Breaking

২৬ দিনতে ৭০ লাখৰো অধিক লোকক ভাৰতত প্ৰদান কৰা হ’ল কভিড-১৯ৰ টিকা

0 28

ইমান কম সময়ৰ ভিতৰত টিকাকৰণৰ এই বৃহৎ সংখ্যাত উপনীত হোৱা বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিণত হৈছে ভাৰত।ভাৰতত যোৱা ২৬ দিনত ৭০ লাখতকৈও অধিক লোকক কভিড-১৯ৰ টিকাকৰণ কৰা হৈছে। আনহাতে আমেৰিকাক এই সংখ্যাত উপনীত হ’বলৈ ২৭ দিন আৰু ব্ৰিটেইনক ৪৮ দিন সময় লগিছিল।বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা জনায়।মন্ত্ৰ্যালয়ে কয় যে যোৱা ২৪ ঘণ্টাত ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কভিড-১৯ৰ ফলত কোনো লোকৰে মৃত্যু হোৱা নাই।

মন্ত্ৰ্যালয়ৰ মতে, ১১ ফেব্ৰুৱাৰীৰ ৮ বজালৈকে সমগ্ৰ দেশত চলি থকা কভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত ৭০ লাখৰো অধিক লোকক টিকাকৰণ কৰা হৈছে।মন্ত্ৰ্যালয়ে লগতে জানিবলৈ দি কয় যে এতিয়ালৈকে মুঠ ৭০, ১৭১১৪ গৰাকী লোকক টিকাকৰণ কৰা হৈছে, যাৰ ভিতৰত আছে ৫৭, ০৫২২৮ গৰাকী স্বাস্থ্য কৰ্মী আৰু ১৩, ১১৮৮৬ গৰাকী আগশাৰীৰ কভিড যোদ্ধা।স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে, প্ৰতিদিনে টিকাকৰণ কৰা হিতাধিকাৰীৰ সংখ্যা নিৰন্তৰভাৱে বৃদ্ধি পাই আছে।বিবৃতিটোৰ মতে, তেৰখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পঞ্জীয়ন কৰা ৬৫ শতাংশতকৈও অধিক স্বাস্থ্য কৰ্মচাৰীক টিকাকৰণ কৰা হৈছে।বিহাৰত, সৰ্বাধিক ৭৯% পঞ্জীভুক্ত স্বাস্থ্য কৰ্মীক টিকা কৰণ কৰা হৈছে।আনহাতে এতিয়ালৈকে, সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৪০ শতাংশতকৈ কম পঞ্জীভুক্ত স্বাস্থ্য কৰ্মীক টিকাকৰণ কৰা হৈছে।দেশত এতিয়া চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৪২,৫৬২ জন, যি দেশৰ মুঠ আক্ৰান্তৰ মাত্ৰ ১.৩১ শতাংশ।দেশত এই পৰ্যন্ত সংক্ৰমণৰ ঘটনা ১, ০৮, ৭১২৯৪লৈ বৃদ্ধি পাইছে, যাৰ ভিতৰত ১, ০৫, ৭৩৩৭২ গৰাকী সংক্ৰমণ মুক্ত হৈছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিনৰ ৮ বজাত মুকলি কৰা শেহতীয়া তথ্য অনুসৰি মৃত্যুৰ সংখ্যা ১, ৫৫৩৬০ লৈ বৃদ্ধি পাইছে।পৰিসংখ্যা অনুসৰি, আৰোগ্যৰ ৰাষ্ট্ৰীয় হাৰ ৯৭.২৬ শতাংশ আৰু মৃত্যুৰ হাৰ হৈছে ১.৪৩ শতাংশ।

উল্লেখ্য যে বৰ্তমান ভাৰতৰ লোকসকলক দুটা ভেকচিন প্ৰদান কৰি থকা হৈছে। এটা হ’ল-  ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ দ্বাৰা বিকশিত কোভাক্সিন আৰু আনটো হ’ল- চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ এষ্ট্ৰাজেনেকা ভেকচিন।

Leave A Reply