Home Blog Page 12

kajali: কেমেৰাৰ সন্মুখলৈ জুবিন গাৰ্গৰ তুলনীয়া কন্যা কাজলী…

কেমেৰাৰ সন্মুখলৈ জুবিন গাৰ্গৰ তুলনীয়া কন্যা কাজলী
কেমেৰাৰ সন্মুখলৈ জুবিন গাৰ্গৰ তুলনীয়া কন্যা কাজলী

কেমেৰাৰ(kajali) সন্মুখলৈ জুবিন গাৰ্গৰ তুলনীয়া কন্যা কাজলী। জুবিনক পাপা, গৰিমা গাৰ্গক মা বুলি সম্বোধন কৰিছিল কাজলীয়ে। জুবিনৰ তোলনীয়া জী কাজলী এটি কন্যা সন্তানৰ মাতৃও। নাতিনীয়েকৰ সৈতে জুবিনৰ আনন্দৰ মুহূৰ্ত দৃশ্য বন্দী কেমেৰাত। পিছে কাজলীক কেনেকৈ লগ পাইছিল জুবিন গাৰ্গে জানেনে?

জীৱিতকালত জুবিন গাৰ্গে বিভিন্নজনক সহায় কৰিছিল। তাৰ ভিতৰত এগৰাকী আছিল জুবিন গাৰ্গ। এই কাজলীক জুবিনে নিজৰ কন্যা হিচাপে জ্ঞান কৰিছিল। জুবিনে কাজলীক নতুন জীৱন দিছিল। কাজলীয়ে নিজ মুখেৰে কৈছিল যে সোক জুবিন পাপাই নতুন জীৱন দিছিল আৰু কৈছিল মোক জুবিন দা নহয় পাপা বুলি মাতিবি।

চেপনৰ বোৱাৰী জুবিন গাৰ্গৰ তোলনীয়া জী কাজলী এতিয়া এটি কন্যা সন্তানৰ মাতৃ। কাজলীৰ সন্তানৰ সৈতে জুবিনৰ অন্তৰংগ মুহূৰ্ত বন্দী কেমেৰাত।

কাজলীয়ে কৈছিল- ‘মই এঘৰ মানুহৰ ঘৰত কাম কৰিছিলোঁ আৰু মোক ঘৰলৈ যাবলৈ দিয়া নাছিল সেইবাবে মই নিশা পলাই আহোতে জুবিন গাৰ্গে উদ্ধাৰ কৰিছিল। দীঘলীপুখুৰীৰ পৰা চান্দমাৰিলৈকে মই দৌৰি পলাইছিলো।’ গুৱাহাটীত সেইসময়ত বনকৰা ছোৱালী হিচাপে আছিল কাজলী। জুবিনে কাজলীৰ ন্যায় বিচাৰি ক’ৰ্টত হাজিৰও হৈছিল। এইদৰে জুবিনে কাজলীক উদ্ধাৰ কৰি নতুন জীৱন দিছিল। এই কাজলীয়েও এতিয়া জুবিনৰ ন্যায় বিচাৰিছে।

Uma Chetry: WPL নিলামত ক্ৰয় নকৰিলে অসমৰ উমা চেত্ৰীক

WPL নিলামত ক্ৰয় নকৰিলে অসমৰ উমা চেত্ৰীক
WPL নিলামত ক্ৰয় নকৰিলে অসমৰ উমা চেত্ৰীক

মহিলা প্রিমিয়াৰ লীগত আনছ’ল্ড উমা চেত্রী।(Uma Chetry)

WPL নিলামত কোনো দলে ক্ৰয় নকৰিলে অসমৰ উমা চেত্ৰীক।

মহিলা বিশ্বকাপ জয়ী দলৰ সদস্য আছিল উমা চেত্ৰী।

বিশ্বকাপ জয়ী ভাৰতীয় মহিলা দলৰ একমাত্র আনছ’ল্ড উমা চেত্ৰী।

ইয়াৰ পূৰ্বে ইউপি ৱাৰিয়ৰ্জৰ তাৰকা আছিল উমা চেত্রী।

আনহাতে মহিলা প্রিমিয়াৰ লীগত আনছ’ল্ড অসম কন্যা জিন্টিমণি কলিতাও।

বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ অন্যতম সদস্যা আছিল অসম কন্যা উমা চেত্ৰী।

