Packed Chips: শিশুক কেতিয়াও কিনি নিদিব পেকেট চিপছ !

আমাৰ আধুনিক জীৱনশৈলীয়ে আমাৰ খাদ্যাভ্যাসত বহু পৰিৱৰ্তন আনিছে। (Packed Chips)আজিকালি বেছিভাগ মানুহেই সকলো সময়তে সতেজ খাদ্য প্ৰস্তুত কৰিবলৈ সময় নাপায়। বিশেষকৈ ভ্ৰমণৰ সময়ত আমি পেক কৰা খাদ্য খাওঁ, য’ত আলুৰ চিপচো থাকে। এই চিপচবোৰ শিশুৰ মাজতো যথেষ্ট জনপ্ৰিয় আৰু শিশুৱে প্ৰায়ে এনে চিপছ খাই ভালপাই, কিন্তু আপুনি জানেনে ই আমাৰ স্বাস্থ্যৰ কিমান ক্ষতি কৰিব পাৰে। আজি চিপচ খোৱাৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানো আহক।

পেকেট চিপছত অধিক পৰিমাণৰ তেল, নিমখ আৰু প্ৰচেছড কাৰ্বহাইড্ৰেট থাকে, যিয়ে ইয়াক স্বাস্থ্যৰ বাবে বিপজ্জনক কৰি তুলিব পাৰে। বিশেষকৈ যুৱক-যুৱতী আৰু শিশুৰ বাবে এই পেকেট চিপছবোৰ অত্যধিক কেলৰিৰ উৎস হ’ব পাৰে, বিশেষকৈ চৰ্বি আৰু ছডিয়ামৰ উৎস হ’ব পাৰে, যাৰ ফলত ওজন বৃদ্ধি, উচ্চ ৰক্তচাপ, সাধাৰণ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

চিপছৰ কিছুমান পেকেটত স্পষ্টকৈ লিখা আছে যে ইয়াত বহু পৰিমাণে পাম অইল ব্যৱহাৰ কৰা হয় যদিও এই তেল সস্তীয়া, যাৰ বাবে আপুনি ১০ৰ পৰা ২০ টকাৰ কম দামত চিপছ পায়। কিন্তু ই স্বাস্থ্যৰ বাবে অতি বিপদজনক, ই হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। গতিকে চিপচ কিনাৰ সময়ত ইয়াৰ উপাদানসমূহ পঢ়িব যাতে কোনো ধৰণৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰে।

পেকেট চিপছত প্ৰায়ে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ হয়, যাৰ ফলত শিশু আৰু প্ৰাপ্তবয়স্কৰ অপুষ্টিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত পেট ভৰি পৰে, কিন্তু পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে। গতিকে চিপচৰ সলনি সতেজ ফল-মূল খাই সুস্থ জীৱন যাপন কৰাটো ভাল।

Related Articles