Home Blog Page 122

Asom Sahitya Sabha: অসম সাহিত্য সভা বাৰ্তা আৰু চিৰাংজ্যোতি উন্মোচনঃ চিৰাঙৰ ঢালিগাঁৱত অসম সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন সফল সম্পন্ন

Asom Sahitya Sabha: অসম সাহিত্য সভা বাৰ্তা আৰু চিৰাংজ্যোতি উন্মোচনঃ
Asom Sahitya Sabha: অসম সাহিত্য সভা বাৰ্তা আৰু চিৰাংজ্যোতি উন্মোচনঃ

অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ দ্বিতীয় (Asom Sahitya Sabha) পূর্ণাংগ কার্যনির্বাহক অধিৱেশনখন আজি ৬ জুলাই তাৰিখ দেওবাৰে বঙাইগাঁও শোধনাগাৰৰ চৌহদ, চিৰাঙৰ ঢালিগাঁৱত দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনৰ আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। চিৰাং জিলাৰ অন্তর্গত বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্রত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কার্যনির্বাহক সভাখনত চিৰাং জিলাৰ আয়ুক্ত যতীন বৰা, বঙাইগাঁও শোধনাগাৰৰ প্ৰৱন্ধক, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, ধনভঁৰালী মণিৰাম লাহন, কৰ্ণধাৰ সমিতিৰ সদস্য ক্ৰমে ড০ অনিল শইকীয়া, ড° মাধুৰ্য পণ্ডিত বৰুৱা, কন্দৰ্প শৰ্মা, ধীৰেন শৰ্মা, ড° হিতেশ ডেকা, আদিত্য গোস্বামী প্ৰমুখ্যে জিলা প্ৰতিনিধি, আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক-সাংগঠনিক সম্পাদক, কাৰ্যকৰী সভাপতি-আহ্বায়ক, বিষয়ববীয়াসকলৰ লগতে অসমৰ বহু সংখ্যক জিলাৰ সভাপতি, উপসভাপতি, সম্পাদকসকলৰ লগতে তিনি শতাধিক সদস্য-সদস্যাই অংশগ্রহণ কৰে। অসম সাহিত্য সভা প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ সম্পাদনাত “ অসম সাহিত্য সভা বাৰ্তা“ উন্মোচন কৰে সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। স্মৃতি গ্ৰন্থ ‘চিৰাং জ্যোতি’ৰ লগতে বহুকেইখন গ্ৰন্থ উন্মোচন কৰা সভাখনত ২৫০ জন আজীৱন সভ্যৰ অন্তৰ্ভুক্তিৰে শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰে কেন্দ্ৰীয় প্ৰচাৰ সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথ আৰু ১৪৭ জন আজীৱন সভ্য অন্তৰ্ভুক্তিৰে দ্বিতীয় শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি নিৰ্মল নাথে।

অসম সাহিত্য সভাৰ এইবাৰৰ শ্ৰেষ্ঠ উপসমিতিৰ সন্মান লাভ কৰে ‘আকাশ’ উপসমিতিয়ে। উল্লেখ্য যে, উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি প্ৰথমে ভাৰতীয় সংবিধানৰ অধীনত তালিকাভুক্ত তিৱা, মিচিং, বড়ো, দেউৰী, সোণোৱাল, কছাৰী, ৰাভা আদি জনগোষ্ঠীয়ে সুৰক্ষিত অনুভৱ কৰা নাই। তেনেকৈ তালিকা বহির্ভূত কোঁচ, মৰাণ, মটক, চুতীয়া, টাই আহোম আদিসকলেও ভাৰতীয় সংবিধানৰ অধীনত তালিকাভুক্ত হোৱাটো বিচাৰে। অসমৰ সকলো থলুৱা জনগোষ্ঠীয়ে আজি নিজকে সুৰক্ষিত বুলি নাভাবে কিয়নো তালিকাভুক্ত হৈয়ো ত্রিপুৰাৰ জনজাতি প্রায় অস্তিত্বশূন্য হৈছে। গতিকে চৰকাৰে নেহেৰুৰ ঘোষণা কৰা ট্ৰাইবেল পঞ্চশীলৰ প্রতিও আজিৰ সভাই চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি বিষয়টো সমাধান কৰি অসমৰ স্বাভিমান আৰু অসমীয়াগিৰী সংৰক্ষণৰ বাবে চৰকাৰক আহ্বান জনায়। সভাই ভাৰতৰ ন্যায় সংহিতাৰ (১৯৫০) এম আৰু ষষ্ঠ অনুসূচী অনুযায়ী জনজাতিৰ স্বকীয় বৈশিষ্ট ৰক্ষাৰ বাবে কার্যকৰী কৰিবলৈ দাবী জনায়।


