Home Blog Page 10

Samantha And Raj Nidimoru Wedding: ৩৮ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু

বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু
বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু

২০২৫ চনৰ ১ ডিচেম্বৰৰ(Samantha And Raj Nidimoru Wedding) পুৱা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে পৰিচালক ৰাজ নিদিমৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

“চিটাডেল: হানি বানি” অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে আজি “দ্য ফেমিলি মেন”ৰ পৰিচালক ৰাজ নিদিমৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াৰ সুন্দৰ ফটো শ্বেয়াৰ কৰিছে। তেওঁৰ বিয়াক লৈ তেওঁৰ অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে।

২০২৪ চনৰ পৰাই অভিনেত্ৰীগৰাকীয়ে পৰিচালকগৰাকীৰ সৈতে ডেটিং কৰি আহিছে বুলি খবৰ ওলাইছিল। তেওঁলোকৰ বহু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈও পৰিছিল। অৱশ্যে এই উৰাবাতৰি সন্দৰ্ভত সামন্থা বা ৰাজ নিদিমৰুৰ দলে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাছিল। অৱশেষত আজি দুয়ো বিবাহপাশত আৱদ্ধ হয়।

কইনা ৰূপত সামান্থাক ধুনীয়া দেখা গৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা ফটোসমূহত সামান্থাই পিন্ধিছে ৰঙা, শাৰী। কইনা হিচাপে সামান্থাক ধুনীয়া আৰু সুখী দেখা গৈছে।

Egg Price: ৰাজ্যত বৃদ্ধি পালে কণীৰ মূল্য…

Egg Price: ৰাজ্যত বৃদ্ধি পালে কণীৰ মূল্য...
Egg Price: ৰাজ্যত বৃদ্ধি পালে কণীৰ মূল্য...

অত্যাৱশ্যকীয় (Egg Price) সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনতাক শোধাইছে মাধমাৰ।

শাক-পাচলিৰ লগতে শেহতীয়াকৈ বৃদ্ধি পাইছে কণীৰ দাম।

এইবাৰ পুনৰ বৃদ্ধি পালে কণীৰ মূল্য।

প্রতি প্লেট কণীৰ দাম ৪০ টকাকৈ বৃদ্ধি।

প্রতি প্লেট কণীৰ দাম হ’লগৈ ২৩০ টকা।

পাইকাৰী দোকানত এটা কণী বিক্রী হৈছে ৯ টকাকৈ।

Shiv Mandir: নৱবৰ্ষত মনৰ শান্তিৰ বাবে শিৱ মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰক

নৱবৰ্ষত মনৰ শান্তিৰ বাবে শিৱ মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰক
নৱবৰ্ষত মনৰ শান্তিৰ বাবে শিৱ মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰক

আজিকালি(Shiv Mandir)বেছিভাগ মানুহেই মানসিক শান্তিৰ বাবে শান্তিপূৰ্ণ ঠাই বা মন্দিৰ ভ্ৰমণ কৰাটো পছন্দ কৰে। নৱবৰ্ষত যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি হয়তো শিৱ মন্দিৰ দৰ্শন কৰিব বিচাৰিব। ভাৰতৰ বহু ঠাইত শিৱ মন্দিৰক নিৰাময় শক্তিৰ বাবে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শিৱ মন্দিৰ ভ্ৰমণ কৰিলে আপুনি ইতিবাচক অভিজ্ঞতা লাভ কৰিব আৰু বছৰৰ বাকী সময়খিনি ভাল কাম কৰি কটাবলৈ সহায় কৰিব।

যদি আপুনি এই নতুন বছৰত মানসিক শান্তিৰ বাবে ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকালহস্তী মন্দিৰ দৰ্শন পাৰে। তালৈ গ’লে আপোনাৰ মন আৰু বছৰ দুয়োটায়ে বাল হ’ব।

যদি আপুনি শিৱ মন্দিৰ দৰ্শন কৰিব বিচাৰিছে আৰু মনটোক শান্ত কৰিব বিচাৰে তেন্তে তামিলনাডুৰ ৰামেশ্বৰ মন্দিৰ চাব পাৰে। ইয়াৰ উপৰিও আন বহুতো বস্তু আৰু মন্দিৰ বিচাৰি পাব।

নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব পাৰে। নতুন বছৰত মানসিক শান্তিৰ বাবে ভ্ৰমণৰ বাবে এক উত্তম স্থান মৃত্যুঞ্জয় মন্দিৰ ।

শিৱসাগৰৰ শিৱ দৌলতো সেৱা আগবঢ়াব পাৰে আপুনি।

এনে কথা নহয় যে ওপৰত উল্লেখ কৰা মন্দিৰ সমূহতে যাব লাগিব। আপোনাৰ ওচৰে-পাজৰে থকা মন্দিৰ সমূহতো যাব পৰা আপুনি।

