‘কংগ্ৰেছৰ সিদ্ধান্তত আমি হতভম্ব, আমি লজ্জিত’ – পৱিত্ৰ মাৰ্ঘেৰিটা । Pabitra Margherita


Pabitra Margherita । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ নিযুক্তিৰ পিছতে দেশৰ ৰাজনৈতিক মহলত বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয়, “কংগ্ৰেছৰ এই সিদ্ধান্তত আমি হতভম্ব আৰু লজ্জিত। গৌৰৱ গগৈৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনি জনেই বিদেশী। এই পৰিয়ালৰ এজন সদস্যই পাকিস্তানৰ পৰা দৰমহা লৈছে।”

তেওঁ আনকি এই সিদ্ধান্তক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰতো এক ভয়ংকৰ সংকেত হিচাপে অভিহিত কৰিছে। মাৰ্ঘেৰিটাৰ মতে, “গৌৰৱ গগৈ সভাপতি হোৱাটো কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক, আৰু এই সিদ্ধান্তে দলটোক আগলৈ ভয়ংকৰ বিপদৰ ফালে ঠেলিব পাৰে।”

Related Articles