Home Blog Page 118

ধুবুৰীত ৩৫০০ বিঘা মাটিত উচ্ছেদ অভিযানঃ উচ্ছেদিত জনতাৰ কাষত অখিল গগৈ, নিৰুদ্দেশ সাংসদ ৰকীবুল হুছেইন!Akil Gogi and Rakibul Hussain

Akil Gogi and Rakibul Hussain । চাপৰ উপবিভাগত চলি থকা বৃহৎ উচ্ছেদ অভিযানত ৩৫০০ বিঘা মাটি উচ্ছেদ কৰি প্ৰায় ২০০০ পৰিয়ালক উচ্ছেদ কৰাৰ ঘটনা এতিয়া ৰাজ্যজুৰি চর্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বহু সংখ্যালঘু পৰিয়াল মাটি হেৰুৱাই মুকলি আকাশৰ তলত ৰাতি কটাইছে।

এই গভীৰ সংকটৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ উচ্ছেদিত জনতাৰ কাষলৈ আগবাঢ়ি আহে। উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰিব গৈ অখিল গগৈক আটক হৈছিল অখিল গগৈ

সাংসদ ৰকীবুল হুছেইনক লৈ উচ্ছেদিত জনতাৰ মাজত চৰ্চা হৈছে , ক’ত নিৰুদ্দেশ হ’ল সাংসদ ৰকিবুল হুছেইন । বহুতে কৈছে,“নিবাচনৰ সময়ত মাত দিবলৈ আহে সাংসদ ৰকিবুল হুছেইন , এতিয়া বিপদৰ সময়ত নিৰুদ্দেশ হৈ আছে ! “

উচ্ছেদৰ এই দুঃসময়ত অখিল গগৈয়ে সংখ্যালঘু জনগোষ্ঠীৰ মাজত সাহস আৰু সহানুভূতিৰে আগবাঢ়ি অহা সন্দৰ্ভত বিৰাট চৰ্চা চলিছে। একাংশে এই ঘটনাক “মানৱিক দৃষ্টিভংগীৰ সঁচা উদাহৰণ” বুলি অভিহিত কৰিছে।

ইপিনে, আৰক্ষী-প্ৰশাসনে দাবী কৰিছে যে উচ্ছেদিত অঞ্চল চৰকাৰী মাটি, আৰু বহু বছৰৰপৰা অবৈধ দখলত আছিল।

তথাপিও, উচ্ছেদিত জনগণৰ প্ৰশ্ন স্পষ্ট — সংকটৰ সময়ত জনতাৰ প্ৰতি প্ৰতিনিধিৰ দায়িত্ব ক’ত?

অর্চিতা ফুকনৰ জীৱনী, বয়স, উচ্চতা, ভাইৰেল ভিডিঅ’, পৰিয়ালৰ নজনা বহু কথা । Archita Phukan

অর্চিতা ফুকন জীৱনী, বয়স, উচ্চতা, ভাইৰেল ভিডিঅ’, পৰিয়ালৰ নজনা বহু কথা । Archita Phukan
অর্চিতা ফুকন জীৱনী, বয়স, উচ্চতা, ভাইৰেল ভিডিঅ’, পৰিয়ালৰ নজনা বহু কথা । Archita Phukan

Archita Phukan । অর্চিতা ফুকন কোন?
অর্চিতা ফুকন, যাক সকলে “বেবিডল অর্চি” বুলি জনে, এগৰাকী ভাৰতীয় ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ, প্লাছ-চাইজ মডেল তথা ডিজিটেল কণ্টেন্ট ক্ৰিয়েটৰ। অসমৰ পৰা অহা অর্চিতাই ২০২৫ চনত “Dame Un Grrr” নামৰ ভাইৰেল অ’ডিঅ’ৰ সৈতে ইনষ্টাগ্ৰামৰ এটি বোল্ড আৰু ষ্টাইলিশ ৰীলৰ জৰিয়তে ব্যাপক পৰিচিতি লাভ কৰে। তেওঁৰ নিৰ্ভীক আত্মবিশ্বাস, শৰীৰ-সন্মত (body-positive) কণ্টেন্ট আৰু আকৰ্ষণীয় ৰূপান্তৰৰ বাবে জনাজাত অর্চিতা এতিয়া ভাৰতীয় ডিজিটেল সংস্কৃতিৰ এটা আধুনিক স্ব-অভিব্যক্তি আৰু পৰিচয়ৰ প্ৰতীক হৈ পৰিছে।

বিৱৰণতথ্য
পূৰ্ণ নামঅর্চিতা ফুকন
উপনামবেবিডল অর্চি
জন্ম তাৰিখ৯ ফেব্ৰুৱাৰী, ১৯৯৫
বয়স (২০২৫ অনুসৰি)৩০ বছৰ
জন্মস্থানঅসম, ভাৰত
ৰাষ্ট্ৰীয়তাভাৰতীয়
ব্যৱসায়ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ, প্লাছ-চাইজ মডেল, কণ্টেন্ট ক্ৰিয়েটৰ
জনাজাতভাইৰেল “Dame Un Grrr” ৰীলৰ বাবে
কাৰ্যক্ষেত্ৰ আৰম্ভ২০২২
ধৰ্মহিন্দুধৰ্ম
শিক্ষাBachelor’s Degree – Delhi College of Tech & Management
ভাষাজ্ঞানঅসমীয়া়, হিন্দী, ইংৰাজী
বৰ্তমান ঠিকনানতুন দিল্লী, ভাৰত

অর্চিতা ফুকনৰ শৈশৱ

১৯৯৫ চনৰ ৯ ফেব্ৰুৱাৰীত অসমত এখন ব্ৰাহ্মণ পৰিয়ালত জন্ম হোৱা অর্চিতাৰ শৈশৱ সৰল আৰু শৃংখলাবদ্ধ আছিল। লাজুক স্বভাৱৰ অর্চিতা শিশু অৱস্থাতেই পঢ়াশালিৰ ওপৰত বিশেষ মনোনিৱেশ কৰিছিল। তেওঁৰ শৈশৱৰ পৰাই শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ প্ৰতি গভীৰ আকৰ্ষণ আছিল। অতি ৰক্ষণশীল পৰিৱেশত ডাঙৰ হৈছিল, তেও সদায় সৃষ্টিশীলতা আৰু নিজস্বতাৰ প্ৰতি এটা গভীৰ টান অনুভৱ কৰিছিল।


