Home Blog Page 10

উৎসাহ-উল্লাসেৰে ৮১৮ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

উৎসাহ-উল্লাসেৰে ৮১৮ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
উৎসাহ-উল্লাসেৰে ৮১৮ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

সোমবাৰে অন্ত পৰিল অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ৷ ৰাজ্যৰ ১২৬টা সমষ্টিৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক প্ৰৱেশ প্ৰক্ৰিয়াৰ অন্তিম দিনটোত ৰাজ্যৰ বিভিন্ন সমষ্টিত পুষ্পবৃষ্টি-সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজৰে বহু প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে৷ নিৰ্বাচন আয়োগৰ শেহতীয়া সূত্ৰ মতে অসমৰ ১২৬টা সমষ্টিত এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আজি অন্তিম দিন পৰ্যন্ত সৰ্বমুঠ ৮১৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে আৰু দাখিল হোৱা মুঠ মনোনয়ন-পত্ৰৰ সংখ্যা ১৩৯১৷ অহা জ্ঝ এপ্ৰিলত অসমত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ইয়াৰ মাজতে দলসমূহৰ ৰাজনৈতিককাৰ্যকলাপ এতিয়া তুংগত উঠিছে৷

২৪ মাৰ্চত মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব৷ আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ চ্ছ মাৰ্চ৷ তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীৰ লগতে অসমৰ ভোট গণনা চ্ছ্ৰ মে’ত অনুষ্ঠিত হ’ব৷ উল্লেখ্য, ১২৬জনীয়া অসম বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব ২০ মে’ত৷ ইফালে আন ৰাজ্যতো নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে৷ ২৩ এপ্ৰিলত তামিলনাডুত ভোটদান আৰু ২৩ আৰু ২৯ এপ্ৰিলত পশ্চিমবংগত দুটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব৷ তামিলনাডু বিধানসভা আৰু পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩০ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব আৰু পশ্চিম বংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২ এপ্ৰিলত জাৰি কৰা হ’ব অধিসূচনা৷ নিৰ্বাচনী প্ৰক্ৰিয়াই চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে অসমৰ ৰাজনৈতিক দলসমূহে এতিয়া তীব্ৰ প্ৰচাৰৰ বাবে সাজু হৈছে৷ এইবেলি অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ জ্ঝ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ৷

১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা৷ মনোনয়নৰ অন্তিম দিন ২৩ মাৰ্চ৷ মনোনয়নৰ পুননিৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন চ্ছ মাৰ্চ৷ চ্ছ্ৰ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা৷ ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব সকলো নিৰ্বাচনী কাম৷ এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মুঠ ৩১,৪৮৬টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব৷ ইয়াৰ ভিতৰত গাঁও অঞ্চলত থাকিব ২৭,৭১১টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭১৫টা ভোটকেন্দ্ৰ৷ এইবাৰ ৰাজ্যত ৩,৭১৬টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব৷

তদুপৰি, ভোটাৰসকলৰ সুবিধাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰতে উন্নত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ কোনো এটা ভোটকেন্দ্ৰতে ৰ,২০০গৰাকীতকৈ অধিক ভোটাৰ নাথাকিব বুলি আয়োগে নিশ্চিত কৰিছে৷ প্ৰথমবাৰৰ বাবে ইভিএমত প্ৰাৰ্থীৰ ৰঙীণ ফটো সংযুক্ত কৰা হ’ব, যাৰ ফলত ভোটাৰসকলে প্ৰাৰ্থীক সহজে চিনাক্ত কৰিব পাৰে৷ প্ৰতিটো ভোটকেন্দ্ৰত ১০০ শতাংশ ৱেব কাষ্টিং ব্যৱস্থা থাকিব৷ আনহাতে, ভোটকেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে আৰু ভোটাৰসকলে নিজৰ মোবাইল ফোন কেন্দ্ৰৰ বাহিৰত থৈহে ভোট দিব লাগিব৷ ইয়াৰ উপৰি, নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য ভোটাৰসকলে লাভ কৰিব ইচিনেট নামৰ বিশেষ এপ’ৰ জৰিয়তে৷ এই এপটোত নিৰ্বাচনৰ সময়সূচী, ভোটকেন্দ্ৰৰ তথ্য আৰু অন্যান্য প্ৰয়োজনীয় দিশসমূহ উপলভ্য থাকিব৷

কেতিয়াও আনৰ আঙুঠি পিন্ধিব নালাগে, এটা ভুলে আপোনাৰ সুখ, শান্তি আৰু সৌভাগ্য কাঢ়িব !

কেতিয়াও আনৰ আঙুঠি পিন্ধিব নালাগে, এটা ভুলে আপোনাৰ সুখ, শান্তি আৰু সৌভাগ্য কাঢ়িব !
কেতিয়াও আনৰ আঙুঠি পিন্ধিব নালাগে, এটা ভুলে আপোনাৰ সুখ, শান্তি আৰু সৌভাগ্য কাঢ়িব !

