়কদ্বয় ৰাহুল চিপ্লিগুঞ্জ আৰু কালা ভৈৰৱৰ ৰাহুল চিপ্লিগুঞ্জে শুকুৰবাৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াক অসম বিধান সভাৰ মন্ত্রীৰ কক্ষত সৌজন্য মূলক সাক্ষাৎ কৰে।


সাক্ষাৎ কালত অ’স্কাৰজয়ী শিল্পী গৰাকীয়ে অসমীয়া গীতত কণ্ঠদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ লগতে ভবিষ্যতে ইয়াত সংগীত পৰিৱেশনৰ বাবেও ইচ্ছুক বুলিও কয়। অসমীয়া সংগীতৰ সম্যক জ্ঞান থকা ৰাহুল চিপ্লিগুঞ্জৰ পিতৃ এগৰাকী বিউটিচিয়ান হোৱাৰ সূত্ৰে তেওঁ নিজেও চুলি কটা বৃত্তিত জড়িত হৈ পৰা বুলি মন্ত্রী বিমল বড়াৰ আগত প্ৰকাশ কৰে।

নাটু নাটু গীতটি তামিল, কানাডা, তেলুগু আৰু হিন্দী ভাষাত দ্বৈত কণ্ঠত গোৱা শিল্পী গৰাকীয়ে প্ৰথমে সমবেত সংগীত গাই সংগীতৰ জগতত প্ৰবেশ কৰিছিল। পৰৱৰ্তী সময়ত এগৰাকী গজল গুৰুৰ ওচৰত আৰু পাছলৈ সংগীতজ্ঞ গিৰিৱাৰায়াৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰি চলচ্চিত্রৰ পাৰ্শ্ব গায়ক ৰূপে সংগীতৰ জগতত খোপনি পুতে।

তেওঁজনোৱা মতে চলচ্চিত্র তাৰকা নাগাৰ্জ্জুনে আঁত ধৰা তেলুগু বিগ বছৰ এটা ছিজনত বিজয়ী হোৱাৰ পাছত সমগ্ৰ দক্ষিণ ভাৰততে পৰিচিতি লাভ কৰিছিল৷ মন্ত্রী গৰাকীৰে কথপোকথনত ঘাইকৈ তামিল গীত গোৱা ৰাহূলে একমাত্ৰ প্ৰভাসৰ বাহিৰে দক্ষিণৰ প্ৰায় সকলো চলচ্চিত্র নায়কৰ হৈ গীত গোৱা বুলিও প্ৰকাশ কৰে।

উল্লেখ্য যে কালি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃত আয়োজন কৰা “অসম সাংস্কৃতিক মহা সংগ্ৰামৰ বিজয়ী সকলৰ পুৰস্কাৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি হিন্দী ভাষাত “নাচো নাচো” গীতটিৰ কিয়দংশ পৰিৱেশন কৰাৰলগতে ড॰ ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশন কৰিছিল।

Leave A Reply