দ্বিতীয় প্ৰস্তাৱত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ বন্ধ হোৱা আৰু আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সমস্যাৰ বিষয়ে বিদ্যায়তনিক কোষ গঠন কৰি চৰকাৰৰ শিক্ষা বিভাগে গভীৰভাৱে অধ্যয়ন কৰি বিষয়টোত গুৰুত্ব দিবলৈ আজিৰ সভাই দাবী জনায়। চৰকাৰে বিষয়টোত গুৰুত্ব নিদিলে এদিন অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও চৰকাৰক অৱগত কৰাৰ সিদ্ধান্ত লোৱা হয়। তৃতীয়তে অসমৰ কাষৰীয়া ৰাজ্যসমূহৰ লগত সৃষ্টি হোৱা সীমা-সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়। অসম সাহিত্য সভাই বিবদমান এলেকালৈ গৈ সাংস্কৃতিক ভাব-বিনিময় কৰিবৰ বাবে প্রস্তুত হৈছে। এই ক্ষেত্রত সভাই চনকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়। চতুৰ্থতে বৰাক-ব্রহ্মপুত্রৰ মাজত থকা মান-অভিমান ইতিমধ্যে অসম সাহিত্য সভাই নিৰাময় কৰি এক সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হ’ল কিন্তু বৰাক উপত্যকাৰ উন্নয়ন হোৱা নাই বুলি সভাই অনুভৱ কৰে। সেয়ে বৰাক উপত্যকাৰ সার্বিক উন্নয়নৰ বাবে আজিৰ সভাই কার্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়। পঞ্চম প্ৰস্তাৱত অসমৰ জনজাতিসকলৰ নিজৰ ভাষা বা দোৱান থকা সত্ত্বেও তেওঁলোকৰ চিন্তা-চৰ্চাৰ বহিঃপ্রকাশ ঘটে অসমীয়াত।

অসমীয়া ভাষাৰ বিকাশত সেইসকলৰ প্রভূত অৰিহণা সম্পর্কে সভা অৱগত। তেওঁলোকে বিদ্যালয় পর্যন্ত প্রতিষ্ঠা কৰি সমন্বয়ৰ সেতু ৰচনা কৰিছে। সেয়ে সভাই জনজাতিসকলৰ লগত ব্যৱহাৰিক জীৱনত তেওঁলোকৰ দোৱান বা ভাষা শিকিবলৈ আহ্বান জনায়। ইয়াৰ বাবে সভাই পুথি প্রস্তুত কৰা। ষষ্ঠ প্ৰস্তাৱত ড্রাগ-সেৱনৰ ফলত নতুন প্রজন্মৰ একাংশই সামাজিক বিশৃংখলা সৃষ্টি কৰাৰ উপৰি অসামাজিক কাম-কাজত লিপ্ত হোৱাত আজিৰ সভাই উদ্বেগ প্রকাশ কৰে আৰু চৰকাৰে প্রতি জিলাত ড্রাগ-নিবাৰণ কোষ গঠন কৰাৰ লগতে সমগ্র অসম জুৰি বৃহৎ প্ৰচাৰ চলাবলৈ দাবী জনায়। সভাই এইক্ষেত্রত সাংস্কৃতিক আৰু বিদ্যায়তনিক কাৰ্যসূচীৰে চৰকাৰৰ লগত সহযোগ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সপ্তম প্ৰস্তাৱত অংকুৰ শ্ৰেণীৰ পৰা দশম শ্রেণীলৈকে ছাত্র-ছাত্রীৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মবাইল ফোন ব্যৱহাৰত নির্দিষ্ট সময় নির্ধাৰণ কৰি আইন প্রণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনায়। বৰগীত, সমৱেত সংগীতৰ মূৰ্চনাত জীপাল হোৱা সভাখনত শিলচৰৰ বিধায়ক তথা আদৰণী সমিতিৰ সাধাৰণ সম্পাদক দ্বীপায়ন চক্ৰৱৰ্তীৰ নেতৃত্বত অহা এটা সঁজাতি দ’লে অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনখন শিলচৰত অনুষ্ঠিত কৰিবলৈ নিমন্ত্ৰণী শৰাই আগবঢ়াই। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই অভ্যর্থনা সমিতিৰ সম্পাদক ধৰ্মেশ্বৰ দাসে। জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰা সভাখনৰ আৰম্ভণিতে সভাপতি-প্ৰধান সম্পাদক প্ৰমুখ্যে কাৰ্যনিৰ্বাহক সদস্য সদস্যাসকলক পৰিচয় পত্ৰ, অংগ বস্ত্ৰ, জনগোষ্ঠীয় বেগ আদিৰ উদযাপন সমিতিয়ে ব্যাপক আদৰণি জনায়।।

গুৱাহাটী মহানগৰীত সুৰক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ: মুখ্যমন্ত্ৰীৰ সদৰী Himanta Biswa Sarma

গুৱাহাটী, ৬ জুলাই: Himanta Biswa Sarma ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া আৰু আধুনিক কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এক গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সামাজিক মাধ্যমত এই পদক্ষেপসমূহ সদৰী কৰি কয় যে, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ২,০০০ টাকৈ চি চি টিভি কেমেৰা, ৰাজহুৱা ঘোষণা ব্যৱস্থা, জৰুৰীকালীন কল বক্স আদি স্থাপন কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰযুক্তিৰ সহায়ত গুৱাহাটীৰ সুৰক্ষা ব্যৱস্থাক অধিক দৃঢ় আৰু জনমুখী কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নাগৰিকৰ সুৰক্ষাত এই পদক্ষেপসমূহ নিশ্চিতকৈ সহায়ক হ’ব।”

গুৱাহাটীৰ আধুনিক সুৰক্ষা ব্যৱস্থাৰ মূল উপাদানসমূহ:

  • ২,০০০ টা চি চি টিভি কেমেৰা (২৪ ঘণ্টা নিৰীক্ষণৰ ব্যৱস্থা)
  • ২০ টা ৰাজহুৱা ঘোষণা ব্যৱস্থা
  • ২০ টা জৰুৰীকালীন কল বক্স
  • ১০ টা ভেৰিয়েবল মেছেজ ডিছপ্লে
  • ৪ টা ম’বাইল ৰেপিড ডিপ্লয়েবল ছাৰ্ভিলেন্স ছলিউশ্যন

কামৰ অগ্ৰগতি:

  • জি এছ ৰোডত ইতিমধ্যে ১০০ টা চি চি টিভি কেমেৰা সক্ৰিয়
  • ৯০ শতাংশতকৈ অধিক IT, ছফ্টৱে’ৰ আৰু হাৰ্ডৱে’ৰ সামগ্ৰী মজুত
  • ৬৯০ টা কেমেৰা খুঁটা মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যে স্থাপন

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ অধীনত এই প্ৰকল্পৰ কাম আগবাঢ়ি গৈছে। অপৰাধৰ সংখ্যা যিহেতু গুৱাহাটীত দিনে দিনে বৃদ্ধি পাইছে—বিশেষকৈ চুৰি-ডকাইতি, হত্যাকাণ্ড, পথ দুৰ্ঘটনা, নাৰী নিৰ্যাতন আদিৰ ক্ষেত্ৰত—সেয়ে এই ব্যৱস্থা অপৰাধ ৰোধত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

