Home Blog Page 117

World’s Oldest Elephant Vatsala: অন্তিম নিদ্ৰাত বিশ্বৰ আটাইতকৈ বয়সীয়াল হাতী বাটছালাৰ

World's Oldest Elephant Vatsala: অন্তিম নিদ্ৰাত বিশ্বৰ আটাইতকৈ বয়সীয়াল হাতী বাটছালাৰ
World's Oldest Elephant Vatsala: অন্তিম নিদ্ৰাত বিশ্বৰ আটাইতকৈ বয়সীয়াল হাতী বাটছালাৰ

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিশ্বৰ (World’s Oldest Elephant Vatsala) আটাইতকৈ বয়সীয়াল হাতী বাটছালাই৷ ১০০ বছৰ অতিক্ৰম কৰা বাটছালা নামৰ হাতীটোৱে মধ্যপ্ৰদেশৰ পান্না টাইগাৰ ৰিজাৰ্ভত মৃত্যুবৰণ কৰে৷

হিনাউতা হাতী শিবিৰত হাতীটোৰ মৃত্যু হোৱা বুলি সংৰক্ষিত বনাঞ্চলখনৰ ৰেঞ্জাৰ আৰ পি আৰ্গাৰিয়াই জানিবলৈ দিয়ে৷ ‘মঙলবাৰে সকলোতকৈ প্ৰিয় হাতী বাটছালাৰ মৃত্যু ঘটে৷ বহু দিন ধৰি হাতীটো অসুস্থ হৈ আছিল’– বন সংৰক্ষক তথা ক্ষেত্ৰ পৰিচালক অঞ্জনা সুচিতা তিৰ্কী আৰু উপ-সঞ্চালক মোহিত সুদৰ লগতে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ কৰ্মচাৰীসকলে মৃত হাতীটোক সুঁৱৰি এই কথা ব্যক্ত কৰে৷ তিৰ্কীয়ে কয় যে যথাযথ সন্মানেৰে বাটছালাক দশক দশক থকা একেটা শিবিৰতে দাহ কৰা হৈছিল৷

বিগত কেইসপ্তাহমান ধৰি বাটছালাৰ শৰীৰ ভাল নাছিল৷ বয়স বাঢ়ি অহাৰ বাবে বছৰ বছৰ ধৰি হাতীটোক অৰণ্যৰ কোনো কাম নিযুক্ত কৰা হোৱা নাছিল৷ অভিজ্ঞ মাউট আৰু বন বিভাগৰ পশু চিকিৎসকৰ তত্ত্বাৱধানত হাতীটোৰ যত্ন লোৱা হৈছিল৷ কিছুদিন পূৰ্বে বাটছালা এটা নলাত পৰি আঘাতপ্ৰাপ্ত হৈছিল৷

হাতীটোক ২৪ ঘণ্টাই চিকিৎসা সেৱা আৰু ফল-মূল খাদ্য হিচাপে যোগান ধৰা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটিছিল৷ চকুৰ ছানি পৰাৰ ফলত হাতীটোৰ দৃষ্টিশক্তিও স্বাভাৱিকতে কমি আহিছিল আৰু চলন-ফুৰণতো ইয়াৰ প্ৰভাৱ পৰিছিল৷

Mouth Smell: মুখ মেলিলেই মুখৰ দুৰ্গন্ধৰ বাবে লাজত পৰে নেকি?

Mouth Smell: মুখ মেলিলেই মুখৰ দুৰ্গন্ধৰ বাবে লাজত পৰে নেকি?
Mouth Smell: মুখ মেলিলেই মুখৰ দুৰ্গন্ধৰ বাবে লাজত পৰে নেকি?

