সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শনিবাৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই মাধ্যম সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত বাতিল কৰাৰ দাবীত দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বালিচাং চেন্টাৰ পৰ্যন্ত অসম চৰকাৰ হাই হাই, মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, মুখ্যমন্ত্ৰীৰ কাম নাই, শিক্ষা মন্ত্ৰীৰ কাম নাই, ৰনুজ পেগু হুচিয়াৰ আদি বিভিন্ন শ্লো’গানেৰে চাইকেল সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত চাইকেল সমদল কাৰ্যসূচীত উপস্থিত থাকে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মঃ আজমত শেখ, সাংগঠনিক সম্পাদক হেমন্ত সোনা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল তাঁতী, শিক্ষা সম্পাদক অমৰ বে, তথ্য সম্পাদক গৌতম ক্ৰ, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলি, সাধাৰণ সম্পাদক অভিনাশ হাজৰিকাৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া আৰু শতাধিক ছাত্ৰ-ছাত্ৰী।
-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং