Home Blog Page 110

নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA

নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA
নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান, অসমীয়াৰ সাহিত্য জগতত অপূৰণীয় শূন্যতা । DR BASANTA KUMAR BHATTACHARYA

নলবাৰী, ২৩ জুলাইঃDR BASANTA KUMAR BHATTACHARYA । অসমীয়া সাহিত্যৰ পুৰোধা, নলবাৰী ৰত্ন, সাহিত্যাচাৰ্য ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসানে সমগ্ৰ ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতত গভীৰ শোকৰ ছাঁ পেলাইছে। বুধবাৰে পুৱা ৪.৪৫ বজাত, নলবাৰীৰ বিদ্যাপুৰস্থিত নিজৰ বাসগৃহত ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদগৰাকীয়ে।

তেওঁৰ বিয়োগে অসমীয়াত্মা সাহিত্য-সংস্কৃতিৰ জগতখনত এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিছে। নলবাৰীবাসীৰ বাবে এই ক্ষতি এক অভিভাৱক হেৰুৱোৱাৰ সমান।

📖 ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ জীৱন আৰু শিক্ষা

ড৹ ভট্টাচাৰ্যৰ জন্ম ১৯৪২ চনৰ ১ ফেব্ৰুৱাৰী, নলবাৰীত। তেওঁ শিক্ষাজীৱন আৰম্ভ কৰিছিল ১৯৪৭ চনত বালিজাৰ প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত বৰক্ষেত্ৰী বানেকুছি এম.ই. স্কুল, আৰু ১৯৫৫ চনত গৰ্ডন হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰি ১৯৫৯ চনত সংস্কৃতত লেটাৰ নম্বৰে প্ৰবেশিকা উত্তীৰ্ণ হয়।

১৯৬১ চনত কটন কলেজৰ পৰা আই.এস.চি পাস কৰা পিছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও অসুস্থতাৰ বাবে মাঝপথতে শিক্ষা বন্ধ কৰিবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত নলবাৰী মহাবিদ্যালয়ৰ পৰা ১৯৬৪ চনত স্নাতক আৰু ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

🕯️ সাহিত্য সমাজত গভীৰ শোক

তেওঁৰ বিয়োগৰ খবৰত নলবাৰী তথা সমগ্ৰ অসমৰ সাহিত্য সমাজ শোকস্তব্ধ। অঞ্চলটোৰ বহু সাহিত্য অনুরাগী, শিক্ষাবিদ, সমাজকৰ্মী আৰু শ্ৰদ্ধাৱান ৰাইজে সাহিত্যাচাৰ্যগৰাকীৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে।

বিশিষ্ট সাহিত্যিকগৰাকীক ৰাজ্যিক মৰ্যাদাৰে অন্তিম বিদায় প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তেওঁৰ নশ্বৰ দেহ নলবাৰী সাহিত্য সভা আৰু শ্বহীদ ভৱনৰ বাকৰিলৈ লৈ যোৱা হয়, য’ত অসংখ্য গুণমুগ্ধই পুষ্পাঞ্জলি অৰ্ঘ্যৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

সৰল জীৱন, দীপ্ত সাহিত্য–এই দুয়োটাই আছিল ড৹ ভট্টাচাৰ্যৰ পৰিচয়। তেওঁৰ অবদান অসমীয়াৰ মন-প্ৰাণত চিৰস্মৰণীয় হৈ থাকিব।

“দলটো পৈতৃক সম্পত্তি নহয়, শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজন” – অগপ সভাপতি অতুল বৰাৰ মন্তব্য । AGP

“দলটো পৈতৃক সম্পত্তি নহয়, শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজন” – অগপ সভাপতি অতুল বৰাৰ মন্তব্য ( AGP )
বিদ্ৰোহৰ উকমুকনিৰ মাজত দিল্লীত অতুল বৰাৰ স্পষ্ট বক্তব্য, বিজেপিৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন কৰাৰ আহ্বান

নতুন দিল্লী, ২৩ জুলাইঃ
অসম গণ পৰিষদ (অগপ)ত দেখা দিয়া অন্তর্দ্বন্দ্ব আৰু বিদ্ৰোহৰ উকমুকনিৰ মাজতে দিল্লীত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে দলটোৰ সভাপতি তথা ৰাজ্যিক মন্ত্ৰী অতুল বৰায়ে। সাংবাদিকৰ সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “নিৰ্বাচনলৈ এতিয়াও যথেষ্ট সময় আছে। আমি উজনি অসমৰ বিভিন্ন জিলালৈ গৈছো আৰু দলৰ কৰ্মীসকলৰ লগত মত-বিনিময় কৰিছো। বাকী শেহতীয়াকৈ দুই-এদিনত কি হৈছে মই সঠিকে খবৰ ৰখা নাই।”