ৰত্নবিজ্ঞানৰ মতে ৰত্ন কেৱল সৌন্দৰ্য্যৰ বস্তু নহয়, নিৰ্দিষ্ট গ্ৰহৰ শক্তিৰ বাহকও। শাস্ত্ৰত উল্লেখ আছে যে কোনোৱে কেতিয়াও আনৰ ৰত্নৰ আঙঠি পিন্ধিব নালাগে। বেলেগৰ আঙঠি কিয় পিন্ধিব নালাগে জানো আহক-

জ্যোতিষৰ দৃষ্টিকোণৰ পৰা কোনো ৰত্ন আন কাৰোবাৰ শৰীৰৰ সংস্পৰ্শলৈ আহিলেই তেওঁলোকৰ শক্তি তৰংগৰ সৈতে গভীৰ সংযোগ গঢ়ি তোলে। গতিকে আন কাৰোবাৰ ৰত্ন পিন্ধিলে শক্তিৰ ভাৰসাম্য বিঘ্নিত হোৱাই নহয়, আপুনি অজানিতে সেই ব্যক্তিজনৰ গ্ৰহৰ দুখ-কষ্ট আৰু বিপদকো নিজৰ ওপৰত আমন্ত্ৰণ জনায়। যদি আপুনি আপোনাৰ কেৰিয়াৰত হঠাতে বাধাৰ সন্মুখীন হৈছে বা মানসিক অশান্তিৰ সন্মুখীন হৈছে, তেন্তে আন কাৰোবাৰ আঙঠি পিন্ধাটোৱে ইয়াৰ কাৰণ হ’ব পাৰে?

প্ৰতিটো ৰত্নই কোনো নিৰ্দিষ্ট গ্ৰহৰ শক্তি শোষণ কৰি পিন্ধাজনৰ শৰীৰলৈ প্ৰেৰণ কৰে। কোনোবাই দীৰ্ঘদিন ধৰি ৰত্ন পিন্ধিলে সেই ব্যক্তিজনৰ শক্তিৰ তৰংগৰ সৈতে সংযোগ ঘটে। যদি আপুনি আন কাৰোবাৰ আঙঠি পিন্ধে তেন্তে ৰত্নটোত ইতিমধ্যে থকা শক্তিৰ লগত আপোনাৰ শৰীৰৰ শক্তিৰ সংঘৰ্ষ হয়। এই ভাৰসাম্যহীনতাই আপোনাৰ মানসিক শান্তি কাঢ়ি নিব পাৰে। জ্যোতিষৰ বিশ্বাস অনুসৰি ৰত্নই পিন্ধাজনৰ বিপদ শোষণ কৰে। আন কাৰোবাৰ আঙঠি পিন্ধিলে আপুনি অজানিতে তেওঁলোকৰ গ্ৰহৰ কুপ্ৰভাৱ বা বিপদৰ সন্মুখীন হ’ব পাৰে। এই কাৰণেই আন কাৰোবাৰ ৰত্ন পিন্ধিলে হঠাতে কেৰিয়াৰত বাধা, স্থবিৰ অগ্ৰগতি, স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

যদি আপুনি এটা ৰত্ন আপোনাৰ বাবে শুভ ফলাফল কঢ়িয়াই আনিব বিচাৰে, তেন্তে কেতিয়াও আকস্মিকভাৱে বা কেৱল আন কোনোবাই পিন্ধিছে বুলিয়েই পিন্ধিব নালাগে। ৰাশিফল ​​বিশ্লেষণ কৰাৰ পিছত সদায় ৰত্ন পিন্ধিব, নহ’লে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে। নতুন ৰত্ন পিন্ধাৰ আগতে ইয়াক সঠিকভাৱে পূজা কৰি মন্ত্ৰেৰে জাগ্ৰত কৰিব লাগিব। শক্তিহীন ৰত্ন মাথোঁ এটা শিল। এবাৰ পিন্ধিলে এটা ৰত্ন বাৰে বাৰে আঁতৰাই পেলাব নালাগে। চাফা কৰাৰ সময়তহে আঁতৰাই দিব লাগে। শৰীৰৰ লগত অহৰহ সংস্পৰ্শই ৰত্নৰ সম্পূৰ্ণ প্ৰভাৱ প্ৰদান কৰে। আপোনাৰ আঙঠিটো কেতিয়াও বন্ধু বা আত্মীয়ক বিচাৰৰ বাবে নিদিব। ৰত্নৰ শক্তি অতি ব্যক্তিগত; ইয়াক ভাগ কৰিলে ইয়াৰ শক্তি হ্ৰাস পায়।

নগাঁৱত কলংপাৰ লেখিকা সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্নঃ শাখাৰ মুখপত্ৰ প্ৰাঞ্জলিসহ তিনিখনকৈ গ্ৰন্থ উন্মোচন

নগাঁৱত কলংপাৰ লেখিকা সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্নঃ শাখাৰ মুখপত্ৰ প্ৰাঞ্জলিসহ তিনিখনকৈ গ্ৰন্থ উন্মোচন
নগাঁৱত কলংপাৰ লেখিকা সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্নঃ শাখাৰ মুখপত্ৰ প্ৰাঞ্জলিসহ তিনিখনকৈ গ্ৰন্থ উন্মোচন

‘লেখিকা সংস্থা অসম’ৰ নগাঁও জিলাৰ অন্যতম কলংপাৰ শাখাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনখনি দুদিনীয়া কাৰ্যসূচীৰে যোৱা শনি আৰু দেওবাৰে নগাঁৱৰ চকৰিগাঁও মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হৈ যায়।অধিবেশনৰ প্ৰথম দিনা বিয়লি শাখাৰ এখনি বিষয় বাচনি সভা অনুষ্ঠিত হয়। দ্বিতীয় দিনা পুৱা সংস্থাৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী মুকলি কৰে শাখাৰ সভানেত্ৰী অৰুণিমা বৰাই আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে কাৰ্যকৰী সভানেত্ৰী তৰামাই বৰাই। ইয়াৰ পিছতে ল’ৰা-ছোৱালীৰ মাজত চিত্ৰাংকণ, বানান লিখা, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি সংস্থাৰ সভানেত্ৰী অৰুণিমা বৰাৰ পৌৰোহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক মোহিনী মোহন ডেকাই ভাষণ প্ৰসংগত এগৰাকী বিখ্যাত লোকৰ উদ্ধৃতি দি কয় যে মোক এখন ভাল কিতাপ দিয়া, মই সেই জাতিটোৰ বিষয়ে কৈ দিম। অৰ্থাৎ লেখনিৰ মাজেৰে আমি সমসাময়িক সমাজখনৰ বিষয়ে জানিব পাৰো।

তেওঁ প্ৰসংগক্ৰমে ‘সম্বৰ্ধনা’, ‘অভিনন্দন’ আৰু ‘আদৰণি’ শব্দৰ অৰ্থ আৰু এইসমূহৰ প্ৰয়োগ সম্পৰ্কত ব্যাখ্যা আগবঢ়াই বহু লোকে এই শব্দসমূহৰ সঠিক ৰূপত প্ৰয়োগ নকৰা বুলি আক্ষেপ প্ৰকাশ কৰে। বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ভাষণ প্ৰসংগত কলংপাৰ লেখিকা সংস্থাৰ কৰ্মৰাজিৰ প্ৰশংসা কৰি লেখিকাসকলক গল্প, প্ৰবন্ধ, কবিতা আদি লিখাৰ লগতে সমসাময়িক বিষয়বস্তু সম্পৰ্কতো লিখিবলৈ আহ্বান জনায়। নৱমল্লিকা কাশ্যপে এটি বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা এই সভাত শাখাৰ মুখপত্ৰ ‘প্ৰাঞ্জলি’ উন্মোচন কৰি লেখিকা সংস্থা অসমৰ সাংগঠনিক সম্পাদিকা তথা নগাঁও শাখা লেখিকা সংস্থাৰ উপ-সভানেত্ৰী, গল্পকাৰ পূৰৱী চক্ৰৱৰ্তী সূতে কয় যে লেখিকা হোৱাৰ আগতে আমি পাঠিকা হোৱা উচিত। অগ্ৰজসকলৰ লেখাসমূহ অধ্যয়ন কৰিলে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগতে শব্দ ভাণ্ডাৰ চহকী হ’ব। তেওঁ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক বানানৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

সভাত বিশিষ্ট শিশু-সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য্যই বৰ্ষীয়ান লেখিকা কিৰণ শৰ্মা খাউণ্ডৰ সাধু কিতাপ ‘সাধুৰ ৰহঘৰা’ আৰু লেখিকা প্ৰহেলিকা কৌশিকৰ কবিতাপুথি ‘কেনভাচত তোমাৰ ছবি’ উন্মোচন কৰি দুয়োখন কিতাপৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায়। সমবেত কণ্ঠত কলংপাৰ লেখিকা সংস্থাৰ এটি প্ৰতীকী গীত পৰিৱেশনেৰে সজীৱ কৰি তোলা এই সভাতে চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিউতি বৰা, সমজুৱাৰ ফালৰ পৰা প্ৰাক্তন অধ্যক্ষা ৰিন্টু দাস, বিশিষ্ট লেখক-শিল্পী গোলাপ বৰা, বিশিষ্ট লেখক-কবি অনিল কুমাৰ শৰ্মা, কুমুদ চন্দ্ৰ বৰা আদিয়েও বক্তব্য প্ৰদান কৰে। কলংপাৰ লেখিকা সংস্থাৰ সম্পাদিকা তুলু হাজৰিকাই উদ্দেশ্য ব্যাখ্যাৰ লগতে সামগ্ৰিক ভাৱে আঁত ধৰা এই সভাতে অঞ্চলৰ কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপনৰ লগতে প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

শতাধিক সাহিত্যানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত এই সভাতে তৰামাই বৰাক ‘নীৰৱ কৰ্মী’ সন্মানেৰে বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকদ্বয় কাতিৰাম বৰা, থুলেশ্বৰ বৰা, সংস্থাৰ জ্যেষ্ঠ সদস্য ক্ৰমে তগৰ গোস্বামী, বৈজয়ন্তী খাউণ্ড, ফুনু বৰা, স্বৰ্ণলতা দেৱী, ৰিনা ভূঞা, মিনু শইকীয়া আদিক সম্বৰ্ধনা জনোৱা হয়। সভাৰ শলাগৰ শৰাই আগবঢ়ায় প্ৰহেলিকা কৌশিকে। উল্লেখ্য যে অধিবেশনৰ প্ৰথম দিনা অনুষ্ঠিত বিষয় বাচনি সভাত আগন্তুক কাৰ্যকালৰ বাবে অৰুণিমা বৰাক সভানেত্ৰী, অমিয়া গোস্বামীক কাৰ্যকৰী সভানেত্ৰী, তুলু হাজৰিকাক সম্পাদিকা হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হয়।

বিলাসীপাৰাত শতাধিক পুৰুষ-মহিলা ভোটাৰ অগপ দলত যোগদান

বিলাসীপাৰাত শতাধিক পুৰুষ-মহিলা ভোটাৰ অগপ দলত যোগদান
বিলাসীপাৰাত শতাধিক পুৰুষ-মহিলা ভোটাৰ অগপ দলত যোগদান

বিলাসীপাৰাত অসম ভাষিক সংখ্যালঘূ পৰিষদ,ভাষিক যুৱ-পৰিষদ আৰু ছাত্র পৰিষদৰ অসম বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিলাসীপাৰা বজাৰত এখন অগপ দলত যোগদান কৰা সন্দৰ্ভত এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।সভাত ১০ নং বিলাসীপাৰা বিধান সভা সমষ্টিৰ পুৰুষ-মহিলা ভোটাৰে আনুষ্ঠানিক অগপ দলত যোগদান কৰে।

লগতে এন ডি এ মিত্রজোটৰ প্ৰাৰ্থী জীৱেশ ৰায়ক ভোটদান কৰি বিপুল ভোটত জয়যুক্ত কৰি এন ডি এ ‘ৰ দলক শক্তিশালী কৰিবলৈ অনুৰোধ জনোৱা হয়। অসম ভাষিক সংখ্যালঘূ পৰিষদৰ ৰাজ্যিক সভাপতি মিঠুন ৰয়ৰ নেতৃত্বত ভাষিক সংখ্যালঘূ পৰিষদৰ আনুগত্য প্ৰকাশ কৰি বহুসংখ্যক পুৰুষ-মহিলাই অগপ দলত যোগদান কৰে।

সোণাপুৰৰ জুবিন ক্ষেত্ৰত সেৱা আগবঢ়োৱা জ্যোৎস্না গাৰ’ৰ অকাল বিয়োগত মৃতকৰ ঘৰত উপস্হিত গৰিমা শইকীয়া গাৰ্গ

সোণাপুৰৰ জুবিন ক্ষেত্ৰত সেৱা আগবঢ়োৱা জ্যোৎস্না গাৰ'ৰ অকাল বিয়োগত মৃতকৰ ঘৰত উপস্হিত গৰিমা শইকীয়া গাৰ্গ
সোণাপুৰৰ জুবিন ক্ষেত্ৰত সেৱা আগবঢ়োৱা জ্যোৎস্না গাৰ'ৰ অকাল বিয়োগত মৃতকৰ ঘৰত উপস্হিত গৰিমা শইকীয়া গাৰ্গ

সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সোণাপুৰ কলিতাকুছিৰ নিবাসী জ্যোৎস্না গাৰ’ ৰ অকাল বিয়োগ ঘটাত যোৱা মৃতকৰ ঘৰত উপস্হিত হয় গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ।

মৃত জ্যোৎস্না গাৰ’ৰ পৰিয়ালবৰ্গক লগ কৰি সমবেদনা প্ৰকাশ কৰে। আনহাতে জুবিন ক্ষেত্ৰলৈ নি:স্বাৰ্থ মৰম আৰু শ্ৰমদানৰ আগবঢ়োৱা জ্যোৎস্না গাৰ’ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে জুবিন ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা জ্যোৎস্না গাৰ’ৰ দুদিনমান পূৰ্বে মটৰচাইকেল পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল। পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। যাৰ বাবে মৃত জ্যোৎস্না গাৰ’ৰ ঘৰত উপস্হিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় সোণাপুৰৰ জুবিন ক্ষেত্ৰত সেৱা আগবঢ়োৱা জ্যোৎস্না গাৰ’ৰ অকাল বিয়োগত মৃতকৰ ঘৰত উপস্হিত গৰিমা শইকীয়া গাৰ্গে।

ইজৰাইলৰ পাৰমাণৱিক ঘাটিত ইৰাণৰ প্ৰত্যাঘাতঃ শতাধিক আহত

ইজৰাইলৰ পাৰমাণৱিক ঘাটিত ইৰাণৰ প্ৰত্যাঘাতঃ শতাধিক আহত
ইজৰাইলৰ পাৰমাণৱিক ঘাটিত ইৰাণৰ প্ৰত্যাঘাতঃ শতাধিক আহত

শান্তি নাই, কেৱল যুদ্ধ৷ ইজৰাইলৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰক লক্ষ্য কৰি ইৰাণে প্ৰত্যাক্ৰমণ চলায়৷ ডিমোনা আৰু আৰাদত থকা পাৰমাণৱিক কেন্দ্ৰ দুটাৰ সমীপত পৰে ইৰাণৰ ক্ষেপণাস্ত্ৰ৷ এই ঘটনাত শতাধিক লোক আহত হয়৷ ইয়াৰ পিছত তেজস্কিয় বিকিৰণ নিৰ্গত হোৱাৰ আশংকাৰ সৃষ্টি হৈছে৷ সংবাদ সংস্থাৰ বাতৰি মতে, শনিবাৰে নিশা ইৰাণৰ এটা ক্ষেপণাস্ত্ৰ প্ৰথমে ডিমোনাৰ শ্বিমন পেৰেছ নেগেভ পাৰমাণৱিক কেন্দ্ৰৰ ওচৰত পৰে৷ কিছু সময়ৰ পিছতে তেহৰাণে আৰাদত থকা আন এটা পাৰমাণৱিক কেন্দ্ৰত পুনৰ আক্ৰমণ চলায়৷ অৱশ্যে এই ক্ষেপণাস্ত্ৰই প্ৰত্যক্ষভাৱে পাৰমাণৱিক কেন্দ্ৰটোত আঘাত কৰিব পৰা নাছিল বুলি জনা যায়৷ এই ক্ষেপণাস্ত্ৰই পাৰমাণৱিক কেন্দ্ৰটোৰ সমীপৰ কেইবাটাও ওখ অট্টালিকাত আঘাত কৰে৷ ফলত ঘৰবোৰ প্ৰায় ধবংসাৱশেষলৈ পৰিণত হয়৷

কিন্তু এই আক্ৰমণৰ ফলত কোনো ধৰণৰ তেজস্কিয় দূষণৰ খবৰ পোৱা নাই৷ ইজৰাইলৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন কৰ্মীসকলে এই আক্ৰমণৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয়৷ এই আক্ৰমণত এশৰো অধিক লোক আহত হৈছে৷ ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে [যদিও ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা হোৱা নাই]৷ খবৰ অনুসৰি ইজৰাইলৰ প্ৰতিৰক্ষা ব্যৱস্থাই ইৰাণৰ দুটা ক্ষেপণাস্ত্ৰ ধবংস কৰাত ব্যৰ্থ হয়৷ ক্ষেপণাস্ত্ৰ দুটা ‘আইৰণ ড’ম’ ভেদ কৰি আঘাত হানে৷ কিন্তু এই আক্ৰমণৰ প্ৰতি ইজৰাইল চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া দেখা যোৱা নাই৷ উল্লেখ্য যে শনিবাৰে ইজৰাইলে ইৰাণৰ নাটা পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছিল৷ তেহৰাণৰ পৰা ২২০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত এই ঘাটিটোত ইয়াৰ পূৰ্বেও কেইবাবাৰো আক্ৰমণ কৰা হৈছে৷ অৱশ্যে ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থাই নিশ্চিত কৰিছে যে শনিবাৰৰ আক্ৰমণত কোনো তেজস্কিয় বিকিৰণ ঘটা নাই৷ এইবাৰ ইৰাণে সেই আক্ৰমণৰ প্ৰতিশোধ লয়৷

ৰাহুল গান্ধীৰ ভৱিষ্যদ্বাণীঃ নিৰ্বাচনৰ পিছতে বাঢ়িব পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ মূল্য

ৰাহুল গান্ধীৰ ভৱিষ্যদ্বাণীঃ নিৰ্বাচনৰ পিছতে বাঢ়িব পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ মূল্য
ৰাহুল গান্ধীৰ ভৱিষ্যদ্বাণীঃ নিৰ্বাচনৰ পিছতে বাঢ়িব পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ মূল্য

ভৱিষ্যদ্বাণী কৰিলে ৰাহুল গান্ধীয়ে৷ পশ্চিম এছিয়াৰ যুদ্ধই ভাৰতীয় বজাৰতো প্ৰভাৱ পেলাইছে৷ ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পাইছে৷ গেছৰ দাম বৃদ্ধি পাইছে৷ অৱশ্যে ইয়াৰ সঠিক প্ৰভাৱ পাঁচখন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতহে বুজিব পৰা যাব৷ শনিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধিৰ ইংগিত দি এক্স পোষ্টত এই দাবী কৰে৷ তেওঁ লিখিছে, ‘নিৰ্বাচন শেষ হ’লেপেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি হ’ব৷’ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কোনো পৰিকল্পনা নথকাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে৷ যোৱা কেইদিনমানৰ পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে৷ শুকুৰবাৰে ৮৬ পইচা হ্ৰাস পাই প্ৰতি ডলাৰত ৯৩.৭৫ টকা হয়৷ সহজ ভাষাত ক’বলৈ গ’লে এতিয়া ৰ ডলাৰৰ অৰ্থ হ’ল প্ৰায় ৯৪ টকা, যিটো সৰ্বকালৰ সৰ্বনিম্ন৷ এই বিষয়টো লৈ ৰাহুলে লিখিছে, ‘টকা ডলাৰৰ বিপৰীতে ১০০১ দিশে আগবাঢ়িছে৷ বৃদ্ধি পাইছে ইন্ধনৰ দাম৷ এইবোৰ ভৱিষ্যতে মূল্যবৃদ্ধিৰ ইংগিত৷ ‘টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত সমগ্ৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব বুলি ভাবে ৰাহুলে৷ কেন্দ্ৰীয় চৰকাৰে অৱশ্যে ইয়াক ‘স্বাভাৱিক’ পৰিঘটনা বুলি অভিহিত কৰিছে৷ কিন্তু ৰাহুলৰ মতে, ‘সেয়া সঁচা নহয়৷’ তেওঁৰ মতে চাৰিটা খণ্ডই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব৷ ৰাহুলৰ মতে, ‘প্ৰথমে উৎপাদন আৰু পৰিবহণৰ খৰচ বৃদ্ধি পাব৷ দ্বিতীয়তে, আটাইতকৈ ডাঙৰ লোকচান হ’ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ৷ তৃতীয়তে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব৷ চতুৰ্থতে, বিদেশী বিনিয়োগকাৰীয়ে বিনিয়োগ প্ৰত্যাহাৰ কৰিব, যাৰ ফলত শ্বেয়াৰ বজাৰত চাপ পৰিব৷’ অতি সোনকালে এনেকুৱা হ’ব বুলি দাবী কৰি ৰাহুলে কয়, ‘এয়া মাথোঁ সময়ৰ কথা৷ নিৰ্বাচন শেষ হোৱাৰ লগে লগে পেট্ৰ’ল-ডিজেল আৰু গেছৰ দাম বৃদ্ধি পাব৷’ এপ্ৰিল মাহত অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ৰাহুলে যে সেই দিশলৈ ইংগিত দিছে সেয়া স্পষ্ট৷ এই পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলিও ৰাহুলে আক্ৰমণ কৰে৷ তেওঁৰ ভাষাত, ‘মোদী চৰকাৰ এইক্ষেত্ৰত কেৱল শূন্য৷ চৰকাৰে যি কৈছে সেয়া সত্য নহয়, আপোনাৰ হাতত যি আছে সেয়া সত্য৷’ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই বন্ধ হৈ আছে হৰমুজ প্ৰণালী৷ ফলত যোগানৰ নাটনি হৈছে৷ এল পি জি চিলিণ্ডাৰ আচলতে উপলব্ধ হ’বনে নাই তাত সন্দেহ আছে৷ বন্ধ হৈ পৰিছে অগণন হোটেল আৰু ৰে©ু†ৰেণ্ট৷ অৱশ্যে সকলো স্বাভাৱিক বুলি আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু বহুতে পতিয়ন যোৱা নাই৷ ইয়াৰ বিপৰীতে এল পি জি ডিলাৰত ভিৰ বাঢ়িছে৷ প্ৰতিদিনে দীঘলীয়া শাৰী গঢ় লৈ উঠিছে৷ অৱশ্যে টকাৰ মূল্যৰ উঠা-নমাক লৈ কেন্দ্ৰৰ কাষত থিয় দিছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে৷ তেওঁ কয়, ‘ইয়াৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় কাৰণ আছে৷ বিষয়টো চৰকাৰৰ হাতত নাই৷’

বিদ্ৰোহৰ অন্ত পৰিলঃ বিধায়ক নহয়, সাংসদ হোৱাৰহে মন অতুল বৰাৰ

বিদ্ৰোহৰ অন্ত পৰিলঃ বিধায়ক নহয়, সাংসদ হোৱাৰহে মন অতুল বৰাৰ
বিদ্ৰোহৰ অন্ত পৰিলঃ বিধায়ক নহয়, সাংসদ হোৱাৰহে মন অতুল বৰাৰ

বিদ্ৰোহৰ অন্ত পৰিল৷ দৰাচলতে বিধায়ক নহয়, সাংসদ হোৱাৰহে মন অতুল বৰাৰ৷ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা দলীয় টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা অতুল বৰাই বিদ্ৰোহৰ পথ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি বৰাই জানিবলৈ দিয়ে যে তেওঁ ২০২৯ চনৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বৰ্তমান ডিমৰীয়া সমষ্টিত দলীয় কাম-কাজত মনোনিৱেশ কৰিব৷ শেহতীয়াকৈ কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা প্ৰদু্ৎ বৰদলৈক দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই অতুল বৰাৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপক লৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ এতিয়া অৱসান ঘটিছে৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অতুল বৰাৰ বাসগৃহলৈ গৈ তেওঁৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতেই জ্যেষ্ঠ নেতাজনে নিজৰ স্থিতি সলনি কৰে৷ দেওবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ অহাৰ সময়তে তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ বৰাই ২০২৯ চনৰ লোকসভা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰা বুলিও জানিবলৈ দিয়ে৷ ইয়াৰ জৰিয়তে তেওঁ নিৰ্দলীয় হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সকলো সম্ভাৱনা নুই কৰিলে৷

দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত অতুল বৰাৰ সমৰ্থকসকলৰ মাজত মূলতঃ তিনিটা বিকল্পক লৈ চৰ্চা চলিছিল৷ সেই বিকল্পসমূহ আছিল ক্ৰমে নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলা, কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক সমৰ্থন জনোৱা অথবা ৰাজনৈতিকভাৱে নিি©য় হৈ থকা৷ কিন্তু এতিয়া তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ পৰিৱৰ্তে, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত মঠঘৰীয়া, বীৰকুছি, নুনমাটি, নাৰেংগী আৰু সাতগাঁৱৰ দৰে অঞ্চল অন্তৰ্ভুক্ত হোৱা ডিমৰীয়া সমষ্টিত তেওঁ সক্ৰিয়ভাৱে ৰাজনৈতিক কাম-কাজ চলাই যাব৷ দিছপুৰৰ পৰিৱৰ্তে ডিমৰীয়াত সক্ৰিয় হৈ থাকিব বুলি তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰীকো অৱগত কৰিছে৷

কংগ্ৰেছৰ ছাদুল্লা শিকদাৰক মন্ত্ৰী পীয়ূষৰ কঠোৰ সকীয়নি

কংগ্ৰেছৰ ছাদুল্লা শিকদাৰক মন্ত্ৰী পীয়ূষৰ কঠোৰ সকীয়নি
কংগ্ৰেছৰ ছাদুল্লা শিকদাৰক মন্ত্ৰী পীয়ূষৰ কঠোৰ সকীয়নি

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিকৃতিত গোৰ মৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তি কংগ্ৰেছ দলৰ সৈতে জড়িত বুলি অভিযোগ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া এক পোষ্টত হাজৰিকাই দাবী কৰে যে ছাদুল্লাহা শিকদাৰ নামৰ অভিযুক্ত ব্যক্তিজন এজন কংগ্ৰেছ নেতা৷ তেওঁ লগতে অভিযোগ কৰে যে শিকদাৰ আৰু তেওঁৰ ভাতৃ আবু শিকদাৰৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ সৈতে সম্পৰ্ক আছে৷

হাজৰিকাই ৰিপুণ বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ বিশিষ্ট ব্যক্তিসকলৰ নামো উল্লেখ কৰি এইক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক সমৰ্থন আছে বুলি দাবী কৰে৷ বিজেপি নেতাগৰাকীৰ এই মন্তব্যই এতিয়া শ’লঠেকত পেলাইছে কংগ্ৰেছক৷ কাৰণ জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা কংগ্ৰেছৰ নেতাই এতিয়া জুবিনক অপমান কৰাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

ইপিনে জুবিন গাৰ্গক অপমান কৰা ছাদুল্লা শিকদাৰক কঠোৰভাৱে সকীয়াই দিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ উল্লেখ্য, জুবিন গাৰ্গৰ ছবিত গোৰ মাৰিবলৈ দুঃসাহস কৰা ছাদুল্লা শিকদাৰ হৈছে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ চিৰাং জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক আবু তালেপ শিকদাৰৰ ভাতৃ৷

অস্কাৰৰ বাবে মনোনীত গাজাৰ ছবি ভাৰতত মুক্তি দিয়াত চেন্সৰ ব’ৰ্ডৰ বাধা

অস্কাৰৰ বাবে মনোনীত গাজাৰ ছবি ভাৰতত মুক্তি দিয়াত চেন্সৰ ব’ৰ্ডৰ বাধা
অস্কাৰৰ বাবে মনোনীত গাজাৰ ছবি ভাৰতত মুক্তি দিয়াত চেন্সৰ ব’ৰ্ডৰ বাধা

