Home Blog Page 114

Oil ita super series national tennis: অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছঃ অসমৰ ল’ৰা-ছোৱালীৰ প্ৰত্যাশিত আৰম্ভনি

Oil ita super series national tennis: অসমৰ ল’ৰা-ছোৱালীৰ প্ৰত্যাশিত আৰম্ভনি
Oil ita super series national tennis: অসমৰ ল’ৰা-ছোৱালীৰ প্ৰত্যাশিত আৰম্ভনি

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত (Oil ita super series national tennis) গুৱাহাটীত চলি থকা অইল-আইটা ছুপাৰ ছিৰিজ টেনিছৰ মুল ৰাউণ্ডৰ খেল সোমবাৰৰ পৰা আৰম্ভ হৈছে৷ ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ ল’ৰা-ছোৱালীৰ ৰাষ্ট্ৰীয় ৰেংকিঙৰ প্ৰতিযোগিতাখনৰ আজি চাৰিওটা বিভাগৰে একক শাখাৰ মেচ অনুষ্ঠিত হয়৷ গুৱাহাটীৰ চচলস্থিত সদৌ অসম টেনিছ সন্থাৰ কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমদিনা আয়োজক অসমৰ খেলুৱৈয়ে প্ৰত্যাশিত প্ৰদৰ্শনৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷

সোমবাৰে পুৱা হোৱা ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত অসমৰ মৃগাক্ষী চাংমাই, সংস্কৃতি বৰা, ধ্যানা এ মৰং, কৃষ্টি হালৈ আৰু অভিপসা গগৈয়ে নিজৰ নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে৷ আনহাতে, ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত অসমৰ আয়ান ৰহমান, অনিৰ্বান ডেকা আৰু চন্দ্ৰ ম’হান্তীয়ে হেলাৰঙে জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷

১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ লগতে আবেলি ১২ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰো একক শাখাৰ মেচ আৰম্ভ হয়৷ কিন্তু বৰষুণে দুঘণ্টা মেচ বিঘ্নিত কৰে৷ পাছত পুনৰ আৰম্ভ হয়৷ সূচী অনুসৰি আজি হ’বলগা সকলো প্ৰথম ৰাউণ্ডৰ মেচ নিশালৈ লাইটৰ পোহৰত অনুষ্ঠিত কৰি সমাপন কৰা হ’ব৷ কাইলৈ পূৱাৰ পৰাই দ্বিতীয় ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব৷

ইফালে, পুৱা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক ৰামানুজ দত্তই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াই আহিছে৷ একক শাখাৰ লগতে কাইলৈৰ পৰা ডাবলছৰো খেল অনুষ্ঠিত হ’ব

Nimisha Priya: মৃত্যুদণ্ডৰ পৰা ৰক্ষাৰ সম্ভাৱনা আছেনে নিমিষা প্ৰিয়াক?

Nimisha Priya: মৃত্যুদণ্ডৰ পৰা ৰক্ষাৰ সম্ভাৱনা আছেনে নিমিষা প্ৰিয়াক?
Nimisha Priya: মৃত্যুদণ্ডৰ পৰা ৰক্ষাৰ সম্ভাৱনা আছেনে নিমিষা প্ৰিয়াক?

ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ এটাই (Nimisha Priya) উপায়, আশা পূৰণ হ’বনে? ১ দিনৰ পিছত য়েমেনত ফাঁচী দিব নিমিষাক।

সমগ্ৰ দেশে কেৰেলাৰ নাৰ্ছ নিমিষা প্ৰিয়াৰ জীৱন ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে। পৰিয়ালৰ পৰা আৰম্ভ কৰি চৰকাৰলৈকে সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিছে। বিষয়টো উচ্চতম ন্যায়ালয়ত উপনীত হ’ল যদিও ভাৰত চৰকাৰে আদালতত যি ক’লে তাৰ পাছত ভাৰতীয় পর্যায়ত নিমিষাক বচাবলৈ সকলো আশাৰ অন্ত পৰিল৷ এতিয়া মাত্ৰ এটা বিকল্প বাকী আছে।

১৬ জুলাইত মৃত্যুদণ্ড দিয়া হ’ব নিমিষা প্ৰিয়াক। এতিয়া য়েমেনত মৃত্যুদণ্ড ভয়ত থকা কেৰালাৰ নাৰ্ছ নিমিছা প্ৰিয়াক বচাবলৈ প্ৰায় সকলো আশা শেষ। এই বিষয়ত ভাৰত চৰকাৰে উচ্চতম ন্যায়ালয়ক সকলো কথা স্পষ্টকৈ কৈছে। সোমবাৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰটোৱে কয় যে য়েমেনত হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা কেৰালাৰ ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ গোচৰত হস্তক্ষেপ কৰাৰ ক্ষমতা সীমিত। কেন্দ্ৰই ইয়াক “অতি জটিল বিষয়” বুলি অভিহিত কৰি কয় যে ইয়াৰ বাবে অতি কম কূটনৈতিক বিকল্প উপলব্ধ।

