ABMSUৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলীক নিলম্বন।
তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন মাইনুদ্দিন আলীক।

অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ মন্তব্য আগবঢ়াই নিলম্বিত মাইনুদ্দিন আলী।
প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনালে ABMSUৰ সভাপতি টাইছন হুছেইনে।
ABMSUৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলীক নিলম্বন।
তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন মাইনুদ্দিন আলীক।

অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ মন্তব্য আগবঢ়াই নিলম্বিত মাইনুদ্দিন আলী।
প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনালে ABMSUৰ সভাপতি টাইছন হুছেইনে।
শ্ৰদ্ধাৰ আদিল হুছেইন ডাঙৰীয়াৰ জন্ম (Adil Hussain) ১৯৬৩ চনৰ ৫ অক্টোবৰ তাৰিখে অসমৰ গোৱালপাৰা চহৰত এখন মধ্যবিত্ত পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ ছামছুদ্দিন হুছেইন এজন কৰ পৰিদৰ্শক আছিল। শৈশৱৰ পৰাই আদিল হুছেইন ডাঙৰীয়াৰ নাটকৰ প্ৰতি গভীৰ আকৰ্ষণ আছিল। পৰিয়ালৰ সহযোগ আৰু গোৱালপাৰাৰ সাংস্কৃতিক পৰিৱেশে তেখেতৰ শিল্পীসত্তা গঢ়ি তুলিছিল। তেখেতে গোৱালপাৰাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৱাহাটীস্থিত কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। তাত থাকোতেই তেওঁ নাটক আৰু মঞ্চত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। পিছত তেওঁ নতুন দিল্লী-স্থিত National School of Drama (NSD)-ত নাট্য বিদ্যাত প্ৰশিক্ষণ গ্ৰহণ কৰে। NSD-ৰ পাছত লণ্ডনৰ Drama Studio London-তো তেওঁ অভিনয় শিক্ষা লাভ কৰে। এই সকলো অভিজ্ঞতাই তেওঁক এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অভিনেতাৰূপে গঢ়ি তোলে। আদিল হুছেইন ডাঙৰীয়াই প্ৰথমে অসমীয়া আৰু হিন্দী থিয়েটাৰত নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। গুৱাহাটী আৰু দিল্লীৰ বিভিন্ন নাট্য সংগঠন আৰু পথ নাটকত তেওঁ অভিনয় কৰিছিল। পিছত তেওঁ অসমীয়া, হিন্দী, ইংৰাজী, বেংগলী, তামিল আদি ভাষাত বহু কেইখন চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনয় সদায় সংযত, গভীৰ আৰু প্ৰাণবন্ত বুলি সমালোচকে উচ্চ মূল্যায়ন কৰিছে।
প্ৰধান চলচ্চিত্ৰসমূহ Life of Pi – বিশ্ববিখ্যাত পৰিচালক Ang Lee-ৰ এই চলচ্চিত্ৰত পিতৃৰ চৰিত্ৰত অভিনয়। English Vinglish – শ্ৰীদেৱীৰ বিপৰীতে মূল চৰিত্ৰ। Mukti Bhawan (Hotel Salvation) – পিতৃ-পুত্ৰৰ আত্মিক যাত্ৰাৰ গল্প; বহু আন্তঃৰাষ্ট্ৰীয় উৎসৱত পুৰস্কৃত।The Reluctant Fundamentalist, Pareeksha – এজন দাৰিদ্ৰ্যপীড়িত পিতাৰ ভূমিকাত,Delhi Crime (Netflix series),Lootera, Zed Plus, Unfreedom আদি। পুৰস্কাৰ আৰু সন্মান ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ – “Mukti Bhawan”-ৰ বাবে বিশেষ জুৰী সন্মান। Venice Film Festival, Toronto IFF-ত চূড়ান্ত প্ৰশংসা।Prag Cine Awards, Filmfare OTT Awards আদি।
অসমীয়া সংস্কৃতিৰ বুৰঞ্জীৰ অংশ হিচাপে বহু দল-সংগঠনৰে পৰা সম্বৰ্ধনা। তেখেত বৰ্তমান নতুন দিল্লী আৰু গোৱালপাৰাত সময় অতিবাহিত কৰে। অভিনয়ৰ উপৰিও তেওঁ “Actor Studio India” নামেৰে এক নাট্য কর্মশালা–ভিত্তিক কেন্দ্ৰত নাট্যগুৰু হিচাপে কাম কৰি আছে। য’ত থিয়েটাৰ আৰু স্ক্ৰিন অভিনয়ৰ প্ৰশিক্ষণৰ জৰিয়তে অসমৰ নতুন প্ৰতিভাক ৰাষ্ট্ৰীয় আৰু আর্ন্তজাতিক মঞ্চলৈ লৈ যোৱাৰ প্ৰয়াশ কৰে। তাৰোপৰি ভাৰতৰ বিভিন্ন ঠাইত তেওঁ নাট্য কর্মশালা, মেন্টৰিং আৰু থিয়েটাৰ প্ৰচাৰ-প্ৰসাৰত জড়িত। শেহতীয়াকৈ অসমৰ জনপ্ৰিয় অভিনেতা ৰৱি শৰ্মাই মুখ্য চৰিত্ৰ-ৰ ভূমিকাত অভিনয় কৰা আৰু আদিল হুছেইন ডাঙৰীয়াই– মুখ্য সহ-অভিনেতা হিচাপে “ৱজ্ৰ” চৰিত্ৰত অভিনয় কৰা “ৰুদ্ৰা” ২০২৫ চিনেমা খনৰ প্ৰৰ্দশনী সময়ত তেখেতক গোৱালপাৰা চহৰৰ কল্পনা চিনেমা হলত সাক্ষাৎ হয়।
পৰৱৰ্তী সময়ত তেখেতৰ গোৱালপাৰা স্থিত বাসভৱনত ভাতৃ প্ৰতীম তথা সতীৰ্থ সাংবাদিক ফাৰুক আব্দুলাৰ সৈতে পুনৰ লগ পোৱাৰ সৌভাগ্য হয়। প্ৰায় ২০ মিনিট মান সময়ৰ কথাপোকথনত তেখেত যে এগৰাকী নম্ৰ, গম্ভীৰ আৰু চিন্তাশীল ব্যক্তি সেই কথা অতি কম সময়ৰ ভিতৰতে অনুমান কৰিব পাৰিলো। তেওঁৰ কথা বতৰা, ব্যৱহাৰ আৰু জীৱন দৰ্শনত এক গভীৰতা দেখা পোৱা যায়। বিশ্বজুৰি খ্যাতি লাভ কৰাৰ পাছতো তেওঁ নিজৰ মাতৃভূমি গোৱালপাৰাৰ সৈতে গভীৰভাৱে জড়িত। তেওঁ অহংকাৰহীন, সদায় শিকাবলৈ তথা উৎসাহ দিবলৈ প্ৰস্তুত, আৰু সমাজৰ প্ৰতি দায়িত্বশীল।
আদিল ডাঙৰীয়াৰ ব্যক্তিত্বত বিশ্বজনীন চিন্তাধাৰা আৰু দেশজ মাটিৰ সুবাস একেলগে উপলব্ধি হয়। অভিনয়ক তেওঁ কেৱল পেশা হিচাপে নহয়, এক সাধনাৰ ৰূপত গ্ৰহণ কৰে। তেখেতৰ নিজ মাতৃভুমিৰ প্ৰতি অগাধ ভালপোৱা আছে আৰু সদায় গৰ্বৰে কয় –” মই গোৱালপাৰাৰ সন্তান।” ২০ মিনিট মান কথা বতৰাৰ অন্তত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লও।
