Breaking

পানৰ আছে বহু গুণাগুন । জানিলে আচৰিত হব আপুনি !

0 55

১) মোচোকা খালে:–পানত সৰিয়হ তেল সানি পানখন গৰম কৰি মোচোকা খোৱা ঠাইত বান্ধি থব লাগে।২) কাণৰ বষ:–পান গৰম কৰি ৰস উলিয়াই চাৰিটোপ কাণত দিব লাগে।৩) ওকণি:–পান আৰু মূলাৰ ৰস মিলাই গা ধুৱাৰ আগত মূৰত সানিব লাগে।৪) ঘাঁ:–পান পিহি সানিব লাগে।৫) খং উঠিলে:–পানৰ ৰসত গাখীৰ মিলাই খুৱালে তিৰোতাৰ খং কমে।৬) ছৰ্দি কাঁহ:–পান লং আজোৱাইন হালধি টুকুৰা মিলাই খাব লাগে।৭) আঙুলি বিষালে আৰু ফুলিলে পান গৰম কৰি বান্ধি থব লাগে।

৮) শুকান কাঁহ:–পানৰ ৰস দুচামোচ আৰু মৌ মিলাই খালে শুকান কাঁহ ভাল হয়।৯) ছৰ্দিত নাকেৰে তেজ ওলালে:–পানৰ ৰস দুটোপাল নাকেৰে উজালে ভাল হয়।১০) বিষ ফোঁহোৰা:–পান গৰম কৰি বান্ধিব লাগে।১১) মাত বহিলে:–পানৰ শিপা টুকুৰা কৈ দিনে চাৰিবাৰ চোবাই খাব লাগে।

১২) হাঁপানি:–পানৰ ৰস চাৰি চামোচ আদাৰ ৰস দুচামোচ আৰু মৌ এচামোচ মিলাই দিনে চাৰিবাৰকৈ খাব লাগে।১৩) কেঁচুৱাৰ শৌচ নহ’লে পানৰ ঠাৰিত ঘিঁ নিমখ বা নাৰিকল তেল বা মিঠাতেল লগাই গুহ্যদ্বাৰত অলপ সোমাই দিব লাগে

Leave A Reply