Home Blog Page 121

Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি, ইয়াৰ উপকাৰিতা জানো আহক!

Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি
Coriander Leaves: এই সুগন্ধি ধুনীয়া পাতৰ সহায়ত বহু ৰোগ নিৰাময় কৰিব পাৰি

আয়ুৰ্বেদত ধনীয়াক ঔষধ বুলি গণ্য কৰা হয়। (Coriander Leaves) ধনীয়াই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ধনীয়া পাতৰ দ্বাৰা কোনবোৰ ৰোগ নিৰাময় হয় জানো আহক।

পাকঘৰত সেউজীয়া শাক-পাচলিৰ সৌন্দৰ্য বৃদ্ধি কৰে ধনীয়াৰ উপস্থিতয়ে। দাইল হওক বা শাক-পাচলি হওক, ৰাইতা হওক বা চাটনিয়ে হওক ধনীয়া পাতে প্ৰতিটো খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰে। এই পাতবোৰে সোৱাদ বৃদ্ধি কৰাই নহয়, আমাৰ শৰীৰৰ বাবেও অতি উপকাৰী। আয়ুৰ্বেদতো ধনীয়াক ঔষধ হিচাপে গণ্য কৰা হয়। বহুতো পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত ধনীয়া ব্যৱহাৰ কৰা হয়। আধুনিক যুগতো ইয়াৰ গুৰুত্ব কমি যোৱা নাই।

ধনীয়া পাতৰ উপকাৰিতা-
ধনীয়া চকু, ছাল আৰু হাড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিটামিন এ, চি, আৰু কে থাকে। ইয়াৰ উপৰিও ইয়াত ফ’লেট, কেলচিয়াম, পটাছিয়াম, আইৰণ আৰু মেগনেছিয়াম আদি মৌলও পোৱা যায়। এই উপাদানসমূহে শৰীৰক শক্তি প্ৰদান কৰাই নহয়, ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

ধনীয়া পাত খালে পাচনতন্ত্ৰ মজবুত হয়। এই পাতবোৰ চোবাই খালে বা ৰাতিপুৱা খালী পেটত ইয়াৰ পানী খালে গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াত থকা আঁহে খাদ্য হজম কৰাত সহায় কৰে আৰু অন্ত্ৰ পৰিষ্কাৰ কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-

ধনীয়াত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হ’লে চৰ্দি, কাহ, ফ্লুৰ দৰে ঋতুভিত্তিক ৰোগ সোনকালে নহয়। ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী হ’ব পাৰে।

ধনীয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই কলেষ্টেৰলৰ ভাৰসাম্য ৰক্ষা কৰে। একে সময়তে এন্টিঅক্সিডেন্ট আৰু ভিটামিন এয়ে ছালখন জিলিকি উঠে, মুখৰ ব্ৰণ আৰু দাগ কমোৱাত সহায় কৰে, লগতে চুলি সৰা ৰোধ কৰে।

ইয়াৰ উপৰিও ই শৰীৰক বিষমুক্ত কৰে। ধনীয়া পানীয়ে শৰীৰৰ পৰা বিষাক্ত মৌল আঁতৰোৱাত সহায় কৰে। ইয়াৰ ফলত যকৃত আৰু বৃক্কে সঠিকভাৱে কাম কৰে আৰু শৰীৰে লঘু আৰু পৰিষ্কাৰ অনুভৱ কৰে। ইয়াত থকা কেলচিয়াম আৰু মেগনেছিয়াম হাড় শক্তিশালী কৰাৰ বাবে উপকাৰী। নিয়মিতভাৱে ধনীয়া পাত খালে হাড়ৰ সমস্যা যেনে দুৰ্বলতা বা গাঁঠিৰ বিষ কমিব পাৰে।

ধনীয়াত থকা ফ’লেট গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ গৰ্ভস্থ সন্তানৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয়। গৰ্ভাৱস্থাত ই পুষ্টিৰ এক উত্তম উৎস হ’ব পাৰে। ধনীয়া পাতৰ সতেজ সুগন্ধি থাকে। ধনীয়া চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ হয়।

Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !

Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !
Sitaare Zameen Par: গ্ৰীষ্মবন্ধত শিশুৱে উপভোগ কৰিব পৰা ছবি আমিৰ খানৰ সিতাৰে জমীন পৰ !

