Breaking

লক্ষদ্বীপত মুকলি হ’ব OYO ৰুম! বলিউদৰ অভিনেতা ৰণবীৰ সিং আৰু কাৰ্তিক আৰিয়ানৰ অনুৰাগী OYO চিইঅ’ ৰিতেশ আগৰৱাল…

0 30

শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত অ’য়’ৰ চিইঅ’ ৰিতেশ আগৰৱালাই শ্বেয়াৰ কৰে যে অচিৰেই লক্ষদ্বীপত তেওঁ অ’য়’ ৰুম মুকলি কৰা হ’ব। ইয়াৰ উপৰিও তেওঁ নিজৰ প্ৰিয় চেলিব্ৰিটিৰ বিষয়েও কয় আৰু ‘শ্বাৰ্ক টেংক ইণ্ডিয়া’ শ্ব’টোৰ বাবে কোনে শ্ৰেষ্ঠ বিচাৰক হ’ব পাৰে সেই কথাও কয়।

‘Shark Tank India 3’ৰ শ্ব’টোৰ বিচাৰকৰ বাবে ৰণবীৰ সিং আৰু কাৰ্তিক আৰিয়ানক সৰ্বোত্তম বুলি বিবেচনা কৰে oyo প্ৰতিষ্ঠাপক ৰিতেশ আগাৰৱালই। ইয়াৰ কাৰণ বুজাই তেওঁ কয়, ‘কাৰ্তিক আৰিয়ান এজন সৰু চহৰৰ মানুহ, কিন্তু তেওঁ বহুত স্মাৰ্ট কাম কৰিছে। তেওঁৰ কথা বেছিকৈ নকয় যদিও তেওঁ এখন সৰু চহৰৰ পৰা আহি বলীউডত বহুত সফল।

ৰিতেশে কয় যে এই দুজন তাৰকা শ্ব’টোৰ বাবে একেবাৰেই শ্ৰেষ্ঠ হ’ব। ইয়াৰ উপৰিও ৰিতেশে দ্ৰুতগতিত বৃদ্ধি পোৱা আতিথ্য উদ্যোগটোত নিজৰ বিশেষজ্ঞতাৰ বিষয়েও মুকলিকৈ ক’লে। ভাৰতত অৱস্থিত বৰ্জন মালদ্বীপ আৰু লক্ষদ্বীপৰ প্ৰচাৰৰ সন্দৰ্ভত ৰিতেশে নিশ্চিত কৰে যে তেওঁৰ কোম্পানীয়ে লক্ষদ্বীপত হোটেল নিৰ্মাণ কৰিবলৈ ওলাইছে।


Leave A Reply