গুৱাহাটীৰ ৰাস্তাঘাট, বাছষ্টেণ্ড, বজাৰ, শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আদি জনসমাগমযুক্ত স্থানসমূহত এই চি চি টিভি কেমেৰাসমূহ সংস্থাপন কৰা হ’ব।

ইফালে, এই সমগ্ৰ ব্যৱস্থাপনাৰ সফল নিয়ন্ত্ৰণৰ বাবে খানাপাৰাত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ওপৰ মহলাত ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ (ICCC) স্থাপন কৰা হৈছে।

উল্লেখযোগ্য যে, এই আধুনিক সুৰক্ষা ব্যৱস্থাই গুৱাহাটীৰ চহৰবাসীৰ বাবে এটি সুৰক্ষিত আৰু সজাগ পৰিবেশ গঢ়ি তুলিব বুলি চৰকাৰৰ আশা।

Syama Prasad Mookerjee: ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫সংখ্যক জন্মজয়ন্তী উপলক্ষে গুৱাহাটী ৰাজভৱনত বিশেষ অনুষ্ঠান

গুৱাহাটী, ৬ জুলাই: Syama Prasad Mookerjee মন্ত্রী বৰাই কয়, “ড০ মুখাৰ্জীয়ে দেশৰ অখণ্ডতাৰ প্ৰতি যি অটল দায়িত্ববোধ দেখুৱাইছিল, তাৰ বাবে তেওঁ প্ৰাণ বিসৰ্জন কৰিবলৈ কুণ্ঠিত নহ’ল।” তেওঁ লগতে স্মৰণ কৰে যে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ১৯৩৩ চনত বিশ্বৰ কনিষ্ঠতম উপাচার্য হিচাপে কলকাতা বিশ্ববিদ্যালয়ত দায়িত্ব গ্ৰহণ কৰিছিল আৰু পিছত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰি ৰাজনৈতিক দিশতো নিজকে প্ৰতিষ্ঠা কৰিছিল।

ভাষণত উল্লেখ কৰা হয় যে মুখাৰ্জীৰ পিতৃ চাৰ আশুতোষ মুখাৰ্জীৰ প্ৰচেষ্টাতেই অসমীয়া ভাষা কলকাতা বিশ্ববিদ্যালয়ত স্বীকৃতি লাভ কৰিছিল, যাৰ বাবে সমগ্ৰ অসমে তেওঁলোকৰ প্ৰতি চিৰদিন কৃতজ্ঞ হৈ থাকিব।

মন্ত্রী বৰাই লগতে ড০ মুখাৰ্জীৰ উদ্যোগ আৰু যোগান মন্ত্রী হিচাপে গ্ৰহণ কৰা নীতি-বিধি, বিশেষকৈ মিশ্ৰ অৰ্থনীতিৰ প্ৰসঙ্গ উল্লেখ কৰি কয়, “তেওঁৰ সেৱাই দেশৰ ভবিষ্যৎ অৰ্থনৈতিক ভিত্তি গঢ়ি তোলে।”

সংবিধানৰ ধাৰা ৩৭০ৰ কঠোৰ বিৰোধিতা কৰি মুখাৰ্জীয়ে জম্মু-কাশ্মীৰক আগবঢ়োৱা বিশেষ সুবিধাক “ত্ৰিজাতি তত্ব” বুলি আখ্যা দিছিল, বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে। ১৯৫০ চনত পূব পাকিস্তানত হিন্দু সকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা কৰি মুখাৰ্জীয়ে কংগ্ৰেছ চৰকাৰৰ নীতিৰ সৈতে মতভেদৰ ফলত নেহৰুৰ মন্ত্রীসভাৰ পৰা পদত্যাগ কৰিছিল।