ন্যায়াধীশ সন্দীপ মেহতাৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত হাজিৰ হৈ ভাৰতৰ এটৰ্নী জেনেৰেলে কয় যে য়েমেনত কি হৈছে সেইটো জানিব পৰাৰ কোনো উপায় নাই। তেওঁ আৰু কয় যে চৰকাৰে ৰাজহুৱা অভিযুক্তকে ধৰি য়েমেনৰ বিষয়াসকলৰ সৈতে যোগাযোগত আছে আৰু আলোচনা অব্যাহত থকাৰ সময়তে প্ৰিয়াক ফাঁচী দিয়াটো পিছুৱাই দিয়াৰ চেষ্টা কৰিছে।

ভাৰত চৰকাৰে আদালতত কয় যে প্ৰিয়াৰ জীৱন ৰক্ষাৰ একমাত্ৰ ব্যৱহাৰিক বিকল্প এতিয়া কেৱল আপোচহে, যদিহে মৃত য়েমেনৰ নাগৰিকজনৰ পৰিয়ালে ইয়াক গ্ৰহণ কৰিবলৈ সাজু হয়। ১৮ জুলাইত পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰাৰ সময়ত বিচাৰপীঠে নিজৰ আদেশত কয় যে, “পৰৱৰ্তী তাৰিখত পক্ষসমূহে গোচৰৰ অৱস্থাৰ বিষয়ে আদালতক অৱগত কৰিব পাৰে।” কিন্তু তেতিয়ালৈকে হয়তো বহু দেৰি হৈ গৈছে। কাৰণ নিমিষাক ১৬ জুলাইত য়েমেনৰ ৰাজধানী ছানা’ৰ কাৰাগাৰত ফাঁচী দিয়াৰ কথা।

মানুহে এতিয়াও ভাবি আছে যে নিমিষাৰ জীৱন ৰক্ষা কৰিব পৰা কিবা এটা বিকল্প থাকিব লাগিব। গতিকে এতিয়া বাকী থকা একমাত্ৰ বিকল্পটো হ’ল চৰকাৰে উচ্চতম ন্যায়ালয়ক কোৱা কথা – আপোচ মানে ‘ব্লাড মানি’।

‘ব্লাড মানি’ শ্বৰীয়ত আইনত এক বিধান, য’ত মৃতকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দি অপৰাধীৰ শাস্তি ক্ষমা কৰিব পাৰি। বিশেষকৈ অনিচ্ছাকৃত হত্যাকাণ্ডৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য। নিমিষাৰ ক্ষেত্ৰত তেওঁৰ পৰিয়াল আৰু ‘ছেভ নিমিষা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিল’ই তালালৰ পৰিয়ালক ১০ লাখ মাৰ্কিন ডলাৰ (প্ৰায় ৮.৬ কোটি টকা) আগবঢ়াইছে। কিন্তু এই ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ এতিয়াও সাজু হোৱা নাই তালালৰ পৰিয়াল। একাংশ সূত্ৰৰ মতে, তেওঁলোকে ইয়াক নিজৰ সন্মানৰ প্ৰশ্ন বুলি অভিহিত কৰিছে।

কেৰালাৰ পালাক্কাড জিলাৰ পৰা অহা নিমিষা প্ৰিয়াই ২০০৮ চনত নাৰ্ছ হিচাপে য়েমেনলৈ গৈছিল।তাত চিকিৎসালয়ত কাম কৰিছিল আৰু পিছলৈ ২০১৫ চনত য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীৰ সৈতে ক্লিনিক আৰম্ভ কৰিছিল। য়েমেনৰ আইন অনুসৰি বিদেশীক ব্যৱসায় আৰম্ভ কৰিবলৈ স্থানীয় অংশীদাৰৰ প্ৰয়োজন। কিন্তু তলালৰ লগত তাইৰ সম্পৰ্ক অৱনতি ঘটিল। নিমিষাৰ অভিযোগ যে তালালে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰিছিল, আৰ্থিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰিছিল আৰু ভুৱা নথি-পত্ৰৰে নিজকে স্বামী বুলি দাবী কৰি শোষণ কৰিছিল।

২০১৭ চনত নিমিষাই তালালক পাছপ’ৰ্ট ঘূৰাই পোৱাৰ প্ৰয়াসত এনাস্থেচিয়াৰ বেজী দিছিল যদিও ভুল ড’জৰ বাবে তালালৰ মৃত্যু হয়। ইয়াৰ পিছত ২০১৮ চনত নিমিছাক গ্ৰেপ্তাৰ কৰি হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয়।২০২০ চনত ছানাৰ এখন আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে, যিটো ২০২৩ চনত য়েমেনৰ উচ্চতম ন্যায়িক পৰিষদে সমৰ্থন কৰে।

নিমিষাৰ জীৱন এতিয়া তলালৰ পৰিয়ালৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল। যদি তেওঁলোকে ক্ষতিপূৰণৰ বাবে সন্মতি দিয়ে, তেন্তে নিমিষাৰ শাস্তি ক্ষমা কৰিব পাৰিব। কিন্তু এতিয়ালৈকে কোনো ইতিবাচক সঁহাৰি পোৱা নাই আৰু সময় দ্ৰুতগতিত শেষ হৈ গৈ আছে। ভাৰত চৰকাৰ, নিমিষাৰ পৰিয়াল আৰু সমৰ্থকসকলে সম্ভৱপৰ সকলো চেষ্টা কৰি আছে যদিও পৰিস্থিতি জটিল।

মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika
মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই – ক্ষেত্ৰীৰ টোপাতলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালকক নিজে কৰিলে উদ্ধাৰৰ ব্যৱস্থা । Pijush Hazarika

Pijush Hazarika । ক্ষেত্ৰীৰ টোপাতলীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ট্ৰাকচালকজনক উদ্ধাৰ কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰীকা

ঘটনাৰ বিৱৰণ মতে, মন্ত্ৰী হাজৰীকা নিজ খুড়াকৰ শেষকৃত্য আঁহতগুৰিত সম্পন্ন কৰি গুৱাহাটীলৈ ঘূৰি আহি থকা সময়তে পথত সংঘটিত এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰে। এজন দায়িত্বশীল ৰাজহুৱা প্ৰতিনিধি হিচাপে তেওঁ নিজ কনভয় ৰখাই আহত চালকজনক উদ্ধাৰৰ বাবে তৎপৰ হয়।

ৰৈ থকা এখন বালিভৰ্তি ডাম্পাৰত খুন্দ খায় আন এখন ট্ৰাক, যাৰ ফলত চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
মন্ত্ৰী হাজৰীকাই অতি দ্ৰুতভাৱে উদ্ধাৰ কাৰ্যত সহায় কৰি আহতজনক প্ৰাথমিক চিকিৎসাৰ বাবে সোণাপুৰ হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰৰ সম্পূৰ্ণ ব্যৱস্থা নিজে পৰ্যবেক্ষণ কৰে আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণৰো নিৰ্দেশ দিয়ে।

এই ঘটনাই মন্ত্ৰী হাজৰীকাৰ দয়ালু আৰু দায়িত্বশীল চৰিত্ৰৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছে, যি ৰাইজৰ মাজত প্ৰশংসা আৰু কৃতজ্ঞতাৰ অনুভৱ সৃষ্টি কৰিছে।

‘মাৰাঠী নাহি বলুংগা’ …ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল অটোৰিক্সা চালক ।Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra

Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra । মহাৰাষ্ট্ৰত পুনৰ মূৰ দাঙি উঠিছে মাৰাঠী ভাষা কোৱা নোকোৱাকলৈ বিতৰ্ক। শেহতীয়াকৈ ‘মাৰাঠী নাহি বলুংগা’ বুলি এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে । সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল এজন বাহিৰৰ অটোৰিক্সা চালক। অভিযোগ উত্থাপন হৈছিল যে প্ৰব্ৰজনকাৰী অটোৰিক্সা চালকজনে ইয়াৰ পূৰ্বেও মাৰাঠী ভাষা, মহাৰাষ্ট্ৰ, মাৰাঠী বীৰ পুৰুষসকলৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল।
Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra । মহাৰাষ্ট্ৰত পুনৰ মূৰ দাঙি উঠিছে মাৰাঠী ভাষা কোৱা নোকোৱাকলৈ বিতৰ্ক। শেহতীয়াকৈ ‘মাৰাঠী নাহি বলুংগা’ বুলি এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে । সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল এজন বাহিৰৰ অটোৰিক্সা চালক। অভিযোগ উত্থাপন হৈছিল যে প্ৰব্ৰজনকাৰী অটোৰিক্সা চালকজনে ইয়াৰ পূৰ্বেও মাৰাঠী ভাষা, মহাৰাষ্ট্ৰ, মাৰাঠী বীৰ পুৰুষসকলৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল।