কিন্তু, WPL নিলামত কোনো দলে ক্ৰয় নকৰা বিশ্বকাপ জয়ী একমাত্ৰ খেলুৱৈ অসমৰ উমা চেত্ৰী।

Cyclone Ditwah: সাৱধানঃ আহি আছে ঘূৰ্ণী দিটৱাহ

সাৱধানঃ আহি আছে ঘূৰ্ণী দিটৱাহ
সাৱধানঃ আহি আছে ঘূৰ্ণী দিটৱাহ

সাৱধান আহি আছে ঘূৰ্ণী দিটৱাহ।(Cyclone Ditwah)

আগন্তুক ৪৮ঘন্টাত বতৰে দেখা দিব কালৰূপ।

দক্ষিণ ভাৰতত প্ৰৱল বৃষ্টিপাত।

আনহাতে শ্ৰীলংকাত সামুদ্ৰিক ধুমুহা ‘দিটৱাহ’ৰ তাণ্ডৱ।

ফেনে-ফোটোকাৰে ওফন্দি উঠিছে দেশখনৰ নদী-উপনদী।

জলবন্দী হৈ আছে বহু লোক।

প্ৰশাসনে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

ঘূৰ্ণীবতাহ দিটৱাই দুদিনৰ ভিতৰত উত্তৰ তামিলনাডু উপকূলৰ দিশে আগবাঢ়িব পাৰে।

সেয়েহে বহু পলমকৈ হোৱা প্ৰচণ্ড বৰষুণৰ বাবে চহৰখনে সাজু হৈছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ২৮ আৰু ২৯ নৱেম্বৰত বদ্বীপ আৰু উত্তৰ উপকূলীয় কেইখনমান জিলাৰ বাবে অৰেঞ্জ পৰা ৰেড (২৪ ঘণ্টাত ২০ চে.মি.তকৈ অধিক প্ৰচণ্ড বৰষুণ)এলাৰ্ট জাৰি কৰিছে।



Akhil Gogoi: বিধান সভাৰ পৰা মোক নিলম্বন কৰিছে, বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ হ’ব লাগেঃ অখিল গগৈ

বিধান সভাৰ পৰা মোক নিলম্বন কৰিছে
বিধান সভাৰ পৰা মোক নিলম্বন কৰিছে

শীঘ্ৰেই (Akhil Gogoi) অসম বিধানসভাত স্থাপন হ’ব ডিটেনশ্যন কোঠা। সদনত প্ৰশ্নোত্তৰ ঘণ্টাত হুলস্থূল কৰি অখিল গগৈ নিলম্বিত হোৱাৰ পাছতে ডিটেনশ্যন কোঠা স্থাপনৰ পোষকতা কৰিছিল মন্ত্ৰী বিমল বৰাই। আজি সদনৰ পৰা নিলম্বিত হৈ সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে ক’লে-

‘বিধান সভাৰ পৰা মোক নিলম্বন কৰিছে। ৰাজ্যত বিজেপিৰ কাৰ্য্যালয় বনাবলৈ কিমান মাটি দিয়া হৈছিল? মোৰ এই প্ৰশ্নৰ উত্তৰত ৬ পৃষ্ঠাজোৰা উত্তৰ দিছে। সদনত মোৰ প্ৰশ্ন থাকিলে পিয়ূষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে আগৰ প্ৰশ্ন সমূহৰ উত্তৰ দীঘলকৈ দিয়ে। অসমৰ বহুতো চৰকাৰী মাটি PGR, VGR ত বিজেপিৰ কাৰ্য্যালয় বনোৱা হৈছে। বশিষ্ঠৰ কাৰ্য্যালয় নিৰ্মাণৰ বাবে ৪ বিঘা চৰকাৰী ভূমি ল’লে বিজেপিয়ে। অসমৰ ৬ লাখ মানুহ মথাউৰিৰ ওপৰত বাস কৰে। কিন্তু বিজেপিৰ অফিচ বনাবলৈ ভূমি দান চলি আছে। বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ হ’ব লাগে। বিমল কেঁচা বুদ্ধিৰ মানুহ। সংবিধান, নিয়ম, আইন কানুনৰ বিষয়ে বিমলে নাজানে, নিলম্বণ কৰাৰ পাছতেই মন্ত্ৰী বিমল বড়াই অধ্যক্ষৰ ওচৰত আবেদন কৰিছিল। সদনৰ পৰা নিলম্বিত বিধায়কক ডিটেনশ্বন কৰি ৰাখিব লাগে। বিমল বড়াক প্ৰত্যাহ্বান অখিলগগৈৰ।মইতো ভাবো বিমলে ভাৰতীয় সংবিধানখনো ভালকৈ পঢ়া নাই।’

Prerana Scheme: আজি মুকলি হ’ব ৰাজ্য চৰকাৰৰ ‘প্ৰেৰণা’ শীৰ্ষক আঁচনি

আজি মুকলি হ’ব ৰাজ্য চৰকাৰৰ ‘প্ৰেৰণা’ শীৰ্ষক আঁচনি
আজি মুকলি হ’ব ৰাজ্য চৰকাৰৰ ‘প্ৰেৰণা’ শীৰ্ষক আঁচনি

আজি মুকলি(Prerana Scheme)হ’ব ৰাজ্য চৰকাৰৰ প্ৰেৰণা আঁচনি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি হ’ব ‘প্ৰেৰণা’ শীৰ্ষক অভিলাষী আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আঁচনি। মেট্ৰিকৰ পৰীক্ষাৰ্থীক সামৰি ল’ব এই আঁচনিখনে। ‘প্ৰেৰণা’ৰ অধীনত প্ৰতিমাহে লাভ কৰিব ৩০০ টকাকৈ। ৰাজ্যৰ ৪ লাখ ৪০ হাজাৰ শিক্ষাৰ্থীক সামৰি ল’ব আঁচনিখনে।

৪ মাহৰ বাবে ৰাজ্যত বলবৎ হ’ব এই আঁচনি। আজি কলাক্ষেত্রত মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাবে মুকলি কৰিব এই আঁচনিখন। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীয়ে প্ৰতিমাহে পাব ৩০০ টকাকৈ। এই মাহৰ পৰা ফ্ৰেব্ৰুৱাৰীলৈকে পৰীক্ষাৰ্থীসকলে লাভ কৰিব এই ধন।

ঐতিহাসিক মুহূৰ্তৰ সাক্ষী অসম: বিধানসভাত পাৰিত বহু বিবাহ প্ৰতিৰোধ বিধেয়ক । Dr. Himanta Biswa Sarma

Dr. Himanta Biswa Sarmaঐতিহাসিক মুহূৰ্তৰ সাক্ষী অসম: বিধানসভাত পাৰিত বহু বিবাহ প্ৰতিৰোধ বিধেয়ক

অসমবাসী বৃহস্পতিবাৰে সাক্ষী হ’ল এগৰাকী ঐতিহাসিক সিদ্ধান্তৰ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা বহু বিবাহ প্ৰতিৰোধ বিধেয়ক সদনত বহুবিতৰ্ক আৰু দীৰ্ঘ আলোচনা পিছত শেষত পাৰিত হ’ল।

