Home Blog Page 103

Assam Cabinet: আজি অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Assam Cabinet: আজি অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam Cabinet: আজি অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কেবিনেট (Assam Cabinet) বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ শেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোদ্ধন কৰে। কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হ’ল-

মিছন বসুন্ধৰা ৩.০ৰ ভূমি অনুমোদন । কেবিনেটে অনুমোদন জনাইছে – ৮খন জিলাৰ ২৯৯ আবেদন বার্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰকৰণ, ১০টা আন্তঃগাঁথনি প্রকল্পৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত ১১৮টা আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন, ৭খন জিলাৰ ১৯০ অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ, ধেমাজিত ১,৭৪২টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিস্পত্তি

গুৱাহাটীৰ বনাঞ্চলত থকা অখিলঞ্জীয়া মানুহৰ ছাৰ্ভে কৰা হ’ব। খিলঞ্জীয়া মানুহ ভয় খোৱাৰ কোনো কাৰণ নাই। ৩টা প্ৰজন্ম অসমত থাকিলে কোনো ধৰ্মৰ কথা নাই। গুৱাহাটীত মানুহৰ ভিৰ আৰু ওজন যথেষ্ট বাঢ়িছে। গতিকে মানুহৰ কমাব লাগিব।

খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি নিষ্পত্তি –

২০১১ ৰ পূৰ্বে তিৰাপ জনজাতি অঞ্চলত ভূমি অধিকাৰ কৰি থকা আহোম, কোচ ৰাজবংশী, মটক, মৰাণ, চুতীয়া, গোর্খা, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত শ্ৰেণীৰ লোকৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে ।

কেবিনেটে বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা প্রয়াত যোশীতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে

গুৱাহাটী আৰু সোণাইত বিশেষ সমীক্ষা-

কেবিনেটে অনুমোদন জনাইছে – পথ, নলা, পাম্পিং ষ্টেচন, ট্রেন্সফৰ্মাৰ আদিৰ মূল্যাংকন আৰু তত্ত্বাৱধানত সহায়ৰ হেতু গুৱাহাটীৰ ৩২৮ বর্গ কিল ‘মিটাৰ সামৰি এৰিয়েল লিডাৰ জৰীপ (Aerial LiDAR survey) আৰু জি এম ডি এ আৰু জি এম চি এলেকাৰ জি আই এছ ডাটাবেছৰ বিকাশ।

অসমৰ কাছাৰত বসতি এলেকা বিশ্লেষণ, মুখ্য প্ৰকল্পৰ পৰিকল্পনা, কেনেল লেআউট আৰু কামাণ্ড এৰিয়া মেপিং আদিত সহায় হোৱাকৈ ১৪৭ বর্গ কিল’মিটাৰ সামৰি সোণাই জলসিঞ্চন প্রকল্পৰ বাবে এৰিয়েল লিডাৰ জৰীপ।

‘জল জীৱন আঁচনিৰ টকা ঠিকাদাৰে পোৱা নাই। এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে পৰ্যালোচনা কৰি আছে। ঠিকাদাৰক পাৰ্ফমেঞ্চ গ্যাৰেণ্টীৰ টকা অসম চৰকাৰে ঘূৰাই দিব। জল মিত্ৰৰ মৃত্যু হ’লে পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য। এতিয়াৰে পৰা মহাবিদ্যালয়ৰ শিক্ষকৰ পদোন্নতি হ’ব।

গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব ২৫হাজাৰকৈ টকা। ২০২১ চনৰ পৰা গৱেষণা কৰা শিক্ষাৰ্থীয়ে পাব এই ধনৰাশি। দিব্যাংগ গৱেষকে ৪০ হাজাৰকৈ জলপানি পাব।

Nandini Kashyap: নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক

Nandini Kashyap: নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক
Nandini Kashyap: নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক

ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ (Nandini Kashyap) সৃষ্টি কৰা হিট এণ্ড ৰাণ গোচৰত অৱশেষত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী নন্দিনী কাশ্যপক৷ নিশা অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা আৰোপ কৰা বুলি জানিব পৰা গৈছে৷ মঙলবাৰে সন্ধিয়া শৰাইঘাটৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰিছিল অভিনেত্ৰীগৰাকীক৷ ‘ৰাজধানী থিয়েটাৰ’ৰ আখৰাগৃহৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে আটক কৰা হয় অভিনেত্ৰীগৰাকীক৷ তেওঁৰ গাড়ীৰ খুন্দাতেই গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা ছামিউল হকৰ মৃত্যুৰ পিছতেই মান্দাকাটাত থকা ৰাজধানী থিয়েটাৰৰ আখৰাগৃহ ত্যাগ কৰিছিল অভিনেত্ৰীগৰাকী৷

উল্লেখ্য যে একেলগে দুটা বছৰৰ বাবে ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ আছিল বিতৰ্কিত নন্দিনী কাশ্যপ৷ এইটো আছিল দ্বিতীয়টো বৰ্ষ ৷ ২০২৫-২৬ নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰত মূল নায়িকাৰ চৰিত্ৰত আছিল নন্দিনী কাশ্যপ৷ কামৰূপৰ মান্দাকাটাত চলি আছে ২০২৫-২৬ নাট্যবৰ্ষৰ বাবে ৰাজধানী থিয়েটাৰৰ নাটকৰ আখৰা৷ অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱক ছামিউল হকৰ মৃত্যুৰ পিছতে ভ্ৰাম্যমাণ নাট্যগোষ্ঠীটোৱে অভিনেত্ৰীগৰাকীৰ সৈতে ইতিমধ্যে কৰি থোৱা চুক্তি বাতিল কৰাৰ এক খবৰ প্ৰকাশ পাইছে৷ এই প্ৰসংগত ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা মল্লিকা ৰয়ৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, ‘আমাৰ আলোচনা চলি আছে৷

বৰ্তমানলৈ আমি একো সিদ্ধান্ত লোৱা নাই৷ আমি ৰাইজৰ লগত আছোঁ৷’ মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ছামিউল হকে৷ ২৫ জুলাইৰ মাজনিশা কাহিলিপাৰাত নন্দিনীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল যুৱকজন৷ তাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক ৷ সোমবাৰে উন্নত চিকিৎসাৰ বাবে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত৷ গুৱাহাটীৰ কাহিিলপাৰাৰ দক্ষিণগাঁৱত শুকুৰবাৰে পুৱতি নিশা ঘণ্টাত প্ৰায় ১০০-১২০ কিলোমিটাৰ বেগত নিজৰ বলেৰ’ বাহনখন তেওঁ চলাই অহাৰ অভিযোগ উঠিছিল৷ বুধবাৰে অভিনেত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হয়৷

আনহাতে কালি ৰাতিৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক। স্বাস্থ্য পৰীক্ষা কৰোৱা হয় নন্দিনীক।

Trump announces 25% tariff: ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ‘বন্ধু’ ট্ৰাম্পৰ

Trump announces 25% tariff: ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ‘বন্ধু’ ট্ৰাম্পৰ
Trump announces 25% tariff: ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ‘বন্ধু’ ট্ৰাম্পৰ

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক (Trump announces 25% tariff) আৰোপ কৰিলে ড’নাল্ড ট্ৰাম্পে৷ ছ’চিয়েল মিডিয়াত তেওঁ কয় যে বন্ধু হ’লেও ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে৷ এই নতুন শুল্কৰ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিলে যে ভাৰতে ৰাছিয়াৰ পৰা বহু তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে৷ সেই বাবেই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল৷ বুধবাৰে ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে লিখিছে, ‘আপুনি মনত ৰাখিব লাগিব যে ভাৰত আমাৰ বন্ধু হ’লেও আমাৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অতি কম৷ কাৰণ তেওঁলোকৰ শুল্কৰ হাৰ অতি বেছি৷

