বিমানখন আছিল এয়াৰবাছ এ৩৩০। সেই সময়ত বিমানখনত আছিল ২৮২ জন যাত্ৰী, ১০ জন বিমান পৰিচাৰক আৰু দুজন পাইলট। অৱশ্যে কোনো লোকৰ আহত-নিহতৰ খবৰ পোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত বিমান পৰিবহণ বিভাগে তদন্ত আৰম্ভ কৰিছে। বিমানখন প্ৰায় ২৫ বছৰীয়া। বিমানখনত দুটা জেনেৰেল ইলেক্ট্ৰিক চিএফ৬ ইঞ্জিন আছে। ডেল্টা এয়াৰলাইন্সৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, “ডেল্টা বিমান ৪৪৬ বিমানখনৰ বাওঁ ইঞ্জিনত সমস্যাৰ লক্ষণ দেখা পোৱাৰ কিছু সময়ৰ পিছতেলছ এঞ্জেলছলৈ উভতি আহে।”
চিৰ’ছিছ হোৱা লোকসকলে কফি খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে লোকে কেফেইন সঠিকভাৱে হজম কৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ সমস্যা হ’ব পাৰে। আনহাতে শেহতীয়াকৈ ৰজোনিবৃত্তিৰ মাজেৰে পাৰ হোৱা মহিলাসকল অধিক হৰম’নৰ পৰিৱৰ্তনৰ বলি হ’ব পাৰে। যিসকল লোকৰ হৃদস্পন্দন ওপৰলৈ বা কমিছে বা উচ্চ বি পি ৰোগত আক্ৰান্ত লোকসকলেও বেছিকৈ কফি খোৱাৰ পৰা বিৰত থাকিব লাগে। তেনে নকৰিলে তেওঁলোকৰ উদ্বেগ, কঁপনি, উচ্চ বি পি আৰু অনিদ্ৰা আদি সমস্যা হ’ব পাৰে।
যদি আপুনি লিভাৰৰ ফিটনেছ বজাই ৰাখি কফি উপভোগ কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে আটাইতকৈ স্বাস্থ্যকৰ কফি হ’ল চেনি, ক্ৰীম বা উচ্চ চৰ্বিযুক্ত গাখীৰ নোহোৱাকৈ তৈয়াৰী ক’লা কফি।
স্বাস্থ্য বিশেষজ্ঞৰ মতে, ঠাণ্ডা কফিক লিভাৰ ফিটনেছৰ বাবেও এটা ভাল বিকল্প বুলি গণ্য কৰা হয়, ই অধিক কোমল আৰু কম এচিডিক, গতিকে ই পেটত বিশেষ প্ৰভাৱ পেলোৱা নাই। দিনটোত ২-৩ কাপ সাধাৰণ বা ফিল্টাৰ কৰা কফি খাব পাৰে। ইয়াতকৈ বেছি কফি খালে ক্ষতি হ’ব পাৰে।
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কৃতিত্ব বিগত দুমাহত প্ৰায় বহুবাৰ দাবী কৰিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ দাবী কৰে যে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত দুয়োখন দেশৰ সংঘাতত কমেও চাৰি-পাঁচখন যুদ্ধ বিমান ধ্বংস হৈছিল। কিন্তু পেহেলগামৰ হত্যাকাণ্ডৰ পাছত ৭-১০ মে’ত ভাৰত-পাকিস্তান সংঘাতত কোনখন দেশৰ পৰা কিমানখন বিমান ধ্বংস হৈছিল সেই সন্দৰ্ভত ট্ৰাম্পে একো কোৱা নাছিল।
শুকুৰবাৰে ৰিপাব্লিকান পাৰ্টিৰ চিনেটৰ আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ সদস্যসকলৰ বাবে অনুষ্ঠিত হোৱা ৰাতিৰ আহাৰত ট্ৰাম্পে কয়, “আমি বহু যুদ্ধ বন্ধ কৰি দিলোঁ। আৰু ই যথেষ্ট গুৰুতৰ আছিল। ভাৰত আৰু পাকিস্তানৰ মাজত কি চলি আছিল। যুদ্ধ বিমান গুলীয়াই পেলোৱা হৈছিল। চাৰি-পাঁচখন। কিন্তু মই ভাবো যে পাঁচখন জেট বিমান আচলতে ধ্বংস হৈছিল। দুখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশে যুদ্ধ কৰিছিল। আচলতে এয়া আছিল এক নতুন ধৰণৰ যুদ্ধ।”
Sawan 2025: শাওণত শিৱৰ আশীৰ্বাদত ৫ ৰাশি লোকৰ বাঢ়িব উপাৰ্জন!
শাওণ মাহ শিৱৰ অতি বিশেষ মাহ। (Sawan 2025) এইবাৰ শাওণ মাহত মালব্য ৰাজযোগ, বুঢ়াদিত্য ৰাজযোগ আৰু গজকেছাৰী ৰাজযোগ গঠন হ’বলৈ ধৰিছে। এই ৰাজযোগসমূহৰ শুভ প্ৰভাৱ বৃষ-মিথুন ৰাশিকে ধৰি ৫টা ৰাশিৰ ওপৰত পৰিব। এই লোকসকলৰ উপাৰ্জন বাঢ়িব, তেওঁলোকে বহুত খ্যাতি লাভ কৰিব আৰু শিৱৰ আশীৰ্বাদ লাভ কৰিব।২/৭
২৪ বছৰ পূৰ্বে শাওণ মাহত এনে মহাযোগ গঠন হৈছিল। এইবাৰ ২০২৫ চনৰ শাওণ মাহত এই সকলোবোৰ যোগ গঢ় লৈ উঠিছে, যাৰ বাবে এই মাহটো অতি বিশেষ হৈ পৰিছে। কোন কোন ৰাশিৰ বাবে শুভ জানি লওঁ আহক-