সদনত শাসক-বিৰোধীৰ মাজত বিধেয়কখন লৈ তীব্ৰ বিতৰ্ক হয়। কিন্তু সকল বিতৰ্কৰ অন্তত বিধেয়কখন সংখ্যাগৰিষ্ঠতাই পাৰিত হয়। বিধেয়ক পাৰিকৰণৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত নাতিদীৰ্ঘ কিন্তু প্ৰভাৱশালী ভাষণ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীৰ বক্তব্য

বহুবিবাহ প্ৰতিৰোধ বিধেয়ক সমৰ্থন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়—

  • “মই নিবিচাৰোঁ মোৰ ছোৱালীয়ে ২১ বছৰ বয়সত বিশ্ববিদ্যালয়ত পঢ়িব লাগিব আৰু কোনো ছোৱালীয়ে ১৫ বছৰ বয়সতে বিয়াৰ বলি হ’ব।”
  • তেওঁ উল্লেখ কৰে যে অসমত বহুবিবাহ প্ৰথা প্ৰায় বন্ধ হোৱাৰ দিশলৈ আগবাঢ়িছে, কিন্তু সমাজৰ বহু অংশত এতিয়াও শিশুবিৱাহ আৰু বহুবিবাহ দৃষ্টিগোচৰ হয়।

মুখ্যমন্ত্ৰীয়ে বিৰোধীক উদ্দেশ্যে মন্তব্য কৰি কয়, “বিৰোধীয়ে কয় এই কাম আমি ৰাজনীতিৰ বাবে কৰিছোঁ, কিন্তু এই ৰাজনীতি নিপীড়িত আৰু নিষ্পেষিত societyr বাবে।”

তেওঁ সদনত উল্লেখ কৰে যে বহুবিবাহৰ বিৰোধিতাত ভাষণ দিয়া প্ৰত্যেকজন মুছলমান বিধায়ক পুৰুষ, যেতিয়া বহু ঠাইত ৬৫–৭০ বছৰ বয়সী পুৰুষে ১৫–১৬ বছরীয়া ছোৱালীক বিবাহ কৰে। লগতে তেওঁ স্পষ্ট কৰে—

  • “হিন্দু সমাজো বহুবিবাহৰ পৰা মুক্ত নহয়। হিন্দুৰ বহুবিবাহ বন্ধ কৰাৰ দায়িত্বো আমাৰ।”

মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট বক্তব্য—

  • বহুবিবাহ বন্ধ হ’ব হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ধর্মীয় সমষ্টিৰ মাজতে
  • ষষ্ঠ অনুসূচীভুক্ত অঞ্চলসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী কয় যে এই অঞ্চলসমূহৰ স্বায়ত্তশাসিত ক্ষমতাৰ কাৰণে তেওঁলোকৰ অনুমতি বা স্বতন্ত্ৰ আইনৰো প্ৰয়োজন হ’ব।
  • BTR, কাৰ্বি আংলং, ডিমাহাছাও আদি অঞ্চলৰ জনজাতীয় সমাজৰ সংবেদনশীলতা বুজি চলিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

মেহতা কমিটীৰ প্ৰতিবেদন

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে—

  • ২০২৩ চনৰ ১২ মে অনুষ্ঠিত উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি গঠিত কমিটীয়ে ৰাইজৰ পৰা মতামত সংগ্ৰহ কৰিছিল।
  • উল্লেখযোগ্যভাৱে, বহুবিবাহ সমৰ্থনত কেৱল দুটা পত্ৰ আহিছিল।

এই তথ্যই দেখুৱাইছে যে সমাজৰ বৃহৎ অংশই বহুবিবাহ প্ৰথা বন্ধ হোৱাৰ পক্ষে মতামত প্ৰকাশ কৰিছে।

শেষত মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰি কয়—
“পশ্চিম বংগত যি কাম কৰিব নোৱাৰি, অসমত সেই কাম বহু বেছি সফলতাৰে কৰিব পাৰি।”

এই সিদ্ধান্তে অসম সমাজত এক নতুন যুগৰ দ্বাৰ উন্মোচন হ’ল বুলি বিশেষজ্ঞ মহলে মত প্ৰকাশ কৰিছে।