তদুপৰি তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ বহুত ৰাছিয়াৰ পৰা কিনে৷ ৰাছিয়াৰ শক্তি সম্পদৰ সৰ্বাধিক ক্ৰেতা ভাৰত আৰু চীন৷ বিশেষকৈ যি সময়ত সকলোৱে কৈছে যে ৰাছিয়াই ইউক্ৰেইনত গণহত্যা বন্ধ কৰিব লাগে৷ গতিকে ভাৰতে এইবাৰ ২৫ শতাংশ শুল্ক দিব৷ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতেও শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক৷’ মন কৰিবলগীয়া যে আমেৰিকাই বাণিজ্যিক চুক্তি সম্পাদন কৰিবলৈ ৰ আগষ্টৰ সময়সীমা দিছিল৷ কিন্তু বিভিন্ন জটিলতাৰ বাবে ভাৰতে এতিয়াও আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা নাই৷ এই পৰিস্থিতিত ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব নেকি বুলি সোধাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘হয়, হ’ব পাৰে৷’ একে সময়তে ট্ৰাম্পে কয়, ‘ভাৰত আমাৰ ভাল বন্ধু৷ অৱশ্যে ভাৰতে আন যিকোনো দেশতকৈ অধিক শুল্ক আৰোপ কৰিছে৷

এয়া চলি থাকিব নোৱাৰে৷ আমেৰিকাই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব৷’ এই সতৰ্কবাণী দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাৰতৰ ওপৰত শুল্ক বোমা নিক্ষেপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে৷ তেওঁ লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰাৰ বাবে এই অতিৰিক্ত শুল্ক ‘শাস্তি’ হিচাপে বিবেচনা কৰিব লাগিব৷ শুনা গৈছিল যে ২৫ আগষ্টত আমেৰিকাৰ প্ৰতিনিধি ভাৰতলৈ আহি আছে বাণিজ্যিক চুক্তি সম্পাদন কৰিবলৈ৷ দিল্লীৰ দূতসকলেও শেহতীয়াকৈ ৱাশ্বিংটন ভ্ৰমণ কৰিছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজেই কয় যে ভাৰতৰ সৈতে চুক্তি হৈছে, অৰ্থাৎ ই প্ৰায় চূড়ান্ত হৈছে৷ কিন্তু ট্ৰাম্পৰ ঘোষণাৰ পিছত আমেৰিকাই প্ৰকৃততে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবনে তাকে লৈ সন্দেহৰ সৃষ্টি হৈছে৷

Nandini Kashyap: কি সঁচা, কি মিছা? দুৰ্ঘটনা খবৰ নোপোৱা বুলি মিছা কৈছিল নেকি আৰক্ষীয়ে?

Nandini Kashyap: কি সঁচা, কি মিছা? দুৰ্ঘটনা খবৰ নোপোৱা বুলি মিছা কৈছিল নেকি আৰক্ষীয়ে?
Nandini Kashyap: কি সঁচা, কি মিছা? দুৰ্ঘটনা খবৰ নোপোৱা বুলি মিছা কৈছিল নেকি আৰক্ষীয়ে?

কি সঁচা, কি মিছা? (Nandini Kashyap) দুৰ্ঘটনা খবৰ নোপোৱা বুলি মিছা কৈছিল নেকি আৰক্ষীয়ে? যদি দুৰ্ঘটনা সংঘটিত কৰা খবৰে পোৱা নাছিল আৰক্ষীয়ে তেন্তে কেনেকৈ নন্দিনী কাশ্যপে সংঘটিত কৰা দুৰ্ঘটনাস্থলীলৈ গৈছিল আৰক্ষী। এখন ফটো ভাইৰেল হৈছে বৰ্তমান, যিখন ফটোক লৈ এতিয়া বহু প্ৰশ্ন সৃষ্টি হৈছে মানুহৰ মনত।

গুৱাহাটী মহানগৰীৰ বহু চৰ্চিত হিট এণ্ড ৰাণ ঘটনাত নতুন মোৰ৷ দুৰ্ঘটনা সংঘটিত কৰিছে সেই বিষয়ে আৰক্ষীক জনোৱা বুলি দাবী কৰা অভিনেত্ৰী নন্দিনী কাশ্যপে মিছা মাতিছিল৷ তেওঁ দুৰ্ঘটনাৰ খবৰ আৰক্ষীক জনোৱাই নাছিল৷ বুধবাৰে এই বুলি দাবী কৰে গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই ৷ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ পিছতে বুধবাৰে সংবাদ মেল সম্বোধন কৰে গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই৷ বুধবাৰে নিশা শৰাইঘাট দলঙৰ সমীপৰ পৰা নন্দিনী কাশ্যপক আটক কৰিছিল দিছপুৰ আৰক্ষীয়ে৷ অৱশেষত নিশা পাণবজাৰ মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নন্দিনী কাশ্যপক৷ আৰক্ষীয়ে কয়– ‘২৫ জুলাইৰ নিশা ওদালবাক্ৰাত দুৰ্ঘটনাটো হৈছিল৷ দুৰ্ঘটনাৰ দিনা যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰা নাছিল নন্দিনীয়ে৷ ২৬ জুলাইতহে যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰিছিল৷ তাৰ পিছতেই নন্দিনী কাশ্যপক থানালৈ মাতি সোধা-পোছা কৰি ক্লিয়াৰ বণ্ডত যাবলৈ দিয়া হৈছিল৷’ আৰক্ষীয়ে লগতে কয় যে দিছপুৰ থানালৈ মাতি সোধা-পোছা কৰা হৈছিল নন্দিনী কাশ্যপক৷ প্ৰথমাৱস্থাত যিসমূহ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল সেইসমূহ জামিনযোগ্য ধাৰা আছিল৷ ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰা বাবে আৱেদন কৰিছিল৷ আৰক্ষীয়ে কয়- প্ৰথমে গোচৰটোত দিছপুৰ থানাত ৬৩০য২৫ নম্বৰত ১১৫[২]য১২৫[b]য২৮১ BNS ধাৰাত গোচৰ ৰুজু হৈছিল৷ শেহতীয়াকৈ ১০৫ BNS ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছিল৷ আৰক্ষীয়ে মন্তব্য কৰে যে ‘নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি এমভিআই কৰি পঠোৱা হৈছিল যদিও পুনৰ বাহনখন ফৰেণছিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে৷ বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব৷ গুৱাহাটী যান-বাহন আৰক্ষীৰ ওচৰত নন্দিনী কাশ্যপৰ কোনো চালান নাই৷’ নন্দিনীৰ বিৰুদ্ধে পূৰ্বে বিভিন্ন জিলাত তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা বিহাৰ তথ্য পোৱা গৈছে৷ দুৰ্ঘটনা সন্দৰ্ভত দিছপুৰ যান-বাহন আৰক্ষী অৱগত নাছিল৷ কোন বিষয়াৰে নন্দিনীয়ে যোগাযোগ কৰিছিল অথবা ছামিউলৰ সতীৰ্থসকলে ১০০ নম্বৰত ফোন কৰাৰ কথাত অজ্ঞতা প্ৰকাশ যান-বাহন শাখাৰ ডিচিপিয়ে৷ আৰক্ষীয়ে কয়- গোচৰটো হিট এণ্ড ৰাণ হয়নে নহয় সেয়া তদন্তত ওলাব৷ গোচৰ পঞ্জীয়ন হৈছে৷ পূৰ্বৰ গোচৰটোত জামিনযোগ্য ধাৰা সন্নিৱিষ্ট আছিল৷ সেয়ে দুবাৰকৈ থানালৈ অহাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে৷ ১০৫নং জামিনবিহীন ধাৰাটো সংযোগ কৰি নন্দিনীক নিশা গ্ৰেপ্তাৰ কৰা হৈছে৷

আনহাতে আৰক্ষীয়ে কৈছিল ২৫ জুলাইৰ নিশা ওদালবাক্ৰাত দুৰ্ঘটনাটো হৈছিল৷ দুৰ্ঘটনাৰ দিনা যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰা নাছিল নন্দিনীয়ে৷ ২৬ জুলাইতহে যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰিছিল৷ কিন্তু নন্দিনীয়ে সংঘটিত কৰা দুৰ্ঘটনাস্থলীত কেনেকৈ আৰক্ষী উপস্থিত হৈছিল এয়া এক অতি চৰ্চাৰ বিষয় বৰ্তমান সময়ত। ফটোখনৰ প্ৰকৃত ৰহস্য হয়তো পোহৰলৈ আহিব সোনকালে।

Gaurav Gogoi: ‘দেশতকৈ গৌৰৱ গগৈ ডাঙৰ নহয়, পাকিস্তানৰ হকে মাত মতাৰ বাবে গৌৰৱ গগৈক বঁটা দিব লাগে’

Gaurav Gogoi: 'দেশতকৈ গৌৰৱ গগৈ ডাঙৰ নহয়
Gaurav Gogoi: 'দেশতকৈ গৌৰৱ গগৈ ডাঙৰ নহয়

দেশতকৈ ডাঙৰ (Gaurav Gogoi) নহয় গৌৰৱ গগৈ। কোনোৱে কৰিব নোৱাৰা কাম গৌৰৱ গগৈয়ে কৰি দেখুৱালে। পাকিস্তানৰ হকে মাত মতাৰ বাবে গৌৰৱ গগৈক বঁটা দিব লাগে। ভাৰতীয় সেনাক লৈ গৌৰৱ গগৈয়ে উত্থাপন কৰা প্ৰশ্ন অতিকৈ লাজৰ বিষয়। অসমীয়া যুৱ মঞ্চৰ মন্তব্য।

আমগুৰিত অসমীয়া যুৱ মঞ্চই অনুষ্ঠিত কৰা সংবাদমেলত এনেদৰে মন্তব্য কৰিলে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ প্ৰীতিক লৈ সোচ্চাৰ হ’ল অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়া। অসমীয়া যুৱ মঞ্চৰ আমগুৰি নগৰস্থিত অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াই সংবাদমেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

লগতে সাংসদ গৌৰৱ গগৈক ৰাষ্ট্ৰ বিৰোধী বঁ‌টাৰে বিভূষিত কৰিবলৈয়ো আহ্বন জনায়। নামনি অসমত চলা উচ্চেদ অভিযানত ক্ষতিগ্ৰস্ত হোৱা লোকক কংগ্ৰেছ চৰকাৰ আহিলে মাটি ঘূৰাই দি সংস্থাপিত কৰা হ’ব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্য অতিকৈ নিন্দনীয় বুলিও মন্তব্য কৰে। শক্ৰ ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰেমত পৰাৰ বাবেই ২০২৬ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল শূন্য নহলে অসমীয়া যুৱ মঞ্চৰ পৰা আকাশ শইকীয়াই পদত্যাগ কৰিব বুলি প্ৰত্যাহ্বান জনাইছে। সময় থাকোতেই পাকিস্থানৰ সৈতে থকা প্ৰীতিৰ সম্পৰ্ক ত্যাগ কৰিবলৈ গৌৰৱ গগৈক আহ্বান। অন্যথা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু হৈ থাকক বুলি মন্তব্য কৰে আকাশ শইকীয়াই।

Amguri News: শাস্তিৰ সন্মুখীন হ’ব নে আমগুৰি থানাৰ OC অৰ্পন শইকীয়া ?

Amguri News: শাস্তিৰ সন্মুখীন হ'ব নে আমগুৰি থানাৰ OC অৰ্পন শইকীয়া ?
Amguri News: শাস্তিৰ সন্মুখীন হ'ব নে আমগুৰি থানাৰ OC অৰ্পন শইকীয়া ?

আমগুৰি আৰক্ষী থানাৰ (Amguri News) ভাৰপ্ৰপ্ত বিষয়া অৰ্পন শইকীয়াৰ বিৰুদ্বে উঠিছে আভিযোগ। থানাৰ পৰা কেইমিটাৰমান আঁতৰতেই পিতৃসহ এগৰাকী কিশোৰীক অপদস্ত কৰাৰ অভিযোগ OC অৰ্পন শইকীয়াই।

জানিব পৰা মতে যোৱা ২৭ জুলাইত নিশা ১০ঃ৩০ মান বজাত জনৈক কাকতিসহ কন্যাই ওচৰৰে পেক্ষাগৃহত নাটক কৰি আহি থকা অৱস্থাত আৰক্ষীবিষয়া গৰাকীৰ মুখামুখি হয় আৰু কথাৰ কটা কটি হয় আৰু ব্যক্তিজনৰ সম্পৰ্কীয় আহি আৰক্ষী বিষয়াগৰাকীৰ লগত হতাহতিত লিপ্ত হয়।

পৰিয়ালটিৰ অভিযোগ মতে আৰক্ষী বিষয়াগৰাকীয়ে নাবালিকা ছাত্ৰী গৰাকীক গতিয়াই দিয়ে আনহাতে আৰক্ষী বিষয়াগৰাকীৰ অভিযোগ অনুসৰি বিষয়াগৰাকীৰ সোনৰ চেইন কাঢ়ি লোৱাৰ উপৰিও মাৰপিট কৰে। এতিয়া প্ৰশ্ন হ’ল আৰক্ষী থানাৰ কেইমিটাৰ মান দূৰৰ পৰা কিদৰে আৰক্ষী বিষয়াৰ পৰা সোনৰ চেইন কাঢ়ি নিয়ে? আৰক্ষী বিষয়াক মাৰপিট কৰে। এয়াই স্মাৰ্ট অসম আৰক্ষী নেকি? সাধাৰন নাগৰিকে কেনকৈ সাহস পালে আৰক্ষীবিয়ষাৰ গাত হাত দিবলৈ। বৰ্তমান আৰক্ষী উচ্চ পদস্থ বিষয়াই আহি বিষয়টো তদন্ত আৰম্ভ কৰিছে।

Nandini Kashyap: ২০২৫-২০২৬ নাট্যবৰ্ষৰ বাবে নন্দিনী কাশ্যপৰ সৈতে থকা চুক্তি বাতিল কৰিলে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই

Nandini Kashyap
Nandini Kashyap

২০২৫-২০২৬ নাট্যবৰ্ষৰ বাবে নন্দিনী (Nandini Kashyap) কাশ্যপৰ সৈতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিলে চুক্তি। এই কথা ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই সামাজিক মাধ্যমত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। সামাজিক মাধ্যমত ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই উল্লেখ কৰে যে মেধাৱী ছাত্ৰ ছামিউল হকৰ অকাল মৃত্যুত তেখেতৰ পৱিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো

ৰাইজেই ৰজা……ৰাইজৰ পক্ষত ৰাজধানী থিয়েটাৰ সদায় আছো… অসমবাসী ৰাইজৰ মতামতক সন্মান জনাই ২০২৫-২৬ নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপৰ চুক্তি বাতিল কৰিলো বুলি ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই আজি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলো

( বি:দ্ৰ: অভিনেত্ৰী নন্দিনী কাশ্যপ দুবছৰৰ বাবে চুক্তিবদ্ধ হোৱা নাছিল,কেৱল ২০২৫-২৬ নাট্যবৰ্ষৰ বাবেহে ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তি কৰা হৈছিল নন্দিনী কাশ্যপক)

পুনৰ উল্লেখ কৰিছো ৰাইজৰ পক্ষত ৰাজধানী থিয়েটাৰ সদায় আছো আৰু থাকিম……

সদৌশেষত ৰাজধানী থিয়েটাৰৰ তৰফৰ পৰাও আইনৰ ওপৰত ভৰষা ৰাখি উচিত তদন্তৰ আশা কৰিলো।

থানাই থানাই জৰিমনা, জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ অভিনেত্ৰী নন্দিনী কাশ্যপদুৰ্ঘটনাৰ পাছতো নকৰা হৈছিল আৰক্ষীৰ সৈতে যোগাযোগ – DCP জয়ন্ত সাৰথি বৰা । nandini kashyap

থানাই থানাই জৰিমনা, জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ অভিনেত্ৰী নন্দিনী কাশ্যপদুৰ্ঘটনাৰ পাছতো নকৰা হৈছিল আৰক্ষীৰ সৈতে যোগাযোগ – DCP জয়ন্ত সাৰথি বৰা । nandini kashyap

গুৱাহাটী, ৩০ জুলাইঃnandini kashyap ।
অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ আইনগত পদক্ষেপ। গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত (DCP) জয়ন্ত সাৰথি বৰাই স্পষ্টকৈ জনাইছে যে, নন্দিনীৰ বিৰুদ্ধে জামিনবিহীন ধাৰা সন্নিবিষ্ট কৰি ৰুজু কৰা হৈছে গোচৰ।

DCP জয়ন্ত বৰাই সংবাদমেলত কয় –
“২৫ জুলাইৰ নিশা ওদালবাক্ৰা অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ নিশাই অভিনেত্ৰীগৰাকীয়ে কোনো ধৰণৰ তথ্য যান-বাহন আৰক্ষীক অৱগত নকৰিলে।”
পিছত, নন্দিনী কাশ্যপক থানালৈ মাতি সোধ-পোছ কৰা হয় আৰু প্ৰথম অৱস্থাত জামিনযোগ্য ধাৰাত গোচৰ ৰুজু কৰা হয়। কিন্তু ছামিউল হকৰ মৃত্যুৰ পাছত আৰক্ষীয়ে আদালতৰ অনুমতিসহ নতুনকৈ BNS (Bharatiya Nyaya Sanhita)ৰ ১০৫ ধাৰা সংযোগ কৰে, যিটো জামিনবিহীন

নন্দিনীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ নম্বৰ 630/25 ৰুজু হয়, য’ত প্রাথমিকভাৱে 115(2)/125(b)/281 BNS ধাৰাসমূহ সংযুক্ত আছিল। ছামিউলৰ মৃত্যুৰ পাছত 105 ধাৰা সংযোগ কৰি নিশা ১:৩০ বজাত গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী কাশ্যপক।

গাড়ীৰ বিষয়ে তদন্ত জাৰি
দুৰ্ঘটনাৰ পাছত জব্দ কৰা বাহনখন প্ৰথমে MVI (Motor Vehicle Inspector) পৰীক্ষাৰ বাবে পঠোৱা হৈছিল যদিও এতিয়া সেইটো ফৰেন্সিক পৰীক্ষাৰ বাবে পুনৰ জব্দ কৰা হৈছে। বাহনখনে দুচকীয়া বাহন খুন্দিয়াইছিল নে নাই – সেয়া নিৰূপণ কৰা হ’ব।

DCP জয়ন্ত বৰাই লগতে উল্লেখ কৰে —
“নন্দিনী কাশ্যপৰ নামত থকা বাহনখনে আগতে বিভিন্ন জিলাত তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা বিহাৰ তথ্য পোৱা গৈছে।”

যোগাযোগৰ অভাৱ
নিশাৰ দুৰ্ঘটনাৰ পাছতো নন্দিনীয়ে আৰক্ষীৰ সৈতে কোনো যোগাযোগ নকৰা বিষয়ে চৰকাৰীভাৱে নিশ্চিত কৰে বিষয়াগৰাকীয়ে।
“এই ঘটনাটোত প্ৰথমতে দুবাৰ থানালৈ অহাৰ পাছতো গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল, কাৰণ ধাৰাসমূহ জামিনযোগ্য আছিল। কিন্তু শেহতীয়াকৈ জামিনবিহীন ধাৰা সংযোগ হোৱাৰ লগে লগে অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰা হয়,” বুলি স্পষ্ট কৰে DCP গৰাকীয়ে।

উল্লেখযোগ্য যে, ২৫ জুলাই নিশা নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ছামিউল হক নামৰ ২১ বছৰীয়া এজন পলিটেকনিক ছাত্ৰ। জিএমচিএইচত প্ৰাথমিকভাৱে চিকিৎসাধীন ছামিউলক পাছত ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়, য’ত তেওঁ মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

এই ঘটনাই এতিয়া অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি কৰিছে। অভিনেত্ৰী কাশ্যপৰ বিৰুদ্ধে চলি থকা তদন্ত আৰু আইনগত প্ৰক্ৰিয়াৰ দিশে এতিয়া সজাগভাৱে লক্ষ্য ৰাখিছে ৰাজ্যবাসীয়ে।

অভিনেত্ৰী নন্দিনী কাশ্যপ গ্ৰেপ্তাৰ, আজি হাজিৰ হ’ব আদালতত । ছামিউল হকৰ মৃত্যু: ৰাজ্যজুৰি ক্ষোভ, থিয়েটাৰে বাতিল কৰিলে চুক্তি ।  Assamese Actress Nandini Kashyap 

অভিনেত্ৰী নন্দিনী কাশ্যপ গ্ৰেপ্তাৰ, আজি হাজিৰ হ’ব আদালতত । ছামিউল হকৰ মৃত্যু: ৰাজ্যজুৰি ক্ষোভ, থিয়েটাৰে বাতিল কৰিলে চুক্তি ।  Assamese Actress Nandini Kashyap 
অভিনেত্ৰী নন্দিনী কাশ্যপ গ্ৰেপ্তাৰ, আজি হাজিৰ হ’ব আদালতত । ছামিউল হকৰ মৃত্যু: ৰাজ্যজুৰি ক্ষোভ, থিয়েটাৰে বাতিল কৰিলে চুক্তি ।  Assamese Actress Nandini Kashyap 

গুৱাহাটী, ৩০ জুলাইঃ Assamese Actress Nandini Kashyap  ।
হিট এণ্ড ৰান কাণ্ডত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপক অবশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ ৰাজধানী থিয়েটাৰৰ আখৰা চৌহদৰ পৰা নিশা আটক কৰা হয় নন্দিনীক। আৰক্ষী সূত্ৰৰ মতে, ২৫ জুলাইৰ পুৱতি নিশা ৩ বজাত শৰাইঘাট দলঙৰ ওচৰত সংঘটিত হোৱা ভয়াৱহ দুৰ্ঘটনাটোত তীব্ৰ বেগত অহা বলেৰো নিঅ’ বাহনে ছামিউল হক নামৰ ২১ বছৰীয়া এজন পলিটেকনিক ছাত্ৰক মহটিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল।

দুৰ্ঘটনাৰ পিছত আহত অৱস্থাত ছামিউলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও, ৫ দিন ধৰি জীৱন-মৃত্যুৰে যুঁজ দিয়াৰ পিছত মঙলবাৰে এজন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে ছামিউলৰ। মৃত ছাত্ৰজন নলবাৰী পলিটেকনিকৰ ছাত্ৰ আছিল।

ছামিউলৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিবাদৰ। সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাসহ বহু ছাত্ৰ সংগঠন আৰু নাগৰিক সংগঠনে নন্দিনী কাশ্যপক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। মৃতকৰ পৰিয়ালেও ন্যায়ৰ দাবী জনায়। শেষত পানবজাৰ মহিলা থানাৰ আৰক্ষীয়ে তদন্তৰ ভিত্তিত নন্দিনী কাশ্যপক জেৰাৰ বাবে থানালৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, নন্দিনী কাশ্যপে নিজে চালিত কৰি থকা তীব্ৰ বেগৰ বলেৰো বাহনে ছামিউলক খুন্দা মাৰে। দুৰ্ঘটনাৰ পাছতে অভিনেত্রী গৰাকীয়ে ৰাজধানী থিয়েটাৰৰ আখৰাস্থলী ত্যাগ কৰি পলোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে সময়মতে গ্ৰেপ্তাৰ কৰে।

ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া সদ্য মুক্তি পোৱা অসমীয়া ছবি **”ৰুদ্ৰ”**ৰ চলচ্চিত্ৰ পৰিৱেশতো পৰিছে। ছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা ৰবি শৰ্মাই ছামিউলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ছচিয়েল মিডিয়াত লিখে —
“ছামিউল হকৰ মৃত্যুৰ খবৰে মোক দুখ দিছে। তেওঁৰ আত্মাই শান্তি লাভ কৰক আৰু তেওঁৰ পৰিয়ালে এই অপৰিসীম ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি লাভ কৰক।”

উল্লেখযোগ্যভাৱে, ৰুদ্ৰ ছবিখনত ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, অৰ্চিতা আগৰৱালৰ সৈতে নন্দিনী কাশ্যপেও সহযোগী চৰিত্ৰত অভিনয় কৰিছে।

ইফালে বিতৰ্কৰ মাজতে ৰাজধানী থিয়েটাৰে নন্দিনী কাশ্যপৰ সৈতে দুবছৰৰ বাবে কৰা চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগেও এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু তদন্ত সঠিকভাৱে সম্পন্ন কৰি ন্যায় প্ৰদানৰ দাবী জনাইছে।

ঘটনাটোৰ তদন্ত অব্যাহত থকাৰ লগতে, অসমবাসীয়ে এতিয়া ন্যায়ৰ দিশে চকু ৰাখি আছে।

নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত ছামিউলৰ মৃত্যু

নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত ছামিউলৰ মৃত্যু
নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত ছামিউলৰ মৃত্যু

নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত ছামিউলৰ মৃত্যু।


গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয় ছামিউল হকৰ।


২৫ জুলাইৰ পুৱতি নিশা ছামিউলক মহটিয়াই নিছিল নন্দিনীয়ে।