মিত্ৰতাৰ ধৰ্ম পালনৰ আহ্বান
বিজেপিৰ সৈতে মিত্ৰতাৰ বিষয়ে মন্তব্য কৰোঁতে অতুল বৰা কয়, “আমি বিচাৰো যে মিত্ৰতাৰ ধৰ্ম সকলোৱে পালন কৰা উচিত। বিজেপিয়েও পালন কৰিব লাগে, আমিও পালন কৰিছো। ঠাইবিশেষে কিছু ঘটনা-পৰিঘটনা হ’ব পাৰে, কিন্তু দলটোৰ শৃংখলা ৰক্ষা কৰাটো প্ৰথম। যোৱা ১১ বছৰত মই কাৰো লগত আপোচ কৰা নাই।”

দলৰ বিদ্ৰোহৰ প্ৰতি দৃষ্টিভংগী
অতুল বৰাই দলৰ শৃংখলা আৰু গঠনতান্ত্ৰিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়,
“দলটো কাৰো পৈতৃক সম্পত্তি নহয়। তৃণমূলৰ আবেগক আমি সন্মান কৰো। কেতিয়াবা নোপোৱাৰ বেদনা থাকে, কেতিয়াবা ডাঙৰ নেতাও আঁতৰি যায়, কিন্তু দলটো ৰাইজৰ তেজেৰে গঢ়া সংগঠন। মই নিজেও নাভাবো যে অগপ কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰে।”

তেওঁ লগতে কয়, “দলটোক শৃংখলাবদ্ধ কৰি ৰখাৰ বাবে যিমান কঠোৰ হ’ব লাগে, আমি সিমান কঠোৰ হ’ম। কাৰোবাৰ উচটনিত যোৱাটোও ঠিক নহয়।”

কৃষি সংকটৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনা
সাম্প্ৰতিক বানপানী আৰু খৰাং সদৃশ পৰিৱেশ সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ বিষয়ে অতুল বৰাই জনায়, “অসম চৰকাৰৰ জ্যেষ্ঠ কৃষি বিষয়াসকলৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভাগীয় বিষয়াৰ সৈতে ব্যাপক আলোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে যি সমস্যাসমূহ উল্লেখ কৰিছে, সেইবোৰ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱা হৈছে।” তেওঁ আশা প্ৰকাশ কৰে যে অসমৰ কৃষিসংক্রান্ত সমস্যাসমূহৰ সদ্য সমাধান হ’ব।

বিজেপি সভাপতি জে পি নাড্ডাৰ সৈতে সৌজন্যমূলক সাক্ষাৎ
অগপ নেতৃত্ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে দিল্লীত এক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত অতুল বৰাৰ সৈতে অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, আৰু লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত আছিল।

এই সাক্ষাৎ সন্দৰ্ভত অতুল বৰাই কয়, “অসম গণ পৰিষদে এনডিএ মিত্ৰশক্তিৰ দীৰ্ঘদিনীয়া অংশীদাৰ হিচাপে অসমৰ উন্নয়ন আৰু জনকল্যাণৰ ক্ষেত্ৰত সদায় আগভাগত আছে।”

দলৰ ভিতৰত অন্তঃকলহৰ মাজতো অতুল বৰাৰ এই মন্তব্যই দলটোক স্থিতিশীলতা আৰু শৃংখলাৰ পথত আগবাঢ়িবলৈ স্পষ্ট সংকেত প্ৰদান কৰিছে বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত।

উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আচৰিত পদত্যাগ, গৌৰৱ গগৈৰ প্ৰশ্ন, মোদীৰ সুস্বাস্থ্য কামনা , স্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ দাবী ।Vice President Jagdeep Dhankhar

উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আচৰিত পদত্যাগ, গৌৰৱ গগৈৰ প্ৰশ্ন, মোদীৰ সুস্বাস্থ্য কামনাস্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ দাবী ।Vice President Jagdeep Dhankhar
উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আচৰিত পদত্যাগ, গৌৰৱ গগৈৰ প্ৰশ্ন, মোদীৰ সুস্বাস্থ্য কামনাস্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ দাবী ।Vice President Jagdeep Dhankhar

নতুন দিল্লী, ২৩ জুলাইঃVice President Jagdeep Dhankhar
৭৪ বছৰীয়া উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আচৰিতভাৱে পদত্যাগ কৰাৰ ঘটনাই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২০২২ চনৰ আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত ধনখড়ৰ কাৰ্যকাল ২০২৭ চনলৈকে অৱধাৰিত আছিল। কিন্তু চলিত বৰ্ষাকালীন সংসদীয় অধিৱেশনৰ প্ৰথম দিনটোতে তেওঁ পদত্যাগ কৰে।

ধনখড়ে স্বাস্থ্যজনিত কাৰণ দেখুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু পদত্যাগটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হয়। কিছুমাহ আগতেই তেওঁ দিল্লীৰ AIIMS-ত এঞ্জিওপ্লাষ্টি কৰাইছিল আৰু মাৰ্চ মাহত চিকিৎসালয়তো ভৰ্তি হৈছিল।

তেওঁৰ এই হঠাৎ সিদ্ধান্তলৈ বিৰোধীয়ে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে এক্সত প্ৰকাশ কৰা এখন পোষ্টত পদত্যাগক “আশ্চৰ্যজনক” বুলি আখ্যা দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত সন্দৰ্ভত পূৰ্বৰ কোনো তথ্য আছিল নে নাই সেয়া স্পষ্ট কৰিবলৈ দাবী কৰে।

গগৈয়ে কয়,
“তেওঁলোকৰ পূৰ্বৰ তথ্য আছিল নেকি আৰু মসৃণ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে নেকি সেয়া স্পষ্ট কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কাম। উপ-ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত কালি জ্যেষ্ঠ মন্ত্ৰীসকলৰ অনুপস্থিতিয়ে এতিয়া আৰু অধিক তাৎপৰ্য বহন কৰিছে।”

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি ধনখড়ৰ সুস্বাস্থ্য কামনা কৰি কয়,
“শ্ৰী জগদীপ ধনখড় জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰূপে দেশ সেৱাৰ বহু সুযোগ লাভ কৰিছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ।”

ধনখড়ৰ পদত্যাগৰ এদিন পিছতে মঙলবাৰে ৰাজ্যসভা উপাধ্যক্ষ হৰিবংশৰ অধ্যক্ষতাত সদনৰ পুৱা বৈঠক চলাইছিল। কিয়নো উপ-ৰাষ্ট্ৰপতিয়েই ৰাজ্যসভাৰ অধ্যক্ষ হোৱাৰ বাবেই সাধাৰণতে ধনখড়ে দিনৰ আৰম্ভণিত সদনৰ কাৰ্যবাহী দিশ পৰিচালনা কৰিছিল।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ধনখড়ৰ পদত্যাগ সন্দৰ্ভত এক প্ৰসংগত কয় যে,
“কালি দিনৰ ১২:৩০ বজাত তেওঁ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষতা কৰিছিল, আৰু তাৰ পিছত দুপৰীয়া ১ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত কিবা গুৰুত্বপূৰ্ণ ঘটনা ঘটিল যাতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু কিৰেন ৰিজিজু সেই বৈঠকত উপস্থিত নহ’ল।”

তেওঁ লগতে উল্লেখ কৰে যে ধনখড় নিয়ম-নীতি আৰু শিষ্টাচাৰৰ ক্ষেত্ৰত অতি সজাগ আছিল, আৰু নিজৰ কাৰ্যকালত এই নিয়মবোৰ অগ্ৰাহ্য হোৱা বুলি উপলব্ধি কৰিছিল।

এই হঠাৎ পদত্যাগৰ পটভূমিত কেন্দ্ৰীয় চৰকাৰৰ পৰা বৰ্তমানলৈকে কোনো স্পষ্ট মন্তব্য পোৱা হোৱা নাই। এতিয়া ৰাজনৈতিক মহলত এই পদত্যাগৰ অন্তৰ্নিহিত কাৰণ আৰু সম্ভাৱ্য পৰিৱৰ্তনৰ বিষয়ে চৰ্চা অব্যাহত আছে।

ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI

ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI
ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI

XASIPOTIYA PUTHI । ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি
অসমীয়া ধ্রুপদী ভাষাৰ গৰিমা বৃদ্ধি কৰিবলৈ শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ অনন্য পদক্ষেপ
অসমীয়া ভাষাৰ ধ্রুপদী গৰিমাক অধিক মহিমামণ্ডিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। কলাক্ষেত্ৰ সমাজৰ সৌজন্যত ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে পাঁচখন অমূল্য সাঁচিপতীয়া পুথি আগবঢ়োৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসমীয়া ভাষাৰ ঐতিহ্য আৰু সাহিত্য-সংস্কৃতিৰ ধাৰাবাহিকতাৰ গতি অধিক দৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

উল্লেখযোগ্য যে, এই পুথিকেইখন অসমৰ বিভিন্ন সত্ৰৰ পৰা সংগ্ৰহ কৰা হয়—

  1. ‘কীৰ্তন ঘোষা’ – মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ পৰা সংগৃহীত, যি মহাপুৰুষ শংকৰদেৱৰ ৰচনা।
  2. ‘আদি দশম’ – শ্ৰীশ্ৰী নৰোৱা কুঁজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীৰ পৰা সংগৃহীত, যি ভাগৱতৰ দশম স্কন্ধৰ ভাবানুবাদ।
  3. ‘নামঘোষা’ – মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ পৰা সংগৃহীত, মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত।
  4. ‘ভক্তি ৰত্নাৱলী’ – তিতাবৰৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীৰ সহায়ত সংগৃহীত, যি বিষ্ণুপুৰী সন্ন্যাসীৰ ৰচনাৰ মাধৱদেৱৰ অনুবাদ।
  5. ‘গীত গোৱিন্দ’ – জয়দেৱৰ সংস্কৃত মূল ৰচনাৰ ওপৰত আধাৰিত কবিৰাজ চক্ৰৱৰ্তীৰ অসমীয়া অনুবাদ; যোৰহাটৰ সুৰেন ফুকনে দান হিচাপে আগবঢ়োৱা।

এই পুথিসমূহ মঙলবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূর্ণ অনুষ্ঠানত অসম ভৱনৰ আৱাসিক আয়ুক্তৰ উপস্থিতিত কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰে ৰাষ্ট্ৰপতি ভৱন সচিবালয়ৰ সচিব দিপ্তী উমাশংকৰৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

সুদর্শন ঠাকুৰে এই পদক্ষেপ সফল কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা সকলো সত্ৰ, ব্যক্তিগত দাতাসকল তথা অসম চৰকাৰৰ সকলো স্তৰৰ বিষয়াসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

এই অনুষ্ঠান আৰু উদ্যোগে অসমীয়া ধ্রুপদী ভাষাৰ ইতিহাস, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য ৰাষ্ট্ৰীয় স্তৰত অধিক উচ্চতালৈ লৈ যোৱাৰ পথ মুকলি কৰি দিলে।

‘আজিৰ কবিতা’ৰ উদ্যোগত অনুষ্ঠিত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি ।Poem

'আজিৰ কবিতা'ৰ উদ্যোগত অনুষ্ঠিত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি
'আজিৰ কবিতা'ৰ উদ্যোগত অনুষ্ঠিত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি

Poem । ওড়িশাৰ সম্বলপুৰত দুদিনীয়া কাৰ্যসূচীৰে ‘আজিৰ কবিতা, অসম’ৰ উদ্যোগত আৰু সম্বলপুৰৰ সাহিত্য-সামাজিক অনুষ্ঠান ‘কলম’ৰ সহযোগত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱ’২০২৫ৰ বন্তি প্ৰজ্জ্বলেনেৰে শুভাৰম্ভণী কৰে গঙ্গাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সুশান্ত কুমাৰ দাসে। ‘কলম’ৰ সভাপতি মঃ তফিজুল হুচেইনৰ সভাপতিত্বত আৰু ‘আজিৰ কবিতা’ৰ সম্পাদক বিনয় চলিহাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গঙ্গাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক ড° উমা চৰণ পাটি, বিশিষ্ট ওড়িয়া কবি, অধ্যাপক প্ৰদীপ কুমাৰ পাণ্ডা, আজিৰ কবিতাৰ মুখ্য সম্পাদক ড° ভৱেশ দাস, লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিভৱন সংৰক্ষণ সমিতিৰ আহবায়ক, ইতিহাসবিদ দীপক পাণ্ডা, আজিৰ কবিতাৰ সম্পাদক তথা মেজাংকৰি প্ৰকাশনৰ সচিব বিনয় চলিহা।
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, বিশিষ্ট লেখক, শিল্পী কুমাৰ দীপক দাসে সঞ্চালনা কৰা দ্বিতীয় সত্ৰৰ অনুষ্ঠানত বিশিষ্ট অনুবাদক, লেখক নৱকুমাৰ মিশ্ৰই কৰা ‘বুঢ়ী আইৰ সাধু’ৰ ওড়িয়া অনুবাদ ‘বুৰী মাৰো গপ্পো’ উন্মোচন কৰে ফকিৰমোহন বিশ্ববিদালয়ৰ অৱসৰী অধ্যাপক ড° হৰিচন্দ্ৰ বেহেৰাই। অনুষ্ঠানত অধ্যাপক বেহেৰাই অসমীয়া ভাষা সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ বিপুল অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰে৷ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ আহ্বায়ক দীপক পাণ্ডাই অসম চৰকাৰৰ সহযোগত গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ত সোনকালেই বেজবৰুৱাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷







অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক পেঞ্চনাৰ কৰুণাকান্ত ৰায়ে উত্তৰ ভাৰতীয় ভাষাসমূহৰ মাজত থকা মিলৰ বিষয়ে গৱেষণা পত্ৰ পাঠ কৰে৷ অনুষ্ঠানত এটি অসমীয়া সমবেত সংগীত পৰিবেশন কৰে আজিৰ কবিতাৰ সদস্যা শাশ্বতী শৰ্মা,ৰুণু চহৰীয়া ডেকা আৰু অনামিকা ৰায় হাজৰিকাই।


দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ‘লক্ষ্মীনাথ বেজবৰুৱা আৰু সম্বলপুৰৰ স’তে অসমৰ ভাষা-সাহিত্যৰ সম্পৰ্ক’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। দ্বিতীয় সত্ৰত ওড়িশা,অসম, পশ্চিমবংগ, ত্ৰিপুৰা,কেৰেলা, দিল্লী, সম্বলপুৰ আদি বিভিন্ন ৰাজ্যৰ ডেৰ শতাধিক কবিৰ কবিতা পাঠেৰে ড° ভৱেশ দাসৰ সঞ্চলনাত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। তাৰ পিছতে গ্ৰন্থ উন্মোচনী সভাত ‘আজিৰ কবিতা’ আৰু ‘মেজাংকৰি’ আলোচনীৰ সম্বলপুৰ সাহিত্য উৎসৱ দুটি উন্মোচন কৰে বিশিষ্ট ওড়িয়া কবি অমৰেশ বিশ্বাল আৰু সাহিত্যিক প্ৰধানে। অন্যান্য সাতখনকৈ কবিতা আৰু ভিন্ন বিষয়ক গ্ৰন্থ ক্ৰমে শাশ্বতী শৰ্মাৰ ‘আঘোন উজায় এই বাটে’, ৰুণু চহৰীয়া ডেকাৰ ‘অনুভৱৰ কৰণি’, ৰঞ্জি শইকীয়া ডেকাৰ ‘বিষণ্ণ স্বৰলিপি’, ক্ষীৰা শইকীয়া ডেকাৰ ‘আশাবোৰ আছে বাবেই’, অনামিকা ৰায় হাজৰিকাৰ ‘ত্ৰিভূজ সুন্দৰী-২’, ড° ভৱেশ দাসৰ ‘মেডিকেল টুৰিজম! আৰু বিনয় চলিহাৰ ‘ধান হালধীয়া ৰ’দ’। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় হিন্দী কাকণ প্ৰজ্ঞা মেইলৰ সম্পাদক অৰুণ কুমাৰ বৰ্মন, আন্তৰ্জাতিক খ্যাতি সম্পন্ন সাংবাদিক, সমাজকৰ্মী ৰত্নজ্যোতি দত্ত, বিশিষ্ট ওড়িয়া কবি ড° প্ৰদীপ পাণ্ডা, অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ কাৰ্যাধক্ষ্য ভাৰত ভূষণ মহন্ত, বিশিষ্ট হিন্দী অনুবাদক, কবি ড° গীতা দত্ত চহৰীয়া, কবি-সাংবাদিক সূৰ্য পাণিগ্ৰাহী, বিশিষ্ট কবি-লেখক ড° অনুপমা বিশ্বাল, ‘কলম’ৰ সম্পাদক ক্ষেত্ৰমনি বিভাৰ আদি। অনুষ্ঠানত কবিতা- সাহিত্য, সাংস্কৃতিক-সামাজিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা ১২ গৰাকী বিশিষ্ট ব্যক্তিলৈ আজিৰ কবিতাৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান প্ৰদান কৰা হয়! সম্বলপুৰৰ দীপক পাণ্ডালৈ সমন্বয় সংহতি বঁটা, তফিজুল হুছেইন (সাহিত্য সংহতি বঁটা), ধৰণীধৰ মিশ্ৰ (কাব্য কেশৰী বঁটা), অসমৰ প্ৰেমদা চহৰীয়ালৈ কাব্যৰত্ন বঁটা, ওড়িয়া অনুবাদক নৱকুমাৰ মিশ্ৰলৈ কথা সৌৰভ বঁটা, অনিতা দেৱী (সাহিত্য সৌৰভ), ৰবিন কুমাৰ চেতিয়া (কবিকণ্ঠ বঁটা), চন্দ্ৰমা শৰ্মা (কাব্য নন্দিনী বঁটা), স্নেহা জোনাক দত্ত (কাব্যশ্ৰী বঁটা), হিন্দী অনুবাদক ড° গীতা দত্ত চহৰীয়া (কাব্য মহীয়সী বঁটা), ধৰ্মকান্ত বৰুৱা (কাব্যসূৰ্য বঁটা) আৰু মেঘমালা সূত্ৰধাৰলৈ কাব্য সৌৰভ বঁটা প্ৰদান কৰা হয়! অনুষ্ঠানৰ মাজতে আজিৰ কবিতাৰ সদস্যবৃন্দৰ দ্বাৰা পৰিবেশিত বিহুনৃত্যৰে সাহাত্যানুৰাগী শ্ৰোতা দৰ্শকক আমোদ প্ৰদান কৰা হয়। শেষত অসম আৰু ওড়িশাৰ শিল্পী সকলে গীত-মাত পৰিবেশন কৰে। আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহা আৰু কলমৰ সভাপতি তফিজুল হুছেইনে সাহিত্য উৎসৱত উপস্থিত সকলো অতিথি তথা সতীৰ্থক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। দুয়োদিনৰ অনুষ্ঠানৰ শেষত লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ওড়িশাৰ সম্বলপুৰৰ মাটিত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি মৰা হয় বুলি ‘আজিৰ কবিতা’ তথা ‘মেজাংকৰি’ৰ সম্পাদক বিনয় চলিহাই জনাইছে।

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

Brahmaputra । চীনৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীত ১৬৭.৮ বিলিয়ন ডলাৰৰ এক বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ খবৰে ভাৰত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাংলাদেশত জলবিজ্ঞানী, পৰিৱেশবিদ আৰু নীতি নিৰ্ধাৰকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। বহুতে আশংকা কৰিছে যে ভূ-ৰাজনৈতিক উত্তেজনাৰ সময়ত পানীৰ প্ৰবাহ সলনি হোৱাৰ সম্ভাৱনাই অঞ্চলটোৰ বাবে বিপজ্জনক পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

তথাপিও, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক নিৰাশ্বাসজনক বক্তব্য প্ৰদান কৰি কয়, “মই তৎক্ষণাত চিন্তিত নহয়, কাৰণ ব্ৰহ্মপুত্ৰ এখন প্ৰবল নদী আৰু ই একক উৎসৰ ওপৰত নিৰ্ভৰশীল নহয়।” গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে কথা পাতোতে তেওঁ কয় যে এই প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত এতিয়াও স্পষ্টতা নাই আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানী অৰুণাচল, ভূটান আৰু স্থানীয় বৰষুণৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে।

উল্লেখযোগ্য যে, এই প্ৰকল্পত চীনে তিব্বতৰ নিয়িংচি চহৰত পাঁচটা কেছকেড জলবিদ্যুৎ কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে, যাৰ মাধ্যমে বছৰি ৩০০ বিলিয়ন কিলোৱাট/ঘণ্টাৰো অধিক বিদ্যুৎ উৎপাদনৰ লক্ষ্য ৰখা হৈছে। এই প্ৰকল্পটো ভূ-ভৌগোলিকভাৱে অতি সংবেদনশীল অঞ্চলত স্থাপন হ’ব, যিখন অঞ্চল ভূমিকম্প আৰু অধিক বৰষুণৰ বাবে জনাজাত।

চীনৰ এই প্ৰচেষ্টাক লৈ যিমানেই উদ্বেগ থাকক, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এনে বান্ধসমূহৰ প্ৰভাৱ সন্দৰ্ভত বিজ্ঞানীমহলতো বিভক্ত। “যদি সোঁত বিঘ্নিত হয়, তেন্তে পানী কম হ’ব পাৰে আৰু জৈৱ বৈচিত্ৰ্য ক্ষতিগ্ৰস্ত হ’ব পাৰে। কিন্তু আন দিশত ই বানৰ সংকট হ্ৰাস কৰাৰ সুবিধাও আনিব পাৰে,” তেওঁ মন্তব্য কৰে।

ভাৰত-চীনৰ মধ্যত এই ইস্যুটোৰ সমাধানৰ বাবে ২০০৬ চনত গঠিত ‘এক্সপাৰ্ট লেভেল মেকানিজম’ (ELM) নামৰ এক বিশেষজ্ঞ পৰ্যায়ৰ আলোচনা মঞ্চ চলি আছে। এই মঞ্চৰ জৰিয়তে দুই দেশৰ মাজত জলবিজ্ঞান সংক্রান্ত তথ্য ভাগ-বতৰা কৰা হয়। ২০২৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত হোৱা বৈঠকতো এই ইস্যুটোৰ ওপৰত আলোচনা হৈছিল।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মই নিশ্চিত যে কেন্দ্ৰ চৰকাৰে চীনৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বা শীঘ্ৰেই আলোচনা কৰিব। তেওঁলোকে উন্নত বিচাৰ আৰু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।”

Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত, মনৰ অনুভৱ কাৰো সৈতে নকৰে প্ৰকাশ!

Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত
Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত

জ্যোতিষৰ মতে (Zodiac Signs) এজন ব্যক্তিৰ ৰাশিয়ে তেওঁৰ স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। বিভিন্ন ৰাশিৰ মানুহৰ স্বভাৱ বেলেগ হয়। জ্যোতিষৰ মতে কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিৰ লোক অন্তৰ্মুখী প্ৰকৃতিৰ। ইচ্ছা কৰিলেও এইসকল লোকসকৰ মন কথা কোনেও জানিব নোৱাৰে। এই মানুহবোৰ লাজুকীয়া, স্বভাৱতে অন্তৰ্মুখী।

কৰ্কট ৰাশিঃ


কৰ্কট ৰাশিৰ আটাইতকৈ বিশেষ কথাটো হ’ল তেওঁলোকৰ আনৰ সৈতে মিলিবলৈ বহু সময় লাগে। এই লোকসকল প্ৰকৃত বন্ধুত্ব গঢ়ি তোলাৰ লগতে দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়ি তোলাত বিশ্বাস কৰে।

বৃশ্চিক ৰাশিঃ

জ্যোতিষৰ মতে বৃশ্চিক ৰাশিৰ লোকসকল স্বভাৱতে অতি ৰহস্যময়। এই লোকসকলে নিজৰ মনৰ কথা ক’বলৈ বৰ লাজ কৰে। নিজৰ মতামত নিজৰ মাজতে ৰখা এই মানুহবোৰ কোনো কথা কোৱাতকৈ সন্মুখৰ মানুহজনক নিৰীক্ষণ কৰাত বেছি পাকৈত।

মীন ৰাশিঃ

মীন ৰাশি লোকে নিজৰ পৃথিৱী সৃষ্টি কৰে য’ত তেওঁলোকে কাকো আহিবলৈ নিদিয়ে। সকলো নিজৰ দৃষ্টিকোণৰ পৰা চায় আৰু মানুহৰ লগত সহজে মিলিব নোৱাৰে। নিজৰ মাজতে সুখী হৈ থাকে। তেওঁলোকে কেতিয়াও নিজৰ অনুভৱ আনৰ লগত ভাগ-বতৰা নকৰে। এইসকল লোক স্বভাৱত অতি শান্ত।

Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল'ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা
Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল'ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

মেৰাপানীৰ নেঘেৰিবিলত উপস্থিত (Shrinkhal Chaliha) বীৰ লাচিত সেনা। বাংলাদেশীক উচ্ছেদৰ ক্ষেত্ৰত “দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱাল” বুলি মন্তব্য শৃংখল চলিহাৰ। সন্দেহজনক লোকৰ বসতি চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে, বীৰ লাচিত সেনাই উচ্ছেদ কৰিব। ভোটৰ ৰাজনীতিৰ স্বাৰ্থত চৰকাৰে হাত সাবটি বহি থাকিলে অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হোৱাটো খাটাং।

উজনি অসমত সন্দেহজনক বাংলাদেশীৰ আগ্ৰাসনক লৈ পুনৰ গৰ্জন কৰিছে শৃংখল চলিহাই। বনবিভাগে উচ্ছেদৰ প্ৰস্তুতি চলোৱা মেৰাপানীৰ নেঘেৰিবিলত আজি উপস্থিত হৈ বীৰ লাচিত সেনাৰ মূখ্য সাংগঠনিক সচিব শৃংখল চলিহাই বাংলাদেশীৰ বিৰূদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰে। সংগঠনটোৰ একাংশ সদস্যৰ সৈতে শৃংখল চলিহাই পদব্ৰজে ২ নং নেঘেৰিবিল গাঁও পৰিভ্ৰমণ কৰি গাঁওখনত বংগমূলীয় মুছলমান লোকৰ অৱস্থিতি লক্ষ্য কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শৃংখল চলিহাই অসমত বাংলাদেশীৰ আগ্ৰাসনৰ বাবে বৰ্তমানৰ তথা পূৰ্বৰ চৰকাৰসমূহক দোষাৰোপ কৰে। ইফালে শৃংখল চলিহাই কৰা এক গুৰুত্বপূৰ্ণ মন্তব্য অনুসৰি মিঞা মুছলমানৰ বাবেই খিলঞ্জীয়া গৰীয়া, মৰিয়া লোকসকল অস্তিত্বৰ সংকটত পৰিছে। শৃংখল চলিহাই অহা সাত দিনৰ ভিতৰত নেঘেৰিবিলৰ পৰা সন্দেহজনক মুছলমান লোকসকলক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়।

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!
Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

শাওণ মাহত বহু লোক (Sawan 2025) উপবাসে থাকে, উপবাসে থকাসকলৰ নিশ্চয়কৈ উপবাসৰ সময়ত কিবা এটা লঘু আৰু সোৱাদযুক্ত খাদ্য খাবলৈ মন যায়। উপবাসৰ সময়ত খাব পৰা পাতলীয়া সোৱাদযুক্ত আহাৰ সমূহৰ বিষয়ে জানো আহক।

উপবাসৰ সময়ত খাব পাৰে এবিধ বিশেষ পৰঠা। এই পৰঠা বনাবলৈ কি কি লাগে জানি লওঁ আহক-

এই সুস্বাদু পৰঠা বনাবলৈ প্ৰয়োজন হ’ব চেগু, সিজোৱা আলু, নিমখ, কেঁচা জলকীয়া, ঘিউ আৰু ধনীয়া।

এই পৰঠা প্ৰস্তুত কৰিবলৈ প্ৰথমে ৫ ঘণ্টামান চেগুখিনি পানীত তিয়াই থ’ব লাগে আৰু তাৰ পিছত চালনীৰ সহায়ত পানীখিনি নিষ্কাশন কৰিব লাগে।

