Breaking

কথাসূৰ্য উপাধিৰে বিভূষিত কৰা হ’ল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাক…

0 15

মায়ং পবিতৰা সাহিত্য উৎসৱত কথাসূৰ্য উপাধিৰে সন্মানিত হ’ল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা । বিশিষ্ট শিল্পী ড° দীনেশ বৈশ্য, শিল্পী ৰাণু বৈশ্য, সাংবাদিক ভৱেশ দাস, কবি বিপুল শৰ্মা , দৰং জিলা সাহিত্য সভাৰ সভাপতি চহিৰ উদ্দিন বাৰভূঞা, কবি ৰুদ্ৰ সিংহ মটক, নতুন দৌৰঙ্গ বাৰ্তাৰ সম্পাদক শংকৰ কাকতি, ঔপন্যাসিক ৰুণা লাইলা, কবি-গীতিকাৰ আব্দুল মালিক, অধ্যাপক মণিৰূপা মিশ্ৰ, অধ্যাপক চাৰুপ্ৰভা চলিহা আদি বহু বিশিষ্ট লেখক-শিল্পীৰ উপস্থিতিত প্ৰাক্তন প্ৰধান সম্পাদক ৰাজখোৱাক কালি এই উপাধি প্ৰদান কৰে আজিৰ কবিতা আৰু মেজাংকৰী প্ৰকাশনে । প্ৰকাশনৰ হৈ স্মাৰক আৰু প্ৰশস্তি পত্ৰপ্ৰদান কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক, বিশিষ্ট সাহিত্যিক জয়ন্তমাধৱ বৰা আৰু নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহই । জাপি, জাতীয় বস্ত্ৰ আৰু চেলেং প্ৰদান কৰে বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী মৃণ্ময়কুমাৰ নাথ, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ আৰু আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহাই । উপাধি গ্ৰহণ কৰি ৰাজখোৱাই এয়া তেওঁৰ বাবে এক বিশেষ স্বীকৃতি বুলি উল্লেখ কৰে ।

তেওঁ কয় যে এগৰাকী সাহিত্যকৰ্মী আৰু অনাতাঁৰ কেন্দ্ৰৰ ঘোষক হিচাপে দীৰ্ঘ দিন ধৰি আগবঢ়াই অহা সেৱাৰ বাবেই হয়তো আজি তেওঁলৈ মেজাংকৰী প্ৰকাশনে এই সন্মান আগবঢ়াইছে । তাৰকাৰণে তেওঁ সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ পদুম ৰাজখোৱা অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ প্ৰধান সম্পাদক আছিল । পুৰুষদীপ্ত মিঠা কণ্ঠ আৰু স্পষ্ট কঠনশৈলীৰে সুন্দৰকৈ অনুষ্ঠানৰ আঁত ধৰা, মনোমুগ্ধকৰভাৱে ভাষণ দিয়া , আবৃত্তি কৰা আদি বিভিন্ন গুণৰ বাবে বিভিন্ন সময়ত প্ৰশংসিত হোৱা ৰাজখোৱা এজন কবি, গল্পকাৰ আৰু প্ৰবন্ধকাৰ । ‘জোনাকৰ সপোনত হৃদয়ৰ গান’ তেওঁৰ কবিতাপুথি ।

‘নিৰ্বাচিত কবিতা আলোচনা’, ‘ভিন্ন প্ৰসঙ্গ’, ‘বিহঙ্গম দৃষ্টিৰে সাহিত্যৰ পাঠ আলোচনা’, ‘কলং হাৰিয়াৰ এটি সেউজীয়া উপত্যকা’ আদি তেওঁৰ অন্যান্য সৃষ্টি । ‘কলংপাৰ’, ‘শিল্পী যজ্ঞ বেজবৰুৱাৰ গীত আৰু কবিতা’, ‘মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ অস্থিবজ্ৰ আৰু অন্যান্য’ , ‘মলিন বৰাৰ গীত আৰু কবিতা’ আদি তেওঁৰ সম্পাদিত গ্ৰন্থ । আকাশবাণী নগাঁও কেন্দ্ৰৰ অস্থায়ী ঘোষক ৰাজখোৱাই এটা সময়ত ৰাষ্ট্ৰভাষা বিশাৰদ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আৰু কৃষ্ণ বৰা বি এড কলেজতো শিক্ষকতা কৰিছিল । সন্মান প্ৰদান অনুষ্ঠানত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীনেশ বৈশ্যক জীৱনজোৰা সাধনা বঁটা , সাহিত্য অকাডেমি বঁটাপ্ৰাপক জয়ন্ত বৰাক সাহিত্য বৈভৱ বঁটা প্ৰদান কৰা হয় । লগতে আজিৰ কবিতাকে আদি কৰি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় । বঁটা প্ৰদান অনুষ্ঠানৰ পিছত ডাঃ মৃণ্ময়কুমাৰ নাথৰ সঞ্চালনাত অৰ্ধ শতাধিক কবিৰ অংশগ্ৰহণেৰে কবিমেল অনুষ্ঠিত হয় ।

Leave A Reply