সিতাৰে জমীন পাৰ” হৈছে ২০২৫ চনৰ (Sitaare Zameen Par)২০ জুনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ক্ৰীড়া-কমেডী-নাট্যধর্মী চলচ্চিত্ৰ, যাক পৰিচালনা কৰে আৰ. এছ. প্ৰসান্নাই আৰু প্ৰযোজনা কৰে বলিউডৰ জনপ্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা আমিৰ খান আৰু অপৰ্ণা পুৰোহিতে, আমিৰ খান প্ৰডাকশ্যনছ ব্যানাৰৰ অধীনত, যি আগতে “Taare Zameen Par”ৰ দৰে বিৰল কিন্তু হৃদয়স্পৰ্শী চিনেমা উপহাৰ দিছিল। এই ছবিখনত মুখ্য চৰিত্ৰ গুলশানৰ ভূমিকাত অভিনয় কৰিছে আমিৰ খানে, যি এখন নামী পেচাদাৰী বাস্কেটবল প্ৰশিক্ষক, যাৰ জীৱন এক অহংকাৰ, জয় আৰু কঠোৰতাৰ মাজত আবদ্ধ আছিল। যেতিয়া তেওঁৰ উগ্ৰ ব্যৱহাৰ আৰু ভুল সিদ্ধান্তৰ বাবে তেওঁ ড্ৰিংক এণ্ড ড্ৰাইভ কেছত ধৰা পৰে, তেতিয়া আদালতে তেওঁক শাস্তিস্বরূপ সমাজ সেৱাত নিযুক্ত কৰে আৰু তেওঁক দিয়া হয় এটা বিশেষ দায়িত্ব—বুদ্ধি আৰু বিকাশজনিত অসুবিধা থকা (নিউৰোডাইভাৰ্জেন্ট) ১০ জন শিশুক বাস্কেটবল খেল শিকাবলৈ। গুলশান প্ৰথমতে এই দায়িত্বক এক হেয়াভাৱত গ্ৰহণ কৰে, অৱজ্ঞা কৰে, আৰু তেওঁ এই শিশুবোৰক ‘অযোগ্য’ বুলি ভাবে, কিন্তু সময়ৰ সৈতে তেওঁ তেওঁলোকৰ নিষ্পাপ মন, অবিচল নিষ্ঠা আৰু নিঃস্বাৰ্থ হৃদয়ৰ স্পৰ্শ পায় আৰু তেওঁৰ ভিতৰত এক ধস পৰে—আহা আহা কৰি গুলশান নিজৰ অহংকাৰ, গৰিমা আৰু পৰাজয়ক আঁতৰাই পেলাই আৰু এক সত্যকাৰ প্ৰশিক্ষকৰ ৰূপত জন্ম লয়, যিয়ে কেৱল খেল নুশিকায়, তেওঁলোকক জীৱনক ভাল পাবলৈ উৎসাহ দিয়ে। তেওঁৰ পত্নী সুনীতাৰ চৰিত্ৰত দেখা পোৱা যায় জেনেলিয়া ডি’ছুজাক, যিয়ে গুলশানৰ জীৱনৰ কঠিন সময়ত সাহস আৰু সহানুভূতিৰে তেওঁৰ সৈতে থাকে। এই ছবিখনত অভিনয় কৰে দৰ্শকসকলৰ বাবে একেবাৰে নতুন কিন্তু বাস্তৱ নিউৰোডাইভাৰ্জেন্ট অভিনেতাসকল—অৰুষ দত্ত, গোপী কৃষ্ণ বৰ্মা, অনিশা বব্বৰ, পূৰ্ণেন্দু ভট্টাচাৰ্য্য আদি, যিসকলে নিজৰ অভিনয়ে চিনেমাখনক এক বাস্তৱ অনুভূতি দিয়ে। এই ছবিখন ২০১৮ চনৰ স্পেনিছ সফল ছবি Champions ৰ এখন আনুষ্ঠানিক অভিযোজন (official adaptation)আৰু একেধাৰতে “Taare Zameen Par” চিনেমাৰ এক মানসিক আৰু আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে বিবেচিত হৈছে।

        ছবিখনৰ মুঠ নিৰ্মাণ ব্যয় আছিল প্ৰায় ₹৯০–১২০ কোটি, আৰু মুক্তিৰ মাত্ৰ ১৫ দিনৰ ভিতৰত এই ছবিখনে ভাৰততে ₹১৩৭ কোটিৰো অধিক নেট আয় কৰে আৰু বিশ্বজুৰি প্ৰায় ₹২১৫ কোটি উপাৰ্জন কৰি ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চিনেমাসমূহৰ ভিতৰত স্থান লাভ কৰে।   

         সমালোচকসকলে এই ছবিখনক ব্যাপকভাৱে প্রশংসা কৰে—বিশেষকৈ আমিৰ খানে কৰা সংযত কিন্তু শক্তিশালী অভিনয়, সমাজসচেতন বাৰ্তা, অন্তর্ভুক্তিমূলক কাষ্টিং, আৰু হৃদয়স্পৰ্শী পৰিবেশনাৰ বাবে। বিভিন্ন চলচ্চিত্ৰ বিশ্লেষকে ইয়াক ৩.৫/৫ বা ৪/৫ ৰেটিং দিয়ে; কিছুমান সমালোচকে যদিও ইয়াক কিছু পৰিমাণে প্ৰেডিক্টেবল আৰু গোটেই কাঠামো কিছুখিনি চেনেহীয়া বুলি উল্লেখ কৰিছে, তথাপি সাধাৰণ দৰ্শকবৰ্গে ছবিখনক এক উদ্দীপক, পৰিয়ালিক, মন ছুঁই যোৱা, আৰু মানৱিকতাৰে ভৰপূৰ চিনেমা হিচাপে গ্ৰহণ কৰিছে। “সিতাৰে জমীন পাৰ” মাথোঁ এখন চিনেমা নহয়, ই এক যাত্ৰা—এজন গৰিমামণ্ডিত প্ৰশিক্ষকৰ পৰা এটি কোমল হৃদয়যুক্ত জীৱনশিক্ষকৰ দিশে যাত্রা; যি চিনেমা খেলৰ মাজত মানৱতা, দয়া, আৰু অন্তৰংগতা বিচাৰে আৰু সমাজৰ সীমাবদ্ধতা ভাঙি দেখুৱায় যে “অক্ষমতা”ৰ সংজ্ঞা কেৱল সমাজৰ মনত  থাকে, হৃদয়ত নহয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডঃ GMCH-ত আতংকৰ পৰিৱেশ Fire Breaks Out

গুৱাহাটী: Fire Breaks Out গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ অৰ্থ’পেডিক বিভাগত সোমবাৰে পুৱা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত হুৱাদুৱা পৰিস্থিতি সৃষ্টি কৰে। এই অগ্নিকাণ্ডৰ ফলত GMCH ৰ অৰ্থপেডিক বিভাগটো ক’লা ধোঁৱাই আৱৰি ধৰে।

ঘটনাটো প্রকাশ পোৱাৰ লগে লগে ৰোগী, অভিভাৱক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ মাজত আতংক আৰু বিভ্ৰান্তি দেখা দিয়ে। বহু ৰোগীক সুৰক্ষাৰ বাবে অন্যান্য বিভাগলৈ স্থানান্তৰ কৰা হয়।

প্ৰাথমিক অনুসন্ধানত অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক ত্ৰুটিৰ সম্ভাৱনা প্ৰকাশ পাইছে, যদিও এতিয়ালৈকে ইয়াৰ সঠিক কাৰণ নিৰ্ধাৰণ হোৱা নাই। সৌভাগ্যক্ৰমে, এই ঘটনাত কোনো লোক হতাহত হোৱা খবৰ নাই।

Strike: ৯ জুলাইত শ্ৰমিক-কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘটঃ শিৱসাগৰত সংবাদমেল শ্ৰমিক-কৃষক সংগঠনৰ, বন্ধ থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান; বন্ধ হ’ব ৰাজহুৱা পৰিবহণ

Strike: ৯ জুলাইত শ্ৰমিক-কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট
Strike: ৯ জুলাইত শ্ৰমিক-কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট

শিৱসাগৰ জিলাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন,(Strike)আঞ্চলিক তথা স্বতন্ত্ৰ শ্ৰমিক সন্থা আৰু সংযুক্ত কৃষক মৰ্চাই আজি শিৱসাগৰ নগৰৰ চিপিআই কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে৷ ৯ জুলাইত দেশজোৰা সাধাৰণ ধৰ্মঘট সন্দৰ্ভত আয়োজন কৰা এই সংবাদ মেলত বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা শ্ৰমিকবিৰোধী শ্ৰম সংহিতা বাতিল, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ বন্ধ কৰা তথা কৃষকক কৃষি ভূমিৰ পৰা কৰা উচ্ছেদ বন্ধৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছে বুলি আজিৰ সংবাদ মেলত অৱগত কৰে৷ এই ধৰ্মঘটৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে ৰাজহুৱা পৰিবহণৰ চলাচল বন্ধ থকাৰ লগতে সকলো বেংক, বিত্তীয় প্ৰতিষ্ঠান, বীমা কোম্পানী আদিকে কৰি অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব বুলি আজিৰ সংবাদ মেলত সদৰী কৰে৷

সংবাদমেলত বিজেপি চৰকাৰৰ এঘাৰবছৰীয়া শাসনক তীব্ৰ সমালোচনা কৰে শ্ৰমিক সংগঠনসমূহে৷ বিজেপিৰ কু-শাসনৰ ফলত দেশৰ শ্ৰমিক, কৃষক তথা শ্ৰমজীৱী লোকৰ জীৱন আৰু জীৱিকাৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি পুঁজিবাদীৰ স্বাৰ্থত শ্ৰমিক-কৰ্মচাৰীৰ অধিকাৰ খৰ্ব কৰিবলৈ চাৰিখনকৈ শ্ৰম সংহিতা প্ৰৱৰ্তন কৰিছে বুলিও অভিযোগ কৰে৷ আগন্তুক জ্ঝ জুলাইৰ ধৰ্মঘটৰ লগত সংগতি ৰাখি সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰা, শ্ৰমিকৰ নূ্যনতম মজুৰী মাহিলি চ্ছ,০০০ টকা ধাৰ্য কৰা, মটৰ শ্ৰমিক কল্যাণ আঁচনি নিশ্চিত কৰা, চাহ শ্ৰমিকৰ দিন হাজিৰা ৬৬১ টকালৈ বৃদ্ধি কৰা, অ’এনজিচিৰ ব্যক্তিগতকৰণ বন্ধ কৰা আদি আনুষংগিক দাবীও উত্থাপন কৰে শ্ৰমিক-কৃষক সংগঠনসমূহে৷ আজিৰ সংবাদ মেলত পূৰ্ণকান্ত গোহাঁই, মদন বৰুৱা, প্ৰণামী গগৈ, প্ৰবীণ বৰুৱা আদি উপস্থিত থাকি সংবাদ মেল সম্বোধন কৰে৷

Akhil Gogoi চাপৰত উচ্ছেদস্থলীত উপস্থিত অখিল গগৈক আৰক্ষীৰ আটক

ডিজিটেল ডেস্কঃ Akhil Gogoi ধুবুৰী জিলাৰ চাপৰত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতেই উত্তপ্ত হৈ পৰিল পৰিস্থিতি। উচ্ছেদিত ৰাইজৰ অৱস্থা বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হোৱা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আজি আৰক্ষীয়ে আটক কৰি চাপৰ থানালৈ লৈ যায়।

ধুবুৰী জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে নিজে উপস্থিত থাকি বিধায়ক গগৈক আটক কৰে।

উল্লেখযোগ্য যে, আজি ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলাইছিল জিলা প্ৰশাসনে। চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰ অঞ্চলত তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে ৩,৫০০ বিঘা ভূমি অবৈধ দখলমুক্ত কৰিবলৈ অভিযান চলোৱা হয়।

উচ্ছেদৰ সময়তে চৰুৱাবাখৰা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু বছৰ ধৰি ভূমি দখল কৰি অহা কিছু লোকে প্ৰশাসনৰ এক্সকেভেটৰ আৰু আৰক্ষী বাহিনীৰ ওপৰত শিল আৰু লাঠীৰে আক্ৰমণ চলায়। পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ আৰক্ষীয়ে লাঠীচালনাও কৰে।

উচ্ছেদৰ বিৰোধিতা কৰি শতাধিক স্থানীয় ৰাইজ ৰাস্তালৈ ওলাই আহে। এনে পৰিস্থিতিতেই ঘটনাস্থলীত উপস্থিত হোৱা বিধায়ক অখিল গগৈক আটক কৰে আৰক্ষীয়ে।

Donald Trump Elon Musk: ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পৰ উপহাস

Donald Trump Elon Musk: ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পৰ উপহাস
Donald Trump Elon Musk: ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পৰ উপহাস

ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পে (Donald Trump Elon Musk) কৰিলে উপহাস৷ উল্লেখ্য, শেহতীয়াকৈ ইলন মাস্কে মাৰ্কিন ৰাজনীতিত জোকাৰণি তুলি ‘আমেৰিকান পাৰ্টী’ নামৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰিছে৷ মাস্কৰ এনে ঘোষণাৰ পিছতে ট্ৰাম্পে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷

নতুন দলটোক ‘হাস্যকৰ’ বুলি অভিহিত কৰিছে ট্ৰাম্পে৷ ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত মাস্কৰ নতুন ৰাজনৈতিক দলৰ বিষয়ে লিখিছে৷ মাস্কৰ নতুন ৰাজনৈতিক দলটোক কোনো গুৰুত্ব দিবলৈ ইচ্ছুক নহয় বুলি উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্টকৈ কৈছে৷

ড’নাল্ড ট্ৰাম্পে লিখিছে– ‘মই নিশ্চিত যে ইলনে যোৱা পাঁচ সপ্তাহ ধৰি সম্পূৰ্ণ ভুল কৰি আছে৷’ আমেৰিকাৰ ৰাজনৈতিক ভিত্তি সদায় দুটা দলৰ৷ তাত আমেৰিকাৰ ধনকুবেৰ ইলন মাস্কে এটা নতুন ৰাজনৈতিক দল গঠন কৰিছে৷ তেওঁ ইয়াৰ নাম ৰাখিছে ‘আমেৰিকা পাৰ্টী’৷

আমেৰিকাৰ দ্বি-দলীয় ৰাজনৈতিক ব্যৱস্থাৰ কথা উল্লেখ কৰি ট্ৰাম্পৰ মন্তব্য– ‘আমেৰিকাত তৃতীয় ৰাজনৈতিক দল কেতিয়াও সফল হোৱা নাই৷ এই ব্যৱস্থাটো তেনেকৈ গঢ় দিয়া হোৱা নাই৷ ইয়াত তৃতীয় পক্ষই বিভ্ৰান্তিৰ সৃষ্টিহে কৰিব৷ ইয়াত তৃতীয় পক্ষ কেতিয়াও সফল নহয়৷’

Bilasipara Eviction: চাপৰৰ সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা উচ্ছেদঃ আৰক্ষীৰ লগত উচ্ছেদিতাৰ সংঘৰ্ষ

ডিজিটেল ডেস্ক: Bilasipara Eviction চাপৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা অঞ্চলত আজি পুৱা আৰম্ভ হোৱা উচ্ছেদ অভিযান অসমৰ ইতিহাসৰ ভিতৰত আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান হিচাপে অভিহিত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ভূমি উন্নয়ন আৰু ৰাজহ বিভাগৰ উদ্যোগত চলিছে এই অভিযান।

উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি। হাজাৰ হাজাৰ লোক হাতে লাঠি লৈ উপস্থিত হয় আৰু তেওঁলোকে উচ্ছেদ বন্ধ কৰিবলৈ আৰক্ষীক বাধা দিয়ে। আৰক্ষীৰ সৈতে এই উচ্ছেদিত লোকসকলৰ মুখামুখি সংঘৰ্ষত পৰিস্থিতি অধিক জটিল হৈ পৰে।

সংঘৰ্ষৰ মাজতে দুয়োপক্ষৰ বহু লোক আহত হোৱাৰ খবৰ আহিছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ লাঠিচাৰ্জ কৰে, যাৰ ফলত এজন মহিলা গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

অন্যফালে, ক্ষুব্ধ উচ্ছেদিতসকলে প্ৰশাসনৰ দুখন বুলডজাৰ ভাঙি পেলায়। ইয়াৰ পাছতে আৰক্ষীয়ে অধিক কঠোৰ ভূমিকা গ্ৰহণ কৰে আৰু অঞ্চলটোত অধিক সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰে।

পৰিস্থিতি বৰ্তমানেও সংকটজনক অৱস্থাত থাকিলেও, আৰক্ষীয়ে জানিবলৈ দিয়ে যে অঞ্চলটোত পৰ্যাপ্ত নিরাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰিবলৈ সক্ৰিয়ভাৱে কাম চলি আছে।

Bilasipara Eviction: বিলাসীপাৰাত আদানী গ্ৰুপৰ তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে বৃহৎ উচ্ছেদ অভিযান

ডিজিটেল ডেস্ক: Bilasipara Eviction অসমৰ বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ এটি সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনৰ বুলডজাৰে সন্তেষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটা (১ম আৰু ২য় খণ্ড) অঞ্চলত চলাইছে বৃহৎ উচ্ছেদ।

এই অভিযানত প্ৰায় ২ হাজাৰ পৰিয়াল উচ্ছেদ কৰা হৈছে, যাৰ ফলত গৃহহীন হোৱাৰ বিপৰ্যয়ত পৰিছে প্ৰায় ২০ হাজাৰ লোক। উচ্ছেদস্থলীত ৰখা হৈছে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী, যাতে অভিযান নিৰৱিচাৰভাৱে সম্পন্ন হয়।

উল্লেখযোগ্য যে, তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলাইছে চৰকাৰে। উক্ত ভূমি আদানী গ্ৰুপক প্ৰদান কৰা হ’ব বুলি চৰকীয় সূত্ৰে জনোৱা হৈছে।

প্ৰশাসনে কিছুবছৰ পূৰ্বে এই ভূমিসমূহ খালি কৰিবলৈ জাননী জাৰী কৰিছিল, যাৰ পাছতেই অধিকাংশ পৰিয়াল স্থানান্তৰিত হৈছিল।

Sawan Month: মহাদেৱৰ আশীৰ্বাদঃ শাওণ মাহত শিৱৰ কৃপাত কাৰ কাৰ সলনি হ’ব ভাগ্য, জানো আহক

Sawan Month: মহাদেৱৰ আশীৰ্বাদঃ শাওণ মাহত শিৱৰ কৃপাত কাৰ কাৰ সলনি হ'ব ভাগ্য, জানো আহক
Sawan Month: মহাদেৱৰ আশীৰ্বাদঃ শাওণ মাহত শিৱৰ কৃপাত কাৰ কাৰ সলনি হ'ব ভাগ্য, জানো আহক

সংখ্যা বিজ্ঞানৰ মতে দুটা জন্ম নম্বৰ থকা লোকে শাওণ মাহত ভাল ফলাফল পাব। মহাদেৱৰ কৃপাত তেওঁলোকৰ আৰ্থিক সমস্যা দূৰ হ’ব।(Sawan Month)

আমি প্ৰায় সকলোৱে জানো যে শাওণ মাহটো বাবা মহাদেৱৰ প্ৰিয় মাহ। সেয়ে এই মাহত বাবাক সন্তুষ্ট কৰিবলৈ দেৱদীদেৱৰ ভক্তসকলে বহু কাম কৰে। বিশ্বাস কৰা হয় যে যদি কোনোবাই গোটেই শাওণ মাহটো অন্তৰেৰে মহাদেৱক পূজা কৰিব পাৰে, তেন্তে বাবাৰ কৃপা গোটেই বছৰটো তেওঁৰ লগত থাকিব। মহাদেৱক সন্তুষ্ট কৰাটো কোনো কঠিন কাম নহয়। সংখ্যা বিজ্ঞানৰ মতে দুটা জন্ম নম্বৰ থকা লোকে শাওণ মাহত ভাল ফলাফল পাব। মহাদেৱৰ কৃপাত তেওঁলোকৰ আৰ্থিক সমস্যা সমাধান হ’ব। কিন্তু এই সকলোবোৰৰ আগতে আপোনাৰ জন্মৰ সংখ্যা নিৰ্ণয়ৰ পদ্ধতি জানিব লাগিব।


জন্মৰ সংখ্যা কেনেকৈ নিৰ্ণয় কৰা হয়?

আপোনাৰ জন্মৰ সংখ্যা নিৰ্ণয় কৰাৰ পদ্ধতিটো অতি সহজ। আপোনাৰ জন্মদিনৰ যোগফল অৰ্থাৎ আপোনাৰ জন্ম তাৰিখৰ সংখ্যা, মাহৰ সংখ্যা আৰু জন্ম বছৰৰ সংখ্যাক এটা সংখ্যালৈ সলনি কৰিলে যিটো সংখ্যা পোৱা যায়, সেয়া হ’ল আপোনাৰ জন্মৰ সংখ্যা। অৰ্থাৎ যদি আপুনি ২০০০ চনৰ ১৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল, তেন্তে আপোনাৰ জন্মৰ সংখ্যা গণনা কৰিবলৈ প্ৰথমে আপোনাৰ জন্ম তাৰিখ ১+৫= ৬, মাহৰ যোগফল ০+২= ২, আৰু জন্ম বছৰৰ যোগফল ২+০+০+০= ২ গণনা কৰিব লাগিব। এইবাৰ এই যোগফলবোৰ যোগ কৰি এটা সংখ্যালৈ ৰূপান্তৰ কৰিব লাগিব। 6+2+2= 10. এইবাৰ এই যোগফলক এটা সংখ্যালৈ ৰূপান্তৰিত কৰিবলৈ আপুনি সেইবোৰ যোগ কৰিব লাগিব, 1+0= 1। এই 1 আপোনাৰ জন্ম সংখ্যা।

জন্ম ১ নম্বৰৰ লোকসকল স্বাভাৱিকতে সূৰ্য্যৰ দ্বাৰা প্ৰভাৱিত হয়। ইয়াৰ লগতে তেওঁলোকে শাওণ মাহত মহাদেৱৰ প্ৰভাৱ লাভ কৰিব। তেওঁলোকে কেৱল লটাৰীত জয়ী হোৱাই নহয়, যিকোনো কামতে সফলতাও অৰ্জন কৰিব। হঠাৎ টকাও পাব পাৰে। লগতে পৰিয়ালত সুখৰ আমেজ থাকিব। অৱশ্যে শাওণ মাহৰ প্ৰতি সোমবাৰে শিৱ পূজা কৰিব লাগে। শিৱক পূজা কৰি থাকোঁতে অভিষেক কৰাটো ভাল।

৩ নম্বৰটো মহাদেৱৰ প্ৰিয় সংখ্যা বুলি গণ্য কৰা হয়। ফলত এই জন্ম সংখ্যা থকা লোকৰ বাবে গোটেই শাওণ মাহটো অতি উত্তম হ’ব। লটাৰীত জয়ী হ’লে তেওঁলোক লাভৱান হ’ব। যিকোনো বাকী থকা কাম শাওণ মাহত সম্পূৰ্ণ হ’ব। সমাজত আপোনাৰ সন্মান বাঢ়িব পাৰে। জীৱনত সুখ আহিব। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ প্ৰতি সোমবাৰে শাওণত শিৱৰ লিংগত গংগা পানী ঢালি দিব।

Bageshwar Dham বাগেশ্বৰ ধামত দুৰ্ঘটনা: দেৱাল খহি এজন ভক্তৰ মৃত্যু, আহত ১২ জন

ডিজিটেল ডেস্ক: Bageshwar Dham মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ বাগেশ্বৰ ধামত গুৰু পূৰ্ণিমাক কেন্দ্ৰ কৰি ভক্তৰ ব্যাপক ভিৰৰ মাজতেই সংঘটিত হ’ল এটা দুঃখজনক দুৰ্ঘটনা। অবিৰত বৰষুণৰ ফলত ধামত থকা এখন দেৱাল খহি পৰে, যাৰ ফলত এজন ভক্তৰ ঘটনাস্থলতে মৃত্যু হয় আৰু আন কমেও ১২ জন ভক্ত আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।

এই দুৰ্ঘটনাৰ পিচত বাগেশ্বৰ ধামৰ প্রধান পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে ভক্তসকললৈ গুৰু পূৰ্ণিমা উৎসৱ ঘৰতে পালন কৰিবলৈ আহ্বান জনাইছে।

তেওঁ কয়, “অতিবৃষ্টিৰ ফলত বাগেশ্বৰ ধামত সৃষ্ট হোৱা বিপজ্জনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ভক্তক বিনম্ৰ অনুৰোধ জনাইছো, আপুনি ঘৰতে থাকি গুৰু পূৰ্ণিমা পালন কৰক। ধামত জনসমাগম আৰু নিৱিড় ভিৰৰ ফলত আপদজনক অৱস্থা সৃষ্টি হৈছে, সেইবাবে সুৰক্ষাক প্ৰধান্য দিয়ক।”