অর্চিতা ফুকনৰ শিক্ষা

অর্চিতাই অসমস্থিত লিটল ফ্লাৱাৰ হাইস্কুলত অধ্যয়ন কৰিছিল, য’ত তেওঁ ভাল পঢ়ুৱৈ হিচাপে পৰিচিত আছিল। ২০১৩ চনত উচ্চশিক্ষাৰ বাবে তেওঁ দিল্লীলৈ গ’ল আৰু এখন বেচৰকাৰি বিশ্ববিদ্যালয়ত ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন আৰম্ভ কৰিছিল। কিন্তু ব্যক্তিগত সমস্যাৰ লগতে মানসিক স্বাস্থ্যৰ সমস্যা দেখা দিয়াত তৃতীয় বৰ্ষতে পঢ়া এৰি দিয়াৰ সিদ্ধান্ত লয়।

পিছলৈ তেওঁ পুনৰ অধ্যয়ন আৰম্ভ কৰি ২০২৩ চনত Delhi College of Technology and Management ৰ পৰা কম্পিউটাৰ ছায়েন্সত বেচেলৰ ডিগ্ৰী লাভ কৰে।


অর্চিতা ফুকনৰ পৰিয়াল

অর্চিতা প্ৰধানকৈ তেওঁৰ মাতৃৰ দ্বাৰা লালিত-পালিত হৈছিল। তেওঁ বহু সময়তে তেওঁক “emotional anchor” বুলি উল্লেখ কৰে। পিতৃ বা ভায়-ভনী সম্পৰ্কে তেওঁ বহু তথ্য জনোৱা নাই আৰু সেই অংশটো গোপন ৰাখিছে। পৰিয়ালৰ পৰম্পৰাগত মানসিকতাৰ সৈতে আৰম্ভণিত সংঘাত হৈছিল, কিন্তু সময়ৰ লগে লগে তেওঁলোকেও অর্চিতাৰ অনান্যসাধাৰণ জীৱন-ৰাস্তাটো মানি লৈছে।

সম্পৰ্কনামবিৱৰণ
মাতৃপ্ৰকাশ নকৰাঅর্চিতাৰ জীৱনৰ মানসিক ভৰসা
পিতৃগোপনবহু তথ্য উপলব্ধ নহয়
ভায়-ভনীগোপনসম্ভৱত একমাত্ৰ সন্তান
বিবাহিক অৱস্থাঅবিবাহিতসম্পৰ্কৰ সম্পৰ্কে কোনো তথ্য নাই

ভাইৰেল মুহূৰ্তৰ বিষয়ে

২০২৫ চনৰ মাজভাগত অর্চিতাই ইনষ্টাগ্ৰামত “Dame Un Grrr” অ’ডিঅ’ ব্যৱহাৰ কৰি এটা শাৰী-ট্ৰান্সফৰ্মেচন ৰীল পোষ্ট কৰে। তেওঁৰ আত্মবিশ্বাসী বডি লেংগুৱেজ, ফেশ্বন ষ্টাইল আৰু মনোভাৱই দৰ্শকক মুগ্ধ কৰে আৰু ভিডিঅ’টো কেইদিনমানৰ ভিতৰতে মিলিয়নচ ভিউচ অতিক্ৰম কৰে। ভাৰতজুৰি ভিডিঅ’টো ট্রেণ্ড কৰিবলৈ ধৰিলে, অর্চিতা ৰাতারাতি ছচিয়েল মিডিয়াৰ স্টাৰ হৈ পৰে।

এই ৰীলটোৰ বিশেষত্ব আছিল যে অর্চিতাই সৌন্দৰ্যৰ পাৰম্পৰিক সংজ্ঞাৰ সীমাৰ ভিতৰত নিজকে খাপ খুৱাবলৈ অস্বীকাৰ কৰিছিল।

ধুবুৰীত বেদখলকাৰীৰ উগ্ৰ হুংকাৰঃ মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি Himanta Biswa Sarma

ডিজিটেল ডেস্ক: Himanta Biswa Sarma অসমত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে ধুবুৰীৰ চাপৰত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামি অহা বেদখলকাৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে।

এক ভিডিঅ’ ক্লিপত স্পষ্টভাৱে এজন বেদখলকাৰীক কোৱা দেখা গৈছে —
“আজি হিমন্ত আহিব লাগিছিল, হিমন্তৰ গল কাটি দিলোঁ হয়।”
এই বক্তব্য সম্পূৰ্ণ অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা বৃদ্ধি কৰিছে।

উল্লেখযোগ্য যে, ধুবুৰীৰ সন্তোষপুৰ, চিৰাকুটা, চৰুৱাবাখৰা আদিৰ অঞ্চলত ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বৃহৎ পৰিসৰত উচ্ছেদ অভিযান চলি আছে। উল্লেখযোগ্য যে, তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলাইছে চৰকাৰে। উক্ত ভূমি আদানী গ্ৰুপক প্ৰদান কৰা হ’ব বুলি চৰকীয় সূত্ৰে জনোৱা হৈছে।

ইফালে, উচ্ছেদিত একাংশই প্ৰতিক্ৰিয়া জনাবলৈ লাঠি লৈ দলে বলে সমবেত হৈছে। আৰক্ষী বাহিনীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

জনগণৰ মাজত আতংক ছটিয়াই দিয়া এই উগ্ৰ হুংকাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

journalist: প্ৰসংগঃ সাংবাদিকৰ ধৰ্ম, ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰক সাংবাদিকে

journalist: প্ৰসংগঃ সাংবাদিকৰ ধৰ্ম, ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰক সাংবাদিকে
journalist: প্ৰসংগঃ সাংবাদিকৰ ধৰ্ম, ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰক সাংবাদিকে

আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। (journalist) গণতন্ত্ৰত চাৰিটা স্তম্ভৰ কথা উল্লেখ আছে। গণতন্ত্ৰৰ এই চাৰিটা স্তম্ভ হ’ল- ন্যায় পালিকা, কাৰ্যপালিকা, বিধানমণ্ডল আৰু সংবাদ মাধ্যমৰ অধিকাৰ। সেয়ে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আখ্যা দিয়া হয়। ইয়াৰ কাৰণ হ’ল গণতান্ত্ৰিক দেশত জনসাধাৰণৰ মতামত বা জনসাধাৰণৰ বক্তব্য সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা হয়। গতিকে সংবাদ মাধ্যমত ঘূণে ধৰা মানে ৰাইজৰ কণ্ঠ ৰোধ হোৱাটোকে বুজাব। ৰাইজৰ অভাৱ-অভিযোগ সাহসেৰে দাঙি ধৰিব পৰাটোৱেই হৈছে সংবাদ মাধ্যমৰ প্ৰধান দায়িত্ব। নহ’লে এখন চৰকাৰ চৈৰাচাৰী হৈ পৰাটোৱেই নিশ্চিত। গতিকে গণতন্ত্ৰত সাংবাদিক বা সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা অত্যধিক। সাংবাদিকে জনসাধাৰণৰ স্বাৰ্থত চৰকাৰৰ ভুল-ত্ৰুটি, অন্যায়-অবিচাৰ অথবা শোষণ-নিষ্পেষণৰ স্বৰূপ জনসাধাৰণৰ সন্মুখত উদঙাই দিয়াৰ অধিকাৰ নিশ্চয়কৈ আছে। সাংবাদিকে প্ৰশ্ন কৰাৰ অধিকাৰ কেৱল সংবাদ মাধ্যমৰে অধিকাৰ নহয়, এয়া দেশৰ নাগৰিকৰো অধিকাৰ। গতিকে সাংবাদিকক প্ৰশ্ন কৰাৰ পৰা কোনেও বাৰণ কৰিব নোৱাৰে।

সংবাদ মাধ্যম সজাগ-সচেতন নহ’লে শাসকীয় চৰকাৰখনে জনসাধাৰণৰ অলক্ষিতে প্ৰলোভন, অন্যায়, শোষণ, আত্মসাৎ আদিৰ দৰে কাৰ্যবোৰ সহজতে কৰি যাবলৈ সুযোগ-সুবিধা লাভ কৰিব। আনকি শাসকপক্ষ স্বেচ্ছাচাৰী হৈ পৰাৰো সম্ভাৱনা অধিক। মুঠতে সাংবাদিকে জনসাধাৰণৰ মুখপাত্ৰ হৈ চৰকাৰৰ প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগিব। প্ৰকৃতাৰ্থত সাংবাদ মাধ্যম বা সাংবাদিকৰ এয়াই হ’ল ধৰ্ম। কেৱল গণতান্ত্ৰিক শাসন ব্যৱস্থাতে নহয় সংবাদ মাধ্যমে যিকোনো শাসন ব্যৱস্থা বা শাসকগোষ্ঠীৰ দাৰা পৰিচালিত সমাজ, ৰাজনীতি, অৰ্থনীতি নিৰীক্ষণ কৰি আহিছে আৰু কৰি যাব। ইয়াক কোনেও বাধা দিব নোৱাৰে। মুঠতে দেশৰ নাগৰিকৰ যি অধিকাৰ আৰু কৰ্তব্য সেয়া সংবাদ মাধ্যমৰো অধিকাৰ আৰু কৰ্তব্য। গতিকে কোনো চৰকাৰে সংবাদ মাধ্যমৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে। সংবাদ সেৱা কৰাসকলে সেয়ে কাৰো ওচৰত মূৰ দোৱাই সংবাদ পৰিৱেশন কৰিব নালাগে অথবা পক্ষপাতিত্ব কৰিও সংবাদ পৰিৱেশন কৰাটো যুগুত নহয়। যদি তাকে নকৰি সংবাদ মাধ্যমৰ লোকসকলে কোনোবা ক্ষমতাশালী লোক অথবা শাসকপক্ষৰ বহতীয়া হৈ সংবাদ সেৱাত জড়িত হ’ব লগা হয় তেনেহ’লে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত বৰ বেয়াকৈ ঘূণে ধৰিব। তেতিয়া এখন গণতান্ত্ৰিক দেশৰ নাগৰিকসকলৰ সকলো পিনৰ পৰাই আহুকালৰ সৃষ্টি হ’ব। কাৰণ গণতন্ত্ৰৰ প্ৰহৰীয়েই যেতিয়া পক্ষপাতৰ আশ্ৰয় লয় তেতিয়া দেশৰ সৰ্বনাশ হ’বলৈ, জনসাধাৰণৰ সৰ্বনাশ হ’বলৈ আৰু বেছি পৰ নালাগিব। কাৰণ সংবাদ মাধ্যমৰ এই দুৰ্বলতাৰ সুযোগ লৈ শাসক পক্ষ চৈৰাস্বাৰী হৈ পৰিব আৰু তেওঁলোকৰ যি ইচ্ছা তাকেই বিনাদ্বিধাই কৰি যাব। সাংবাদিকৰ এনে দুৰ্বলতাৰ সুযোগ ইতিমধ্যেই ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈ আহা জনপ্ৰতিনিধিসকলে সেই ভোটাৰসকলৰ মূৰৰ ওপৰত উঠি নাচিবলৈ আৰম্ভ কৰিছেই। আনকি সাংবাদিকৰ ওপৰতো বিভিন্ন প্ৰকাৰে ভয়-ভাবুকি, অত্যাচাৰ আৰম্ভ কৰি দিছে। কাৰণ তেওঁলোকে ভালদৰেই বুজি উঠিছে যে ইতিমধ্যে সাংবাদিকৰ মাজত থাকিবলগীয়া ঐক্য-সমন্বয় বিনষ্ট হৈ পৰিছে। আৰু এই বিভাজনৰ জালত যিসকলে ভৰি দিছে তেওঁলোকে দূৰৰ পৰাই সৎ সাহসী সাংবাদিকসকলৰ পক্ষত নাথাকি শাসকপক্ষৰ ষড়যন্ত্ৰৰ সহযোগীহে হৈ পৰিছে। কিন্তু এই সাংবাদিকৰ মাজতো আছে বহু সৎ সাহসী সাংবাদিক। যাৰ বাবে আজিও সংবাদ মাধ্যমটোৱে শিৰ নত নকৰাকৈ নিজৰ লক্ষ্যত স্থিৰ হৈ থাকিবলৈ সক্ষম হৈ আছে। এনে উদাহৰণ বহুত আছে।

তাৰ ভিতৰত যাদি আমি চাবলৈ যাওঁ তেনেহ’লে উল্লেখ কৰিবই লাগিব এইসকল মহান সাংবাদিকৰ কথা। নানা বিপদ-বিঘিনিৰ সন্মুখীন হৈয়ো সেইসকল সাংবাদিকে জনসাধাৰণক দি গৈছে নিৰপেক্ষ আৰু প্ৰকৃত সংবাদ। শেহতীয়াকৈ বৰ্তমান চলি থকা ইজৰাইল-পেলেষ্টানৰ যুদ্ধত ইজৰাইলৰ সেনাই গাজা ভূখণ্ডত কেইবাসহস্ৰাধিক শিশু-মহিলাক হত্যা কৰাৰ যি ভয়াৱহ ছবি সেই দুৰ্বিষহ ছবিখনো সাংবাদিকেই তেওঁলোকৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সংবাদ পৰিৱেশন কৰিছে। এনেদৰে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে বহু সাংবাদিকে নিজৰ জীৱন বলি দিবলগীয়াও হৈছে। তথাপি কিন্তু তেওঁলোক পিছ হুঁহকি অহা নাই। ‘উইকিলিকছ’ৰ প্ৰতিষ্ঠাতা তথা প্ৰখ্যাত সাংবাদিক জুলিয়ান আছাঞ্জেই বিগত মে’ মাহত ‘কান ফিল্ম ফেষ্টিভেল’লৈ গৈ ইজৰাইলী সেনাৰ আক্ৰমণত নিহত হোৱা ৪,৯৮৬টি শিশুৰ নাম খোদিত কৰা ছাৰ্ট পৰিধান কৰি অতি সাহসেৰে প্ৰতিবাদ কৰিছিল। তেওঁ বিশ্ববাসীক দেখুৱাই দিছিল সাংবাদ মাধ্যমৰ বা সাংবাদিক সৎ সাহসৰ কথা। তেৱোঁ ইচ্ছা কৰা হ’লে হয়তো পাৰিলেহেঁতেন ইজৰাইল বাহিনীৰ তৈলমৰ্দন কৰি বাহ বাহ ল’ব। কিন্তু তেওঁ তেনে নকৰিলে। কাৰণ তেওঁ এগৰাকী প্ৰকৃত সাংবাদিক। তেওঁ প্ৰতাৰণা কৰিব নোৱাৰে। আজিৰ একাংশ সাংবাদিকে তেওঁলোকৰ সাংবাদিকতা ধৰ্ম ধৰি ৰাখিব নোৱৰাৰ বাবেই হয়তো শাসকপক্ষই সাংবাদিকলৈ আঙুলি টোঁৱাব পাৰিছে। তুচ্ছ-তাচ্ছিল্য কৰিবলৈ সাহস কৰিছে। আচলতে সাংবাদিকৰ পিছে পিছে দৌৰিব লাগিছিল নেতা-মন্ত্ৰী-বিধায়ক, ক্ষমতাশালী লোকসকল। কিন্তু আজি বাস্তৱ ক্ষেত্ৰত দেখা গৈছে অনবৰতে একাংশ সংবাদ সেৱা কৰা লোকেহে দৌৰি ফুৰিছে মন্ত্ৰী-বিধায়কৰ পিছে পিছে। তেওঁলোকৰ মুখপাত্ৰৰ ভূমিকা গ্ৰহণ কৰিছে। এয়াই কিন্তু সংবাদ ক্ষেত্ৰখনৰ বাবেই বৰ ভয়াৱহ ইংগিত বহন কৰিছে। আমাৰ এইসকল সাংবাদিকে মনত ৰখাটো ভাল যে বালীলৈ যিপাট শৰ সুগ্ৰীবলৈও সেই পাটেই শৰ। আজি তেওঁৰ বিপৰীতে থকা শৰপাট এদিন হয়তো তেওঁৰ ফালেও টোঁৱাব পাৰে কোনোবাই। এনেবোৰ কথাৰ বাবেই আজি একাংশ সাংবাদিকক ‘গোদী মিডিয়া’ আখ্যা দিয়া হৈছে। আজি সাংবাদিকক ‘তলৰ শ্ৰেণীৰ সাংবাদিক’ বুলি তুচ্ছ-তাচ্ছিল্যও কৰিব পৰা হ’ল। আজি এজনক কৰিছে আকৌ কাইলৈ আন এজনক যে নকৰিব তাৰ কি মানে আছে।


এনেবোৰ কথাই সমগ্ৰ সংবাদ মাধ্যমটোকে হেয় কৰা হোৱা নাইনে ? গতিকে সাংবাদিকসকলে সাংবাদিক নামধাৰী চোলাটোৰ বুটামকেইটা মজবুটকৈ মাৰি নল’লে এদিন সেই সাংবাদিক নামধাৰী চোলাটো সকলোৱে টানি-আঁজুৰি ছিঙি পেলাব। তেতিয়া কিন্তু ক্ষমতাধাৰীসকলৰ বিপদ নহয়, হ’ব সাংবাদিকসকলৰহে। গতিকে কথাবোৰ গভীৰভাৱে চিন্তা কৰি চোৱাৰ সময় সমাগত। সেই বুলি আমি সাংবাদিকসকলে শাসকপক্ষৰ ভাল কামখিনিৰ বিষয়েও নিশ্চয় ৰাইজক অৱগত কৰিব লাগিব। সকলো সময়তে বিৰোধ কৰি গ’লেও সাংবাদিকৰ ধৰ্ম ৰক্ষা নহ’ব। কথা হ’ল বিৰোধীৰ পক্ষত লিখিলেই যদি শাসকপক্ষৰ ৰোষত পৰিবলগীয়া হয় তেনেহ’লে ইয়াৰ প্ৰতিবাদ কৰিবই লাগিব সাংবাদিকসকলে। কাৰণ সাংবাদিকসকলে কেৱল ৰাইজৰ হৈহে কাম কৰিব লাগিব, জনসাধাৰণৰ অভাৱ-অভিযোগ চৰকাৰক জনাব লাগিব।

