নাজিৰা, ২৬ জুন : Pabitra margherita । কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি নাজিৰা সমষ্টিৰ বিভিন্ন বিদ্যালয়ত শিক্ষা পৰিকাঠামো উন্নয়নৰ বাবে নতুন শ্ৰেণীকোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
মন্ত্ৰী গৰাকীয়ে দিনটোৰ প্ৰথম ভাগত নাজিৰাৰ লিগিৰী পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সমগ্ৰ শিক্ষা, অসম ২০২৪-২৫ বৰ্ষৰ অধীনত আৱণ্টিত পুঁজিৰে নিৰ্মাণ হ’বলগীয়া দুটা অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰে।
তাৰপাছত তেওঁ শিমলুগুৰি হাইস্কুল, গেলেকী বদ্ৰীদাস মোডী গাৰ্লছ হাইস্কুল, ত্ৰিবেণী হাইস্কুল, মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চামগুৰি হাইস্কুলতো উপস্থিত হৈ একেটা উদ্দেশ্যেৰে আধাৰশিলা স্থাপন কৰে।
এই পদক্ষেপৰ জৰিয়তে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আধুনিক সুবিধাসম্পন্ন পাঠদান পৰিবেশ নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জাননী দিয়ে।
উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যুগ্ম উদ্যোগত অসমত শিক্ষাখণ্ডত যথেষ্ট পৰিমাণে বিনিয়োগ কৰি অব্যাহতভাৱে উন্নয়নমূলক কাম-কাজ চলাই থকা হৈছে।