Home Blog Page 103

অশোক সিংহলৰ পোষ্ট কেন্দ্ৰ কৰি বিতৰ্ক—বিৰোধীৰ কঠিন সমালোচনাত শাসক দল

অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে শুকুৰবাৰে এক্সত আপলোড কৰা এটা সৰু পোষ্টেই এতিয়া ৰাজনৈতিক পৰিসৰত ব্যাপক প্ৰতিচঞ্চলতা সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীয়ে ফুলকবি খেতিৰ এখন ফটো শ্বেয়াৰ কৰি “ফুলকবি খেতিৰ অনুমোদন বিহাৰৰ” বুলি কেপচন দিয়া মাত্ৰেই সামাজিক মাধ্যম উত্তপ্ত হৈ পৰে। সাধাৰণ পোস্ট হিচাপে দিয়া এই মন্তব্যটোক লৈ এতিয়া বিৰোধীয়ে শাসক দলক তীব্ৰভাৱে আক্রমণ কৰিছে।

বিৰোধীৰ অভিযোগ, সিংহলে শেয়াৰ কৰা ফটোখন ১৯৮৯ চনৰ ভাগলপুৰ দাঙ্গাত নিহত ১১৬ জন মুছলমানৰ মৃতদেহ ঢাকিবলৈ ফুলকবি খেতি কৰা ঘটনাৰ সৈতে সম্পৰ্কিত। এই পৰিপ্ৰেক্ষিত উত্থাপন কৰি বিৰোধী দলৰ অভিযোগ—মন্ত্ৰীগৰাকীয়ে একটি ভয়ংকৰ সাম্প্ৰদায়িক ঘটনাক কটাক্ষৰ উপাদান হিচাপে ব্যৱহাৰ কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সোজা অভিযোগ তোলে—
“বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত এজন কেবিনেট মন্ত্ৰীয়ে এনে ইংগিতপূর্ণ ছবি শ্বেয়াৰ কৰাটো অতি নিন্দনীয় আৰু ৰাজনৈতিক নৈতিকতাৰ পৰিপন্থী।”

তেওঁ স্মৰণ কৰোৱাই দিয়ে যে ভাগলপুৰ হত্যাকাণ্ডৰ নিৰ্মম চিত্ৰই বহু বছৰ ধৰি দেশৰ সাম্প্ৰদায়িক হিংসাৰ অন্যতম অন্ধকাৰ দৃষ্টান্ত। সেই ঘটনাৰ সৈতে সম্পৰ্কিত ছবি ব্যৱহাৰ কৰাৰ মানসিকতাৰ সমালোচনা কৰি গগৈয়ে কৈছে—
“মানুহ কিমান তলৰ স্তৰৰ ৰাজনীতি কৰিবলৈ ৰেডি হ’ব পাৰে, এই ঘটনাই তাৰ প্ৰমাণ।”

গগৈয়ে লগতে অভিযোগ দাঙি ধৰিছে যে মন্ত্ৰী অশোক সিংহলৰ এনে মন্তব্য “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰণাত প্ৰভাৱিত।” তেওঁৰ ভাষ্য—
“মুখ্যমন্ত্ৰীৰ কথাবাৰ্তা আৰু আচৰণ প্ৰদৰ্শন কৰে যে সংখ্যালঘুসমূহৰ প্ৰতি তেওঁৰ মনত ঘৃণাৰ বীজ আছে। কিন্তু এই কথাই অসমবাসীৰ প্ৰকৃত মানসিকতা প্ৰতিনিধিত্ব নকৰে। অসম হৈছে শংকৰদেৱ, লাচিত আৰু আজান পীৰৰ ভূমি—ইয়াত বিভেদৰ স্থান নাই।”

সামাজিক মাধ্যমত বিৰোধীৰ এই সমালোচনাই ব্যাপক গতি লাভ কৰা অৱস্থাত, দিল্লীৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰৰো নজৰ যায় ঘটনাটোৰ ওপৰত। এক্সত এজন ব্যৱহাৰকাৰীয়ে সিংহলৰ পোষ্টটোৰ সমালোচনা কৰি থাৰুৰক টেগ কৰি মন্তব্য জনায়—
“এজন কেবিনেট মন্ত্ৰীয়ে নিৰ্বাচনী জয় উদযাপন কৰিবলৈ ১১৬ জন মুছলমান হত্যাৰ স্মৃতি গৌৰবান্বিত কৰিছে।”
সেই ব্যৱহাৰকাৰীয়ে থাৰুৰক প্ৰশ্ন কৰে—এনে ঘটনাৰ নিন্দা কৰিবলৈ কি প্ৰভাৱশালী হিন্দু নেতাসকল আগবাঢ়িব?

থাৰুৰে উত্তৰত স্পষ্টভাৱে কৈছে যে তেওঁ কোনো “সাম্প্ৰদায়িক সংগঠক” নহয়, কিন্তু এখন যুক্তৰাষ্ট্ৰৰ হিন্দু হিচাপে তেওঁৰ ব্যক্তিগত মূল্যবোধ স্পষ্ট—
“আমি যিমান হিন্দু জনো, কোনোৱেই হত্যাকাণ্ডক গৌৰৱজনক বুলি নাছোচে। আমাৰ ধৰ্ম আৰু জাতীয়তাবাদ কখনো হত্যাৰ ন্যায্যতা প্ৰদান নকৰে।”

এইদৰে এখন সৰু সামাজিক মাধ্যমৰ পোষ্ট এতিয়া অসম–দিল্লী দুয়োখন ৰাজনৈতিক মঞ্চতে উত্তপ্ত বিতৰ্কৰ সূত্ৰপাত কৰিছে। বিৰোধী দলৰ মতে, এই ঘটনা শাসকীয় দলৰ সাম্প্ৰদায়িক মনোভাৱৰ এক স্পষ্ট উদাহৰণ; আৰু চৰকাৰী শিবিৰৰ কোনোধৰণৰ প্ৰতিক্ৰিয়া এখনলৈ ওলাই অহা নাই।

সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ জন্ম দিৱসত বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হা আৰু নেকটাৰ উদ্যোগত ৰক্তদান শিবিৰ…

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হা আৰু উত্তৰ -পূৱ কম্পিউটাৰ ট্ৰেডাৰ্ছ এছ’চিয়েচন(নেকটা)ৰ উদ্যোগত তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ, প্ৰাণৰ শিল্পী সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ ৫৩ তম্ জন্ম বাৰ্ষিকী উপলক্ষে ১৮নবেম্বৰ তাৰিখে বি বৰুৱা কলেজ চৌহদত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।


বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সাধাৰণ সম্পাদক ড০ বিজয় গোস্বামী আৰু নেকটাৰ তৰফৰ পৰা ৰিপন বৰুৱাই এই কথা সদৰী কৰি জানিবলৈ দিয়ে যে ১৮নবেম্বৰৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব লগা এই শিবিৰত ৰক্তদানৰ বাবে ইতিমধ্যে ৬০ গৰাকীৰো অধিক লোকে অন লাইন মাধ্যমত প্ৰপত্ৰ পূৰণ কৰি সন্মতি প্ৰকাশ কৰিছে।
বিষয়ববীয়া দুগৰাকীয়ে ‘জীৱনৰ বাবে এটোপাল তেজ’ মূলমন্ত্ৰ সাৰোগত কৰি দূৰ্গত জনৰ সহায়ৰ বাবে ৰক্ত দানৰ দৰে মহান কাৰ্যত সহযোগিতা আগবঢ়াবলৈ ছাত্র-ছাত্ৰী তথা সৰ্ব সাধাৰণ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

মনেশ্বৰ দেউৰী, স্ৰোতস্বিনী তামুলীক প্ৰদান প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা -২০২৫

তিৱা সমাজ, সাহিত্য, সংস্কৃতি তথা ইতিহাসৰ গৱেষক-পণ্ডিত, বিশিষ্ট নিবন্ধকাৰ মনেশ্বৰ দেউৰী আৰু উদীয়মান গল্পকাৰ, ‘জালখাৰ’ শীৰ্ষক গল্প সংকলনৰ স্ৰষ্টা স্ৰোতস্বিনী তামুলীক দেওবাৰে প্ৰদান কৰা হ’ল ২০২৫ বৰ্ষৰ ক্ৰমে প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা আৰু প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ এক গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানত দুয়োগৰাকী সাহিত্যিকক এই বঁটাৰে বিভূষিত কৰা হয়। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’২০২৫ প্ৰাপক মনেশ্বৰ দেউৰীয়ে বিগত কেবা দশক ধৰি অসমীয়া সাহিত্যৰ লগতে সংস্কৃতি-ইতিহাস গৱেষণাৰ ভড়াল টনকিয়াল কৰাত নিজকে ব্যস্ত ৰাখিছে। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা প্ৰাপক মনেশ্বৰ দেউৰীক মানপত্ৰ, চেলেং চাদৰেৰে সম্ভাষণ জনোৱাৰ লগতে নগদ ধন আগবঢ়োৱা হয়। প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা লাভ কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী স্ৰোতস্বিনী তামুলীয়েও মানপত্ৰ, চেলেং চাদৰৰ লগতে নগদ ধন ৰাশি লাভ কৰে। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণী সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক ডাঃ অপূৰ্ব কুমাৰ শইকীয়া। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’২০২৫ গ্ৰহণ কৰি বিশিষ্ট গৱেষক -নিবন্ধকাৰ মনেশ্বৰ দেউৰীয়ে কয় যে, বহু ঘাত প্ৰতিঘাতৰ জড়িয়তে আহি নিজস্ব জাতি সত্বাৰ অনুসন্ধান কৰি যি সাহিত্য কৃতি সৃষ্টি কৰিছো তাৰ বাবে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে দিয়া সন্মানত মই অভিভূত হৈ পৰিছো ৷ নামনি অসমৰ বহু ঘটনা পৰিঘটনা সন্নিবিষ্ট কৰি কিতাপ প্ৰকাশ কৰিছো আৰু অসমৰ সামগ্ৰিক বুৰঞ্জী অধ্যয়ণত ই সহায় কৰিব বুলি মই আশাবাদী ৷

প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা গ্ৰহণ কৰি উদীয়মান গল্পকাৰ স্ৰোতস্বিনী তামুলীয়ে সাহিত্য সৃষ্টিৰ আৰম্ভণিতে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে তেওলৈ আগবঢ়োৱা বঁটাই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আৰু অধিক দায়িত্ব বঢ়ালে বুলি মন্তব্য কৰে ৷ তিনিদিনীয়াকৈ কলাক্ষেত্ৰ প্ৰাংগনত আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ অন্তিম দিনৰ আন এক আকৰ্ষণীয় কাৰ্যসূচী আছিল ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সৃষ্টিৰাজিৰ বিশ্লেষণাত্মক আলোচনা। প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, স্তম্ভ লেখক ৰূপম বৰুৱা, গল্পকাৰ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ আৰু স্মৃতিৰেখা ভূঞাই অংশ লয় এই বিশেষ আলোচনাত। আজিৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদীপ দত্তৰ সঞ্চালনাত অনুষ্ঠিত প্ৰকৃতি সাহিত্য বিষয়ক এক কৰ্মশালা। প্ৰকৃতি বিষয়ক সাহিত্য‌ই সমাজখনক কেনেদৰে প্ৰবুদ্ধ কৰিব পাৰে তাৰ সাৱলীল বাখ্যা আগবঢ়ায় প্ৰকৃতি সংৰক্ষক দত্তই। ….অসমীয়া অনুবাদ সাহিত্যৰ পৰিধি ভাঙি আগবঢ়া যাত্ৰাক লৈ আন এক মননশীল আলোচনাত মিলিত হয় অসমীয়া অনুবাদ সাহিত্য জগতৰ চাৰি গৰাকীকৈ পুৰোধা ব্যক্তিয়ে। সাহিত্য অকাডেমি অনুবাদ সাহিত্য বঁটা প্ৰাপকদ্বয় বিপুল দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত, দিগন্ত বিশ্ব শৰ্মাই কয় যে,অনুবাদ ,অনুবাদ সাহিত্য নহয়, অনুবাদ মৌলিক সাহিত্য ৷সংস্কৃত মানুহৰ দৈনন্দিন ভাষা নহয়, তথাপি আমি সংস্কৃতক উপেক্ষা কৰিব নোৱাৰো ৷ আমাৰ প্ৰাদেশিক ভাষা জীয়াই ৰাখিবলৈ সংস্কৃত ভাষা জীয়াই ৰাখিব লাগিব ৷ উক্ত অনুষ্ঠানত উদীয়মান অনুবাদক ডাঃ নয়নজ্যোতি শৰ্মাই অসমীয়া অনুবাদ সাহিত্যৰ বিশাল পৰিসৰৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ৷

দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত

ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত দুই দিনীয়া কাৰ্যসূচীৰে কাইলৈ গুৱাহাটীত উপস্হিত হ’ব । কাইলৈ অৰ্থাৎ ১৭ নবেম্বৰৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকী গুৱাহাটীৰ বৰবৰীৰ সুদৰ্শনালয়ত উপস্হিত হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷

উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে আৰ, এছ, এছ ৰ মুৰব্বী ডা: মোহন ভাগৱতে ১৮ আৰু ১৯ নবেম্বৰত সম্পূৰ্ণ দুটাকৈ দিনত সুদৰ্শনালয়ত থাকি বৌদ্ধিক, মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ এই মৰ্মে, ১৮ নবেম্বৰৰ আবেলি ৪ বজাত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা গুৱাহাটী মহানগৰৰ কিছু সংখ্যক নিৰ্বাচিত লোকক সামৰি প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত বিশিষ্ট সাহিত্যিক, কাকত আলোচনীৰ সম্পাদক, উদ্যোগপতিকে ধৰি দুই শতাধিকলোক উপস্হিত থাকিব ৷ প্ৰবুদ্ধ নাগৰিক সন্মিলনত ডা:মোহন ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে মত -বিনময় কৰিব ৷ অনুৰূপধৰণে ১৯ নবেম্বৰৰ পুৱা ১০ বজাত যুৱ সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত যুৱ সন্মিলনত কিছুসংখ্যক নিৰ্বাচিত কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি আদিৰ সন্মুখত আন এক বৌদ্ধিক প্ৰদান কৰিব ৷ ডা: মোহন ভাগৱতে গুৱাহাটীত দুদিন উপস্হিত থাকি ২০ নবেম্বৰৰ দিনা মণিপুৰলৈ অভিমুখে ৰাওনা হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।

চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত ১৮ নৱেম্বৰত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন…

আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক,বিহগী কবি ৰঘুনাথ চৌধাৰীৰ এক ব্ৰঞ্জৰ আবক্ষ মূৰ্তি অহা ১৮ নৱেম্বৰত গুৱাহাটীৰ নাৰেংগী-বীৰকুছিৰ বিহগী নগৰত উন্মোচন কৰা হ’ব৷ চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত ৰাজভৱনৰ অনুদানেৰে চত্তিছগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ চাগেন্দ্ৰ উছেন্দিৰ নেতৃত্বত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা বিহগী কবিৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো ৰাইজৰ সহযোগিতাত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ উদ্যোগত বিহগী নগৰত স্থাপন কৰা হৈছে বুলি বৃহত্তৰ বীৰকুছি সাহিত্য সভা (শতদল শাখা)ৰ সভাপতি ৰীণা শৰ্মা, সম্পাদক ৰবীন ভট্টাচাৰ্য আৰু আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি বিপিন চন্দ্ৰ ঠাকুৰীয়া আৰু সম্পাদক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে এক বিবৃতিযোগে জানিবলৈ দিছে৷ বিবৃতিটোত তেওঁলোকে কয় যে সেইদিনা চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই আবক্ষ মূৰ্তিটো উন্মোচন কৰিব৷ অনুষ্ঠানত শিশু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট লেখক হৃষীকেশ গোস্বামী, বিশিষ্ট লেখক পৰীক্ষিত বৈশ্য, শিক্ষাবিদ তথা বিহগী কবিৰ পৰিয়ালৰ সদস্য ডঃ কুলেন্দু পাঠক আদি উপস্থিত থাকিব৷ অনুষ্ঠানত বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে জীৱনকালত ব্যৱহাৰ কৰা আচবাব আদিৰ প্ৰদৰ্শনী, পুস্তিকা “
‘ৰঘুনাথ’ উন্মোচন কৰাৰ লগতে সন্ধিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জন্মদিন উপলক্ষে উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব৷


উল্লেখ্য যে আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক বিহগী কবি ৰঘুনাথ চৌধাৰী বীৰকুছি এলেকাত পাম স্থাপন কৰি কৃষি কৰ্ম কৰাৰ লগতে অসমবাসীক কৃষিৰে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উৎসাহ দিছিল৷ উক্ত স্থানৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত বিহগী কবিয়ে ’দহিকতৰা’ (১৯৩১ চন) কে ধৰি বহু প্ৰখ্যাত কবিতা ৰচনা কৰিছিল৷ সেয়েহে বীৰকুছিৰ সেই স্থানক ইতিমধ্যে “বিহগী নগৰ” বুলি নামকৰণ কৰা হৈছে৷ বিহগী নগৰতে তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো চত্তিছগড়ৰ ৰাজভৱনৰ অনুদানেৰে স্থাপন কৰা হৈছে৷ আনহাতে ১৯ নৱেম্বৰত বিহগী কবিৰ আবক্ষ মূৰ্তি স্থাপন কৰা ক্ষেত্ৰত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ (শতদল শাখা) বিশেষ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’ব৷ অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ উমেশ ডেকা,সদৌ অসম নাট্য সন্মিলনৰ সভাপতি জিতেন শৰ্মা উপস্থিত থকাৰ লগতে ৰীণা শৰ্মাই সংকলন কৰা ’কাবুলীৱালা’ ( মহানন্দ শৰ্মাৰ নাট্য সংকলন) উন্মোচন কৰা হ’ব৷

National Press Day: কচুৱা প্ৰেছ ক্লাৱত ‘ৰাষ্ট্ৰীয় প্ৰেছ দিৱস’ পালনঃ জ্যেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা

জ্যেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা
জ্যেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা

আজি কচুৱা (National Press Day) প্ৰেছ ক্লাৱে মাধৱপাৰা হাইস্কুল পেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উৎযাপন কৰে ৷ বিদ্যালয় প্ৰাঙ্গনত বৃক্ষৰূপন কৰাৰ পিছতেই হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ইয়াৰ পিছতে কচুৱা প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপ সভাপতি আমিনুল হকে ৷ শিশু শিল্পী নিশা জিন্নানে মায়াবিনী গীতটি পৰিবেশন কৰাৰ পিছতে চিনাকী আৰু আদৰণি পৰ্বৰ আতঁ ধৰে সম্পাদক মোজাক্কিৰ আহমেদে ৷

‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আধাৰত সাংবাদিক সকলে বাতৰি পৰিবেশন কৰি জনমত গঠন কৰিব লাগিব আৰু নিৰপেক্ষ বাতৰি পৰিবেশন কৰাটো সাংবাদিক সকলৰ প্ৰথম কৰ্তব্য বুলি ক্ৰচ কাৰেন্ট চেনেলৰ মুখ্য সম্পাদক দিলোৱাৰ হুছেইন মজুদাৰে বক্তব্য ৰাখে ৷ সাংবাদিকৰ দায়বদ্ধতাৰ ওপৰত প্ৰবীণ সাংবাদিক মোলান লস্কৰ, সভাৰাম মজুমদাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আমিৰ হামজা ভূঞাঁ, বিশিষ্ট সমাজ সেৱক ইছলাম কাজী, শিক্ষাবিদ আলী আকবৰ, ৰতন দাস, মতিউৰ ৰহমান, আব্দুল মালেক, হুছেইন আলী আৰু গাওঁ প্ৰধান খাইৰুল ইছলাম খানে ৰসাল বক্তব্য ৰাখে ৷ সভাৰ মাজতে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানে  প্ৰেছ ক্লাৱৰ দহ গৰাকী সাংবাদিকক ফুলাম গামোছা, জাপী আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ৷ 

প্ৰবীণ সাংবাদিক মোলান লস্কৰক প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনোৱাৰ লগতে ‘ছাহ চুফি হজৰত জহুৰুদ্দিন খলিফা’ চাহাবৰ নামত উচৰ্গিত ‘খলিফা’ বটাঁ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ আৰু কবি-সাহিত্যিক খৰ্গেশ্বৰ বৰাক প্ৰদান কৰা হয় ৷ যুৱনেতা মতিউৰ ৰহমানে সাৱলিল কণ্ঠৰে শলাগৰ শৰাই আগবঢ়ায় ৷ বৰ্ণাঢ্য সভাখনত জিলা পৰিষদ সদস্য আব্দুল জব্বাৰ, জ্যেষ্ঠ সাংবাদিক নলিনী বৰঠাকুৰ, নীলকমল শইকীয়া , অনুপজ্যোতি লাহন, সমাজ সেৱক উমৰ আলী , ওৱাহিদা বেগম, নাজিমা বেগম, জালাল উদ্দিন খান আৰু খলিলুৰ ৰহমানকে আদিকৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Zubeen Garg birthday: জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে চাইকেল ৰেলী

জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে চাইকেল ৰেলী
জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে চাইকেল ৰেলী

জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ চাইকেল ৰেলী।(Zubeen Garg birthday)

জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন উপলক্ষে এই পদক্ষেপ একাংশ চাইকেললিষ্টৰ।

৬০ গৰাকীতকৈ অধিক ব‍্যক্তিয়ে অংশগ্ৰহণ কৰিছে এই ৰেলীত।

জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাব প্ৰাণৰ শিল্পীগৰাকীক।

সোণাপুৰৰ পৰা পুনৰ খানাপাৰালৈ আহিব চাইকেললিষ্টসকল।

National Press Day: আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে

সমগ্ৰ (National Press Day) দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস চৰকাৰী ভাৱে উলহ মালহৰে উদযাপন কৰাৰ বিপৰীতে কলিয়াবৰত পৰিলক্ষিত হ’ল এখন বিপৰীত ছবি। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ কথা পাহৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে।

বিগত প্ৰত্যেক বছৰেই কলিয়াবৰ মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি আহিছিল যদিও এইবেলি সমজিলা প্ৰশাসনে প্ৰেছ দিৱস আয়োজন কৰাৰ পৰা বিৰত থকাত আশ্চৰ্য প্ৰকাশ কৰিছে কলিয়াবৰৰ সংবাদসেৱীসকলে।

ইয়াৰ বিপৰীতে কলিয়াবৰ প্ৰেছ ক্লাবে নিজাববীয়াকৈ অনুষ্টুপীয়াকৈ হ’লেও ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলে প্ৰেছ ক্লাবত। ৭০ দশকৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমানলৈকে বাতৰি কাকত পঢ়ুৱৈ সমাজৰ তিনিগৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসলৈ আমন্ত্ৰণ জনায় সম্বৰ্ধনা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত।

পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ৰাজহুৱা সভা আদি কাৰ্যসূচীৰে কলিয়াবৰ প্ৰেছ ক্লাবে পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ইয়াৰ বিপৰীতে সমজিলা প্ৰশাসনৰ উদাসীনতাক একেমুখে ধিক্কাৰ দিছে সংবাদসেৱীসকলে।

Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!

Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!
Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!

বিহাৰত (Bihar) ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা।

পাটনাস্থিত গান্ধী ময়দানত পূর্ণগতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি।

প্রধানমন্ত্রী মোদীৰ কাৰ্যসূচীৰ আধাৰত নিৰ্ণয় হ’ব শপতগ্ৰহণৰ চূড়ান্ত দিন।

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে শপত গ্ৰহণ অনুষ্ঠানত।

এইবাৰ বিহাৰৰ নিৰ্বাচনত এন ডি এয়ে ব্যাপক জয় লাভ কৰাৰ লগতে ২০২০ চনৰ তুলনাত যথেষ্ট ভাল হৈছে।

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ আটাইকেইটা আসনৰ ফলাফল ঘোষণা কৰি ২০২খন আসনেৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ব্যাপক জয় লাভ কৰে।

আনহাতে মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসন লাভ কৰিবলৈ সক্ষম।

দেৰগাঁৱৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান

বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান
বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান

দেৰগাঁৱৰ (Dergaon) এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী, সদৌ অসম মইনা পাৰিজাতৰ “শিশু মহীয়ান”, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “সদস্যাৰত্ন” উপাধি প্ৰাপ্ত জ্যেষ্ঠা নাগৰিক চম্পা বৰগোহাঁই বৰবৰুৱাৰৰ ৯৩ বছৰ বয়সত আজি পুৱা ৬বজাত নিজা বাসগৃহত বাৰ্ধক্যজনীত কাৰণত দেহাৱসান ঘটে।

তেখেত আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী আইদেউ সন্দিকৈৰ ননন্দী। মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ,দুগৰাকী বোৱাৰী,নাতি-নাতিনী সহ বহু আত্মীয় কুটুম্বক এৰি থৈ গৈছে।