এতিয়া এটা ডাঙৰ বাটিত কোমল চেগু, সিজোৱা আলু আৰু নিমখ মিহলাই ল’ব। এতিয়া এই মিশ্ৰণত ৰাজগিৰাৰ আটা মিহলাই হাতৰ সহায়ত গুড়ি কৰি ল’ব।

গুড়ি কৰা আটাগুৰিখিনি কিছু সময় একাষৰীয়াকৈ ৰাখি, ভালদৰে ফুলিলে তাৰ পৰা ঘূৰণীয়া পৰঠা বনাই কেৰাহীত ঘিউৰ সৈতে ভাজিব। উপবাসৰ সময়ত দৈৰ লগত এনে পৰঠা আপুনি উপভোগ কৰিব পাৰে।

Saiyaara: ছ’চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল ‘Saiyaraa’, ৪ দিনত ১০০ কোটি টকা উপাৰ্জন

Saiyaara: ছ'চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল 'Saiyaraa', ৪ দিনত ১০০ কোটি টকা উপাৰ্জন
Saiyaara: ছ'চিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল 'Saiyaraa', ৪ দিনত ১০০ কোটি টকা উপাৰ্জন

মোহিত সুৰীৰ ‘ছাইয়াৰা’ ছবিখনত (Saiyaara) আহান পাণ্ডে আৰু অনিত পদ্দাক মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনে মুকলি দিনৰ পৰাই বক্স অফিচত জোকাৰণি তুলিছে। আহান পাণ্ডে আৰু অনিত পদ্দা অভিনীত ছবি ছাইয়াৰাই মাত্ৰ তিনিদিনতে ঐতিহাসিক উপাৰ্জন কৰি এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছে।

২০২৫ চনৰ আটাইতকৈ চৰ্চিত আৰু চমকপ্ৰদ হিট ছবি হিচাপে পৰিগণিত হোৱা মোহিত সুৰীৰ ‘Saiyara’ ছবিখনে মুক্তিৰ দিনৰে পৰা বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে। আহান পাণ্ডে আৰু অনিত পদ্দা অভিনীত ৰোমান্টিক থ্ৰিলাৰ ছবি ‘ছাইয়াৰা’ই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আহান পাণ্ডে আৰু অনিত পদ্দাৰ ৰোমান্টিক ছবিখনে প্ৰথম চাৰিদিনতে ১০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এচিনেমাখন ছুপাৰহিট হোৱাৰ কেইটামান কাৰণ জানো আহক-

ছাইয়াৰা ছবিখনৰ হিট হোৱাৰ কাৰণ হৈছে পৰিচালনা। ‘আশিকি ২’ৰ পৰিচালক মোহিত সুৰীয়ে পৰিচালনা কৰিছে এই ছবিখন। ইতিমধ্যে তেওঁৰ সংগীতৰ ৰোমান্টিক চিনেমাৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছে। ‘মাৰ্ডাৰ ২’, ‘আৱাৰাপন’, ‘ৰাজ’, ‘হামাৰী আধুৰী কাহানী’ আৰু ‘এক ভিলেইন’ আদি ছবি পৰিচালনা কৰিছিল মোহিত সুৰীয়ে। গতিকে মহোতি সুৰী কোন হয়তো আপোনালোকে ভালদৰে চিনিব পাৰিছে। সেইবাবে ‘ছাইয়াৰা’ মুক্তি পোৱাৰ আগতেই এই চিনেমাখন ছুপাৰহিট হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল।

ইয়াৰ বাহিৰেও ছাইয়াৰাৰ গীতবোৰ অতি ৰোমাণ্টিক। ছবিখনৰ সমান্তৰালকৈ গীতসমূহেও মুক্তিৰ পূর্বে অনুৰাগীৰ মাজত প্রভাৱ পেলাইছে৷ লগতে ছবিখনৰ গীতসমূহ ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছিল। আনহাতে ছবিখনৰ টাইটেল গীত ‘ছাইয়াৰা’ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। ছবিখনৰ সংগীতত আছে সচেত-পৰমপাৰা, মিথুন, বিশাল মিশ্ৰ, আৰু তনিষ্ক বাগচি।

Aashiqui 2 ৰ পিছত বলীউডত দেখা গৈছে এক ৰোমান্টিক কাহিনী। এনে পৰিস্থিতিত আহন পাণ্ডে আৰু অনিত পদ্দা অভিনীত এই ছবিখনৰ কাহিনীয়ে দৰ্শকে ভাল পাইছে।

আহান পাণ্ডেৰ এই ছবিখনে মুঠ সংগ্ৰহত ৯.৪০ কোটি টকা সংগ্ৰহ কৰিছে। আনহাতে ছবিখনে আগতীয়াকৈ ২১ কোটি টকা উপাৰ্জন কৰিছিল।