১৯৫৩ চনত জম্মু-কাশ্মীৰলৈ অনুমতি নোলোৱাকৈ গ’লে, তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু ৪৩ দিনৰ পাছত ২৩ জুন তাৰিখে মুখাৰ্জীৰ ৰহস্যজনক মৃত্যু ঘটে। মন্ত্রী বৰাই কয়, “তেওঁৰ আত্মবিলোপই জম্মু-কাশ্মীৰলৈ অনুমতি প্ৰথাৰ অৱসান ঘটালে।”

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাষণত কয়, “ড০ মুখাৰ্জীয়ে জীৱনটো উপাচাৰ্য হিচাপে সহজভাৱে কটাব পাৰিলেহেঁতেন, কিন্তু দেশৰ অখণ্ডতাৰ বাবে তেওঁ প্ৰাণ উৎসৰ্গা কৰে। সেইদৰে ১৯৪৬ চনত অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰি গোপীনাথ বৰদলৈক সহায় আগবঢ়াইছিল।”

সমাজকৰ্মী ৰঞ্জীৱ কুমাৰ শৰ্মাই মুখাৰ্জীৰ জীৱনৰ তিনিটা দিশ— ৰাষ্ট্ৰীয় চেতনা, ভাৰতীয় ভাষাৰ উন্নয়ন আৰু দেশৰ অখণ্ডতাৰ বাবে ত্যাগৰ দিশত আলোকপাত কৰে।

অনুষ্ঠানত ৰাজ্যপালৰ উপদেষ্টা হৰবংশ দিক্ষিত, বিশেষ কৰ্তব্য বিষয়া বৈসন্ত লাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পল্লবী ফুকন, সঞ্চালক ৰাহুল চন্দ্ৰ দাসসহ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতি থাকে।

উল্লেখযোগ্য যে, ২০১৯ চনৰ ৫ আগষ্টত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে সংবিধানৰ ধাৰা ৩৭০ বাতিল কৰি মুখাৰ্জীৰ আদৰ্শৰ প্ৰতি সন্মান জ্ঞাপন কৰে।

Rimpi Buragohain: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসম কন্যাৰ হেট্ৰিক সাফল্য

ডিজিটেল ডেস্কঃ Rimpi Buragohain আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসম কন্যাৰ হেট্ৰিক সাফল্যআন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ এবাৰ জিলিকি উঠিছে অসম কন্যা। World Police Meet-ত অংশ লৈ চমকপ্ৰদ ক্ৰীড়া প্ৰদৰ্শনৰ জৰিয়তে অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে লাভ কৰিছে গৌৰৱজনক সফলতা। তিনি খন প্ৰতিযোগিতাত অংশ লৈ তিনিটা সোণৰ পদক অৰ্জন কৰিলে অসমৰ এই প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীয়ে।

লং জাম্প, ট্ৰিপল জাম্প আৰু ৰিলে দৌৰ — এই তিনি ইভেণ্টত অংশ লৈ ৰিম্পীয়ে হেট্ৰিক সোণৰ পদক অৰ্জন কৰে। তেওঁৰ এই সাফল্য কেৱল ব্যক্তিগত গৌৰৱ নহয়, অসম আৰু ভাৰতবৰ্ষৰ বাবে গৰ্বৰ বিষয়।

ৰিম্পী বুঢ়াগোহাঁইৰ এই সফলতা নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ।

অসম তথা দেশৰ লগতে ক্ৰীড়াজগতৰ বিভিন্ন মহলে ৰিম্পী বুঢ়াগোহাঁইৰ এই অসামান্য কৃতিত্বক আদৰণি জনাইছে।

Rehabilitation Center: নিচামুক্তি কেন্দ্ৰত অমানৱীয় অত্যাচাৰঃ এজনৰ মৃত্যু, দুজন চিকিৎসাধীন

ডিজিটেল ডেস্কঃ Rehabilitation Center নামৰূপস্থিত মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত অমানৱীয় অত্যাচাