হিন্দী চলচ্চিত্ৰ জগতৰ ১১১ বছৰ সম্পূৰ্ণ হ’ল। (Richest Actress) এই আটাইকেইটা বছৰত ভাৰতত বহু নায়িকা জন্ম হৈছে। কিন্তু, আজি আমি আপোনালোকক ক’ম ভাৰতৰ সেই সৌন্দৰ্য্যৰ কথা যিয়ে বহু বছৰ ধৰি ধনৰ ক্ষেত্ৰত এক নম্বৰ স্থান দখল কৰি আছে। বিশেষ কথাটো হ’ল আগৰ তুলনাত এতিয়া সেই অভিনেত্ৰীগৰাকী ছবিত কম সক্ৰিয় হৈ পৰিছে। এই ধনী অভিনেত্ৰীগৰাকীৰ বিষয়ে জানো আহক-
জুহি চাওলাই ‘চুলতানত’ ছবিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৮৬ চনত মুক্তি পাইছিল এই চিনেমাখনে।ইয়াৰ পিছত তেওঁ বলীউডৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল। ‘কায়ামত সে কায়ামত টক’, ‘স্বৰ্গ’, ‘বল ৰাধা বল’, ‘ৰাজু বান গয়া জেন্টলমেন’, ‘হুম হায় ৰহী প্যাৰ’ আদি বহু ব্লকবাষ্টাৰ চিনেমা আগবঢ়াইছিল।
জুহি চাওলাৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। অভিনয় আৰু সৌন্দৰ্য্যৰে বলীউডত নিজৰ নাম বিখ্যাত কৰাৰ পিছত জুহিয়ে কেমেৰাৰ পৰা আঁতৰি থাকিবলৈ লৈছিল। এই সময়তে তেওঁ এনে কিছুমান বিনিয়োগ কৰিছিল তেতিয়া তেওঁ হৈ পৰিছিল আটাইতকৈ ধনী সুন্দৰী। বন্ধু তথা সহ অভিনেতা শ্বাহৰুখ খানৰ সৈতে জুহীয়ে আৰম্ভ কৰে ড্ৰিমছ আনলিমিটেড, যিটো পিছলৈ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট নামেৰে এটা সফল প্ৰডাকচন হাউচত পৰিণত হয়।
এই কোম্পানীটোৰ অধীনত ‘মেইন হুন না’, ‘চক দে ইণ্ডিয়া’ আৰু ‘ৰাৱন’ আদি বহু ছবি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত জুহীয়ে শ্বাহৰুখ খান আৰু ডাঙৰ ব্যৱসায়ী তথা স্বামী জয় মেহতাৰ সৈতে কলকাতা নাইট ৰাইডাৰ্ছৰ আই পি এল দলটো আৰম্ভ কৰে। বিগত কেইবাবছৰ ধৰি এই আই পি এল দলটোৰ ব্ৰেণ্ড ভেলু বহু পৰিমাণে বৃদ্ধি পাইছে।
এই সকলোবোৰৰ বাহিৰেও জুহিৰ ৰিয়েল এষ্টেট, সেউজ শক্তি আৰু স্বাস্থ্য সুস্থতাৰ দৰে বহু খণ্ডত বিনিয়োগ আছে। যাৰ বাবে তেওঁ ধন-সম্পত্তি ক্ৰমাগতভাৱে বৃদ্ধি পাই থাকিল। হুৰুণ ৰিচ লিষ্ট ২০২৪ৰ প্ৰতিবেদন অনুসৰি জুহি চাওলা ভাৰতৰ আটাইতকৈ ধনী অভিনেত্ৰী যাৰ সম্পত্তিৰ পৰিমাণ ৪৬,০০ কোটি টকা।
আজি বন্ধুত্ব দিৱসঃ আপোনাক পাহৰি যোৱা আৰু (Friendship Day 2025) নতুন বন্ধুক কেনেকৈ শুভেচ্ছা জনাব।
বন্ধুত্ব দিৱস কেৱল এটা দিন নহয়, এই দিনটো সম্পৰ্কবোৰ অনুভৱ কৰাৰ এটা বিশেষ দিন। বন্ধুত্ব হৃদয়ত থকা এটি সম্পৰ্ক, য’ত নাথাকে তেজৰ সম্পৰ্ক। থাকে মাথোঁ মনল মিলন। বন্ধুত্বই সেই বিশেষ বন্ধন যিয়ে আমাক হাঁহিবলৈ শিকাই, পৰিলে আমাক চম্ভালি লয় আৰু নিসংগতাত আটাইতকৈ লগ দিয়ে বন্ধুয়ে। গতিকে এই বন্ধু দিৱসত আপোনাৰ বিশেষ বন্ধুক জনাওক শুভেচ্ছা।
প্ৰতিবছৰে ৩ আগষ্ট ‘বন্ধুত্ব দিৱস’ উদযাপন কৰা হয়। এই বন্ধুত্ব দিৱসত আহক আমি সেই বন্ধুসকলক আকোৱালি লওঁ যিসকল আমাৰ হাঁহিৰ আঁৰৰ কাৰণ আৰু চকুলোৰ সময়ত শক্তি।
১/ খং উঠিলে কোনে হাঁহিব, গুচি গ’লে কোন থাকিব, মনে মনে থাকিলে মোৰ ভয় লাগে, কোনে মোক এতিয়া মোৰ বুলি ক’ব।