Marathi Bol Nahi toh Pitai ! Language Dispute in Maharashtra । মহাৰাষ্ট্ৰত পুনৰ মূৰ দাঙি উঠিছে মাৰাঠী ভাষা কোৱা নোকোৱাকলৈ বিতৰ্ক। শেহতীয়াকৈ ‘মাৰাঠী নাহি বলুংগা’ বুলি এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে । সেনা (ইউবিটি)ৰ কৰ্মী ৰোষত পৰিল এজন বাহিৰৰ অটোৰিক্সা চালক। অভিযোগ উত্থাপন হৈছিল যে প্ৰব্ৰজনকাৰী অটোৰিক্সা চালকজনে ইয়াৰ পূৰ্বেও মাৰাঠী ভাষা, মহাৰাষ্ট্ৰ, মাৰাঠী বীৰ পুৰুষসকলৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল।


দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে ভিডিঅ’টো চাইছে যদিও এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিক অভিযোগ লাভ কৰা নাই, সেয়েহে এতিয়ালৈকে কোনো গোচৰ ৰুজু কৰা হোৱা নাই। মুম্বাইৰ সমীপৰ ভিৰাৰ চহৰত এজন অটোৰিক্সা চালকক মাৰাঠী ভাষাত কথা ক’বলৈ অস্বীকাৰ কৰা ভিডিঅ’ প্ৰকাশ পোৱাৰ কিছুদিন পিছতে শনিবাৰে শিৱসেনাৰ (ইউ বি টি) কৰ্মীসকলে তেওঁক আক্ৰমণ কৰি ক্ষমা বিচাৰিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ উঠিছে।
চলিত সপ্তাহৰ আৰম্ভণিতে ভাইৰেল হোৱা ভিডিঅ’টোত অট’ৰিক্সা চালকজনে হিন্দী ভাষাত কৈছে, “হিন্দী বলুংগা, ভোজপুৰী বলুংগা, পৰ মাৰাঠী নাহি বলুংগা (মই হিন্দী ক’ম। মই ভোজপুৰী ক’ম, কিন্তু মাৰাঠী নকও)।”

তেওঁ এজন যাত্ৰীক কোৱাও শুনা যায়, “মেইন হিন্দী বলুংগা, তুঝে ক্যা কৰ্ণা হায়? জো কৰ্ণা হায় কৰ লে (মই হিন্দীত কথা ক’ম—কি কৰিব? যি কৰিব মন যায় তাকে কৰক)।”

ছ’চিয়েল মিডিয়াত অট’ৰিক্সা চালকজনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে শনিবাৰে ভিৰাৰ ৰে’ল ষ্টেচনৰ সমীপত সেনা (ইউবিটি)ৰ এটা দলে তেওঁক আক্ৰমণ কৰে।
ইয়াৰ উপৰি অভিযোগ উত্থাপন হৈছিল যে প্ৰব্ৰজনকাৰী অটোৰিক্সা চালকজনে ইয়াৰ পূৰ্বে মাৰাঠী ভাষা, মহাৰাষ্ট্ৰ, মাৰাঠী আইকনসমূহৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল। ইয়াৰ ভিডিঅ’টো অনলাইনতো ভাইৰেল হৈ পৰিছিল, স্থানীয় ৰাজনৈতিক গোটকে ধৰি চোকা প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল।

অট’ৰিক্সা চালকজনক হাতযোৰ কৰি মেলি ক’বলৈ বাধ্য কৰালে, “মাৰাঠীক অপমান কৰাৰ বাবে মহাৰাষ্ট্ৰৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো।”আনহাতে এটা ভিডিঅ’ত ভিৰাৰ ৰে’ল ষ্টেচনৰ সমীপৰ ব্যস্ত পথত মহিলাসহ এদল লোকে অট’ৰিক্সা চালকজনক চৰ মাৰি থকা দেখা গৈছে।এই কাণ্ডই ভাষিক পৰিচয়, প্ৰব্ৰজনকাৰী সংহতি, সজাগতা আদিক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।মাৰাঠী নজনা বাবে অ-মহাৰাষ্ট্ৰীয়ৰ ওপৰত আক্ৰমণৰ এয়া প্ৰথম ঘটনা নহয়।
২৯ জুনত চুবুৰীয়া মীৰা ৰোড চহৰত মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ এদল লোকে বাবুলাল চৌধুৰী নামৰ দোকানী এজনক আক্ৰমণ কৰিছিল। এই ঘটনাক লৈ দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল।

ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA

ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA। ১৩ জুলাই নিশা, ম্যানমাৰস্থিত আলফা (স্বা)-ৰ এক গুৰুত্বপূৰ্ণ শিবিৰত ১০০ ৰো অধিক ড্ৰ’ণ আৰু মিছাইলৰ জড়িয়তে ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। আলফা (স্বা)-ৰ দাবী অনুসৰি, এই আক্ৰমণ ভাৰতীয় সেনাই চলাইছিল। এই আক্ৰমণত সংগঠনৰ উচ্চপদস্থ নেতা লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যুঘটে। তাৰ পাছতেই হোৱা আন এক মিছাইল আক্ৰমণত ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু হয় বুলি সংগঠনে দাবী কৰে।
ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA। ১৩ জুলাই নিশা, ম্যানমাৰস্থিত আলফা (স্বা)-ৰ এক গুৰুত্বপূৰ্ণ শিবিৰত ১০০ ৰো অধিক ড্ৰ’ণ আৰু মিছাইলৰ জড়িয়তে ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। আলফা (স্বা)-ৰ দাবী অনুসৰি, এই আক্ৰমণ ভাৰতীয় সেনাই চলাইছিল। এই আক্ৰমণত সংগঠনৰ উচ্চপদস্থ নেতা লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যুঘটে। তাৰ পাছতেই হোৱা আন এক মিছাইল আক্ৰমণত ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু হয় বুলি সংগঠনে দাবী কৰে।

ম্যানমাৰস্থিত আলফা (স্বা)-ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ । ULFA। ১৩ জুলাই নিশা, ম্যানমাৰস্থিত আলফা (স্বা)-ৰ এক গুৰুত্বপূৰ্ণ শিবিৰত ১০০ ৰো অধিক ড্ৰ’ণ আৰু মিছাইলৰ জড়িয়তে ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। আলফা (স্বা)-ৰ দাবী অনুসৰি, এই আক্ৰমণ ভাৰতীয় সেনাই চলাইছিল। এই আক্ৰমণত সংগঠনৰ উচ্চপদস্থ নেতা লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যুঘটে। তাৰ পাছতেই হোৱা আন এক মিছাইল আক্ৰমণত ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু হয় বুলি সংগঠনে দাবী কৰে।

এই ভয়ংকৰ আক্ৰমণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অসম আৰক্ষী এই ক্ষেত্ৰত জড়িত নহয়। অসমৰ মাটিৰ পৰা কোনো আক্ৰমণ সংঘটিত হোৱা নাই। বিষয়টোত অধিক তথ্যৰ প্ৰয়োজন আছে। বিয়লিলৈ বিষয়টো ক্লিয়াৰ হ’ব।”

ইপিনে, আলফা (স্বা)-য়ে প্ৰেছ বিবৃতিযোগে হুংকাৰ দি কয় যে, এই আক্ৰমণৰ প্ৰতিশোধ লোৱা হ’ব। সংগঠনে দাবী কৰে যে, লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়তে পুনৰ মিছাইল আক্ৰমণ হয়, য’ত দুজন আলফা সদস্য নিহত আৰু কেইবাজনো গুৰুতৰভাৱে আহত হয়।

এই ঘটনাই উত্তৰ-পূবাঞ্চলৰ গোপন সংঘটনসমূহ আৰু সীমান্তৰ সুৰক্ষা ব্যৱস্থাক লৈ নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে।

ULFA-I :ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাত জড়িত নহয় অসম আৰক্ষী

ULFA-I :ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাত জড়িত নহয় অসম আৰক্ষী
ULFA-I :ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাত জড়িত নহয় অসম আৰক্ষী

ম্যানমাৰস্থিত আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ ঘটনা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।(ULFA-I)

ম্যানমাৰস্থিত আলফা (স্বা)ৰ কেম্পত ভয়াৱহ আক্ৰমণ ভাৰতীয় সেনাৰ।


পুৱতি নিশা ভাৰতীয় সেনাই আক্ৰমণ কৰিলে আলফা (স্বা)ৰ কেম্পত।


আলফা (স্বাঃ)ৰ ৪টা শিবিৰত ড্রোনেৰে আক্ৰমণ সেনাৰ।


লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যুৰ খবৰ কেইবাজনো আলফা (স্বাঃ)ৰ সদস্য হতাহত ১০০খন ড্রোনেৰে ১৫০টা বোমা নিক্ষেপ ভাৰতীয় সেনাৰ।

নয়ন অসমৰ অন্ত্যেষ্টিক্রিয়া সময়তে পুনৰ সেনাৰ মিছাইল আক্ৰমণ আলফা স্বাধীনৰ শিবিৰত।

মিছাইল আক্রমণ নিহত দুজন আলফা কেডাৰ, সেনাৰ আক্ৰমণত নিহত গণেশ অসম আৰু প্ৰদীপ অসম।

আলফা (স্বাঃ)ৰ শিবিৰত ড্ৰোণ আক্ৰমণৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

মই আলফা (স্বাঃ)ৰ প্ৰেছ বিবৃতিৰ পৰা অৱগত হৈছোঁ, অসম ভূমিৰ পৰা কোনো আক্রমণ চলোৱা নাই। অসম আৰক্ষী এই আক্রমণত জড়িত নাই। বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্রয়োজন আছে বুলি মুখ্যমন্ত্রীৰ।

heatwave: গৰমে দহিছে ৰাজ্যবাসীক, কোন জিলাত কিমান তাপমাত্ৰা ?

heatwave: গৰমে দহিছে ৰাজ্যবাসীক, কোন জিলাত কিমান তাপমাত্ৰা ?
heatwave: গৰমে দহিছে ৰাজ্যবাসীক, কোন জিলাত কিমান তাপমাত্ৰা ?

