Breaking

মাজুলীত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাক সম্বৰ্ধনা

0 135

“অসম সাহিত্য সভাই সমগ্ৰ বিশ্বতে অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত কাম কৰিব৷ বিশ্বসভাত শাখা সাহিত্য সভা প্ৰতিষ্ঠা কৰি অসমীয়া সাহিত্যৰ মন্দিৰ প্ৰতিষ্ঠা কৰিব লাগিব৷ লগতে গ্ৰন্থ সংৰক্ষণ কৰি ভাষা-সাহিত্যক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব অসম সাহিত্য সভাই”- মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মাজুলীৰ সমূহ শাখা সাহিত্য সভাৰ সহযোগত মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত অনুষ্ঠিত ‘পদ্মশ্ৰী ড° সূৰ্যকান্ত হাজৰিকাক বিপুল সম্বৰ্ধনা’ শীৰ্ষক অনুষ্ঠানত শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত এইদৰে কয় অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই৷

মাজুলী জিলা সাহিত্য সভাৰ বিদায়ী সম্পাদক মনোজ্যোতি ৰেগনে আঁত ধৰা সভাখনত মাজুলী জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা, নৱনিৰ্বাচিত সভাপতি ৰামসাগৰ নাথ, অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যদ্বয় ক্ৰমে ভূপেন দত্ত, প্ৰভাত বৰা বুঢ়াভকত, অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, শ্ৰী শ্ৰী পীতাম্বৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত নাথ, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক সোণজ্যোতি পামেগাম, সমন্বয় শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক পাৰ্থপ্ৰতীম বৰা প্ৰমুখ্যে বহুসংখ্যক সাহিত্যসেৱকে বক্তব্য প্ৰদান কৰে৷

শিল্পী ৰুণমণি শইকীয়াই এটি বৰগীতেৰে শুভাৰম্ভণী কৰা বিশেষ সম্বৰ্ধনা সভাখনত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড° সূৰ্যকান্ত হাজৰিকাক মাজুলী জিলা সাহিত্য সভা, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভা, গড়মূৰ শাখা সাহিত্য সভা, ৰামধেনু শাখা সাহিত্য সভা, বিষ্ণুজ্যোতি শাখা সাহিত্য সভা, ত্রিবেণী শাখা সাহিত্য সভা, ৰাৱনাপাৰ শাখা সাহিত্য সভা, মধ্য মাজুলী শাখা সাহিত্য সভা, সমন্বয় শাখা সাহিত্য সভা, উজনি মাজুলী শাখা সাহিত্য সভা, পশ্চিম গড়মূৰ শাখা সাহিত্য সভা, আঁহতগুৰি শাখা সাহিত্য সভা, তৰুণজ্যোতি পামেগাম শাখা সাহিত্য সভা, নামনি মাজুলী শাখা সাহিত্য সভা, মাজুলী জিলা লেখিকা সমাৰোহ সমিতি, গড়মূৰ পূবেৰুণ গোষ্ঠী, বনগাঁও লেখিকা সমাৰোহ সমিতি, আউনিআটী কবি চক্ৰ, মাজুলী জিলা হাইস্কুল শিক্ষক সন্থাৰ লগতে বহুসংখ্যক দ’ল-সংগঠনে চেলেং-চাদৰ, গামোচা, জাপি, বিচনী, শৰাই, মিচিং এৰকক, কাৰ্বি মোনা, কিতাপৰ টোপোলা আৰু সম্বৰ্ধনা পত্রৰে ব্যাপক আদৰণী জনায়৷

প্ৰজাতীয় মৈত্রীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগনে শলাগৰ শৰাই জ্ঞাপন কৰা আৰু জাতীয় সংগীতেৰে সামৰণি পৰা সভাখনত মাজুলী জিলা সাহিত্য সভাৰ উপসভাপতি ৰুবী শইকীয়া, নৱনিৰ্বাচিত জিলা সম্পাদক কেশৱ কাকতি, প্ৰাক্তন জিলা সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়া, জিলা সাংগঠনিক সম্পাদক সত্যজিৎ কুম্বাং, জিলা কাৰ্যনিৰ্বাহক সদস্য অনুপ্ৰভা দেৱী, মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা মিনতী শইকীয়া, সভাপতি মণিকা মহন্ত গোস্বামী, শাখা সভাপতি ক্ৰমে প্ৰণৱজিত মিশ্ৰ, জগন্নাথ দুৱৰীয়া, কাজল দত্ত, বিশ্বজিৎ হাজৰিকা, আনন্দ নাথ, খগেন হাজৰিকা, গিৰিধৰ কলিতা, ইন্দুলেখা হাজৰিকা, ৰবীন শইকীয়া আৰু শাখা সম্পাদক ক্ৰমে কৃষাৰাণী শইকীয়া, ভৱানন্দ হাজৰিকা, গোলাপ চন্দ্ৰ নাথ, মহিম চন্দ্ৰ নাথ, তিলক ৰাজখোৱা, গোবিন্দ দাস, কুলদ্বীপ হাটীমতা প্ৰমুখ্যে সচেতন সাহিত্যসেৱী-সমাজকৰ্মীসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়৷

Leave A Reply