Home Blog Page 105

Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!

Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!
Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!

হেৰুৱাৰ বাইকৰ সন্ধান (Bongaigaon News) দিয়ক আৰু লৈ জাওক ১০ হাজাৰ টকাৰ পুৰুস্কাৰ। খবৰ অনুসৰি আজি পাঁচদিন পুৰ্বে নৃত্য বজাৰৰ পৰা এখন গ্লেমাৰ বাইক হেৰাই। এজন অতি দৰিদ্ৰ যুৱকৰ সপোনৰ বাইকখনত চকু পৰিল দুষ্ট চক্ৰৰ।

বঙাইগাওঁ জিলাৰ নৃত্য বজাৰৰ মাজ মজিয়াৰ পৰা সন্ধিয়া এখন বাইক চুৰি হোৱাৰ ঘটনাই সমগ্ৰ বহলপুৰ আৰু নৃত্য বজাৰত এক হাহাকাৰময় পৰিস্তিতি সৃষ্টি কৰিছে। জালিকুৰা গাঁৱৰ ছানোৱাৰ আলী নামৰ যুৱক জনে বঙাইগাঁও আৰু ধুবুৰী জিলাৰ সিমাবৰ্তি নৃত্য বজাৰত বজাৰ কৰিবলৈ গৈছিল বাইকখন লৈ।

বাইকখন বজাৰৰ মাজ মজিয়াত ৰখাই থৈ বজাৰ কৰি আছিল যুৱকজনে। বজাৰ কৰি ঘৰলৈ অহাৰ সময়ত বাইকখন দেখা নাপাই যুৱকজন হতভম্ব হৈ পৰিল। পিছত বিভিন্ন ঠাইত বিচাৰিও সন্ধান নাপালে বাইকখনৰ।

চুৰি হোৱা বাইক খনৰ নম্বৰ AS19J4708 বুলি জানিব পৰা গৈছে। ইতিমধ্যো বইটামাৰী আৰক্ষী চকীত ভুক্তভুগীয়ে এজেহাৰ দাখিল কৰিছে। ভুক্তভুগী ছানোৱাৰ আলীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে হেৰাই যোৱা বাইকখনৰ সন্ধান দিব পাৰিলে ১০ হাজাৰ টকা পুৰুস্কাৰ দিব।

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ
Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

স্বচ্ছতাই এক সেৱা। (Sivasagar News) এই সেৱা আগবঢ়াবলৈ ওলাই আহিছে শিৱসাগৰ জিলা গৃহৰক্ষী স্বেচ্ছাসেৱক সকল। জন সেৱাৰ্থে কাম কৰি থকা এই সেৱক সকলৰ লক্ষ্য হ’ল ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে স্বচ্ছতাক ৰাইজৰ মাজলৈ নিয়া। সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত যোৱা শনিবাৰে ঐতিহাসিক ন-পুখুৰী পাৰত এক চাফাই অভিযান কাৰ্যসূচী হাতত লোৱা দেখা যায়।

দীৰ্ঘদিন ধৰি আৱৰ্জনাই ভৰি পৰা ঐতিহাসিক ন-পুখুৰী পাৰৰ লগতে পুখুৰীৰ পাৰতে অৱস্থিত জিলা শাৰীৰিক ভাৱে অক্ষম ব্যক্তিৰ প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চাৰিও দিশে এই চাফাই অভিযান কাৰ্যসূচী হাতত লয় গৃহৰক্ষী স্বেচ্ছাসেৱক সকলে।

Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠনঃ ভাষা সাহিত্যৰ সেৱাৰ প্ৰতি উৎসাহিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু, চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ ৰাইজ

Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠন
Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠন

অসম সাহিত্য সভাৰ ব্যাপক (Asam Sahitya Sabha) প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি প্ৰতিজন অসমীয়াৰ অন্তৰ্ভুক্তিৰে অসম সাহিত্য সভাই বিশ্বৰ প্ৰতিটো প্ৰান্তত শাখা গঠনৰ মহান পদক্ষেপ গ্ৰহণ কৰিছে৷ সুদক্ষ সংগঠকৰ দ্বাৰাহে সংগঠন শক্তিশালী হয়; সেয়েহে, আহক আমি সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম সাহিত্য সভাৰ সন্মানীয় সভ্য পদ গ্ৰহণ কৰো৷ আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এখন বিশেষ ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথে এনেদৰে কয়৷ ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ১০৮ বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভা সম্প্ৰতি বিশ্বৰ বৃহৎ সাহিত্যানুষ্ঠানলৈ পৰ্যবসিত হ’বলৈ আৰম্ভ কৰিছে৷

সেয়েহে শাখা গঠনৰ জৰিয়তে আমাৰ বুকুৰ আপোন সংগঠনটোক অধিক শক্তিশালী কৰাত হাত উজান দিও৷ শোণিতপুৰৰ কলাকুছি – বাঁহবেৰাৰ বৃহত্তৰ এলেকাত অসম সাহিত্য সভাৰ এখন শক্তিশালী শাখা সমিতি গঠনাৰ্থে আজি কলাকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মঃ আব্বাছ আলিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দীঘলীয়া বক্তব্য প্ৰদান কৰে৷ সভাৰ প্ৰচাৰ আহ্বায়কগৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে প্ৰতিটো জাতি জনগোষ্ঠীৰ পৱিত্ৰ মিলনভূমি স্বৰূপ অসম সাহিত্য সভাই অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ লগতে অসমৰ প্ৰতি সৰু বৰ জাতি জনগোষ্ঠীৰ স্বকীয় সাহিত্য সমূহ দাঙি ধৰাৰ ক্ষেত্ৰতো বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে৷

সেয়েহে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়েই অসম সাহিত্য সভাৰ এই বৰ্ণিল যাত্ৰাৰ অংশীদাৰিত্ব গ্ৰহণ কৰা উচিত৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে ভাষণত কয় যে জ্যোতি বিষ্ণুৰ ভূমি শোণিতপুৰত অৰ্ধশতাধিক শাখা গঠনেৰে জিলা সভাই অসম সাহিত্য সভাক সাংগঠনিকভাৱে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তাৰে পৰিপ্ৰেক্ষিতত আজি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথৰ তৎপৰতাত শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত হোৱাকৈ আজি ইয়াত এখন শাখা সভা গঠনৰ প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ পাই নিজকে ধন্য মানিছো৷

শোণিতপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভোলা ৰাম ৰাউতীয়া, মিছামাৰী শাখা সাহিত্য সভাৰ উপসভাপতি ডা° মাইনুল হক, অসম সাহিত্য সভাৰ আজীৱন সভ্য নুৰুল হক, নাজিৰ আহমেদ , অধিবক্তা প্ৰিয়ৰঞ্জন ঘোষ, মৌলানা মঃ জালাল উদ্দিন তাৰিক আনচাৰী, মুক্তাৰ হুচেইন আলি আকবৰ, কাজি ৰফিক উদ্দিন প্ৰমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থকা সভাখনত প্ৰধান শিক্ষক আব্বছ আলিক সভাপতি, আৰু নুৰুল হকক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতিৰে বাঁহবেৰা কলাকুছি শাখা সাহিত্য সভা নামেৰে নতুন শাখাটি গঠন কৰা হয়৷ চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভণি হোৱা সভাখন জাতীয় সঙ্গীত পৰিৱেশনেৰে সভাখন সফল সামৰণি পৰে৷।

Israel Gaza War: ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণাৰ পিছতো ইজৰাইলৰ গুলীবৰ্ষণ! গাজাত পুনৰ ৬৩ জনৰ মৃত্যু, খাদ্যৰ অভাৱ

Israel Gaza War: ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণাৰ পিছতো ইজৰাইলৰ গুলীবৰ্ষণ! গাজাত পুনৰ ৬৩ জনৰ মৃত্যু, খাদ্যৰ অভাৱ
Israel Gaza War: ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণাৰ পিছতো ইজৰাইলৰ গুলীবৰ্ষণ! গাজাত পুনৰ ৬৩ জনৰ মৃত্যু, খাদ্যৰ অভাৱ

আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখত ইজৰাইল (Israel Gaza War) সেনাই গাজাত ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰে। কেইবাটাও অঞ্চলক ‘নিৰাপদ’ বুলি চিহ্নিত কৰা হয়। প্রতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ সেই অঞ্চলসমূহত কোনোধৰণৰ আক্রমণ নহ’ব বুলি কোৱা হৈছিল৷ কিন্তু ইজৰাইলৰ গুলীবৰ্ষণ বন্ধ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি গাজাত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিছতো ইজৰাইলৰ আক্ৰমণত আৰু কমেও ৬৩ জন লোকৰ মৃত্যু হৈছে। খাদ্যৰ অভাৱতো মৃত্যু হোৱা লোকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।

দেওবাৰে ইজৰাইল সেনাই ঘোষণা কৰে যে আল-মাৱাছি, ডেইৰ এল-বালাহ, গাজা চহৰকে ধৰি মধ্য আৰু উত্তৰ গাজাৰ কেইবাটাও অঞ্চলত দৈনিক ১০ ঘণ্টাৰ বাবে সামৰিক অভিযান স্থগিত ৰখা হ’ব। লগতে প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা নিশা ১১ বজালৈ কিছুমান বিশেষ পথ মুকলি কৰি দিয়া হ’ব যাতে খাদ্য সামগ্ৰীৰ যোৱা ক্ষেত্ৰত সহায় হয়। কিন্তু এই ঘোষণাৰ পিছতো দেওবাৰে পুনৰ গাজা চহৰত বিমান আক্ৰমণ সংঘটিত হয়। বহু লোক নিহত হোৱাৰ লগতে বহু আহত হয়।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি বিগত ২৪ ঘণ্টাত অনাহাৰ আৰু অপুষ্টিকৰ ফলত ছজন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে দুটা শিশু, ইয়াৰে এজনৰ বয়স মাত্ৰ পাঁচ মাহ। ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত খাদ্য অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৩ লৈ বৃদ্ধি পাইছে। পুষ্টিহীনতাৰ বাবে বহুতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিন্তু পৰিস্থিতি ইমানেই ভয়াৱহ যে চিকিৎসকেও খাব পৰা নাই।

Lemon Tea: সাৱধান ! চাহত নেমু দি আপুনিও খায় নেকি ? শৰীৰৰ এই অংগটোৰ হয় ক্ষতি !

Lemon Tea: সাৱধান ! চাহত নেমু দি আপুনিও খায় নেকি ? শৰীৰৰ এই অংগটোৰ হয় ক্ষতি !
Lemon Tea: সাৱধান ! চাহত নেমু দি আপুনিও খায় নেকি ? শৰীৰৰ এই অংগটোৰ হয় ক্ষতি !

নেমুত প্ৰচুৰ পৰিমাণে (Lemon Tea) ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কিন্তু আপুনি জানেনে যে যদি নেমু ৰস ক’লা চাহৰ সৈতে বাৰে বাৰে খোৱা হয়, তেন্তে স্বাস্থ্যৰ ক্ষতি হোৱাৰ আশংকা থাকে।

গাখীৰ আৰু চেনিৰ সৈতে বেছিকৈ চাহ খালে ডায়েবেটিছ আৰু কোষ্ঠকাঠিন্যৰ সম্ভাৱনা বৃদ্ধি পায়, এই কাৰণেই বহুতে ৰঙা চাহক স্বাস্থ্যসন্মত বুলি ভাবে, কিন্তু ৰঙা চাহ স্বাস্থ্যৰ বাবে উপকাৰী নে?

ৰঙা চাহ আৰু নেমুৰ সংমিশ্ৰণ-

নেমুক ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু ৰঙা চাহৰ সৈতে খাব নালাগে নেমু। ইযাৰ ফলত বৃক্কৰ ক্ষতি হ’ব পাৰে।

নেমুৰ সৈতে ৰঙা চাহ খালে সেৱন কৰা লোকৰ ক্ৰিয়েটিনিন বৃদ্ধি হ’ব পাৰে, যাৰ মাত্ৰা সাধাৰণতে ১ৰ তলত হ’ব লাগে।বৃক্কৰ কাম হ’ল শৰীৰৰ তৰল পদাৰ্থত থকা মলি পৰিষ্কাৰ কৰা, যদি বৃক্কত কিবা সমস্যা থাকে, তেন্তে গোটেই শৰীৰটোতেই ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই বিশ্বাস কৰে যে যিকোনো বস্তু অতিৰিক্তভাৱে খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে সীমিত পৰিমাণত খাব লাগে। যদি ভিটামিন চি বেছিকৈ খায়, তেন্তে শৰীৰত অক্সালেটৰ পৰিমাণ বাঢ়িব, যাৰ ফলত বৃক্কৰ সংক্ৰমণ আনকি বৃক্ক বিকল হ’ব পাৰে।

Nandini Kashyap: দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ!

Nandini Kashyap: দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ!
Nandini Kashyap: দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ!

আজি দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ।(Nandini Kashyap)

এটা পথ দুৰ্ঘটনাক লৈ অভিনেত্ৰীগৰাকীলৈ চমন জাৰি কৰিছিল দিছপুৰ আৰক্ষীয়ে।

অভিনেত্ৰীগৰাকী গাড়ীৰ খুন্দাত এজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি অভিনেত্ৰীগৰাকী পলোৱাৰো অভিযোগ।

এই পথ দুৰ্ঘটনাৰ বাবে আজি দিছপুৰ থানাত হাজিৰ হয় নন্দিনী কাশ্যপ।

অভিনেত্ৰীগৰাকীৰ গাড়ী খুন্দাত গুৰুতৰভাৱে আহত যুৱকজন GMCHত জীৱন মৃত্যুৰে যুঁজি আছে।

আনহাতে দেওবাৰে নিজৰ ভুল বুজি ভিডিঅ’যোগে ক্ষমা বিচাৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে ।

খন্তেক সময়ৰ পূৰ্বে অভিনেত্ৰীগৰাকী হাজি হৈছে দিছপুৰ থানাত।

সংবাদ মাধ্যমক অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ বৰ্তমান GMCHত আছে, মই খবৰ ল’ম আৰু সংবাদ মাধ্যমকো সকলো কম প্ৰথমে মই থানাৰ পৰা আহি লওঁ।

Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান

Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান
Hahchara News: হাঁহচৰা টাই একাডেমীৰ সাত দিনীয়া টাই সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান

হাঁহচৰা টাই একাডেমীৰ উদ্যোগত (Hahchara News) আৰু হাঁহচৰা কেন্দ্ৰীয় মে-ডাম -মে -ফি, আটাছু পূব হাঁহচৰা আঞ্চলিক সমিতি, মাহেকীয়া বাৰ্তালোচনী ৰংপুৰ বাৰ্তাৰ সহযোগত ২১ জুলাইৰ পৰা ২৭ জুলাই ২০২৫ লৈ আয়োজন কৰা টাই সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। ২৭ জুলাইত দিনটোত হাহঁচৰা টাই একাডেমীৰ সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে চাও অনুপ বৰপাত্ৰগোঁহাই, আদৰণি ভাষণ আগবঢ়াই টাই একাডেমীৰ অধ্যক্ষ চাও ভৰত চন্দ্ৰ চেতিয়াই । মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা শিশু সাহিত্যক বুলু চেতিয়া, সমাজকৰ্মী অনন্ত চেতিয়া, হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যতীন চেতিয়া, নবীন বৰপাত্ৰগোঁহাই, সমাজ সেৱিকা শিখা প্ৰিয়া গগৈ। এই মুকলি সভাত মুখ্য প্ৰশিক্ষক মানচাও সুশীল ফুকন সম্বৰ্ধনা জনাই।

হাঁহচৰা টাই একাডেমীৰ সাংস্কৃতিক সম্পাদক চাও মৃদুল পংকজ বৰগোহাঁই আঁতধৰা অনুষ্ঠানৰ উপস্থিত থাকে সাংবাদিক ধুব্ৰু গগৈ, সাংবাদিক জয়ন্ত চেতিয়া, সীমান্ত দত্ত, বিপুল বৰুৱা, ইন্দ্ৰ বৰুৱা, গৌতম কোঁছ, অৰুন গগৈ , সুৰভী বৰ পাত্ৰ গোহাঁই, সবিতা বৰুৱা আদি কৰি বহ সংখ্যাক অভিভাৱক অভিভাকা উপস্থিত থাকি সভাৰ সৌস্থৱ বৃদ্ধি কৰে।
ছাত্ৰ-ছাত্ৰী সকলে প্ৰশিক্ষণ লোৱা বাৰে ৰহনীয়া সাংস্কৃতিক গীত, নৃত্য পৰিৱেশন কৰি দিনটোৰ জীপাল কৰি তুলে।
সদৌ শেষত টাই একাডেমীৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সফল সামৰণি পৰে।

Sansad Ratna Awards: উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত

Sansad Ratna Awards: উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত
Sansad Ratna Awards: উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত

উল্লেখনীয় সংসদীয় প্ৰদৰ্শনৰ (Sansad Ratna Awards) বাবে ১৭ গৰাকী সাংসদক সংসদ ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে। সংসদ ৰত্ন বঁটাৰে সন্মানিতসকলৰ ভিতৰত আছে ভৰত্ৰুহৰী মাহতাব (বিজেপি, ওড়িশা), এন.কে.প্ৰেমাচন্দ্ৰন (বিপ্লৱী সমাজবাদী পাৰ্টি, কেৰালা), সুপ্ৰিয়া চুলে (এনচিপি-এছপি, মহাৰাষ্ট্ৰ), আৰু শ্ৰীৰাং আপ্পা বাৰ্ণ (শিৱসেনা, মহাৰাষ্ট্ৰ)কে ধৰি সোতৰজন সংসদ। তেওঁলোকৰ “সংসদীয় গণতন্ত্ৰলৈ অসাধাৰণ আৰু সামঞ্জস্যপূৰ্ণ অৱদান”ৰ বাবে এই বঁটা আগবঢ়াইছে এটা বেচৰকাৰী সংস্থাই । এই সন্মানত চাৰিটা বিশেষ জুৰী বঁটাও অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে একেৰাহে তিনিটা কাৰ্যকালত সংসদীয় গণতন্ত্ৰলৈ তেওঁলোকৰ ধাৰাবাহিক অৱদানক স্বীকৃতি দিয়ে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে কয় যে স্বীকৃতি পোৱা আন সাংসদসকল হৈছে ৰবি কিষাণ (বিজেপি), নিশিকান্ত ডুবে (বিজেপি), অৰবিন্দ সাৱন্ত (শিৱ সেনা-ইউবিটি), স্মিতা উদয় ৱাঘ (বিজেপি), নৰেশ ম্হাস্কে (শিৱসেনা), বৰষা গাইকৱাদ (কংগ্ৰেছ), মেধা কুলকাৰ্ণী (বিজেপি), প্ৰবীণ পেটেল (বিজেপি), বিদ্যুৎ বৰাণ মাহাটো (বিজেপি), দীনেশ শৰ্মা (বিজেপি), দিলীপ শইকীয়া (বিজেপি), পি.পি. চৌধুৰী (বিজেপি), মদন ৰাথোৰ (বিজেপি), চি.এন. আন্নাদুৰাই (ডি এম কে)।সমিতি শাখাত ভৰত্ৰুহৰী মাহতাবৰ অধ্যক্ষতাত স্থায়ী বিত্ত সমিতি আৰু ড০ চৰণজিৎ সিং চান্নী (কংগ্ৰেছ)ৰ অধ্যক্ষতাত কৃষি সম্পৰ্কীয় স্থায়ী সমিতিক তেওঁলোকৰ প্ৰতিবেদনৰ মানৰ বাবে স্বীকৃতি দিয়া হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰাইম পইণ্ট ফাউণ্ডেচনে আয়োজন কৰা সংসদ ৰত্ন বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি এনে বঁটাই সাংসদসকল আৰু অধিক সক্ৰিয়তাৰে কাম কৰাত অনুপ্ৰাণিত কৰিব বুলি কয়।

Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ত শিৰোনাম দখল কৰিব ছানী লিয়নে

Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ৰ শিৰোনাম দখল কৰিব ছানী লিয়নে
Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ৰ শিৰোনাম দখল কৰিব ছানী লিয়নে

নৱেম্বৰ মাহত অৰুণাচল (Siang Festival 2025) প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত অনুষ্ঠিত হ’বলগীয়া ছিয়াং ফেষ্টিভেল ২০২৫ত শিৰোনাম দখল কৰিব ছানী লিয়নে।

২৯ নৱেম্বৰত ছানী লিয়নে এই উৎসৱত অংশগ্ৰহণ কৰি উত্তৰ-পূব ভাৰতৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান উদযাপনত ৰাষ্ট্ৰীয় চৰ্চা কৰিব।(Sunny Leone)

ছানী লিয়নে কয়, ‘মই ২৯ নৱেম্বৰত পাছিঘাটত লাইভ প্ৰদৰ্শনৰ বাবে যাম। আপোনালোক সকলোকে মোৰ সৈতে নৃত্য আৰু উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছো।

নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা ছিয়াং উৎসৱত অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়, পৰম্পৰাগত প্ৰদৰ্শন, স্থানীয় আতিথ্য আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য প্ৰদৰ্শন কৰা হয়।

প্ৰতি বছৰে নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা ছিয়াং উৎসৱত অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়।

এইবাৰ ছানী লিয়নৰ অংশগ্ৰহণে উৎসৱটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

Anupam Kher: কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ পিছতো কিয় ভাড়াঘৰত থাকে অনুপম খেৰ?

Anupam Kher: কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ পিছতো কিয় ভাড়াঘৰত থাকে অনুপম খেৰ?
Anupam Kher: কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ পিছতো কিয় ভাড়াঘৰত থাকে অনুপম খেৰ?

বলীউডৰ প্ৰবীণ (Anupam Kher) অভিনেতা অনুপম খেৰে ইচ্ছা কৰিলে বহু ঘৰ কিনিব পাৰে। কিন্তু, তেওঁ থাকে ভাড়াঘৰত। কিয় ঘৰ কিনা নাই অভিনেতাগৰাকীয়ে আজি এই বিষয়ে জনাম আপোনালোকক।

বলীউডৰ অভিনেতা অনুপম খেৰৰ ছবি ‘তনভি দ্য গ্ৰেট’ৰ বাবে বৰ্তমান বাতৰিৰ শিৰোনামত আছে। প্ৰায়লোকে ছবিখনৰ প্ৰশংসা কৰিছে যদিও ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ কৰিব পৰা নাই। এই ছবিখনৰ পৰিচালক অনুপম খেৰ নিজেই।

এটা প’ডকাষ্টৰ সময়ত অনুপম খেৰে কয় যে তেওঁ এতিয়াও ভাড়াঘৰত থাকে। অভিনেতাগৰাকীয়ে কৈছিল যে তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালত কোনো ধৰণৰ বিবাদৰ পৰা হাত সাৰিবলৈ তেওঁ ভাড়াঘৰত থাকে।

অনুপম খেৰে কয়, ‘তেওঁ নোহোৱাৰ পিছত তেওঁৰ পৰিয়ালে কোনো বিসংগতি নোহোৱাকৈ জীৱন যাপন কৰাটো বিচাৰে। অৱশ্যে তেওঁ সম্পত্তি এৰিলে পৰিয়ালটোৱে বিতৰ্ক কৰিব। তেওঁ ক’লে, ‘যেতিয়া কোনো ব্যক্তি গুচি যায় বা মৃত্যু হয়, তেতিয়া তেওঁৰ সম্পত্তিক লৈ বিবাদ হোৱাৰ সম্ভাৱনা থাকে। টকা বিতৰণৰ ক্ষেত্ৰত বিবাদ কম। বৃদ্ধ মানুহক দেখিছো আৰু কথা পাতিছো। তেওঁলোকৰ কাহিনীবোৰ বৰ বেদনাদায়ক। কাৰোবাক পুতেকে ঘৰৰ পৰা বাহিৰলৈ ওলিয়াই দিয়ে; কোনোবাই তেওঁৰ সম্পত্তিৰ ওপৰত চহী কৰিবলৈ বাধ্য কৰা হৈছে। মোৰ ঘৰত এনেবোৰ নহয়।’

অভিনেতাগৰাকীৰ নেট ৱৰ্থ কোটি টকা। খবৰ অনুসৰি তেওঁ এখন ছবিৰ বাবে ৩ৰ পৰা ৪ কোটি টকা লয় আৰু তেওঁৰ মুঠ সম্পত্তি প্ৰায় ৪০৫ কোটি টকা বুলি খবৰ পোৱা গৈছে। তেওঁ বছৰি প্ৰায় ৩০ৰ পৰা ৪০ কোটি টকা উপাৰ্জন কৰে।