আজি সূৰ্য্যৰ তাপে দহিছে ৰাজ্যবাসীক। (heatwave) গুৱাহাটীত গৰমৰ তাপমাত্ৰা আজি ৩৯ ডিগ্ৰী। আজি গৰমে ভংগ কৰিলে সৰ্বকালৰ সকলো অভিলেখ। অত্যাৱশ্যকীয় কাম যদি নাথাকে ঘৰৰ ভিতৰতে থাকক। ঘৰৰ পৰা বাহিৰলৈ গ’লেও সাৱধানে যাব। পানী বটল, স্কাৰ্ফ, চাটি লগত লৈ যাব। মাজে পানী, নেমু পানী, ডাব খাবলৈ নাপাহৰিব। পৰাপক্ষত শিশু আৰু বৃদ্ধসকলক ঘৰতে ৰাখিব।

ৰাজ্যৰ বিভিন্ন জিলাত আজি বাঢ়িছে তাপমাত্ৰা। গুৱাহাটীত ৩৭ ডিগ্ৰী, নগাঁৱত গৰমৰ তাপমাত্ৰা ৩৯ ডিগী, ডিব্ৰুগড়ৰত ৩৭ ডিগ্ৰী, শিৱসাগৰত ৩৭ ডিগ্ৰী, ধুবুৰীত ৩৭ ডিগ্ৰী, মঙলদৈত ৩৮ ডিগ্ৰী। অত্যাৱশকীয় কাম নহ’লে একেবাৰে নোলাব ঘৰৰ ভিতৰৰ পৰা। গৰমৰ দিনকেইটা খোৱা-বোৱা ক্ষেত্ৰটো দিব গুৰুত্ব। য’ধে-ম’ধে খাদ্য নাখাব। শিশু আৰু বৃদ্ধক বাহিৰাৰ খাদ্য একেবাৰে নোখোৱাব।

Archita Phukan: অৰ্চিতাৰ ভুৱা ফটো, ভিডিঅ’ আপলোড কৰি ১০ লাখ টকা সংগ্ৰহ প্ৰাক্তন প্ৰেমিকৰ

Archita Phukan: অৰ্চিতাৰ ভুৱা ফটো, ভিডিঅ' আপলোড কৰি ১০ লাখ টকা সংগ্ৰহ প্ৰাক্তন প্ৰেমিকৰ
Archita Phukan: অৰ্চিতাৰ ভুৱা ফটো, ভিডিঅ' আপলোড কৰি ১০ লাখ টকা সংগ্ৰহ প্ৰাক্তন প্ৰেমিকৰ

অৰ্চিতা ফুকনৰ ঘটনা সন্দৰ্ভত (Archita Phukan) ডিব্ৰুগড় আৰক্ষীৰ সংবাদমেল সম্বোধন। সংবাদমেলত আৰক্ষীৰ বিস্ফোৰক তথ্য প্ৰকাশ। আনহাতে শনিবাৰে ৰাতি অৰ্চিতা ফুকনৰ ৰহস্য ফাদিল হৈছিল। কোনো নীলা ছবিৰ নায়িকা নহয় অৰ্চিতা ফুকন। ডিব্ৰুগড়ৰ এগৰাকী বিৱাহিতা মহিলা অৰ্চিতা ফুকন। মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিকে AIৰ সহায়ত এনে নিকৃষ্ট কাম কৰিছিল। ঘটনাৰ সন্দৰ্ভত প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক গ্ৰেপ্তাৰ।

অৰ্চিতাৰ বিভিন্ন ফটো মৰ্ফ কৰিছিল প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহ AIৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল। য’ত মাত্ৰ অৰ্চিতাৰ মুখমণ্ডলৰ সামান্য অংশহে মিল আছিল। মুখমণ্ডলৰ বাদে দেহৰ বাকী অংশ AIৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল।

সেই ফটো ভিডিঅ’ সমূহ শ্বেয়াৰ কৰা হৈছিল সামাজিক মাধ্যমত। কেৱল ফটো বিকৃত কৰাই নহয়, পৰ্ণ চাইটত অৰ্চিতাৰ ভুৱা ভিডিঅ’ আপলোড কৰি প্ৰাক্তন প্ৰেমিকে সংগ্ৰহ কৰিছিল ১০ লাখ টকা। অৰ্চিতা আৰু প্ৰতিম দুয়ো একেলগে পঢ়া অৰ্চিতাৰ ফুকনক হাৰাশাস্তি কৰিবৰ বাবেই এনে নিকৃষ্ট কাম কৰিছিল মেকানিকেল ইঞ্জিনীয়া প্ৰতিম বৰাই। আনহাতে এতিয়ালৈকে প্ৰতিমৰ এই কু-কাণ্ডৰ সৈতে অন্য কোনো ব্যক্তি জড়িত থকা সম্ভেদ পোৱা গৈছে।

Dron Leucas: দ্ৰোণ শাকৰ আছে আচৰিত উপকাৰিতা

Dron Leucas: দ্ৰোণ শাকৰ আছে আচৰিত উপকাৰিতা
Dron Leucas: দ্ৰোণ শাকৰ আছে আচৰিত উপকাৰিতা

দ্ৰোণ এবিধ ফুলৰ উদ্ভিদ দেখাত (Dron Leucas) অতি সাধাৰণ, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ই অতি উপকাৰী। অৱশ্যে খোৱাৰ আগতে কিছুমান বস্তুৰ যত্ন লোৱাটো প্ৰয়োজনীয়।

আমাৰ চৌপাশে বহুতো উদ্ভিদ আছে যিবোৰ আমি প্ৰায়ে আওকাণ কৰো, ইয়াৰে কিছুমান ঔষধি গুণেৰে সমৃদ্ধ আৰু আমাৰ স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হয়। ‘দ্ৰোণ’ও এনে এবিধ উদ্ভিদ, যাৰ গুণৰ বাবে আয়ুৰ্বেদত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দ্ৰোণশাকৰ পাত হওক, ফুল হওক, শিপা হওক বা ঠাৰি হওক… প্ৰতিটো অংশই কোনোবা নহয় কোনোবা ৰোগৰ চিকিৎসাত উপযোগী।

দ্ৰোণশাক কিয় উপকাৰী?

আমেৰিকাৰ নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি দ্ৰোণ উদ্ভিদবিজ্ঞানৰ নাম Leucas aspera। গোটেই উদ্ভিদটোত ট্ৰাইটাৰপেন’ইড নামৰ মৌল থাকে, য’ত অলিয়ানোলিক এচিড, উৰছলিক এচিড আৰু বিটা-চিট’ষ্টেৰল আদি অন্তৰ্ভুক্ত। ইয়াৰ ওপৰৰ অংশত নিকোটিন, ষ্টেৰল আৰু কিছুমান নতুন এলকেল’ইড পোৱা গৈছে। ইয়াৰ উপৰিও ইয়াত গেলেক্ট’জ আৰু গ্লুক’চাইডৰ দৰে চেনি থাকে।

এই শাকৰ পাতত বহু ধৰণৰ তেলীয়া আৰু সুগন্ধি পদাৰ্থ থাকে, ইয়াৰে ইউ-ফাৰ্নেচিন, এক্স-থুজেন আৰু মেন্থল আটাইতকৈ বেছি। কিছুমান বিশেষ মৌল যেনে এমাইল প্ৰপিঅ’নেট আৰু আইছ’এমাইল প্ৰপিয়নেটও ফুলত পোৱা যায়। ইয়াৰ বীজত বহু প্ৰকাৰৰ ফেটি এচিড থাকে, যেনে পালমিটিক এচিড, ষ্টেয়াৰিক এচিড, অলিক এচিড আৰু লিনোলিক এচিড। বীজৰ তেলত বিটা-চিট’ষ্টেৰল আৰু চেৰিল এলক’হলও থাকে।

উদ্ভিদৰ ঠাৰি আৰু শিপাত লিউক’লেক্টন নামৰ এবিধ মৌল থাকে। এই সকলোবোৰ উপাদান মিলি দ্ৰোণপুষ্পীক ঔষধি গুণেৰে ভৰপূৰ কৰি তোলে। এই উদ্ভিদবিধৰ এন্টিমাইক্ৰ’বিয়াল, এন্টিঅক্সিডেন্ট আৰু আন বহুতো ঔষধি গুণ আছে, গতিকে ইয়াক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়।

জ্বৰত এই উদ্ভিদ অতি উপকাৰী। স্বাভাৱিক জ্বৰ হওক, মেলেৰিয়া হওক, টাইফয়েড হওক বা আন যিকোনো সমস্যা হওক, ড্ৰোনপুছপিৰ কাপ খালে জ্বৰ সোনকালে কমি যায়। ইয়াৰ পাতৰ ৰস উলিয়াই শৰীৰত লগালেও শীতলতা পোৱা যায় আৰু বিষ কমায়।

পেটৰ সমস্যাতো ই অতি সহায়ক। যদি আপুনি বদহজম, গেছ, পেট ফুলা বা ডায়েৰিয়াৰ দৰে সমস্যাত ভুগিছে, তেন্তে দ্ৰোণ শাক খালে বা কাপ বনাই খালে হজম শক্তি মজবুত হয় আৰু লগতে ভোক বাঢ়ে।

দ্ৰোণশাকে বাতবিষ আৰু গাঁঠিৰ বিষত আক্ৰান্ত লোকৰ বাবেও সকাহ কঢ়িয়াই আনে।

ইয়াৰ পাতৰ ৰস বা পেষ্ট প্ৰয়োগ কৰিলে ছালৰ লগত জড়িত ৰোগ যেনে ৰিংৱৰ্ম, খজুৱতি, ঘাঁ বা অন্যান্য সংক্ৰমণতো উপকাৰী, কিয়নো ইয়াৰ এন্টিচেপ্টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে।

শ্বাস-প্ৰশ্বাসজনিত ৰোগতো দ্ৰোণশাকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ৰস আদা আৰু মৌ মিহলাই খালে কাহ, চৰ্দি আৰু উশাহ-নিশাহৰ সমস্যাত যথেষ্ট উপশম পোৱা যায়।

জণ্ডিচ আৰু যকৃতৰ ৰোগত দ্ৰোণ শিপাৰ গুড়ি খালে যকৃত ভাল হয় আৰু জণ্ডিচৰ সমস্যা হ্ৰাস পায়। ইয়াৰ পাতৰ ৰস চকুত লগালে বা কাজলৰ দৰে লগালেও চকুৰ ৰোগ নিৰাময় হয়।

ইয়াৰ গুটিৰ অনিদ্ৰা সমস্যাৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ৰক্তহীনতা, ডায়েবেটিছ, মৃগীৰোগ আদি ৰোগতো সহায় কৰে। ই শৰীৰৰ ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

দ্ৰোণ শাক আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ নকৰিব, কাৰণ কেতিয়াবা ইয়াৰ অত্যধিক পৰিমাণে পেটৰ বিষ বা এলাৰ্জী হ’ব পাৰে। বিশেষকৈ গৰ্ভৱতী আৰু স্তন্যপায়ী মহিলাসকলে সাৱধানে ব্যৱহাৰ কৰিব লাগে।

Srinivasa Rao: প্ৰবীণ তেলেগু অভিনেতা তথা প্ৰাক্তন বিজেপি বিধায়ক শ্ৰীনিবাস ৰাওৰ দেহাৱসান

Srinivasa Rao: প্ৰবীণ তেলেগু অভিনেতা তথা প্ৰাক্তন বিজেপি বিধায়ক শ্ৰীনিবাস ৰাওৰ দেহাৱসান
Srinivasa Rao: প্ৰবীণ তেলেগু অভিনেতা তথা প্ৰাক্তন বিজেপি বিধায়ক শ্ৰীনিবাস ৰাওৰ দেহাৱসান

প্ৰবীণ অভিনেতা শ্ৰীনিবাস(Srinivasa Rao)ৰাওৰ দেহাৱসান। তেলেগু অভিনেতা লগতে প্ৰাক্তন বিজেপি বিধায়ক কোটা শ্ৰীনিবাস ৰাওৰ ৮৩ বছৰ বয়সত দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শ্ৰীনিবাস ৰাও।

দেওবাৰে পুৱতি নিশা ৮৩ সংখ্যক জন্মদিনৰ দুদিন পিছতেই হায়দৰাবাদৰ জুবিলী হিলছৰ ফিল্মনগৰত থকা নিজৰ বাসগৃহত মৃত্যু হয়।

অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাৰ কাংকিপাডুত জন্মগ্ৰহণ কৰা মিষ্টাৰ ৰাৱে ১৯৭৮ চনত ‘প্ৰণম খৰিধু’ ছবিৰে অভিষেক ঘটাইছিল ছবি জগতত। চাৰি দশকৰো অধিক সময় ধৰি তেলেগু, তামিল, কানাড়া, আৰু হিন্দী ভাষাৰ ৭৫০খনতকৈও অধিক ছবিত অভিনয় কৰি বিশেষকৈ খলনায়ক আৰু চৰিত্ৰৰ চৰিত্ৰত বহুমুখী অভিনয়ৰ বাবে খ্যাতি অৰ্জন কৰিছিল শ্ৰীনিবাস ৰাওে।

ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে ২০১৫ চনত পদ্মশ্ৰী বঁটা, ৯টা নন্দী বঁটাকে ধৰি অসংখ্য বঁটা লাভ কৰিছিল।

অভিনয় জীৱনৰ বাহিৰেও ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে বিজয়াৱাড়া পূব বিধানসভা সমষ্টিৰ পৰা বিজেপি বিধায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেলেগু চলচ্চিত্ৰ উদ্যোগে কিংবদন্তি অভিনেতাগৰাকীক হেৰুৱাই শোক প্ৰকাশ কৰিছে, সহকৰ্মী আৰু অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জনাইছে।