১৪ বছৰ অনুৰ্ধ্বৰ অসম ফুটবল দলত স্থান লাভ অংগদ গগৈৰ

দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে অসমৰ খেলুৱৈয়ে । ক্ৰীড়া ক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে দুভৰিৰ যাদুৰে জগত জিনিবলৈ সাজু হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ছাত্ৰ । নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত টিংখাঙৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ ১৪ বছৰ অনুৰ্ধ্বৰ অসম ফুটবল দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অংগদ গগৈয়ে ।

টিংখাং ৰাজগড়ৰ ৩ নং ন-ভকতীয়া গাঁৱৰ সুনীল গগৈ আৰু জুলি গগৈৰ সন্তান অংগদ গগৈয়ে অহা ১ ডিচেম্বৰৰ পৰা মধ্যপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া প্ৰতিযোগিতাত অসম ফুটবল দলক প্ৰতিনিধিত্ব কৰিব । ৰাজগড়ৰ ‘নিউ ষ্টাৰ চিনিয়ৰ চেকেণ্ডেৰী’ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ অংগদৰ এই সাফল্যই সমগ্ৰ টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

ভাৰতীয় দলত অংশগ্ৰহণৰে বিশ্বজয়ৰ সপোন এজন ফুটবল খেলুৱৈ অংগদ গগৈৰ

উদীয়মান ফুটবলাৰগৰাকীয়ে অসম ফুটবল দলত স্থান লাভ কৰাৰ খবৰে উৎফুল্লিত কৰি তুলিছে অঞ্চলবাসীক । সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহ থকা অংগদ গগৈয়ে প্ৰশিক্ষক প্ৰহ্লাদ কোঁৱৰৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি স্থানীয় শলগুৰি-টিপমীয়া ফুটবল ক্লাব হৈ এজন সুদক্ষ ষ্ট্ৰাইকাৰ হিচাপে অসমৰ বিভিন্ন ঠাইত ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰাৰ লগতে দুভৰিৰ যাদুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

বিশ্ব ফুটবলৰ জীৱন্ত কিম্বদন্তি ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক আদৰ্শ হিচাপে গ্ৰহণ কৰা অংগদে ভৱিষ্যতে ভাৰতীয় জাতীয় ফুটবল দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে । ১৪ বছৰ অনুৰ্ধ্ব অসম ফুটবল দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা পাছতে সংবাদ মাধ্যমত অংগদ গগৈয়ে কয়, “১৪ বছৰ অনুৰ্ধ্ব অসম ফুটবল দলত স্থান কৰিবলৈ সক্ষম হৈছোঁ । মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব ফুটবল প্ৰতিযোগিতাখন ।‌ খুবেই ভাল লাগিছে সৰুৰে পৰা চেষ্টা কৰি আহিছিলোঁ । এজন ভাল ফুটবলাৰ হৈ ভাৰতীয় দলত খেলাৰ সপোন লৈ আগবাঢ়িছোঁ ।”

দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ আয়োজকৰ দায়িত্বত ভাৰত

বিগত অক্টোবৰত কমনৱেলথ গেমছৰ কাৰ্যবাহী ব’ৰ্ডে শতবাৰ্ষিকী সংস্কৰণৰ আয়োজক হিচাপে আহমেদাবাদৰ নাম প্ৰস্তাৱ কৰিছিল ৷ ইয়াৰ পিছত ৭৪ জনীয়া সাধাৰণ পৰিষদে ভাৰতৰ এই নিবিদাত অনুমোদন জনোৱাটো আছিল মাথোঁ আনুষ্ঠানিকতাহে ৷ ভাৰতে শেষবাৰৰ বাবে ২০১০ চনত নতুন দিল্লীত কমনৱেলথ গেমছৰ আয়োজন কৰিছিল ।

কমনৱেলথ গেমছ মূল্যায়ন সমিতিৰ তত্বাৱধানত এই পৰামৰ্শ আগবঢ়োৱা হৈছিল । কমনৱেলথ গেমছৰ সচিব ড৹ ডোনাল্ড ৰুকাৰেই কয়, ‘‘ভাৰতে নিজৰ সৈতে বিশালতা, যুৱক-যুৱতী, উচ্চাকাংক্ষা, চহকী সংস্কৃতি, বিশাল ক্ৰীড়াৰ আবেগ আৰু প্ৰাসংগিকতা আনে…আমি কমনৱেলথ গেমছৰ বাবে আমাৰ পৰৱৰ্তী শতিকাটো সুস্বাস্থ্যৰে আৰম্ভ কৰোঁ ।’’

এনে সিদ্ধান্তই ২০৩৬ চনত অলিম্পিক আয়োজন কৰাৰ বাবে ভাৰতৰ উচ্চাকাংক্ষাকো শক্তিশালী কৰি কৰিছে । অলিম্পিক আয়োজনৰ অধিকাৰৰ দৌৰত অৱতীৰ্ণ হোৱা আহমেদাবাদে বিগত দশকত যুদ্ধংদেহী মনোভাৱেৰে ৰাজ্যখনৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নীত কৰিছে ।

২০৩০ চনৰ নিবিদাৰ বাবে নাইজেৰিয়াৰ আবুজাৰ চহৰৰ সৈতে প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছিল ভাৰত । কিন্তু কমনৱেলথ গেমছে ২০৩৪ চনৰ সংস্কৰণৰ বাবেহে আফ্ৰিকান দেশখনৰ কথা বিবেচনা কৰাৰ সিদ্ধান্ত লয় । অতীতত ব্ৰিটিছ এম্পায়াৰ গেমছ বুলি পৰিচিত প্ৰথম কমনৱেলথ গেমছ ১৯৩০ চনত কানাডাৰ হেমিল্টনত অনুষ্ঠিত হৈছিল ৷

কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডবিয়াই কয়, ‘‘ভাৰতে শতবাৰ্ষিকী কমনৱেলথ গেমছ আয়োজন কৰাটো এক গৌৰৱৰ মুহূৰ্ত। এনে বৃহৎ ইভেণ্ট আয়োজন কৰিবলৈ ভাৰত সক্ষম আৰু ২০৪৭ চনৰ ভিতৰত শীৰ্ষ পাঁচখন ক্ৰীড়া ৰাষ্ট্ৰৰ ভিতৰত ভাৰতে স্থান লাভ কৰিব ।’’

শিৱসাগৰৰ নামতিত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ…

আৰক্ষীয়ে গোপন সুত্ৰৰ পমখেদি নামতি চাৰি আলিত তিনিটা ড্ৰা*গ্‌চ সৰৱৰাহকাৰী সহ হেৰ’ইন জব্দ কৰে

নাজিৰা সম-জিলাৰ আৰক্ষী অধীক্ষক
তুষাৰ দেশাইৰ সবল নেতৃত্বত নাজিৰা আৰু নামতি আৰক্ষীৰ সহযোগত আমগুৰি দিশৰ পৰা আহি থকা এখন “টয়টা গ্লেঞ্জা” বাহন নামতি চাৰি আলিত তালাচী চলোৱা ধৰা পৰে বৃহৎ পৰিমাণৰ হেৰ’ইন সহ তিনিটা ড্ৰাগ্‌চ সৰৱৰাহকাৰী ॥

জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS 03 AK 2942

“টয়টা গ্লেঞ্জা” বাহনখনৰ গোপন স্থানত লুকুৱাই আনিছিল ১৯টা কন্টেনাৰত হেৰ’ইনখিনি ॥

বাহন খনত সন্দেহজনক হেৰ’ইন কঢ়িয়াই অনা তিনিজন যুৱক ক্ৰমে, সন্দীপ সিং, ৰবিন্দ্ৰ সিং আৰু অমৃত কৰ্মকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ॥

