এই অভিযানত ৫০টাতকৈও অধিক প্ৰতিষ্ঠানত অভিযান চলাই ৰেকৰ্ড পৰীক্ষা কৰে। ২৫ জনতকৈ অধিক ব্যক্তিকো সোধা-পোছা কৰা হয়। সূত্ৰ অনুসৰি তদন্তকাৰী সংস্থাটোৱে প্ৰায় ৩৫টা স্থানত অনুসন্ধান অভিযান চলাই আছে।
আনহাতে ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত য়েছ বেংকে ৰাগা কোম্পানীসমূহক প্ৰায় ৩ হাজাৰ কোটি টকা ঋণ প্ৰদান কৰা বুলি কোৱা হৈছে – ৰিলায়েন্স অনিল আম্বানী গ্ৰুপৰ অধীনত থকা সত্তাসমূহ। ইডিয়ে দাবী কৰে যে তেওঁলোকে এটা অবৈধ কুইড প্ৰ’ ক’ ব্যৱস্থা ধৰা পেলাইছে য’ত য়েছ বেংকৰ প্ৰমোটাৰসকলে ঋণ অনুমোদন কৰাৰ ঠিক আগতেই তেওঁলোকৰ ব্যক্তিগত খণ্ডৰ উদ্বেগত ধন লাভ কৰা বুলি অভিযোগ উঠিছে।
মুক্তিৰ পিছতে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে ‘ছাইয়াৰা’ ছবিখনে। (Saiyaara Actors) ১৮ জুলাইত এই ছবিখন মুক্তি পোৱাৰ মাত্ৰ ৭ দিন হ’ল আৰু এই সাত দিনতে বহুত উপাৰ্জন কৰিছে ছবিখনে। প্ৰথম ৩ দিনতে ছবিখনে বাজেট ঘূৰাই পাইছিল আৰু এতিয়া ১৫০ কোটি অতিক্ৰম কৰিছে। সকলোতে মানুহে আলোচনা কৰিছে। এই ছবিখনে কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰি এতিয়া দ্ৰুতগতিত ২০২৫ চনৰ আটাইতকৈ ডাঙৰ হিট ছবিসমূহৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে।
আহন পাণ্ডে আৰু অনিত পদ্দাৰ এইখন প্ৰথম ছবি যদিও দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। কৃশ কাপুৰ নামৰ এজন সংগীত শিল্পী আৰু বাণী বাটৰা নামৰ এগৰাকী শান্ত কবিৰ জীৱনৰ আৱেগিক প্ৰেম কাহিনী ওপৰত আধাৰিত এই ছবিখনৰ কাহিনী। বিশেষকৈ নৱপ্ৰজন্মই এই কাহিনীৰ সৈতে নিজকে অনুভৱ কৰিছে আৰু ছবিখন চোৱাৰ পিছত আৱেগিক হৈ পৰিছে। ছবিখনৰ সফলতাৰ এক ডাঙৰ কাৰণ হ’ল ছবিখনৰ সৰলতা আৰু আৱেগিক কাহিনী।
এতিয়া ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ছবিখনৰ বাজেট আছিল ৬০ কোটি, মাত্ৰ ৩ দিনতে বাজেট উঠি গৈছিল। চতুৰ্থ দিনটোতে ছবিখনে ১০০ কোটি উপাৰ্জন কৰে আৰু সপ্তম দিনলৈকে ইয়াৰ সংগ্ৰহ ১৫০ কোটি হয়। ‘ছাইয়াৰা’ এতিয়া ২০২৫ চনৰ শীৰ্ষ ৫ খন ব্লকবাষ্টাৰ ছবিৰ ভিতৰত অন্যতম।এই ছবিখনে বক্স অফিচত অভিলেখ ভংগকাৰী আৰম্ভণি কৰিছিল আৰু এতিয়া সকলোতে চৰ্চা চলিছে। এটা কথা স্পষ্ট হৈ পৰিছে যে ছবিখনে ৰাইজৰ অন্তৰত গভীৰভাৱে স্থান লৈছে।
বৰ্তমান বক্স অফিচত চমক কৰি সৃষ্টি আছে আহন পাণ্ডে আৰু অনিতা পদ্দাৰ অভিনীত ছবি ‘ছাইয়াৰা’এ। আপোনালোকে জানেনে এই ছবিখনত অভিনয় কৰা তাৰকা আহন পাণ্ডে আৰু অনিতা পদ্দাৰ সম্পত্তি কিমান।
‘সুশান্ত সিং ৰাজপুতৰ দৰে মোক হত্যা কৰিব বিচাৰিছে…’ । এসময়ত এইগৰাকী অভিনেত্ৰীয়ে বহু হিট ছবি উপহাৰ দিছিল দৰ্শকক। (Tanushree Dutta)
সামাজিক মাধ্যমত কান্দি কান্দি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে এসময়ত বলিউদত দপদপাই থকা অভিনেত্ৰী তনুশ্ৰী দত্তই। তনুশ্ৰী কান্দোনৰ সেই ভিডিঅ’ৰ পিছত আচৰিত হৈছে সকলো। অভিনেত্ৰীগৰাকীয়ে কয় যে মানুহে তেওঁক বহুবাৰ হত্যা কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ভিতৰত আছে বলীউডৰ মাফিয়া গেং। এই মানুহবোৰে মোক সুশান্ত সিং ৰাজপুতৰ দৰে হত্যা কৰিব বিচাৰে। অভিনেত্ৰী গৰাকীৰ এই প্ৰকাশে চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰিছে।
এটা মনোৰঞ্জন পৰ্টেলৰ সৈতে কথা পাতি এই কথা প্ৰকাশ কৰে তনুশ্ৰী দত্তই। অভিনেত্ৰীগৰাকীয়ে কয়- ‘মোক নিৰাপত্তা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছো। এই বলীউড মাফিয়া অতি বিপদজনক। মোৰ জীৱন বিপদত। ঠিক যেনেকৈ সুশান্তৰ আছিল।’
যিসকল লোকৰ বৃক্ক বিকল বা বৃক্কৰ অন্যান্য সমস্যা আছে আৰু ডায়েলাইছিছ কৰি আছে তেওঁলোকে পটাছিয়ামৰ পৰিমাণ সীমিত কৰিব লাগে। বেছিকৈ কল খালে হাইপাৰকেলেমিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্যজনিত গুৰুতৰ সমস্যাও হ’ব পাৰে।
হৰম’নৰ ভাৰসাম্যহীনতা যেনে থাইৰয়ড কম হোৱা বা পিচিঅ’এছ থকা লোকেও বেছিকৈ কল খাব নালাগে।
কলত টাইৰামাইন নামৰ উপাদান থাকে, যিয়ে মাইগ্ৰেইন বা মূৰৰ বিষৰ সূচনা কৰিব পাৰে। যাৰ সঘনাই মূৰৰ বিষ হয় তেওঁলোকে কল খালে সমস্যা বাঢ়িব পাৰে।
যদি পেটৰ সমস্যা আছে, তেন্তে বেছিকৈ কল খোৱাৰ পৰা বিৰত থাকিব লাগে। কলত দ্ৰৱণীয় আঁহ থাকে। বেছিকৈ কল খালে পাচনতন্ত্ৰৰ সমস্যা যেনে গেছ, পেট ফুলা আৰু বদহজমৰ সৃষ্টি হ’ব পাৰে।
বিশ্ববেংকৰ পৰা ২৭৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে: শিক্ষাখণ্ড উন্নয়নৰ বাবে কেবিনেটৰ বৃহৎ সিদ্ধান্ত ASSAM CABINET
ডিব্ৰুগড়, ২৩ জুলাইঃASSAM CABINET অসম চৰকাৰৰ কেবিনেটে আজি অনুষ্ঠিত ডিব্ৰুগড় বৈঠকত এক গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে যে, ৰাজ্য চৰকাৰে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। এই ধনৰ মূল লক্ষ্য হ’ল ৰাজ্যৰ শিক্ষাখণ্ডৰ আধুনিকীকৰণ আৰু মান বৃদ্ধিৰ দিশে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা।
মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, এই ঋণৰ ৯০ শতাংশ অৰ্থাৎ প্ৰায় ২,৪৭৫ কোটি টকা কেন্দ্ৰীয় চৰকাৰে উভতাই দিব, আৰু বাকী ১০ শতাংশ অৰ্থাৎ ২৭৫ কোটি টকা অসম চৰকাৰে নিজে উভতাই দিব।
এই পুঁজিৰ ব্যৱহাৰৰ মূল ক্ষেত্ৰসমূহ হ’লঃ
শিক্ষকসকলৰ বিজ্ঞান আৰু অংকৰ বিষয়ত দক্ষতা বৃদ্ধিৰ বাবে বিশেষ প্ৰশিক্ষণ
বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ বাবে মেনেজমেণ্ট তথা নেতৃত্ব প্ৰশিক্ষণ
বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰ ওপৰত গুৰুত্ব বৃদ্ধি
বিদ্যালয় পৰ্যায়ত শিক্ষাৰ মান উন্নয়ন আৰু ড্ৰপ-আউট হাৰৰ ৰোধ
৪০০ খন বিদ্যালয় আধুনিক ৰূপে গঢ়ি তুলিবলৈ প্ৰত্যেকখনত ৩-৫ কোটি টকাকৈ ব্যয়
এই সিদ্ধান্তে ৰাজ্যৰ শিক্ষাখণ্ডত এক নতুন দিগন্ত উন্মোচন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, এই বিনিয়োগৰ ফলত শিক্ষাৰ গুণগত মান উন্নত হোৱাৰ লগতে পঢ়াশালীত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্রহণ বৃদ্ধি পাব।
ইফালে আজিৰ কেবিনেট বৈঠকে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে — জাপানত অসমৰ শিক্ষিত যুৱক-যুৱতীসকলৰ চাকৰিৰ ব্যৱস্থা। এই সম্পৰ্কে ঘোষণা কৰা CMFLIGHT আঁচনিৰ অধীনত ৩০০০ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান আৰু জাপান বা ভাৰতৰ জাপানী কোম্পানীত নিযুক্তিৰ সুযোগৰ ব্যৱস্থা কৰা হৈছে।
শিক্ষাৰ দায়িত্ব ল’লে আছুৱে এই অনুষ্ঠানতে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ঘোষণা কৰে যে, নলবাৰীৰ মৰোৱাৰ কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অৰ্থনৈতিকভাবে দুৰ্বল মেধাবী ছাত্ৰী হৰ্ষিতা বৈশ্যৰ সম্পূৰ্ণ শিক্ষাৰ দায়িত্ব আছুৱে ল’ব। এই পদক্ষেপে আছুৰ সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে।
অনুষ্ঠানৰ অন্যান্য দিশ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰোজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। অনুষ্ঠানত শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
বিশিষ্ট অতিথিসকলৰ ভিতৰত উপস্থিত আছিল অসম জাতীয় বিদ্যালয়ৰ সচিব প্ৰধান ডাঃ নাৰায়ণ শৰ্মা, আছুৰ উপ-সভাপতি ভৱজিত বেজবৰুৱা আদি।
আছুৰ এই দৃঢ়ভাৱে দিয়া মতামত আৰু সামাজিক উদ্যোগৰ প্ৰতি সহানুভূতিশীল দৃষ্টিৰে চাইছে ৰাজ্যবাসীয়ে। জাতিগত সংহতি, ভূমি সুৰক্ষা আৰু শিক্ষাৰ অধিকাৰৰ বাবে এনে পদক্ষেপে অসমীয়া সমাজত এক নতুন আশা জগাইছে।
তেওঁৰ বিয়োগে অসমীয়াত্মা সাহিত্য-সংস্কৃতিৰ জগতখনত এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিছে। নলবাৰীবাসীৰ বাবে এই ক্ষতি এক অভিভাৱক হেৰুৱোৱাৰ সমান।
📖 ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জীৱন আৰু শিক্ষা
ড৹ ভট্টাচাৰ্যৰ জন্ম ১৯৪২ চনৰ ১ ফেব্ৰুৱাৰী, নলবাৰীত। তেওঁ শিক্ষাজীৱন আৰম্ভ কৰিছিল ১৯৪৭ চনত বালিজাৰ প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত বৰক্ষেত্ৰী বানেকুছি এম.ই. স্কুল, আৰু ১৯৫৫ চনত গৰ্ডন হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰি ১৯৫৯ চনত সংস্কৃতত লেটাৰ নম্বৰে প্ৰবেশিকা উত্তীৰ্ণ হয়।
১৯৬১ চনত কটন কলেজৰ পৰা আই.এস.চি পাস কৰা পিছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও অসুস্থতাৰ বাবে মাঝপথতে শিক্ষা বন্ধ কৰিবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত নলবাৰী মহাবিদ্যালয়ৰ পৰা ১৯৬৪ চনত স্নাতক আৰু ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
🕯️ সাহিত্য সমাজত গভীৰ শোক
তেওঁৰ বিয়োগৰ খবৰত নলবাৰী তথা সমগ্ৰ অসমৰ সাহিত্য সমাজ শোকস্তব্ধ। অঞ্চলটোৰ বহু সাহিত্য অনুরাগী, শিক্ষাবিদ, সমাজকৰ্মী আৰু শ্ৰদ্ধাৱান ৰাইজে সাহিত্যাচাৰ্যগৰাকীৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে।
বিশিষ্ট সাহিত্যিকগৰাকীক ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তেওঁৰ নশ্বৰ দেহ নলবাৰী সাহিত্য সভা আৰু শ্বহীদ ভৱনৰ বাকৰিলৈ লৈ যোৱা হয়, য’ত অসংখ্য গুণমুগ্ধই পুষ্পাঞ্জলি অৰ্ঘ্যৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।