Home Blog Page 121

বিশ্ব উন্নয়নত ব্ৰিকছৰ সৈতে একত্ৰিতভাৱে আগবাঢ়িব ভাৰত: মোদী Brics Summit 2025

ডিজিটেল ডেস্ক: Brics Summit 2025 ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ১৭তম ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব মানচিত্ৰত সন্ত্ৰাসবাদ, সংঘাত আৰু শান্তিৰ প্ৰতি দৃষ্টিভংগী সন্দৰ্ভত স্পষ্ট আৰু দৃঢ় বক্তব্য প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বলি হোৱা দেশসমূহ আৰু সন্ত্ৰাসবাদ সমৰ্থকসকলক একে সূত্ৰত গণ্য কৰা উচিত নহয় বুলি মন্তব্য কৰি মোদীয়ে সৰাসৰি পাকিস্তানৰ নাম নোলোৱাকৈ পহলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পটভূমিত চীন আৰু পাকিস্তানক কটাক্ষ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “সন্ত্ৰাসবাদ আজি মানৱতাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। ইয়াৰ বিৰুদ্ধে কোনো আপোচ নহ’ব লাগে।” তেওঁ সন্ত্ৰাসবাদৰ বিত্তীয় সহায়, নিৰাপদ আশ্ৰয়স্থল আৰু আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ চলা কাৰ্য্যকলাপক তীব্ৰ গৰিহণা দিয়ে।

ব্ৰিকছৰ যৌথ বিবৃতিত পহলগাম আক্ৰমণক তীব্ৰভাৱে নিন্দা জনোৱা হয়। মোদীয়ে স্পষ্টভাৱে কয়, “সন্ত্ৰাসবাদৰ কাৰ্য্যক কোনো অৱস্থাত ন্যায়সঙ্গত কৰা নাযায়। ইয়াক সমৰ্থন কৰা বা মৌন সন্মতি জনাও গ্রহণযোগ্য নহয়।” তেওঁৰ মতে, কথাবাৰ্তা আৰু কামৰ মাজত সন্ত্ৰাসবাদ সন্দৰ্ভত কোনো বৈষম্য থাকিব নালাগে।

পশ্চিম এছিয়া তথা গাজা উপত্যকাত চলি থকা সংঘাত আৰু মানবিক সংকটৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি মোদীয়ে শান্তিপূর্ণ সমাধান আৰু আলোচনাৰ পথ বাচনি কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, “ভাৰত ভগৱান বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি — ইয়াত হিংসাৰ স্থান নাই। আলোচনাই হ’ল সমস্যাৰ একমাত্ৰ সমাধান।”

অন্ততঃ, মোদীয়ে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনলৈ সকলো সদস্য ৰাষ্ট্ৰক আমন্ত্ৰণ জনাই বিশ্বৰ উন্নয়নৰ বাবে একত্ৰিতভাৱে কাম কৰাৰ আহ্বান জনায়। তেওঁ কয়, “ভাৰত সাজু হৈছে ব্ৰিকছৰ সৈতে মিলি এখন উন্নত, স্থায়ী আৰু শান্তিপূৰ্ণ বিশ্ব গঢ়ি তুলিবলৈ।”

BTC Election: কোকৰাঝাৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰণশিঙা, বিটিআৰত নিৰ্বাচন খেলাৰ ঘোষণা

কোকৰাঝাৰ, ৭ জুলাই: BTC Election কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত আজি অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ নিৰ্বাচন সন্দর্ভত এক দিশ নিৰ্ধাৰক মন্তব্য আগবঢ়ায়। এই সন্মিলনত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহল, আৰু বিধায়ক দিল্পুৰঞ্জন শৰ্মা।

সন্মিলনত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰে যে, অহা বিটিআৰ নিৰ্বাচনত বিজেপিয়ে নিৰ্বাচন খেলিব আৰু জিকিবলৈ খেলিব। তেওঁ কয়, “আমি কাৰোবাৰ বিৰুদ্ধে নিৰ্বাচন নেখেলোঁ, আমি খেলিম বিটিআৰৰ বিকাশ আৰু কল্যাণৰ বাবে।” তেওঁ লগতে কয়, বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰ আগষ্ট মাহত আৰম্ভ হ’ব আৰু দুৰ্গা পূজাৰ আগতে নিৰ্বাচন সম্পন্ন হ’ব।

ড° শৰ্মাই উল্লেখ কৰে যে বিটিআৰৰ সকলো জাতি-গোষ্ঠীক সমান অধিকাৰৰ সৈতে উন্নয়ন আৰু শান্তিৰে আগবঢ়াবলৈ বিজেপি দৃঢ়সংকল্পবদ্ধ। তেওঁ কয়, “বড়োলেণ্ডত কোনো দ্বিতীয় বা তৃতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলোৰে অধিকাৰ সমান। আমাৰ লক্ষ্য হৈছে বিটিআৰক অসমৰ আটাইতকৈ বেছি প্ৰগতিশীল অঞ্চলৰূপে গঢ়ি তোলা।”

তেওঁ কংগ্ৰেছৰ শাসনৰ সমালোচনা কৰি কয়, কংগ্ৰেছৰ সময়ত বিটিআৰত প্ৰায় প্ৰতিদিনে গুলী-বোমাৰ শব্দ শুনা গৈছিল। তেওঁ গৌৰৱেৰে কয়, “মই মুখ্যমন্ত্ৰী হিচাপে যোৱা চাৰে চাৰি বছৰত বড়োলেণ্ডত এটাও বোমাৰ শব্দ শুনা নাই।”

বিটিআৰলৈ ২০০বাৰৰো অধিক ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আগৰ মুখ্যমন্ত্ৰীসকলে বিটিআৰলৈ কিমান বেলেগা আহিছিল জানে নে? কিন্তু মই চাৰে চাৰি বছৰত ২০০বাৰৰো অধিক আহিছোঁ, কাৰণ বিটিআৰ অসমৰ অংশ, আৰু ইয়াৰ উন্নতি আমাৰ দায়িত্ব।”

সামাজিক উন্নয়ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় –

  • প্ৰতিটো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব
  • লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰা হ’ব
  • মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ তালিকা চূড়ান্ত কৰা হ’ব
  • প্ৰতিটো বিধানসভাত ৪ হাজাৰকৈ নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব
  • চাহ বাগিচাত “এটি কলি, দুটি পাত” আঁচনি প্ৰদান কৰা হ’ব

সেয়াৰ লগতে তেওঁ উল্লেখ কৰে যে বিটিআৰত ২৬টা জাতি-গোষ্ঠী আছে, আৰু সকলো জাতিয়ে সমান অধিকাৰ নাপালৈকে বিটিআৰ সঁচাকৈ প্ৰগতিশীল নহ’ব।

শেষত মুখ্যমন্ত্ৰীয়ে কৈ যায়, “বিটিআৰত বিজেপিয়ে নিৰ্বাচন খেলিব, আৰু বিটিআৰৰ উন্নয়নই আমাৰ একমাত্ৰ লক্ষ্য। এতিয়াৰ পৰা মোক সুধিব নালাগে – আমি খেলিম, আৰু জিকিম।”

এই বক্তব্যৰে মুখ্যমন্ত্ৰীয়ে কার্যকৰীভাৱে বিটিআৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী অভিযানৰ সূচনা কৰে।

Poita Bhat: এতিয়া পঁইতা ভাত খোৱাৰ বতৰঃ কোন সময়ত খাব পঁইতা ভাত ?

Poita Bhat: এতিয়া পঁইতা ভাত খোৱাৰ বতৰঃ কোন সময়ত খাব পঁইতা ভাত ?
Poita Bhat: এতিয়া পঁইতা ভাত খোৱাৰ বতৰঃ কোন সময়ত খাব পঁইতা ভাত ?

অসমীয়া সমাজত পঁইতা (Poita Bhat) ভাত এক থলুৱা খাদ্য। পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য।‌ ওৰে ৰাতি পানীত তিয়াই ৰখা হয় পঁইতা ভাত যাৰ বাবে ই সামান্য টেঙা হৈ পৰে।  গৰম দিনত পঁইতা ভাত অসমীয়া ৰাইজৰ  প্ৰিয় খাদ্য কিয়নো  ই শৰীৰ শীতল ‌কৰি ৰাখে । পঁইতা ভাত অসমীয়া সমাজত প্ৰচলিত  এনে নহয়  ভাৰতৰ বিভিন্ন প্ৰান্তত ই  প্ৰচলিত এবিধ খাদ্য। ঠাই বিশেষে পঁইতা ভাতৰ নামও বিভিন্ন ধৰণৰ হয়। পঁইতা ভাত পুৱা বা দুপৰীয়া গ্ৰহণ কৰা আহাৰ।

প্ৰস্তুত প্ৰণালী-
উখুৱা চাউল বা আন সাধাৰণ চাউলৰ ভাতক প্ৰায় ১২ ঘণ্টালৈ পানীত তিয়াই ৰাখি এই  ভাত  প্ৰস্তুত কৰা হয়। জুতিৰ বাবে ইয়াৰ লগত নিমখ , সৰিয়হৰ তেল মিহলাই জলকীয়া , আচাৰ,আলু পিতিকা  আদিৰ সৈতে খোৱা হয়। ১২ ঘন্টাত কৈ অধিক পানীত  তিয়াই  থব নালাগে তিয়াই থ’লে ই খোৱা উপযোগী হৈ নাথাকে । অধিক  সময় ভাত তিয়াই ৰাখিলে  অপকাৰী হৈ পৰে।

অন্যান্য নাম-
পঁইতা ভাতক নামনি অসমত ‘পন্তা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইংৰাজীত ইয়াক সাধাৰণতে কোজি ৰাইচ বুলি কোৱা হয়। এইবিধ ভাতক পশ্চিম বংগত ‘পান্তা’ ভাত, তামিলনাডুত পৰইয় চৰু, কেৰেলাত পৰম কঞ্জি, ছত্তীছগড়ত পখাল ভাত আৰু উৰিষ্যাত পখাল (পখালঅ) বুলি কয়। 

পঁইতা  ভাতৰ উপকাৰিতা-
📌শৰীৰক শীতল কৰে:
পঁইতা ভাত গৰমৰ দিনত শৰীৰক শীতল কৰি ৰখাত সহায় কৰে।
📌হজম প্ৰক্ৰিয়াত সহায়ক:
পঁইতা ভাতত থকা কিছুমান বেক্টেৰিয়াই হজম প্ৰক্ৰিয়াত সহায় কৰে।
📌প্ৰটিন আৰু ভিটামিনৰ উৎস:
পঁইতা ভাতত কিছু পৰিমাণে প্ৰটিন আৰু ভিটামিন থাকে।
📌 ৰক্ত চাপ নিয়ন্ত্ৰণত সহায়ক
ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
📌 পেটৰ আন‌ ৰোগ দূৰ কৰাত সহায়ক
পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰ পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।

Summer Food Recipes: গৰমত খাব পৰা পাঁচবিধ খাদ্যঃ পাকঘৰত নালাগে থাকিব বেছি সময়!

Summer Food Recipes: গৰমত খাব পৰা পাঁচবিধ খাদ্যঃ পাকঘৰত নালাগে থাকিব বেছি সময়!
Summer Food Recipes: গৰমত খাব পৰা পাঁচবিধ খাদ্যঃ পাকঘৰত নালাগে থাকিব বেছি সময়!

গৰমত স্বাস্থ্যসন্মত আৰু পাতলীয়া খাদ্য গ্ৰহণ কৰিব লাগে।(Summer Food Recipes)গৰমৰ বতৰত বহু সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বতৰৰ ফল-মূলৰ পৰা প্ৰস্তুত কৰা খাদ্য আৰু পানীয় খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

আজি আপোনালোকক কম গৰমত খাব পৰা পাঁচবিধ খাদ্যৰ বিষয়ে-

১/ ভাতৰ লগত কেঁচা আমৰ দালি

কেঁচা আম গ্ৰীষ্মকালীন অন্যতম জনপ্ৰিয় ফল। টেঙা-মিঠা সোৱাদৰ বাবে এই ফলটোক দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন খাদ্যত অন্তৰ্ভুক্ত কৰে। পশ্চিমবংগত দালিৰ লগত ইয়াৰ জনপ্ৰিয়তা বেছি। টক দালি নামেৰে জনাজাত এই খাদ্য ভাপত দিয়া চাউলৰ লগতে বেছিভাগ বাঙালীৰ বাবে আৰামদায়ক খাদ্য। এই চূপৰ দৰে দালি ৰেচিপিত মছুৰ দালি, কেঁচা আম, ৰঙা জলকীয়া আদি অন্তৰ্ভুক্ত কৰা হৈছে। কেঁচা আমৰ লগতে নিমখ আৰু চেনিৰ সঠিক অনুপাতে এই দালিৰ সোৱাদ অধিক কৰি তোলে।

২) অমিতা চাউল
টেঙা হ’ল গৰমৰ সোৱাদ। গ্ৰীষ্মকালত ছাইট্ৰাছ ভিত্তিক খাদ্যই আমাৰ তালু পৰিষ্কাৰ কৰাই নহয়, আমাক ঠাণ্ডাও কৰি ৰাখে। তেনে এক ব্যঞ্জন হ’ল দক্ষিণ ভাৰতীয় অমিতা চাউল। এই ৰেচিপিত ভাপত দিয়া চাউলৰ সৈতে অমিতা গ্ৰেভি (বিভিন্ন মছলাৰ সৈতে), নৰসিংহ পাত, উৰাদ দাইল আৰু বাদামৰ সংমিশ্ৰণ কৰা হয়। পুলিহোৰা বা পুলিয়োধৰাই বুলিও জনাজাত এই খাদ্যই মিঠা, টেঙা সোৱাদযুক্ত হৈ পৰে।

৩) টেঙা দাইল
এতিয়ৈ কঁঠাৰ খোৱাৰ বতৰ। কঁঠালৰ গুটিৰ সৈতে টেঙাৰ এখন ধুনীয়া দাইল বনাই খাব পাৰে। যিকোনো টেঙা দিব পাৰে এই দাইলত।

৪/ ৰুটিৰ সৈতে লাও ভাজি
শাক-পাচলিৰ কথা আহিলে গৰমৰ দিনত প্ৰথমে মনলৈ আহে লাও। এই পাচলিবিধ এই ঋতুত দেশৰ প্ৰতিটো ঠাইতে উপলব্ধ, গৰমক পৰাস্ত কৰাত সহায় কৰা কেইবাটাও পুষ্টিকৰ উপাদানৰে শক্তিৰে ভৰপূৰ লাও। লাওৰ বিভিন্ন ধৰণৰ ৰেচিপি আছে।

৫/পঁইতা ভাত

গৰমত বহুতৰে প্ৰিয় পঁইতা ভাত। গৰমত পঁইতা ভাত কালে শৰীৰটো ঠাণ্ডা কৰি ৰাখে। গতি গৰমৰ বতৰত খাব পাৰে পঁইতা ভাত।

নামঘৰতো গৰু মাংস নালাগে, মছজিদতো গাহৰি মাংস নালাগে : মুখ্যমন্ত্ৰী Himanta Biswa Sarma

গুৱাহাটী, ৭ জুলাই: Himanta Biswa Sarma ৰাজ্যত সাম্প্ৰতিকভাৱে মছজিদত গাহৰি মাংস উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক চলি থকা সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে এক গুৰুত্বপূর্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কোৱা মতে, অসমৰ ধৰ্মীয় সম্প্ৰীতি ৰক্ষা কৰিবলৈ সকলো ধৰ্মীয় স্থানত যিকোনো প্ৰকাৰৰ বিতৰ্কজনক কাৰ্য বন্ধ হ’ব লাগিব।

মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়, “গৰু মাংস পৰিলে গাহৰি মাংসও পৰিব। এই কামটো বন্ধ হ’ব লাগিব। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এক মহান স্থান হৈ থাকিব লাগে।”

গুৱাহাটী মহানগৰৰ পাঞ্জাবাৰীৰ পুৰণিবস্তিৰ ফখৰুদ্দিন আলী আহমেদ নগৰৰ ঈদগাহ মছজিদ চৌহদত নিশা দুষ্কৃতিকাৰীয়ে গাহৰি মাংস দলিয়াই থৈ যোৱাৰ ঘটনাক লৈ মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় – “গৰুৰ মাংসক কোনোবাই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছিল। হিন্দু মানুহ আঁতৰাবৰ বাবে গৰু মাংস থৈ দিলে, আমি ভাবিব লাগিব গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেয়ে, দুয়ো নালাগে – গৰুৰ মাংসও নালাগে, গাহৰিৰ মাংসও নালাগে।”

তেওঁ লগতে কয়, “গৰু মাংস পৰিলেও আন্দোলন হ’ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ’ব লাগে। কিন্তু কোনো পক্ষেও আইন হাতত ল’ব নালাগে।” দুষ্কৃতিকাৰীক আটক কৰাৰ বিষয়ে তেওঁ স্পষ্টভাৱে কয় – “দুষ্কৃতিকাৰীক নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰা হ’ব। আমি কাকো আইন অমান্য কৰিবলৈ নিদিও।”

উল্লেখযোগ্য যে, ৰাজ্যত গো-মাংসক লৈ চলি থকা বিতৰ্কৰ মাজতে পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস উদ্ধাৰ হোৱা ঘটনাই নতুনকৈ বিতৰ্কৰ আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যক বিশেষ গুৰুত্ব সহকাৰে লৈছে ৰাজনৈতিক আৰু সামাজিক মহলে।

সম্প্ৰদায়িক সম্প্ৰীতি অক্ষুন্ন ৰাখিবলৈ চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ভূমিক গ্ৰহণ কৰিব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে।

ৰাজ্যৰ আৰু ক’ত ক’ত হ’ব উচ্ছেদ, কি ক’লে মুখ্যমন্ত্ৰীয়ে ? Himanta Biswa Sarma

গুৱাহাটী, ৭ জুলাইঃ Himanta Biswa Sarma ৰাজ্যত অব্যাহত আছে অবৈধ অধিকাৰ হৰণৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ উচ্ছেদ অভিযান। এইবাৰ গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চলতো চলিব উচ্ছেদ অভিযান। দেওবাৰে গুৱাহাটীত সংবাদমেলত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ১০ জুলাইত গোৱালপাৰাৰ পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলিব। লগতে তেওঁ কয়, ৮ জুলাইৰ পৰা চাপৰত পাৱাৰ প্লান্টৰ বাবে উচ্ছেদ অভিযান আৰম্ভ হ’ব। মুখ্যমন্ত্ৰীৰ বক্তব্য অনুসৰি, চাপৰত ইতিমধ্যে ৰাইজৰ এক বৃহৎ অংশই নিজে নিজে অঞ্চল এৰি আঁতৰি গৈছে।

চৰকাৰে যিসকল ব্যক্তিক আইনীভাৱে মাটি আৱণ্টন কৰিছিল বা যিসকলৰ মাটিৰ পট্টা বৈধ আছিল, তেওঁলোকক চৰকাৰী নীতি অনুসৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।

তেওঁ আৰু কয়, “পাইকান অঞ্চলটো বনাঞ্চল হোৱাৰ বাবে এতিয়াও বহু লোক সৰা নাই। সেয়ে ১০ জুলাইত বাধ্য হৈ অভিযান চলাব লগা হ’ব পাৰে। তথাপি আমি বিচাৰো, ৰাইজে নিজে নিজে আঁতৰি যাওক যাতে উচ্ছেদৰ প্ৰয়োজন নহয়।”

অসম চৰকাৰে বিগত সময়ছোৱাত ৰাজ্যজুৰি একাধিক ঠাইত উচ্ছেদ অভিযান চলাইছে, আৰু এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে।

Himanta Biswa Sarma: গুৱাহাটীত নৱেম্বৰত নতুন বিমান বন্দৰ মুকলি

ডিজিটেল ডেস্ক, গুৱাহাটী: Himanta Biswa Sarma গুৱাহাটীবাসীৰ বাবে সুখবৰ! অহা নৱেম্বৰ মাহত মহানগৰীত মুকলি হ’ব নতুন বিমান বন্দৰ। এই বিমান বন্দৰটো বিশেষভাৱে অসমৰ সাংস্কৃতিক পৰিচয় প্ৰতিনিধিত্ব কৰা “কপৌ ফুলৰ আকৃতি” অনুসৰি নিৰ্মাণ কৰা হৈছে। বিমান বন্দৰখনৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এই বিমান বন্দৰখনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এটা এলিভেটেড কৰিড’ৰ (Elevated Corridor) এই বছৰে আৰম্ভ হ’ব। এই কৰিড’ৰটো গুৱাহাটীৰ যানবাহন সমস্যাৰ এক উল্লেখযোগ্য সমাধান হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Causes of Cancer: কিয় বৃদ্ধি পাইছে কেন্সাৰ ৰোগী? ৫টা ডাঙৰ কাৰণ জানি লওক…

Causes of Cancer: কিয় বৃদ্ধি পাইছে কেন্সাৰ ৰোগী? ৫টা ডাঙৰ কাৰণ জানি লওক...
Causes of Cancer: কিয় বৃদ্ধি পাইছে কেন্সাৰ ৰোগী? ৫টা ডাঙৰ কাৰণ জানি লওক...

কৰ্কট ৰোগ এক মাৰাত্মক ৰোগ, যাৰ বাবে প্ৰতিদিনে মানুহে প্ৰাণ হেৰুৱাইছে। কিন্তু এই ভয়াৱহ ৰোগ কেনেকৈ হয় জানেনে?(Causes of Cancer)

কৰ্কট ৰোগ এক মাৰাত্মক ৰোগ, কিন্তু ইয়াৰ কাৰণ আমাৰ দৈনন্দিন অভ্যাস আৰু জীৱনশৈলীত পৰিণত হৈছে। এই খবৰত আমি আপোনালোকক এনে কিছুমান অভ্যাসৰ বিষয়ে জনাম, যিয়ে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

কেন্সাৰৰ কাৰণ-
ধঁপাতঃ চিগাৰেট, গুটখা গ্ৰহণ কৰা। ধঁপাতেই কৰ্কট ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ। ইয়াৰ ফলত হাওঁফাওঁ, মুখ আৰু ডিঙিৰ কৰ্কট ৰোগ হ’ব পাৰে। যদি আপুনিও ধঁপাত সেৱন কৰে, তেন্তে যিমান পাৰে সোনকালে বন্ধ কৰক।

বেয়া খাদ্যাভ্যাসঃ আজিৰ সময়ত আমি প্ৰচেছড খাদ্য, চেনি বেছি আৰু ফল-মূল কমকৈ খাওঁ, এনে পৰিস্থিতিত ই আপোনাৰ শৰীৰত কেন্সাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ দ্বাৰা কৰ্কট ৰোগৰ পৰা বহু পৰিমাণে পৰিহাৰ কৰিব পাৰি।

এইচ পি ভিঃ হিউমেন পেপিলোমা ভাইৰাছ (HPV)ও কেন্সাৰৰ কাৰণ হ’ব পাৰে, যাৰ বাবে মহিলাৰ ক্ষেত্ৰত ছাৰ্ভাইকেল কেন্সাৰ হয়। অৱশ্যে এইচ পি ভি সংক্ৰমণ ৰোধৰ বাবে এটা ভেকচিন আছে, যিটো কণমানি ছোৱালীক দিয়া হয়।

সুৰাঃ মদ আপোনাৰ বাবেও কেন্সাৰ হ’ব পাৰে। ই যকৃতৰ ক্ষতি কৰে, যাৰ ফলত লিভাৰ, ডিঙি, মুখ আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

মেদবহুলতাঃ আজিৰ সময়ত মেদবহুলতা এটা ডাঙৰ সমস্যাত পৰিণত হৈছে, যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত কলন কেন্সাৰ, স্তন কেন্সাৰ আৰু কিডনী কেন্সাৰ হ’ব পাৰে।

Himanta Biswa Sarma: চাইকেল ফেক্টৰীৰ পৰা উত্তৰ গুৱাহাটীলৈ—শীঘ্ৰেই মুকলি হ’ব গুৱাহাটীৰ ৩খন উৰণ সেতু

গুৱাহাটী, ৭ জুলাই: Himanta Biswa Sarma ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাঁৱত নিৰ্মিত ‘ভগদত্ত-২’ নামৰ নৱনিৰ্মিত উৰণ সেতুখনৰ শুভ উদ্বোধন কৰে। মাত্ৰ ৯ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱা এই উৰণ সেতুখনৰ নিৰ্মাণত ব্যয় হৈছে ১১২ কোটি টকা।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰিবহন ব্যৱস্থাৰ উন্নয়ন সন্দৰ্ভত একাধিক গুৰুত্বপূর্ণ ঘোষণা কৰে। তেওঁ কয়, “অসমৰ চাৰিওফালে মই ফ্লাইঅ’ভাৰ বনাম। যদি কোনোবাই মোক গালি দিয়ে, মই তাৰ উত্তৰস্বৰূপে দুখনকৈ উৰণ সেতু নিৰ্মাণ কৰিম। সমালোচনাই মোক অধিক উৎসাহেৰে কাম কৰিবলৈ প্ৰেৰণা দিয়ে।”

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে গুৱাহাটীবাসীয়ে শীঘ্ৰেই লাভ কৰিব আৰু তিনিখন নতুন উৰণ সেতুৰ সুবিধা। তেওঁৰ ভাষ্য অনুসৰি—

  • চাইকেল ফেক্টৰী উৰণ সেতু আৰু ভৰলুমুখ উৰণ সেতু অহা ফেব্ৰুৱাৰী মাহত উদ্বোধন হ’ব।
  • চানমাৰি উৰণ সেতু ব’হাগ বিহুৰ পূৰ্বে মুকলি হ’ব।
  • গুৱাহাটী-উত্তৰ গুৱাহাটী দলং অহা জানুৱাৰীত উদ্বোধন হ’ব, যাৰ ফলত বাইহাটালৈ গুৱাহাটীৰ সংযোগ অধিক সহজ হ’ব।

তেওঁ লগতে কয়, “গুৱাহাটী ডাঙৰ হোৱাৰ লগে লগে অসমত কৰ্মসংস্থাপনো বৃদ্ধি পাইছে। আগন্তুক দিনত অসমৰ যুৱক-যুৱতীসকলে বাহিৰলৈ যাব নালাগে। অসমতে বসবাস কৰি আয়-উৎপাদনৰ সুবিধা আমি প্ৰদান কৰি আছোঁ।”

MS Dhoni turns 44: আজি মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন

MS Dhoni turns 44: আজি মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন
MS Dhoni turns 44: আজি মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন

আজি টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন।(MS Dhoni turns 44)

৪৪ বছৰীয়া হ’ল ‘কেপ্টেইন কুল’।

ভাৰতৰ অধিনায়ক হিচাপে আইচিচিৰ তিনিটা খিতাপ জয় কৰা ধোনীয়ে এতিয়াও চেন্নাই ছুপাৰ কিংছৰ সৈতে আইপিএলত শক্তিশালীভাৱে আগবাঢ়িছে আৰু অহা বছৰো খেলাৰ সম্ভাৱনা আছে।

যদিও তেওঁ ৪৪ বছৰ বয়স সম্পূৰ্ণ কৰিছে তথাপিও ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীৰ ফিটনেছৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ে।

ক্ৰিকেটাৰ হিচাপে বিখ্যাত কেৰিয়াৰৰ উপৰিও এম এছ ধোনিৰ গাড়ী আৰু বাইকৰ প্ৰতি আকৰ্ষণ আছে। ৭০খনতকৈও অধিক বাইক আৰু কমেও ১৫খন গাড়ীৰ আকৰ্ষণীয় সংগ্ৰহৰ সৈতে ধোনী এগৰাকী অটোমোবাইল অনুৰাগী।

আজি তেওঁৰ ৪৪বছৰীয়া জন্মদিন। ধোনীৰ বয়স যিমানে নহওক কিয় তেওঁ প্ৰতিগৰাকী ভাৰতীয় হৃদয়ত আছে।