আপুনি প্ৰায়ে দেখিছে যে আজিকালি মানুহবোৰ মুখৰ দুৰ্গন্ধৰ বাবে লাজৰ সন্মুখীন হয়। (Mouth Smell) এই ধৰণৰ সমস্যাক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা হেলিট’ছিছ বুলি কোৱা হয়। মুখৰ দুৰ্গন্ধ আজিকালি এটা সাধাৰণ সমস্যা, যিটো বহু কাৰণত হ’ব পাৰে। মুখৰ দুৰ্গন্ধ এটা সাধাৰণ সমস্যা যদিও সঠিক যত্ন আৰু চিকিৎসাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

মুখৰ যত্নৰ টিপছ-
নিয়মীয়াকৈ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, উপযুক্ত খাদ্য গ্ৰহণ কৰা, স্বাস্থ্যজনিত সমস্যাৰ সময়মতে চিকিৎসা লাভ কৰাটো ইয়াৰ পৰা হাত সাৰিবলৈ গুৰুত্বপূৰ্ণ।

দুৰ্গন্ধৰ কাৰণ-
মুখৰ দুৰ্গন্ধৰ এটা প্ৰধান কাৰণ হ’ল আপোনাৰ হজম শক্তি সঠিক নহয়। অন্ত্ৰত খাদ্য পচিবলৈ আৰম্ভ কৰিলে মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয়। কোষ্ঠকাঠিন্যও মুখৰ দুৰ্গন্ধৰ কাৰণ হ’ব পাৰে।

ঘৰুৱা উপায়েৰে দুৰ্গন্ধৰ চিকিৎসা (Treatment of bad breath)-
দাঁত সঠিকভাৱে পৰিষ্কাৰ কৰা-
যিকোনো প্ৰতিকাৰ কৰাৰ আগতে দিনটোত দুবাৰকৈ দাঁত ভালদৰে ব্ৰাছ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।

অধিক পানী খাব-
মুখৰ দুৰ্গন্ধৰ পৰা আঁতৰি থাকিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যিমান পাৰি পানী খোৱা।

তুলসীৰ পাত-
তুলসীৰ পাত চোবাই খালেও মুখৰ দুৰ্গন্ধ দূৰ হয়। ইয়াৰ উপৰিও তুলসী মুখৰ যিকোনো ঘাঁৰ বাবেও উপকাৰী।

গ্ৰীণ টি-

গ্ৰীণ টিয়ে মুখৰ দুৰ্গন্ধ কম কৰিব পাৰে। ইয়াত এন্টিবেক্টেৰিয়েল উপাদান থাকে যিয়ে মুখৰ দুৰ্গন্ধ আঁতৰাই পেলায়।

Guru Purnima 2025: আজি গুৰু পূৰ্ণিমাঃ ৫ ৰাশিৰ ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি বাঢ়িব !

Guru Purnima 2025: আজি গুৰু পূৰ্ণিমাঃ ৫ ৰাশিৰ ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি বাঢ়িব !
Guru Purnima 2025: আজি গুৰু পূৰ্ণিমাঃ ৫ ৰাশিৰ ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি বাঢ়িব !

আজি পৱিত্ৰ গুৰু পূৰ্ণিমা। (Guru Purnima 2025) গ্ৰহ-নক্ষত্ৰসমূহে এক অতি শুভ স্থান গঠন কৰিছে। গজকেছাৰী ৰাজ্যযোগ, মালব্য ৰাজযোগ, আইন্দ্ৰ যোগকে ধৰি বহুতো শুভ যোগ গঢ় লৈ উঠিছে, এয়া ৫ ৰাশিৰ বাবে অতি শুভ।

গুৰু পূৰ্ণিমাত সূৰ্য্য আৰু গুৰুৱে মিলি মিথুন ৰাশিত গুৰু আদিত্য ৰাজযোগ গঠন কৰিছে। ইয়াৰ সমান্তৰালকৈ গুৰুৰ চন্দ্ৰৰ দৰ্শনে গজকেছাৰী ৰাজযোগ গঠন কৰি আছে। ইয়াৰ বাহিৰেও শুক্ৰ নিজৰ ৰাশিত বৃষ ৰাশিত থকাৰ বাবে মালব্য ৰাজযোগ গঠন কৰি আছে। ইয়াৰ লগতে আইন্দ্ৰ যোগৰ সংমিশ্ৰণো আছে। এই সকলোবোৰ শুভ যোগে ১২টা ৰাশিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। য’ত ৫ টা ৰাশিৰ অতি ইতিবাচক প্ৰভাৱ পৰিব।

বৃষ ৰাশি-
গুৰু পূৰ্ণিমাৰ দিনা গঠিত শুভ যোগেদি বৃষ ৰাশিৰ লোকক বহু উপকাৰ দিব। আপোনাৰ স্বভাৱৰ ইতিবাচক পৰিৱৰ্তনে আপোনাক জনপ্ৰিয় কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি উন্নত হ’ব। নতুন চাকৰিৰ সুযোগ পাব পাৰে। আপুনি আৰ্থিক সুবিধা পাব। আপুনি হয়তো এটা ডাঙৰ কৃতিত্ব অৰ্জন কৰিব।

মিথুন ৰাশি-
গুৰু পূৰ্ণিমাৰ দিনা গঠিত শুভ যোগেদি মিথুন ৰাশিৰ লোকসকলক ব্যক্তিগত আৰু বৃত্তিগত দুয়োটা জীৱনত উপকৃত কৰিব। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব। আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব। আপোনাৰ সন্মান বাঢ়িব। আপোনাৰ কথাত মানুহ আপ্লুত হ’ব। বিবাহিত জীৱনত সুখৰ হ’ব। প্ৰেম জীৱন ভাল হ’ব।

তুলা ৰাশি-
এই সময় তুলা ৰাশিৰ লোকৰ বাবে ইতিবাচক। ক্ষিপ্ৰতাৰে সম্পূৰ্ণ হ’ব বাকী থকা কাম। নতুন কাম আৰম্ভ কৰিবলৈও ভাল সময়। ব্যৱসায়ীসকলে লাভৱান হ’ব। যদি আপুনি নতুন নতুন কথা শিকিবলৈ মনোনিৱেশ কৰে, তেন্তে ভৱিষ্যতে ই অতি উপকাৰী হ’ব পাৰে। জ্ঞান বাঢ়িব। অৰ্থনৈতিক অগ্ৰগতি হ’ব।

বৃশ্চিক ৰাশি-
গুৰু পূৰ্ণিমাৰ দিনা গ্ৰহৰ শুভ সংমিশ্ৰণে বৃশ্চিক ৰাশিৰ লোকক আৰ্থিক সুবিধা প্ৰদান কৰিব। বহুদিনৰ মূৰত আপুনি আৰ্থিকভাৱে শক্তিশালী অনুভৱ কৰিব। চাকৰিৰ বাবে চেষ্টা কৰা মানুহে ডাঙৰ কোম্পানীৰ পৰা অফাৰ পাব পাৰে। অবিবাহিত লোকেও বিবাহৰ প্ৰস্তাৱ পাব পাৰে। মাতৃৰ স্বাস্থ্যৰ উন্নতি হব।

ধনু ৰাশি-
গুৰু পূৰ্ণিমাই ধনু ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। কৰ্ম আৰু জীৱনক লৈ আপুনি সুখী অনুভৱ কৰিব। আপোনাৰ অভিনয় ভাল হ’ব। সমাজত সন্মান পাব। অবিবাহিত মানুহৰ বিয়া হোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস উচ্চ হৈ থাকিব, যাৰ বাবে আপুনি সেই সিদ্ধান্তবোৰ ল’ব পাৰিব যিবোৰ আপুনি এতিয়ালৈকে ল’ব পৰা নাছিল।

Live-in Relationship: লিভ-ইন ৰিলেশ্বনশ্বিপৰ পৰিণতি অতি ভয়ংকৰ!

Live-in Relationship: লিভ-ইন ৰিলেশ্বনশ্বিপৰ পৰিণতি অতি ভয়ংকৰ!
Live-in Relationship: লিভ-ইন ৰিলেশ্বনশ্বিপৰ পৰিণতি অতি ভয়ংকৰ!

লিভ-ইন ৰিলেশ্বনশ্বিপৰ পৰিণতি অতি ভয়ংকৰ।(Live-in Relationship)বৰ্তমান সময়ত লিভ-ইন ৰিলেশ্বনশ্বিপৰ জনপ্ৰিয়তা বাঢ়িছে।প্ৰাপ্তঃবয়ষ্ক প্ৰায় যুৱক-যুৱতীক লিভ-ইন ৰিলেশ্বনশ্বিপ থকা পৰিলক্ষিত হয়।কিন্ত লিভ-ইন ৰিলেশ্বনশ্বিপ কাৰোবাৰ বাবে বাল যদিও আনকাৰোবাৰ বাবে ভয়ংকৰ। আমি প্ৰায়ে শুনোঁ লিভ-ইন ৰিলেশ্বনশ্বিপত থকা যুৱক-যুৱতীৰ মৃত্যুৰ কাহিনী। তেনে ঘটনা পুনৰ সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।

গুৱাহাটীৰ কাহিলিপাৰা কল্যাণী নগৰৰ ভাড়াঘৰত প্ৰেমিক-প্ৰেমিকাৰ চৰম পন্থাৰ সিদ্ধান্ত। প্ৰেমিকা বৰ্তমান চিকিৎসাধীন হৈ আছে। প্ৰেমিকাক সংকটজনক অৱস্থাত হায়াট হাস্পতালত ভৰ্তি। কাহিলিপাৰা কল্যাণী নগৰৰ ভাড়াঘৰত প্ৰেমিক-প্ৰেমিকাৰ চৰম পন্থাৰ সিদ্ধান্ত ঘৰৰ ভিতৰতে চৰম পন্থা প্রেমিক নৱজ্যোতি তালুকদাৰৰ। সম্পৰ্কত সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা নৱজ্যোতি তালুকদাৰৰ মৃতদেহ।

গতিকে ভাবি চাওক এই লিভ-ইন ৰিলেশ্বনশ্বিপৰ পৰিণতি কিমান ভয়ংকৰ হ’ব পাৰে। এই সম্পৰ্কক লৈ আপুনি কি ভাবে?

Tamulpur ABVP News: তামুলপুৰত এবিভিপিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান

Tamulpur ABVP News: তামুলপুৰত এবিভিপিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান
Tamulpur ABVP News: তামুলপুৰত এবিভিপিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান

তামুলপুৰত এবিভিপিৰ উদ্যোগত (Tamulpur ABVP News) কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাকে ধৰি বহু ব্যক্তি। এবিভিপিৰ তামুলপুৰ শাখাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত দুই শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস,ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক ড° বিমল দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ।

অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক দিশত আগুৱাই নিয়াত সাহস আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্য এবিভিপিয়ে এই সম্বৰ্ধনা অনুষ্ঠাটিৰ আয়োজন কৰে।

গোসাইগাঁৱৰ চাকমা,আমলাইগুৰীত হিতাধিকাৰী সন্মিলন আৰু সামাজিক-অৰ্থনৈতিক সজাগতা অনুষ্ঠান । Socio-economic Awareness

গোসাইগাঁৱৰ চাকমা,আমলাইগুৰীত হিতাধিকাৰী সন্মিলন আৰু সামাজিক-অৰ্থনৈতিক সজাগতা অনুষ্ঠান । Socio-economic Awareness
গোসাইগাঁৱৰ চাকমা,আমলাইগুৰীত হিতাধিকাৰী সন্মিলন আৰু সামাজিক-অৰ্থনৈতিক সজাগতা অনুষ্ঠান । Socio-economic Awareness

Socio-economic Awareness । গোসাঁইগাঁও মহকুমাৰ গুমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাকমাত আজি বিটিআৰ চৰকাৰৰ উদ্যোগত চৰকাৰৰ বিভিন্ন আচঁনিৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৱে বিগত সোতৰ বছৰে বিপিএফৰ কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় বিপিএফ চৰকাৰৰ সময়ত কোনো পৰিকল্পনা আছিল। কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ পৰা টকা আহিছিল , বিপিএফ চৰকাৰে কোনোধৰণৰ পৰিকল্পনা নকৰাকৈ ব্যয় কৰিছিল।

বিটিচিৰ কাম কৰা সমূহ ঠিকাদাৰ বাহিৰৰ আছিল। ফলত সম উন্নয়ন সম্ভৱ নাছিল। তেওঁ ইউপিপিএলৰ বিগত কাৰ্যকালৰ বিভিন্ন বিভাগৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰাৰ লগতে শিক্ষকৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগত নিযুক্তিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, বিধানসভা সমষ্টিৰ বিধায়ক জীৰন বসুমতাৰী, পাৰিষদ মাধব ছেত্ৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, গুমা টিচিএলচিচিৰ অধ্যক্ষ নুৰ হাছান আনছাৰীৰ লগতে কেইবাজনো নেতৃবৃন্দ উপস্থিত থাকে।অনুৰূপ ভাৱে যমদুৱাৰ পৰিষদীয় সমষ্টিৰ আমলাইগুৰীতো বিটিআৰ চৰকাৰৰ উদ্যোগত চৰকাৰৰ বিভিন্ন আচঁনিৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়।

গুজৰাটত ভয়ংকৰ দলং দুৰ্ঘটনা: ৯ জন নিহত । Gujarat

গুজৰাটত ভয়ংকৰ দলং দুৰ্ঘটনা: ৯ জন নিহত । Gujarat
গুজৰাটত ভয়ংকৰ দলং দুৰ্ঘটনা: ৯ জন নিহত । Gujarat

ডিজিটেল ডেস্ক: Gujarat । গুজৰাটৰ মহীসাগৰ নদীৰ ওপৰত অৱস্থিত এটা পুৰণি দলং ভাঙি পৰাৰ ফলত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এই মুহূৰ্তলৈ ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱা এই দুঃখজনক ঘটনাটো সংঘটিত হয়, য’ত প্ৰায় ৫খন বাহন পানীত পৰি যায়।

পোৱা তথ্য অনুসৰি, উক্ত দলংখন ১৯৮১চনৰ পৰা ১৯৮৫চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। বহুদিন ধৰি ব্যৱহাৰ হৈ অহা এই দলংখন ইতিমধ্যে যথেষ্ট দুৰ্বল হৈ পৰিছিল। এই কথা বিবেচনা কৰি গুজৰাট চৰকাৰে শেহতীয়াকৈ ২১২ কোটি টকা ব্যয়ত দলংখনৰ সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিছিল। সেই অনুসৰি, অতি গধুৰ বাহনসমূহৰ যাতায়াতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যদিও একাংশই এই নিৰ্দেশনা উপেক্ষা কৰিছিল বুলি অভিযোগ উঠিছে।

ঘটনাৰ পিছতেই গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে গম্ভীৰভাৱে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁ বিশেষজ্ঞৰ এটা দলে ঘটনাস্থলী পৰিদর্শন কৰি তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশো প্ৰদান কৰিছে।

এই দুৰ্ঘটনাই পুনৰ চৰকাৰী নিৰ্মাণ প্ৰকল্পৰ গুণগত মান আৰু নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। আহত আৰু নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ৰাজ্য চৰকাৰে।

অন্তিম প্ৰান্তলৈকে বেংকিং ব্যৱস্থাৰ সম্প্ৰসাৰণঃ সমগ্ৰ অসমতে বিত্তীয় অন্তৰ্ভুক্তি অভিযান আৰম্ভ২৭ জিলাত ২৬১ সজাগতা শিবিৰ সম্পন্ন । PMJDY

অন্তিম প্ৰান্তলৈকে বেংকিং ব্যৱস্থাৰ সম্প্ৰসাৰণঃ সমগ্ৰ অসমতে বিত্তীয় অন্তৰ্ভুক্তি অভিযান আৰম্ভ২৭ জিলাত ২৬১ সজাগতা শিবিৰ সম্পন্ন । PMJDY
অন্তিম প্ৰান্তলৈকে বেংকিং ব্যৱস্থাৰ সম্প্ৰসাৰণঃ সমগ্ৰ অসমতে বিত্তীয় অন্তৰ্ভুক্তি অভিযান আৰম্ভ২৭ জিলাত ২৬১ সজাগতা শিবিৰ সম্পন্ন । PMJDY

বিত্তীয় সেৱা বিভাগে ১ জুলাইৰপৰা ৩০ ছেপ্টেম্বৰলৈকে সকলো গাঁও পঞ্চায়তকে প্ৰধানমন্ত্ৰী জন ধন যোজনা (PMJDY), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY) আৰু অটল পেঞ্চন যোজনা (APY)-কে প্ৰমুখ্য কৰি বিত্তীয় অন্তৰ্ভুক্তিৰ মূল ধ্বজাবাহী আঁচনিসমূহৰে সংযুক্তকৰণৰ লক্ষ্যৰে এটি ৰাষ্ট্ৰজোৰা তিনি-মহীয়া অভিযানৰ শুভাৰম্ভ কৰিছে। গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত বিত্তীয় সুৰক্ষা আৰু স্থিতিস্থাপকতাক উৎসাহিতকৰণেৰে প্ৰতিগৰাকী যোগ্য নাগৰিকে উক্ত আঁচনিসমূহৰ সা-সুবিধা লাভ কৰাটো নিশ্চিতকৰণৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অসমৰ সকলো বেংকে ১ জুলাইৰপৰা এই অভিযানৰ আৰম্ভ কৰিছে আৰু ৭ জুলাইলৈকে ৰাজ্যখনৰ ২৭ খন জিলাত ২৬১ টা শিবিৰৰ আয়োজন কৰা হৈছে।

এই অভিযানত পিএমজেডিৱাই-ৰ অধীনস্থ বৰ্তমানৰ নিষ্ক্ৰিয় ছেভিংছ বেংক একাউন্টৰ কেৱাইচি-ৰ পুনৰ পৰীক্ষণ আৰু ইয়াৰ অধীনত বেংকিং ব্যৱস্থাৰে সংযুক্ত নোহোৱা প্ৰাপ্তবয়স্কসকলৰ বাবে নতুন বেংক একাউন্ট খোলাৰ দৰে মূল কাৰ্য্যকলাপসমূহত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও জীৱন আৰু দুৰ্ঘটনা বীমা ক’ভাৰেজ আগবঢ়াবলৈ পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই-ৰ অধীনত যোগ্য ব্যক্তিসকলক অন্তৰ্ভুক্তিকৰণত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি এই অভিযানে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত অৱসৰৰ পৰিকল্পনাক প্ৰসাৰিতকৰণৰ অৰ্থে অটল পেঞ্চন যোজনা (APY)-ত অন্তৰ্ভুক্তিৰ বাবে উৎসাহিত কৰিছে। ডিজিটেল জালিয়াতি প্ৰতিৰোধ, আনক্লেইমড ডিপ’জিট লাভ আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰি তুলিবলৈ সজাগতা অধিবেশনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

এই সন্দৰ্ভত অসমৰ অতিৰিক্ত মুখ্য সচিব ডঃ জে.বি. এক্কাৰ অধ্যক্ষতাত ২৪ জুনত জনতা ভৱনত বিশেষ ৰাজ্যিক পৰ্য্যায়ৰ বেংকাৰ কমিটিৰ (SLBC) এখন বৈঠক অনুষ্ঠিত হয়। ইয়াত অসমৰ সকলো গাঁও পঞ্চায়ততে চেচুৰেচন অভিযানৰ সফল ৰূপায়ণক সুনিশ্চিতকৰণত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত এছএলবিচি-ৰ আহ্বায়ক তথা ভাৰতীয় ষ্টেট বেংকৰ মহা প্ৰৱন্ধক শ্ৰী ছফল ত্ৰিপাথীয়ে সকলো সদস্য বেংককে এই অভিযানক সাফল্যমণ্ডিত কৰি তুলিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়।

বিত্তীয় সেৱা বিভাগে গ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় পদক্ষেপ তৃণমূল পৰ্য্যায়ৰ লোকসকলক গুৰুত্বপূৰ্ণ বিত্তীয় সেৱা, বীমা ক’ভাৰেজ আৰু পেঞ্চনৰ সুবিধা প্ৰদানৰ দিশত এক উল্লেখযোগ্য ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। তদুপৰি ইয়াৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত বিত্তীয় সাক্ষৰতা আৰু ডিজিটেল সজাগতা বৃদ্ধি কৰা, যিয়ে সামগ্ৰিক বিকাশ আৰু অৰ্থনৈতিক সবলীকৰণৰ বিস্তৃত লক্ষ্যকে সমৃদ্ধ কৰে।

দুলীয়াজানত বন্ধৰ প্ৰভাব মিশ্ৰিত ।নিয়মিত ভাৱে চলিল অইল ইণ্ডিয়াৰ কাম কাজ । খোলা থাকিল ব্যৱসায়িক প্ৰতিষ্ঠান । Duliajan

দুলীয়াজানত বন্ধৰ প্ৰভাব মিশ্ৰিত ।নিয়মিত ভাৱে চলিল অইল ইণ্ডিয়াৰ কাম কাজ । খোলা থাকিল ব্যৱসায়িক প্ৰতিষ্ঠান । Duliajan

Duliajan । দেশৰ ট্রেড ইউনিয়ন সমূহে আহ্বান জনোৱা ৰাষ্ট্ৰযোৰা ধৰ্মঘটৰ প্ৰভাৱ নপৰিল তৈল নগৰী দুলীয়াজানত ।১০ তাকৈ ট্রেড ইউনিয়নৰ ৯ দফীয়া দাবীৰ আহ্বানত দেশ স্তব্ধ হৈ পৰাৰ আশংকা কৰা হৈছিল যদিও ইয়াৰ সামান্যতমো প্ৰভাৱ পৰা দেখা নগল দুলীয়াজানত ।


কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিকবিৰোধী নীতিৰ বিৰুদ্ধে এই ধর্মঘটৰ আহ্বান জনাইছিল যদিও দুলীয়াজানৰ মতৰ পৰিবহণ সন্থাই সহাৰি জনাইছিল যদিও এই বন্ধৰ পতি কিছু সংখ্যক চালকেহে সঁহাৰি জনোৱা দেখা গল।

পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস পেলোৱাৰ ঘটনাঃ অভিযুক্ত মৃদুপৱন পাঠক আটক । Pork thrown at mosque in Assam’s Guwahati

পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস পেলোৱাৰ ঘটনাঃ অভিযুক্ত মৃদুপৱন পাঠক আটক । Pork thrown at mosque in Assam’s Guwahati

ডিজিটেল ডেস্ক: Pork thrown at mosque in Assam’s Guwahati । গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ঈদগাহ মছজিদত গাহৰি মাংস পেলোৱাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সদ্য গো-মাংস বিতর্কত উত্তপ্ত পৰিস্থিতিৰ মাজতে শনিবাৰে নিশা মছজিদৰ চৌহদত কোনো দুৰ্বৃত্তই গাহৰিৰ মাংসৰ টোপোলা পেলাই থৈ যোৱা ঘটনা সংঘটিত হয়।

এই ঘটনাৰ তদন্তত নামি দিছপুৰ আৰক্ষীয়ে বৰপেটাৰ পৰা মৃদুপৱন পাঠক নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰাৰ পাছত জেৰাৰ সময়ছোৱাত মৃদুপৱনে মছজিদত গাহৰি মাংস পেলোৱাৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীয়ে মৃদুপৱনৰ বিৰুদ্ধে গোচৰ নম্বৰ ৫৬৮/২৫, ধাৰা ১৯৬(২) BNS অনুযায়ী কাৰ্যসূচী আৰম্ভ কৰিছে। অভিযুক্ত মৃদুপৱন পাঠক বৰপেটাৰ ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

এই ঘটনা সম্পৰ্কে অধিক তদন্ত চলি আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।