কাৰণ গণতন্ত্ৰত সকলো লোকৰে সমিধান বিচৰাৰ অধিকাৰ সংবিধানে দিছে। সংবাদ মাধ্যমৰ লোকসকলৰ মাজত যেতিয়া বিভিন্ন মতপাৰ্থক্য থাকিব তেতিয়া শাসকপক্ষৰ সুবিধা হয় তেওঁলোকৰ মতে কাৰ্য সমাপন কৰিবলৈ। কাৰণ সাংবাদিকৰ মাজত থকা বিৰোধৰ বাবেই জনসাধাৰণৰ অভাৱ-অভিযোগবোৰ সঠিক ৰূপত উপস্থাপন কৰাত সক্ষম হ’ব নোৱাৰে সাংবাদিকে। সংবাদ মাধ্যম যেতিয়া দুৰ্বল হ’ব বা একাংশ সাংবাদিকে যেতিয়া শাসকপক্ষৰ মুখপাত্ৰ হৈ কাম কৰিবলৈ ধৰিব তেতিয়াই গণতন্ত্ৰৰ বিপৰ্যয় আৰম্ভ হয়। আমি দেখি আহিছো, পূৰ্বৰ দৰে আজিৰ সাংবাদিকৰ মৰ্যাদা বহু পৰিমাণে লাঘৱ হৈছে। ইয়াৰ বাবে সংবাদ ক্ষেত্ৰখনেই কিন্তু জগৰীয়া। গতিকে সংবিধানৰ চতুৰ্থ স্তম্ভত ঘূণে যাতে ধৰিব নোৱাৰে, সংবাদ মাধ্যমলৈ যাতে কোনেও আঙুলি টোৱাব নোৱাৰে তাৰ সমস্ত দায়িত্ব কিন্তু আমাৰ সংবাদ মাধ্যমটোৰ লগত জড়িত প্ৰতিগৰাকী সৈনিকৰে। জয়তু সংবাদ মাধ্যম।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আৰক্ষীৰ মুকলি Akhil Gogoi

ডিজিটেল ডেস্কঃ Akhil Gogoi বিলাসীপাৰাৰ চাপৰত আজি অনুষ্ঠিত হোৱা ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ সময়ত আটক কৰা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আৰক্ষীয়ে কিছু সময়ৰ পাছতেই মুকলি কৰিছে।

জানিব পৰা মতে, ধুবুৰী আৰক্ষীয়ে অখিল গগৈক আটক কৰি ধুবুৰী পাৰ হৈ গোৱালপাৰা জিলাত আহি এৰি দিয়ে। মুকলি হোৱাৰ পাছত বিধায়কগৰাকীয়ে কৃষ্ণাইত অনুষ্ঠিত এখন জনসভালৈ ৰাওনা হয়।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বার্তাত অখিল গগৈয়ে দাবী কৰে, “এই উচ্ছেদ অভিযান সম্পূৰ্ণৰূপে বেআইনী আৰু অসাংবিধানিক। গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদ নকৰিবলৈ ইতিমধ্যে তিনিটা ষ্টে’ অর্ডাৰ দিছিল, তথাপিও চৰকাৰে আদালতৰ আদেশ উপেক্ষা কৰি উচ্ছেদ অভিযান চলাইছে। এই অভিযান সংখ্যালঘু জনজাতিৰ ওপৰত কৰা দাদাগিৰি আৰু শত্ৰুতাৰ পৰিচায়ক।”

অখিল গগৈয়ে লগতে কয়, “মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছো আৰু স্পষ্টকৈ কৈছো, আপুনি এই অঞ্চলৰ ৰাইজৰ বাবে কমেও ৫০০ বিঘা মাটি ব্যৱস্থা কৰিব লাগিব।”

উল্লেখযোগ্য যে, আজিৰ দিনটোত চাপৰৰ সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা অঞ্চলত চলিছে ৩,৫০০ বিঘা ভূমি আঁতৰোৱাৰ এক বৃহৎ উচ্ছেদ অভিযান। এই উচ্ছেদৰ লক্ষ্য হ’ল বিলাসীপাৰাত স্থাপন হ’ব লগা তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি মুক্ত কৰা।

অন্যহাতে, অখিল গগৈয়ে অভিযোগ কৰে যে, তেওঁক মুকলি কৰিলে যদিও তেওঁৰ সৈতে থকা ১১ গৰাকী সহকৰ্মীক ধুবুৰী আৰক্ষীয়ে এতিয়াও আটক কৰি ৰাখিছে।

Srimanta Dutta: শ্ৰীমন্ত দত্তলৈ উত্তৰ পুৰুষৰ মঞ্চৰ “প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা”

Srimanta Dutta: শ্ৰীমন্ত দত্তলৈ উত্তৰ পুৰুষৰ মঞ্চৰ "প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা"
Srimanta Dutta: শ্ৰীমন্ত দত্তলৈ উত্তৰ পুৰুষৰ মঞ্চৰ "প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা"

আমাক হেজাৰখন হাত লাগে (Srimanta Dutta) যাৰ মন এটাই’ এই আপ্তবাণীক সাৰোগত কৰি সৃষ্টি হোৱা ’উত্তৰ পুৰুষৰ মঞ্চ’ৰ তৰফৰপৰা “প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা” প্ৰদান কৰিবলৈ ওলাইছে এগৰাকী কৃতী শিক্ষক, সমাজ সংগঠক শ্ৰীমন্ত দত্তক। এই বঁ‌টাত আছে নগদ ধনৰ উপৰিও সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক, এখন শৰাই, এখন গামোচা, এখন চেলেং চাদৰ আৰু কিতাপৰ টোপোলা। শ্ৰীমন্ত দত্ত ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয়, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দৰে খ্যাতিসম্পন্ন শিক্ষানুষ্ঠানত অনিৰ্বচনীয় প্ৰজ্ঞাৰ জ্যোতিৰে নিজৰ হৃদয় ৰাজ্য উদ্ভাসিত কৰি হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষক।


কাব্যগ্ৰন্থ ‘বগা সাজ নিপিন্ধিবি আই’,গল্পপুথি ‘যাত্ৰা’ আৰু ‘মাজুলীৰ মৌ’ আদি তেখেতৰ সাহিত্য কৃতি। সংস্কৃতিৰ বিনন্দীয়া কৃষ্টিৰ পথাৰত সৃষ্টিৰ যুগমীয়া ঢৌ তুলি তেখেতে লিখা দুটাকৈ কাহিনী অসমীয়া বিনোদনধৰ্মী জনপ্ৰিয় ‘ৰং’ চেনেলৰ ধাৰাবাহিকভাৱে ইতিমধ্যে প্ৰচাৰ হৈ গৈছে।


‘যাত্ৰা’ নামৰ ৱাটছ এপ গ্ৰুপৰ জন্মদাতা শ্ৰীমন্ত দত্ত নিজে কৰ্কট ৰোগৰ দৰে এটি মাৰাত্মক ৰোগৰ যুঁজাৰু হৈ দহ লাখতকৈও অধিক আৰ্তজনৰ ওপৰত ‘আকালৰ ভাত নিদানৰ মাত’ৰ ভূমিকাত অৱৰ্তীন হৈ এক অতুলনীয়, অনন্য আৰু অদ্বিতীয় মানৱীয় প্ৰমূল্যবোধৰ পৰিচয় দিয়া দত্তই সামাজিক মাধ্যম ফে’চবুকত এটি জনপ্ৰিয় সাহিত্য চৰ্চাৰ গ্ৰুপ ‘অনুশীলন’ৰ জন্ম দি সাহিত্যৰ জেতুকাবুলীয়া আকাশখনত যি সমুজ্জ্বল প্ৰভা সিঁচিবলৈ প্ৰয়াস কৰাৰ লগে লগে হাজাৰ হাজাৰ শুভাকাংক্ষীৰ সহযোগিতাত বিভিন্ন জটিল ৰোগাক্ৰান্ত ব্যক্তিক আৰ্থিক সাহাৰ্য, আৰ্থিক দৈন্য বহু ছাত্ৰ-ছাত্ৰীক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছে। ইউ টিউব চেনেল ‘শ্ৰীমন্ত মটিভেটৰ‘(Srimanta Motivator), ফে’চবুক পেজ ‘শ্ৰীমন্ত দত্ত অনুশীলন’ দ্বাৰা ছাত্ৰ-ছাত্ৰী তথা সমাজৰ মংগলৰ হ’কে বিভিন্ন উপাদেয় বাৰ্তা বহন কৰা ভিডিঅ’ৰ যোগেদিও সোণসেৰীয়া ঐকান্তিক সু-প্ৰচেষ্টা হাতত লৈ আহিছে।

বিনামূলীয়া চকু চিকিৎসা শিৱিৰ, নাৰী সবলীকৰণৰ পদক্ষেপ আদিৰ দৰে সামাজিক কাম কৰি অহা শ্ৰীমন্ত দত্তক ইতিমধ্যে শিৱসাগৰ জিলা কৃতী শিক্ষক বঁটা ২০২২,অসম হাৰ্ট, অল আসাম চছিয়েল ডেভল্পমেণ্ট, পশুধন বেংকৰ তৰফৰ পৰা ২০২২ চনত, অসম গৌৰৱ বঁটা আৰু একে বৰ্ষতে অসম স্কুল অৱ এজুকেশ্বনৰ উদ্যোগত চৈয়দ নিজামুল হক সোঁৱৰণী ‘মানৱ দৰদী’ বঁটা, শেহতীয়াকৈ যোৱা ৩ জুন তাৰিখে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱৰ ৬৭তম জন্ম দিনত সম্বৰ্ধনা জনোৱা ৬৭ জন ব্যক্তিৰ ভিতৰত অন্যতম একো একোটা সাফল্যৰ কীৰ্তিমাল্য। তেখেতৰ নিস্বাৰ্থ ত্যাগ আৰু বৰ্ণনাতীত সু-কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে চলিত মাহৰ ১৩ জুলাই উত্তৰ পুৰুষৰ মঞ্চ, অসমৰ জাঁ‌জী শাখাৰ দ্বিতীয় বাৰ্ষিক মূল অধিৱেশনত এইবেলি “প্ৰয়াত দেৱ বৰা সমাজ হিতৈষী উত্তৰ পুৰুষ বঁ‌টা” আগবঢ়োৱা হ’ব বুলি মঞ্চৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ হালৈয়ে এক বিবৃতি যোগে জনাইছে।

চিকাগোৰ কনভেনচনত আইমী বৰুৱাই দাঙি ধৰিলে অসমীয়া সংস্কৃতি Aimee Baruah

ডিজিটেল ডেস্ক, গুৱাহাটীঃ Aimee Baruah ৰাষ্ট্ৰীয় বঁটা বিজয়ী জনপ্ৰিয় অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই শেহতীয়াকৈ আমেৰিকাৰ চিকাগোত অনুষ্ঠিত ৪৬ সংখ্যক অসম কনভেনচন ২০২৫ত অংশগ্ৰহণ কৰে। এই প্ৰতিষ্ঠিত অনুষ্ঠান ৩ জুলাইৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হয়।

কাৰ্যসূচীৰ অংশ হিচাপে ৫ জুলাই, শনিবাৰে আইমী বৰুৱাই চিকাগোৰ গ্ৰেণ্ড বলৰুমৰ মঞ্চত ‘ভূপেন হাজৰিকাৰ লিগেছী’ শীৰ্ষক এক চমু ভাষণ আগবঢ়ায়। ভাষণত তেওঁ সংগীত সম্ৰাট ডঃ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ আৰু সংগীতৰ অৱদানৰ বিশ্বজনীন প্ৰাসংগিকতা, শিল্পীগৰাকীৰ দৃষ্টিভংগী আৰু তেওঁৰ সৃষ্টিসমূহে কেনেদৰে বিশ্বব্যাপী বিভিন্ন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে, সেই বিষয়ত গভীৰ আলোকপাত কৰে।

উল্লেখযোগ্যভাৱে, অভিনেত্ৰীগৰাকীয়ে সংযুক্তা ক্ৰিয়েচনৰ প্ৰতিনিধিত্বত অনুষ্ঠিত বিশেষ সাংস্কৃতিক ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি ৰেম্পত খোজ কাঢ়ে। তেওঁৰ উপস্থিতিয়ে মঞ্চত অসমীয়াৰ পৰম্পৰা আৰু সমসাময়িকতাক একেলগে দাঙি ধৰে, যিয়ে উপস্থিত সকলৰ প্ৰশংসা অৰ্জন কৰে।

চিকাগোত অনুষ্ঠিত এই অসম কনভেনচনত আইমী বৰুৱাৰ অংশগ্ৰহণে অসমীয়াৰ সংস্কৃতি, চিন্তাধাৰা আৰু প্ৰতিভাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজাগৰ কৰিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি, ইয়াৰ উপকাৰিতা জানো আহক!

Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি
Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি

আয়ুৰ্বেদত ধনীয়াক ঔষধ বুলি গণ্য কৰা হয়। (Coriander Leaves) ধনীয়াই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ধনীয়া পাতৰ দ্বাৰা কোনবোৰ ৰোগ নিৰাময় হয় জানো আহক।

পাকঘৰত সেউজীয়া শাক-পাচলিৰ সৌন্দৰ্য বৃদ্ধি কৰে ধনীয়াৰ উপস্থিতয়ে। দাইল হওক বা শাক-পাচলি হওক, ৰাইতা হওক বা চাটনিয়ে হওক ধনীয়া পাতে প্ৰতিটো খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰে। এই পাতবোৰে সোৱাদ বৃদ্ধি কৰাই নহয়, আমাৰ শৰীৰৰ বাবেও অতি উপকাৰী। আয়ুৰ্বেদতো ধনীয়াক ঔষধ হিচাপে গণ্য কৰা হয়। বহুতো পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ধনীয়া ব্যৱহাৰ কৰা হয়। আধুনিক যুগতো ইয়াৰ গুৰুত্ব কমি যোৱা নাই।

ধনীয়া পাতৰ উপকাৰিতা-
ধনীয়া চকু, ছাল আৰু হাড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিটামিন এ, চি, আৰু কে থাকে। ইয়াৰ উপৰিও ইয়াত ফ’লেট, কেলচিয়াম, পটাছিয়াম, আইৰণ আৰু মেগনেছিয়াম আদি মৌলও পোৱা যায়। এই উপাদানসমূহে শৰীৰক শক্তি প্ৰদান কৰাই নহয়, ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

ধনীয়া পাত খালে পাচনতন্ত্ৰ মজবুত হয়। এই পাতবোৰ চোবাই খালে বা ৰাতিপুৱা খালী পেটত ইয়াৰ পানী খালে গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াত থকা আঁহে খাদ্য হজম কৰাত সহায় কৰে আৰু অন্ত্ৰ পৰিষ্কাৰ কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-

ধনীয়াত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হ’লে চৰ্দি, কাহ, ফ্লুৰ দৰে ঋতুভিত্তিক ৰোগ সোনকালে নহয়। ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী হ’ব পাৰে।

ধনীয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই কলেষ্টেৰলৰ ভাৰসাম্য ৰক্ষা কৰে। একে সময়তে এন্টিঅক্সিডেন্ট আৰু ভিটামিন এয়ে ছালখন জিলিকি উঠে, মুখৰ ব্ৰণ আৰু দাগ কমোৱাত সহায় কৰে, লগতে চুলি সৰা ৰোধ কৰে।

ইয়াৰ উপৰিও ই শৰীৰক বিষমুক্ত কৰে। ধনীয়া পানীয়ে শৰীৰৰ পৰা বিষাক্ত মৌল আঁতৰোৱাত সহায় কৰে। ইয়াৰ ফলত যকৃত আৰু বৃক্কে সঠিকভাৱে কাম কৰে আৰু শৰীৰে লঘু আৰু পৰিষ্কাৰ অনুভৱ কৰে। ইয়াত থকা কেলচিয়াম আৰু মেগনেছিয়াম হাড় শক্তিশালী কৰাৰ বাবে উপকাৰী। নিয়মিতভাৱে ধনীয়া পাত খালে হাড়ৰ সমস্যা যেনে দুৰ্বলতা বা গাঁঠিৰ বিষ কমিব পাৰে।

ধনীয়াত থকা ফ’লেট গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ গৰ্ভস্থ সন্তানৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয়। গৰ্ভাৱস্থাত ই পুষ্টিৰ এক উত্তম উৎস হ’ব পাৰে। ধনীয়া পাতৰ সতেজ সুগন্ধি থাকে। ধনীয়া চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ হয়।

Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !

Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !
Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !

সিতাৰে জমীন পাৰ” হৈছে ২০২৫ চনৰ (Sitaare Zameen Par)২০ জুনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ক্ৰীড়া-কমেডী-নাট্যধর্মী চলচ্চিত্ৰ, যাক পৰিচালনা কৰে আৰ. এছ. প্ৰসান্নাই আৰু প্ৰযোজনা কৰে বলিউডৰ জনপ্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা আমিৰ খান আৰু অপৰ্ণা পুৰোহিতে, আমিৰ খান প্ৰডাকশ্যনছ ব্যানাৰৰ অধীনত, যি আগতে “Taare Zameen Par”ৰ দৰে বিৰল কিন্তু হৃদয়স্পৰ্শী চিনেমা উপহাৰ দিছিল। এই ছবিখনত মুখ্য চৰিত্ৰ গুলশানৰ ভূমিকাত অভিনয় কৰিছে আমিৰ খানে, যি এখন নামী পেচাদাৰী বাস্কেটবল প্ৰশিক্ষক, যাৰ জীৱন এক অহংকাৰ, জয় আৰু কঠোৰতাৰ মাজত আবদ্ধ আছিল। যেতিয়া তেওঁৰ উগ্ৰ ব্যৱহাৰ আৰু ভুল সিদ্ধান্তৰ বাবে তেওঁ ড্ৰিংক এণ্ড ড্ৰাইভ কেছত ধৰা পৰে, তেতিয়া আদালতে তেওঁক শাস্তিস্বরূপ সমাজ সেৱাত নিযুক্ত কৰে আৰু তেওঁক দিয়া হয় এটা বিশেষ দায়িত্ব—বুদ্ধি আৰু বিকাশজনিত অসুবিধা থকা (নিউৰোডাইভাৰ্জেন্ট) ১০ জন শিশুক বাস্কেটবল খেল শিকাবলৈ। গুলশান প্ৰথমতে এই দায়িত্বক এক হেয়াভাৱত গ্ৰহণ কৰে, অৱজ্ঞা কৰে, আৰু তেওঁ এই শিশুবোৰক ‘অযোগ্য’ বুলি ভাবে, কিন্তু সময়ৰ সৈতে তেওঁ তেওঁলোকৰ নিষ্পাপ মন, অবিচল নিষ্ঠা আৰু নিঃস্বাৰ্থ হৃদয়ৰ স্পৰ্শ পায় আৰু তেওঁৰ ভিতৰত এক ধস পৰে—আহা আহা কৰি গুলশান নিজৰ অহংকাৰ, গৰিমা আৰু পৰাজয়ক আঁতৰাই পেলাই আৰু এক সত্যকাৰ প্ৰশিক্ষকৰ ৰূপত জন্ম লয়, যিয়ে কেৱল খেল নুশিকায়, তেওঁলোকক জীৱনক ভাল পাবলৈ উৎসাহ দিয়ে। তেওঁৰ পত্নী সুনীতাৰ চৰিত্ৰত দেখা পোৱা যায় জেনেলিয়া ডি’ছুজাক, যিয়ে গুলশানৰ জীৱনৰ কঠিন সময়ত সাহস আৰু সহানুভূতিৰে তেওঁৰ সৈতে থাকে। এই ছবিখনত অভিনয় কৰে দৰ্শকসকলৰ বাবে একেবাৰে নতুন কিন্তু বাস্তৱ নিউৰোডাইভাৰ্জেন্ট অভিনেতাসকল—অৰুষ দত্ত, গোপী কৃষ্ণ বৰ্মা, অনিশা বব্বৰ, পূৰ্ণেন্দু ভট্টাচাৰ্য্য আদি, যিসকলে নিজৰ অভিনয়ে চিনেমাখনক এক বাস্তৱ অনুভূতি দিয়ে। এই ছবিখন ২০১৮ চনৰ স্পেনিছ সফল ছবি Champions ৰ এখন আনুষ্ঠানিক অভিযোজন (official adaptation)আৰু একেধাৰতে “Taare Zameen Par” চিনেমাৰ এক মানসিক আৰু আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে বিবেচিত হৈছে।

        ছবিখনৰ মুঠ নিৰ্মাণ ব্যয় আছিল প্ৰায় ₹৯০–১২০ কোটি, আৰু মুক্তিৰ মাত্ৰ ১৫ দিনৰ ভিতৰত এই ছবিখনে ভাৰততে ₹১৩৭ কোটিৰো অধিক নেট আয় কৰে আৰু বিশ্বজুৰি প্ৰায় ₹২১৫ কোটি উপাৰ্জন কৰি ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চিনেমাসমূহৰ ভিতৰত স্থান লাভ কৰে।   

         সমালোচকসকলে এই ছবিখনক ব্যাপকভাৱে প্রশংসা কৰে—বিশেষকৈ আমিৰ খানে কৰা সংযত কিন্তু শক্তিশালী অভিনয়, সমাজসচেতন বাৰ্তা, অন্তর্ভুক্তিমূলক কাষ্টিং, আৰু হৃদয়স্পৰ্শী পৰিবেশনাৰ বাবে। বিভিন্ন চলচ্চিত্ৰ বিশ্লেষকে ইয়াক ৩.৫/৫ বা ৪/৫ ৰেটিং দিয়ে; কিছুমান সমালোচকে যদিও ইয়াক কিছু পৰিমাণে প্ৰেডিক্টেবল আৰু গোটেই কাঠামো কিছুখিনি চেনেহীয়া বুলি উল্লেখ কৰিছে, তথাপি সাধাৰণ দৰ্শকবৰ্গে ছবিখনক এক উদ্দীপক, পৰিয়ালিক, মন ছুঁই যোৱা, আৰু মানৱিকতাৰে ভৰপূৰ চিনেমা হিচাপে গ্ৰহণ কৰিছে। “সিতাৰে জমীন পাৰ” মাথোঁ এখন চিনেমা নহয়, ই এক যাত্ৰা—এজন গৰিমামণ্ডিত প্ৰশিক্ষকৰ পৰা এটি কোমল হৃদয়যুক্ত জীৱনশিক্ষকৰ দিশে যাত্রা; যি চিনেমা খেলৰ মাজত মানৱতা, দয়া, আৰু অন্তৰংগতা বিচাৰে আৰু সমাজৰ সীমাবদ্ধতা ভাঙি দেখুৱায় যে “অক্ষমতা”ৰ সংজ্ঞা কেৱল সমাজৰ মনত  থাকে, হৃদয়ত নহয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডঃ GMCH-ত আতংকৰ পৰিৱেশ Fire Breaks Out

গুৱাহাটী: Fire Breaks Out গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ অৰ্থ’পেডিক বিভাগত সোমবাৰে পুৱা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত হুৱাদুৱা পৰিস্থিতি সৃষ্টি কৰে। এই অগ্নিকাণ্ডৰ ফলত GMCH ৰ অৰ্থপেডিক বিভাগটো ক’লা ধোঁৱাই আৱৰি ধৰে।

ঘটনাটো প্রকাশ পোৱাৰ লগে লগে ৰোগী, অভিভাৱক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ মাজত আতংক আৰু বিভ্ৰান্তি দেখা দিয়ে। বহু ৰোগীক সুৰক্ষাৰ বাবে অন্যান্য বিভাগলৈ স্থানান্তৰ কৰা হয়।

প্ৰাথমিক অনুসন্ধানত অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক ত্ৰুটিৰ সম্ভাৱনা প্ৰকাশ পাইছে, যদিও এতিয়ালৈকে ইয়াৰ সঠিক কাৰণ নিৰ্ধাৰণ হোৱা নাই। সৌভাগ্যক্ৰমে, এই ঘটনাত কোনো লোক হতাহত হোৱা খবৰ নাই।