আদিল হুছেইন ডাঙৰীয়া কেৱল এজন অভিনেতাই নহয়; তেওঁ হৈছে অসম আৰু বিশেষকৈ গোৱালপাৰাৰ এক জ্যোতিষ্ক মুখ। তেওঁৰ সাফল্য নতুন প্ৰজন্মৰ বাবে এক উদাহৰণ। তেওঁৰ জীৱনযাত্ৰাই প্রমাণ কৰে যে সাধাৰণ পৰিৱেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় শিখৰলৈকে যাত্রা সম্ভৱ, যদি থাকে অধ্যৱসায়, নিষ্ঠা আৰু নিজ কৌশলৰ প্ৰতি বিশ্বাস।
যিহেতু অসমীয়া ভাষাক চেলেঞ্জ কৰিছিল ABMSUএ।(Himanta Biswa Sarma) ভাষাক চেলেঞ্জ কৰা সেই কাৰ্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।লোকপিয়লত অসমীয়া ভাষা নিলিখাৰো হুংকাৰ দিছিল ABMSUএ। অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ পৰিকল্পনা সংগঠনটোৰ। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া ভাষা অসমত আইনগত বিষয়। আইনগতভাৱেই অসমত অসমীয়া ভাষা চলি থাকিব। এইবোৰ ব্লেকমেইলিং কৰি লাভ নাই। অসমত অসমীয়া ভাষাই থাকিব, ভাষা কাৰো ব্লেকমেইলৰ চিকাৰ হ’ব নোৱাৰে,
ভাষাক লৈ কোনেও ব্লেকমেইলিং কৰিব নোৱাৰিব বুলি মন্তব্য কৰে।

বলীউডৰ অতি কম বয়সত (Divya Bharti Death) সর্বাধিক সফল অভিনেত্ৰীৰ মৃত্যু আজিও এক অপূৰ্ণ ৰহস্য। তেওঁৰ মাতৃৰ বক্তব্যই নকৈ এক নতুন দিশ উন্মোচন কৰিছে।
দিব্যা ভাৰতী এগৰাকী কম বয়সতে যথেষ্ট সফল অভিনেত্রী। সৌন্দর্য, প্রতিভা আৰু হৃদয়স্পর্শী হাঁহিৰে খুব কম সময়ৰ ভিতৰতে তেওঁ বলীউডৰ শীৰ্ষস্থানত উপনীত হৈছিল। কেৱল ১৯ বছৰ বয়সতে ২১খন ছবিত অভিনয় কৰি তেওঁ যি সাফল্য অৰ্জন কৰিছিল, সেয়া আজিও অনন্য। কিন্তু ১৯৯৩ চনৰ ৫ এপ্ৰিলত তেওঁৰ আকস্মিক মৃত্যুৱে সমগ্ৰ দেশবাসীক স্তম্ভিত কৰি তোলে। এতিয়া, মাক মীতা ভাৰতীৰ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ কৈছিল যে দিব্যাৰ কুণ্ডলীত ‘বাল মৃত্যু যোগ’ আছিল – অৰ্থাৎ কম বয়সতে মৃত্যুৰ যোগ।
শেহতীয়াকৈ দিব্যা ভাৰতীৰ মাতৃ মিতা ভাৰতীৰ এটা পুৰণি ভিডিঅ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। এই ভিডিঅটো ig_divyabharti নামৰ এটা ইনষ্টাগ্রাম পেজে শ্বেয়াৰ কৰিছে, য’ত মিতায়ে কৈছে যে দিব্যাৰ কুণ্ডলীত ইতিমধ্যে বাল মৃত্যু যোগ আছিল। লগতে তেওঁ ক’লে যে এই বিষয়ে তাইৰ আগতীয়াকৈ এটা ধাৰণা আছিল যদিও তাই সেয়া আওকাণ কৰিছিল। দিব্যাৰ মৃত্যুৰ সময়ত এই কথা মনত পৰিল আৰু ভৱিষ্যদ্বাণী সঁচা হোৱাত বৰ দুখ পালে।
শেহতীয়াকৈ, দিব্যাৰ মাক মীতা ভাৰতীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিঅ’টোত তেওঁ আবেগিকভাৱে কয়…..
“যেতিয়া দিব্যাৰ বয়স মাত্ৰ ৮ বছৰ আছিল, তেতিয়া তেওঁৰ কুণ্ডলীত শিশুমৃত্যুৰ যোগ আছিল। মই জানিছিলোঁ, কিন্তু কল্পনাও নকৰিছিলোঁ যে সেইটো সত্য হ’ব।”এই ‘বাল মৃত্যু যোগ-অৰ্থাৎ কৈশোৰ বা যৌৱনৰে আগতে মৃত্যুৰ সম্ভাৱনা-তেওঁ আগতেই শুনিছিল, কিন্তু মনত নাৰাৰিলে। মৃত্যুৰ পাছত সেই কথাসমূহ পুনৰ মনত পৰিল আৰু তেওঁ গভীৰ দুখত ভাগি পৰে।
১৯৭৪ চনৰ ২৫ ফেব্ৰুৱাৰী, মুম্বাইত জন্মগ্ৰহণ কৰা দিব্যাই পঢ়াশুনাত বিশেষ মন নিদিয়াৰ বিপৰীতে নৃত্য আৰু অভিনয়ত গভীৰ আগ্ৰহ দেখুৱাইছিল। ১৯৯০ চনত দক্ষিণ ভাৰতৰ চুপাৰহিট ছবি ‘ববলী ৰাজা’ৰ জৰিয়তে তেওঁৰ চলচ্চিত্ৰ যাত্ৰা আৰম্ভ হয়।
বলীউডত তেওঁৰ প্ৰথম প্ৰবেশ ঘটে ‘বিশ্বত্মা’ (১৯৯২)ৰ জৰিয়তে। “সাত সমুন্দৰ পাৰ” গীতৰ জৰিয়তে তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠে। দীৱানা, দিল কা ক্যা কসুৰ ,বলৱান,গীত দিল হি তো হায় আদি জনপ্ৰিয় ছবি আগবঢ়ায় ।দিব্যা ভাৰতী কেৱল অভিনয়ৰে নহয়, বক্স অফিচৰ দিশৰ পৰা যথেষ্ট ভাগ্যশালী আছিল। তেওঁৰ এখন ছবিয়ে কেৱল ৬ দিনতে ₹২৭৬৩ কোটি টকা উপার্জন কৰিছিল, যিয়ে সেই সময়ত বক্স অফিচৰ ৰেকৰ্ড ভাঙিছিল। অতি কম বয়সতে দিব্য ভাৰতীয়ে উচ্চতাৰ শীৰ্ষৰ লাভ কৰিছিল সেইয়া আনে লাভ কৰিব পৰা নাছিল
১৯৯২ চনত দিব্যাই গোপনে চলচ্চিত্র প্রযোজক সাজিদ নাদিয়াদৱালাক বিয়া কৰিছিল। সংবাদমাধ্যমৰ মতে, এই বিয়াৰ বাবে তেওঁ ইছলাম ধর্ম গ্ৰহণ কৰিছিল। কিন্তু, এই বিয়াৰ কেৱল কেইমাহমান পাছতে, ৫ এপ্রিল ১৯৯৩ তাৰিখে, তেওঁ মুম্বাইৰ নিজৰ ফ্লেটৰ পঞ্চম তলা পৰা পৰি মৃত্যুবৰণ কৰে। এই মৃত্যুক লৈ আত্মহত্যা না হত্যাকাণ্ড – এই প্রশ্ন এতিয়াও ৰহস্যৰ মাজত সীমাবদ্ধ। তদন্তৰ পিছতো মৃত্যুৰ সঠিক কাৰণ কেতিয়াও প্ৰকাশ নোহোৱা বাবে এইটো আজিও এয়া অসম্পূৰ্ণ কাহিনী হৈ আছে।
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিশ্বৰ (World’s Oldest Elephant Vatsala) আটাইতকৈ বয়সীয়াল হাতী বাটছালাই৷ ১০০ বছৰ অতিক্ৰম কৰা বাটছালা নামৰ হাতীটোৱে মধ্যপ্ৰদেশৰ পান্না টাইগাৰ ৰিজাৰ্ভত মৃত্যুবৰণ কৰে৷
হিনাউতা হাতী শিবিৰত হাতীটোৰ মৃত্যু হোৱা বুলি সংৰক্ষিত বনাঞ্চলখনৰ ৰেঞ্জাৰ আৰ পি আৰ্গাৰিয়াই জানিবলৈ দিয়ে৷ ‘মঙলবাৰে সকলোতকৈ প্ৰিয় হাতী বাটছালাৰ মৃত্যু ঘটে৷ বহু দিন ধৰি হাতীটো অসুস্থ হৈ আছিল’– বন সংৰক্ষক তথা ক্ষেত্ৰ পৰিচালক অঞ্জনা সুচিতা তিৰ্কী আৰু উপ-সঞ্চালক মোহিত সুদৰ লগতে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ কৰ্মচাৰীসকলে মৃত হাতীটোক সুঁৱৰি এই কথা ব্যক্ত কৰে৷ তিৰ্কীয়ে কয় যে যথাযথ সন্মানেৰে বাটছালাক দশক দশক থকা একেটা শিবিৰতে দাহ কৰা হৈছিল৷
বিগত কেইসপ্তাহমান ধৰি বাটছালাৰ শৰীৰ ভাল নাছিল৷ বয়স বাঢ়ি অহাৰ বাবে বছৰ বছৰ ধৰি হাতীটোক অৰণ্যৰ কোনো কাম নিযুক্ত কৰা হোৱা নাছিল৷ অভিজ্ঞ মাউট আৰু বন বিভাগৰ পশু চিকিৎসকৰ তত্ত্বাৱধানত হাতীটোৰ যত্ন লোৱা হৈছিল৷ কিছুদিন পূৰ্বে বাটছালা এটা নলাত পৰি আঘাতপ্ৰাপ্ত হৈছিল৷
হাতীটোক ২৪ ঘণ্টাই চিকিৎসা সেৱা আৰু ফল-মূল খাদ্য হিচাপে যোগান ধৰা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটিছিল৷ চকুৰ ছানি পৰাৰ ফলত হাতীটোৰ দৃষ্টিশক্তিও স্বাভাৱিকতে কমি আহিছিল আৰু চলন-ফুৰণতো ইয়াৰ প্ৰভাৱ পৰিছিল৷
আপুনি প্ৰায়ে দেখিছে যে আজিকালি মানুহবোৰ মুখৰ দুৰ্গন্ধৰ বাবে লাজৰ সন্মুখীন হয়। (Mouth Smell) এই ধৰণৰ সমস্যাক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা হেলিট’ছিছ বুলি কোৱা হয়। মুখৰ দুৰ্গন্ধ আজিকালি এটা সাধাৰণ সমস্যা, যিটো বহু কাৰণত হ’ব পাৰে। মুখৰ দুৰ্গন্ধ এটা সাধাৰণ সমস্যা যদিও সঠিক যত্ন আৰু চিকিৎসাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।
মুখৰ যত্নৰ টিপছ-
নিয়মীয়াকৈ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, উপযুক্ত খাদ্য গ্ৰহণ কৰা, স্বাস্থ্যজনিত সমস্যাৰ সময়মতে চিকিৎসা লাভ কৰাটো ইয়াৰ পৰা হাত সাৰিবলৈ গুৰুত্বপূৰ্ণ।
দুৰ্গন্ধৰ কাৰণ-
মুখৰ দুৰ্গন্ধৰ এটা প্ৰধান কাৰণ হ’ল আপোনাৰ হজম শক্তি সঠিক নহয়। অন্ত্ৰত খাদ্য পচিবলৈ আৰম্ভ কৰিলে মুখৰ দুৰ্গন্ধৰ সৃষ্টি হয়। কোষ্ঠকাঠিন্যও মুখৰ দুৰ্গন্ধৰ কাৰণ হ’ব পাৰে।
ঘৰুৱা উপায়েৰে দুৰ্গন্ধৰ চিকিৎসা (Treatment of bad breath)-
দাঁত সঠিকভাৱে পৰিষ্কাৰ কৰা-
যিকোনো প্ৰতিকাৰ কৰাৰ আগতে দিনটোত দুবাৰকৈ দাঁত ভালদৰে ব্ৰাছ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
অধিক পানী খাব-
মুখৰ দুৰ্গন্ধৰ পৰা আঁতৰি থাকিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যিমান পাৰি পানী খোৱা।
তুলসীৰ পাত-
তুলসীৰ পাত চোবাই খালেও মুখৰ দুৰ্গন্ধ দূৰ হয়। ইয়াৰ উপৰিও তুলসী মুখৰ যিকোনো ঘাঁৰ বাবেও উপকাৰী।
গ্ৰীণ টি-
গ্ৰীণ টিয়ে মুখৰ দুৰ্গন্ধ কম কৰিব পাৰে। ইয়াত এন্টিবেক্টেৰিয়েল উপাদান থাকে যিয়ে মুখৰ দুৰ্গন্ধ আঁতৰাই পেলায়।
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা। (Guru Purnima 2025) গ্ৰহ-নক্ষত্ৰসমূহে এক অতি শুভ স্থান গঠন কৰিছে। গজকেছাৰী ৰাজ্যযোগ, মালব্য ৰাজযোগ, আইন্দ্ৰ যোগকে ধৰি বহুতো শুভ যোগ গঢ় লৈ উঠিছে, এয়া ৫ ৰাশিৰ বাবে অতি শুভ।
গুৰু পূৰ্ণিমাত সূৰ্য্য আৰু গুৰুৱে মিলি মিথুন ৰাশিত গুৰু আদিত্য ৰাজযোগ গঠন কৰিছে। ইয়াৰ সমান্তৰালকৈ গুৰুৰ চন্দ্ৰৰ দৰ্শনে গজকেছাৰী ৰাজযোগ গঠন কৰি আছে। ইয়াৰ বাহিৰেও শুক্ৰ নিজৰ ৰাশিত বৃষ ৰাশিত থকাৰ বাবে মালব্য ৰাজযোগ গঠন কৰি আছে। ইয়াৰ লগতে আইন্দ্ৰ যোগৰ সংমিশ্ৰণো আছে। এই সকলোবোৰ শুভ যোগে ১২টা ৰাশিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। য’ত ৫ টা ৰাশিৰ অতি ইতিবাচক প্ৰভাৱ পৰিব।
বৃষ ৰাশি-
গুৰু পূৰ্ণিমাৰ দিনা গঠিত শুভ যোগেদি বৃষ ৰাশিৰ লোকক বহু উপকাৰ দিব। আপোনাৰ স্বভাৱৰ ইতিবাচক পৰিৱৰ্তনে আপোনাক জনপ্ৰিয় কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি উন্নত হ’ব। নতুন চাকৰিৰ সুযোগ পাব পাৰে। আপুনি আৰ্থিক সুবিধা পাব। আপুনি হয়তো এটা ডাঙৰ কৃতিত্ব অৰ্জন কৰিব।
মিথুন ৰাশি-
গুৰু পূৰ্ণিমাৰ দিনা গঠিত শুভ যোগেদি মিথুন ৰাশিৰ লোকসকলক ব্যক্তিগত আৰু বৃত্তিগত দুয়োটা জীৱনত উপকৃত কৰিব। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব। আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব। আপোনাৰ সন্মান বাঢ়িব। আপোনাৰ কথাত মানুহ আপ্লুত হ’ব। বিবাহিত জীৱনত সুখৰ হ’ব। প্ৰেম জীৱন ভাল হ’ব।
তুলা ৰাশি-
এই সময় তুলা ৰাশিৰ লোকৰ বাবে ইতিবাচক। ক্ষিপ্ৰতাৰে সম্পূৰ্ণ হ’ব বাকী থকা কাম। নতুন কাম আৰম্ভ কৰিবলৈও ভাল সময়। ব্যৱসায়ীসকলে লাভৱান হ’ব। যদি আপুনি নতুন নতুন কথা শিকিবলৈ মনোনিৱেশ কৰে, তেন্তে ভৱিষ্যতে ই অতি উপকাৰী হ’ব পাৰে। জ্ঞান বাঢ়িব। অৰ্থনৈতিক অগ্ৰগতি হ’ব।
বৃশ্চিক ৰাশি-
গুৰু পূৰ্ণিমাৰ দিনা গ্ৰহৰ শুভ সংমিশ্ৰণে বৃশ্চিক ৰাশিৰ লোকক আৰ্থিক সুবিধা প্ৰদান কৰিব। বহুদিনৰ মূৰত আপুনি আৰ্থিকভাৱে শক্তিশালী অনুভৱ কৰিব। চাকৰিৰ বাবে চেষ্টা কৰা মানুহে ডাঙৰ কোম্পানীৰ পৰা অফাৰ পাব পাৰে। অবিবাহিত লোকেও বিবাহৰ প্ৰস্তাৱ পাব পাৰে। মাতৃৰ স্বাস্থ্যৰ উন্নতি হব।
ধনু ৰাশি-
গুৰু পূৰ্ণিমাই ধনু ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। কৰ্ম আৰু জীৱনক লৈ আপুনি সুখী অনুভৱ কৰিব। আপোনাৰ অভিনয় ভাল হ’ব। সমাজত সন্মান পাব। অবিবাহিত মানুহৰ বিয়া হোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস উচ্চ হৈ থাকিব, যাৰ বাবে আপুনি সেই সিদ্ধান্তবোৰ ল’ব পাৰিব যিবোৰ আপুনি এতিয়ালৈকে ল’ব পৰা নাছিল।
লিভ-ইন ৰিলেশ্বনশ্বিপৰ পৰিণতি অতি ভয়ংকৰ।(Live-in Relationship)বৰ্তমান সময়ত লিভ-ইন ৰিলেশ্বনশ্বিপৰ জনপ্ৰিয়তা বাঢ়িছে।প্ৰাপ্তঃবয়ষ্ক প্ৰায় যুৱক-যুৱতীক লিভ-ইন ৰিলেশ্বনশ্বিপ থকা পৰিলক্ষিত হয়।কিন্ত লিভ-ইন ৰিলেশ্বনশ্বিপ কাৰোবাৰ বাবে বাল যদিও আনকাৰোবাৰ বাবে ভয়ংকৰ। আমি প্ৰায়ে শুনোঁ লিভ-ইন ৰিলেশ্বনশ্বিপত থকা যুৱক-যুৱতীৰ মৃত্যুৰ কাহিনী। তেনে ঘটনা পুনৰ সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।
গুৱাহাটীৰ কাহিলিপাৰা কল্যাণী নগৰৰ ভাড়াঘৰত প্ৰেমিক-প্ৰেমিকাৰ চৰম পন্থাৰ সিদ্ধান্ত। প্ৰেমিকা বৰ্তমান চিকিৎসাধীন হৈ আছে। প্ৰেমিকাক সংকটজনক অৱস্থাত হায়াট হাস্পতালত ভৰ্তি। কাহিলিপাৰা কল্যাণী নগৰৰ ভাড়াঘৰত প্ৰেমিক-প্ৰেমিকাৰ চৰম পন্থাৰ সিদ্ধান্ত ঘৰৰ ভিতৰতে চৰম পন্থা প্রেমিক নৱজ্যোতি তালুকদাৰৰ। সম্পৰ্কত সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা নৱজ্যোতি তালুকদাৰৰ মৃতদেহ।
গতিকে ভাবি চাওক এই লিভ-ইন ৰিলেশ্বনশ্বিপৰ পৰিণতি কিমান ভয়ংকৰ হ’ব পাৰে। এই সম্পৰ্কক লৈ আপুনি কি ভাবে?
তামুলপুৰত এবিভিপিৰ উদ্যোগত (Tamulpur ABVP News) কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাকে ধৰি বহু ব্যক্তি। এবিভিপিৰ তামুলপুৰ শাখাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত দুই শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস,ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক ড° বিমল দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ।
অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক দিশত আগুৱাই নিয়াত সাহস আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্য এবিভিপিয়ে এই সম্বৰ্ধনা অনুষ্ঠাটিৰ আয়োজন কৰে।

Socio-economic Awareness । গোসাঁইগাঁও মহকুমাৰ গুমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাকমাত আজি বিটিআৰ চৰকাৰৰ উদ্যোগত চৰকাৰৰ বিভিন্ন আচঁনিৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৱে বিগত সোতৰ বছৰে বিপিএফৰ কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় বিপিএফ চৰকাৰৰ সময়ত কোনো পৰিকল্পনা আছিল। কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ পৰা টকা আহিছিল , বিপিএফ চৰকাৰে কোনোধৰণৰ পৰিকল্পনা নকৰাকৈ ব্যয় কৰিছিল।
বিটিচিৰ কাম কৰা সমূহ ঠিকাদাৰ বাহিৰৰ আছিল। ফলত সম উন্নয়ন সম্ভৱ নাছিল। তেওঁ ইউপিপিএলৰ বিগত কাৰ্যকালৰ বিভিন্ন বিভাগৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰাৰ লগতে শিক্ষকৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগত নিযুক্তিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, বিধানসভা সমষ্টিৰ বিধায়ক জীৰন বসুমতাৰী, পাৰিষদ মাধব ছেত্ৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, গুমা টিচিএলচিচিৰ অধ্যক্ষ নুৰ হাছান আনছাৰীৰ লগতে কেইবাজনো নেতৃবৃন্দ উপস্থিত থাকে।অনুৰূপ ভাৱে যমদুৱাৰ পৰিষদীয় সমষ্টিৰ আমলাইগুৰীতো বিটিআৰ চৰকাৰৰ উদ্যোগত চৰকাৰৰ বিভিন্ন আচঁনিৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়।