যুদ্ধৰ প্ৰভাৱ এতিয়া ছবি জগতৰ ওপৰতো পৰিছে৷ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জনধৰ্মী আলোচনী ‘ভেৰাইটী’ত প্ৰকাশিত এক বাতৰি অনুসৰি চেন্সৰ ব’ৰ্ডে [চিবিএফচি] ‘দ্য ভইচ অৱ হিন্দ ৰাজব’ ছবিখন ভাৰতত মুক্তিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে৷ গাজাৰ এটি ৬ বছৰীয়া শিশুৰ কৰুণ ভাগ্যৰ ওপৰত আধাৰিত এই ছবিখন৷ এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুল প্ৰশংসা লাভ কৰিছে৷ ইয়াৰ উপৰি অস্কাৰৰ মনোনয়ন লাভ কৰিছে৷ এই সকলোবোৰৰ পিছতো কিয় এই ছবিখনক অনুমতি দিবলৈ অস্বীকাৰ কৰিলে ছেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনে? ছবিখনৰ বিতৰকসকলে দাবী কৰিছে যে চিবিএফচিৰ এই পদক্ষেপৰ মূল কাৰণ হৈছে ইজৰাইলৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি কৰা আশংকা৷ কাউথেৰ বেন হানিয়াৰ পৰিচালনাত নিৰ্মিত এই ছবিখন মাৰ্চ মাহত ভাৰতত মুক্তি পোৱাৰ কথা আছিল৷

‘ভেৰাইটী’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনোজ নন্দৱানা নামৰ এজন বিতৰকে কয় যে চেন্সৰ ব’ৰ্ডৰ এজন সদস্যই তেওঁক পোনপটীয়াকৈ জনাইছে, ‘যদি এই ছবিখন ভাৰতত মুক্তি পায় তেন্তে ভাৰত-ইজৰাইলৰ সম্পৰ্ক ভাঙি যাব৷’ নন্দৱানাৰ দৰে বিতৰকসকলৰ যুক্তি হ’ল আমেৰিকা, ব্ৰিটেইন, ইটালী বা ফ্ৰান্সৰ দৰে দেশতো ছবিখন মুক্তি পাইছে৷ ইয়াৰ ফলত ইজৰাইলৰ সৈতে সেই দেশসমূহৰ সম্পৰ্কত কোনো প্ৰভাৱ পৰা নাই৷ তথাপি কোৱা হৈছে যে চেন্সৰ ব’ৰ্ডে নিজৰ সিদ্ধান্তত অটল৷ গাজাৰ ৬ বছৰীয়া শিশুৰ মৃত্যুৰ কৰুণ সত্য কাহিনীৰ আধাৰত নিৰ্মিত এই ডকু-ড্ৰামা ধাৰাৰ ছবিখন৷ ২০২৪ চনৰ জানুৱাৰী মাহত হামাছ আৰু ইজৰাইল সেনাৰ মাজত হোৱা যুদ্ধৰ সময়ত গাজাত এখন গাড়ীত আবদ্ধ হৈ পৰিছিল হিন্দ৷ অভিযোগ অনুসৰি ইজৰাইল সেনাৰ আক্ৰমণত শিশুটি আৰু তেওঁৰ পৰিয়ালৰ ছজন সদস্য নিহত হৈছিল৷ তেওঁক উদ্ধাৰ কৰিবলৈ অহা দুজন পেৰামেডিকেল কৰ্মীৰো মৃত্যু হয়৷

এই ঘটনাই ইজৰাইলৰ মানৱ অধিকাৰ উলংঘাক লৈ আন্তঃৰাষ্ট্ৰীয় সমাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল৷ ছবিখনে ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত ‘গ্ৰেণ্ড জুৰী বঁটা’কে ধৰি মুঠ জ্জটা বঁটা লাভ কৰে৷ কিন্তু ভাৰতীয় দৰ্শকে হয়তো ছবিখন চাব নোৱাৰিব৷ প্ৰশ্ন উত্থাপন হৈছে, ভাৰত-ইজৰাইলৰ সম্পৰ্ক ইমান ঠুনুকা নে? ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগতেই ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেই দেশ ভ্ৰমণ কৰিছিল৷ প্ৰধানমন্ত্ৰী মোদীকো তেওঁলোকৰ সংসদৰ অধ্যক্ষৰ পদক প্ৰদান কৰা হয়৷ কেৱল এখন চিনেমাৰ বাবেই ইমান ভাল সম্পৰ্ক নষ্ট হ’ব পাৰেনে? নে এইক্ষেত্ৰত আন কোনো গোপন স্বাৰ্থই কাম কৰিছে?