Zubeen: ৫০০০ৰ শিল্পীয়ে ঐক্যস্বৰে গালে জুবিনৰ গীত

৫০০০ৰ শিল্পীয়ে ঐক্যস্বৰে গালে জুবিনৰ গীত
৫০০০ৰ শিল্পীয়ে ঐক্যস্বৰে গালে জুবিনৰ গীত

ঢকুৱাখনা (Zubeen) ৰাজহুৱা খেলপথাৰত উখল মাখল পৰিৱেশ। কালি সন্ধিয়া ৫ বজাত ঢকুৱাখনাত ৫০০০ শিল্পীয়ে ঐক্যস্বৰে ৩০ মিনিট একেৰাহে গীত গালে জুবিন গাৰ্গক স্মৰণ কৰি। সপ্তশিখা, ঢকুৱাখনাৰ উদ্যোগত ঢকুৱাখনা সম জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে ঢকুৱাখনা নগৰৰ মাজ মজিয়াৰ ৰাজহুৱা খেলপথাৰত।


উল্লেখ্য যে ৫০০০ শিল্পীৰ গীতৰ অনুষ্ঠানৰ পূৰ্বেই জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত ভাগ লয় ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে। ইফালে বাঁহী আৰু গীতাৰৰ সুৰতো জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা হয় এই অনুষ্ঠানত।

BTCৰ সচিবালয়ত সংঘটিত ঘটনাৰে জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু

BTCৰ সচিবালয়ত সংঘটিত ঘটনাৰে জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু
BTCৰ সচিবালয়ত সংঘটিত ঘটনাৰে জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু

(BTC)কোকৰাঝাৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল।

বিটিচিৰ সচিবালয়ৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে দাখিল কৰিলে এজাহাৰ।

দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী।

সচিবালয়ত আক্ৰমণ কৰা ঘটনাক গৰিহণা ত্ৰিদীপ দৈমাৰীৰ।

শনিবাৰে প্ৰতিবাদকাৰী শিক্ষার্থীয়ে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা BTC সচিবালয়লৈ উলিয়াইছিল প্রতিবাদী সমদল।

প্রতিবাদকাৰীয়ে ক্ষতি কৰিছিল বহু সা-সম্পত্তি, নথি-পত্র।

Sivasagar News: শিৱসাগৰ ব’ৰ্ডিং খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰ ব'ৰ্ডিং খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
শিৱসাগৰ ব'ৰ্ডিং খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰ (Sivasagar News) ব’ৰ্ডিং খেলপথাৰত বৃহৎ দিহানাম সমাৰোহ।

দিহানামৰ মধুৰ সুৰত মুখৰিত শিৱসাগৰ বৰ্ডিং খেলপথাৰ।

যুগলবন্দী সাংস্কৃতিৰ কলা কেন্দ্ৰ উদ্যোগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত এই সমাৰোহ।

আধ্যাত্মিকতাৰ মাজেৰে সুৰৰশ্ৰুতা, হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তি কামনাৰে এই সমাৰোহ।

৫০০০ মহিলা একেলগে দিহানাম পৰিবেশন।

সমাৰোহত উপস্থিত আছে শিৱসাগৰসমষ্টিৰ বিধায়ক অখিল গগৈ।

উপস্থিত থাকে আউনিআটী সত্ৰৰসত্ৰাধিকাৰ পিতাম্বৰদেৱ গোস্বামী।


Tribalization of six ethnic groups: শীঘ্ৰেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণঃ STসকলক তিনিটা ভাগত বিভক্ত

ST (Hills), ST (Plains) আৰু ST(Valley)
ST (Hills), ST (Plains) আৰু ST(Valley)

শীঘ্ৰেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব।(Tribalization of six ethnic groups)

অসমৰ STসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত STসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে।

ST (Hills), ST (Plains) আৰু ST(Valley)।

টাই আহোম, চুতীয়াসকলক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ।

চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ।

মৰাণ, মটকলৈ ST প্লেনৰ স্বীকৃতি প্রদানৰ প্রস্তাৱ।

অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীক ST(P)ৰ প্রস্তাৱ।

অবিভক্ত গোৱালপাৰৰ বাহিৰৰ কোচ ৰাজবংশীক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ।

Shyamkanu-Siddharth: জে’লৰ ভিতৰতে EDৰ জেৰাৰ সন্মুখীন শ্যামকানু-সিদ্ধার্থ

EDৰ জেৰাৰ সন্মুখীন শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মা
EDৰ জেৰাৰ সন্মুখীন শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মা

অৱশেষত(Shyamkanu-Siddharth) EDৰ জেৰাৰ সন্মুখীন শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মা।

প্ৰথমবাৰৰ বাবে জে’লত উপস্থিত হ’ল EDৰ দল।

শনিবাৰে EDৰ এটা বৃহৎ দল উপস্থিত হয় বাক্সাৰ নিকাছী কাৰাগাৰত।

কেইবাঘণ্টা ধৰি দুই অভিযুক্তক জেৰা কৰে EDৰ দলটোৱে।

১৬ হাজোতীৰে নিকাছী জে’লত আছে শ্যামকানু-সিদ্ধাৰ্থ।

অৰ্থনৈতিক অপৰাধৰ গোচৰতো অভিযুক্ত দুয়ো।

CIDৰ লগতে EDয়েও চলাইছে গোচৰৰ তদন্ত।

India vs South Africa: আজিৰে পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তিনিখনীয়া এদিনীয়া শৃংখলা

আজিৰে পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তিনিখনীয়া এদিনীয়া শৃংখলা
আজিৰে পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তিনিখনীয়া এদিনীয়া শৃংখলা

ধোনীৰ গৃহ চহৰ ৰাঁচীত প্ৰথমখন ODI।(India vs South Africa)

আজিৰে পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ।

ৰাঁচীৰ JSCA ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম কমপ্লেক্সত অনুষ্ঠিত হ’ব মেচ।

আজি বিয়লি ১:৩০ বজাত আৰম্ভ হ’ব প্ৰথমখন মেচ।

শুভমন গিলৰ অনুপস্থিতিত ভাৰতীয় দলক নেতৃত্ব দিব কে.এল ৰাহুলে ।

দীর্ঘদিনৰ পিছত খেলপথাৰত দেখা যাব ৰোহিত আৰু কোহলিক

Mangoldoi News: পেলনীয়া সামগ্ৰী হ’লগৈ এটি শিশুৰ বাদ্যযন্ত্ৰ

পেলনীয়া সামগ্ৰী হ'লগৈ এটি শিশুৰ বাদ্যযন্ত্ৰ
পেলনীয়া সামগ্ৰী হ'লগৈ এটি শিশুৰ বাদ্যযন্ত্ৰ

মঙলদৈত (Mangoldoi News) পেলনীয়া সমগ্ৰীৰে বাদ্যযন্ত্ৰ বজায় সামাজিক মাধ্যমত ভাইৰেল হ’ল এগৰাকী শিশু। পাকঘৰৰ সমগ্ৰীয়ে হওক বা বাথৰুমৰ বাল্টিয়ে হওঁক অথবা পেলনীয়া সামগ্ৰী, যি হলেও বাদ্যযন্ত্ৰ হিচাবে লৈ আৰম্ভ কৰে সংগীতৰ অনুষ্ঠান। জুবিন গাৰ্গৰ গীত আওৰাই সুন্দৰকৈ বজায় যায় বাদ্যযন্ত্ৰ।

মঙলদৈ তামুলীপাৰাৰ প্ৰিয়াংশু সিং নামৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰ জনৰ এনে প্ৰদৰ্শিতাকলৈ সকলোৱে আচৰিত হৈছে।
তবলাৰ আনুষ্ঠানিক শিক্ষা লৈছিল হে মাথো কিন্তু এতিয়া প্ৰিয়াংশু ই সুন্দৰকৈ টিন, গেলান, বাল্টি, কাঁহী, বাতি লৈ বজায় গৈছে বাদ্য।

পুত্ৰৰ এনে পাৰদৰ্শিতা দেখি পিতৃ মুন সিং আৰু মাতৃ টুটুমনি ডেকা সিঙে পুত্ৰক তবলা শিকিবৰ বাবে নাম লগাই দিলে।
তবলা শিকি থাকোঁতেও প্ৰিয়াংশুৰ আগ্ৰহ ড্ৰাম বজোৱাতহে বেছি। সেয়েহে এইবাৰ গুৱাহাটীত ড্ৰাম বজোৱাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা ভাবিছে পৰিয়ালে। ডাঙৰ হ’লে এজন বাদ্যযন্ত্ৰী শিল্পী হোৱাৰ হেঁপাহ বুকুত বান্ধি জুবিন গাৰ্গৰ গীত গায় টিন, বাল্টি, কাঁহী ,বাতিৰে নিৰ্মিত ড্ৰাম ছেট বজাই আজৰি পৰত ব্যস্ত থাকে প্ৰিয়াংশু। সেই দৃশ্য মাকে সামাজিক মাধ্যমত প্ৰচাৰ কৰাত সামাজিক মাধ্যমত হৈ পৰে কিশোৰগৰাকী। আমিও কিশোৰ গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।