আৰক্ষীয়ে যুৱক কেইজনৰ পৰা নগদ ধন আৰু তিনিটাকৈ মোবাইল জব্দ কৰে ॥

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত নামতি আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে ॥

Arunachal Pradesh: অৰুণাচলৰ খোংছাত উদযাপন চালো লোকু উৎসৱ

অৰুণাচলৰ খোংছাত উদযাপন চালো লোকু উৎসৱ
অৰুণাচলৰ খোংছাত উদযাপন চালো লোকু উৎসৱ

অৰুণাচল (Arunachal Pradesh) প্ৰদেশৰ টিৰাপ জিলাৰ চিত্ৰময় চহৰ খোছা চহৰখন পৰম্পৰাগত উৎসৱ উদযাপনৰ সৈতে সজীৱ হৈ উঠে, কাৰণ অৰুণাচল প্ৰদেশৰ অন্যতম বৰ্ণিল শস্য চপোৱা উৎসৱ চালো লোকু উৎসৱ লোকু খেলপথাৰত অতি উৎসাহেৰে পালন কৰা হয়।

ধান চপোৱাৰ বতৰৰ শিখৰত উপনীত হোৱা আৰু নতুন ঝুম খেতিৰ আৰম্ভণিৰ সূচনা কৰা এই তিনিদিনীয়া এই উৎসৱত খেতি, হুকান, আৰু চাছা গাঁওক প্ৰতিনিধিত্ব কৰা জনজাতীয় সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে। তেওঁলোকৰ উজ্জ্বল পৰম্পৰাগত সাজ-পোছাকত সজ্জিত হৈ পৰিবেশকসকলে নোক্টে সম্প্ৰদায়ৰ সজীৱ সাংস্কৃতিক অনুষ্ঠান, ৰীতি-নীতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰা সজীৱ লোকনৃত্যৰে দৰ্শকক মোহিত কৰিছিল। এই উৎসৱৰ আবেদন ৰাজ্যৰ সীমাৰ বাহিৰলৈও বিস্তৃত হৈ উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক টেপেষ্ট্ৰীৰ সাক্ষী হোৱা ১০০ৰো অধিক বিদেশী পৰ্যটকক আকৰ্ষণ কৰিছিল।

বিশিষ্ট অতিথিসকলৰ ভিতৰত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন আৰু বৰডুৰিয়া-বগাপানী সমষ্টিৰ বিধায়ক ৱাংলিন লোৱাংডংও আছিল।

চালো লোকু উৎসৱৰ নাম তিনিটা নক্টে শব্দৰ পৰা লোৱা হৈছে: চা অৰ্থাৎ ধান, ল’ই ঋতু বুজায় আৰু লোকুৱে উৎসৱক বুজায়। তিনিদিন ধৰি উদযাপন কৰা এই ছবিখনে কেৱল কৃষি মাইলৰ খুঁটি নহয় বৰঞ্চ প্ৰকৃতি আৰু প্ৰচুৰ শস্যৰ বাবে ঐশ্বৰিকতাৰ প্ৰতি কৃতজ্ঞতাৰ গভীৰ প্ৰকাশক প্ৰতিনিধিত্ব কৰে।

এই উৎসৱে প্ৰজন্মৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে কাম কৰে, যাৰ ফলত প্ৰাচীন কৃষি পদ্ধতি, আধ্যাত্মিক বিশ্বাস আৰু সামাজিক ৰীতি-নীতি সমসাময়িক সময়তো সজীৱ হৈ থাকে। ক্ৰমবৰ্ধমান নগৰায়ন আৰু পৰিৱৰ্তিত জীৱনশৈলীয়ে পৰম্পৰাগত জীৱনশৈলীৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগে লগে চালো লোকুৰ দৰে উৎসৱে সাংস্কৃতিক সংক্ৰমণ আৰু সম্প্ৰদায়ৰ বন্ধনৰ বাবে গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে।