অভিযোগ অনুসৰি, এই সমগ্ৰ ঘটনাৰ মূলতত্বত আছিল অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বরা। প্রতিম বৰাই কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত অৰ্চিতাৰ মুখ মর্ফ কৰি বিভিন্ন আপত্তিজনক ফটো আৰু ভিডিঅ’ প্ৰস্তুত কৰিছিল। জানিব পৰা মতে, ভাইৰেল হোৱা ফটোসমূহত কেৱল মুখখনহে আৰ্জিনেল আছিল, বাকী দেহৰ অংশ সম্পূৰ্ণৰূপে মর্ফ কৰি সৃষ্টি কৰা হৈছিল।
এই কাণ্ডৰ ফলস্বৰূপে অৰ্চিতা চাইবাৰ ক্ৰাইমৰ বলি হয়। ছচিয়েল মিডিয়াত অতি তীব্ৰভাৱে ভাইৰেল হোৱা ফটো আৰু ভিডিঅ’সমূহে অৰ্চিতাৰ ব্যক্তিগত জীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰি তোলে। মুঠতে, এটা নিৰীহ মহিলাৰ ওপৰত এক ভয়ংকৰ মানসিক অত্যাচাৰ চলোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।
এই বিষয়টো এখন স্থানীয় বাতৰি সংস্থাৰে আৰম্ভ হৈ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেৰে ধৰি ব্যাপকভাৱে প্ৰকাশ পায়। অধিকাংশ সংবাদ মাধ্যমেও প্ৰাথমিকভাৱে ভাইৰেল ফটো দেখি তথ্য যাচাই নকৰাকৈ খবৰ প্ৰচাৰ কৰে, যাৰ ফলত অৰ্চিতাৰ মানহানি ঘটে।
মিৰ্জাত সদৌ অসম কবি সন্মিলনৰ কৃষ্ণচূড়া কবি সন্মিলন গঠন । All Assam Poet's Association
All Assam Poet’s Association । বিশিষ্ট কবি, লেখিকা ড° শেৱালী কলিতা দাসৰ তত্ত্বাবধানত মিৰ্জা ছোৱালী হাইস্কুলত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত জালুকবাৰীৰ পৰা আদি কৰি ধাৰাপুৰ, আজাৰা, ৰাণী, মিৰ্জা, বিজয়নগৰ, পলাশবাৰীলৈকে বিস্তৃত অঞ্চল সামৰি ‘কৃষ্ণচূড়া কবি সন্মিলন’ নামেৰে এটি কাব্যিক অনুষ্ঠান গঠনৰ লগতে কবিতা আবেলি কাৰ্যসূচী সুকলমে অনুষ্ঠিত হয়।
অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট কবি, লেখক তথা কামৰূপ জিলা কবি সন্মিলনৰ আহ্বায়ক অচ্যুৎ কলিতাই। সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকল ক্ৰমে সৰ্বশ্ৰী কৃষ্ণ দৈমাৰী, সম্পাদক, সদৌ অসম কবি সন্মিলন, ২) মৃণাল কুমাৰ বৰা, সাংগঠনিক সম্পাদক, সদৌ অসম কবি সন্মিলন, ৩) শোভন কুমাৰ মেধি, ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য আৰু সাংগঠনিক সম্পাদক, কামৰূপ মহানগৰ জিলা কবি সন্মিলন, ৪) কুমাৰ ৰাহুল, ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য আৰু সহ সম্পাদক, কামৰূপ মহানগৰ জিলা কবি সন্মিলন ৫) ড° শেৱালী কলিতা দাস, আহ্বায়িকা, কামৰূপ জিলা কবি সন্মিলন, ৬)হেমেন চন্দ্ৰ হাজৰিকা, আহ্বায়ক, কামৰূপ জিলা কবি সন্মিলন আৰু বৃহত্তৰ জালুকবাৰী, আজাৰা, মিৰ্জা, পলাশবাৰী অঞ্চলৰ বিশিষ্ট কবি, লেখক ও গন্যমান্য ব্যক্তি সকল। সভাত ক্ৰমে কবি হিমাজ্যোতি তালুকদাৰক সভাপতি, প্ৰণতি দাসক সাধাৰণ সম্পাদক, পাৰিণা দত্ত বৰা, ৰূপা দাস ঠাকুৰীয়া আৰু মামনি কলিতাক উপ সভাপতি, ৰিজুমণি বৰা কলিতা, চম্পা কলিতা আৰু সংগীতা ৰাজবংশীক সহকাৰী সম্পাদক, জোন গোস্বামীক সাংগঠনিক সম্পাদক, জিতুমণি শৰ্মাক প্ৰচাৰ সম্পাদক, কিশোৰ কুমাৰ কলিতাক পত্ৰিকা সম্পাদক, লক্ষ্মী দাসক কোষাধক্ষ্য, আৰু কাৰ্যনিৰ্বাহক সদস্য হিচাপে চুম্পি মণি কলিতা, ফুলমণি দাস, কৰবী নাথ, সুনীল দাস, পলী কলিতাক লৈ ১৭ জনীয়া কৃষ্ণচূড়া কবি সন্মিলনখনি পূৰ্ণাংগৰূপত গঠন কৰা হয়। উপদেষ্টা হিচাপে মনোনীত কৰা বিশিষ্ট ব্যক্তি সকল হ’ল ড° শেৱালী দাস কলিতা, ড° প্ৰশান্ত বৰা, ৰতন তালুকদাৰ, চবিন চন্দ্ৰ নাথ, হেমেন চন্দ্ৰ হাজৰিকা, কমলা কলিতা,মিলন মহন্ত । সভাত কুৰি জনতকৈও অধিক কবিয়ে স্বৰচিত কবিতা পাঠ আৰু গীত পৰিবেশন কৰে।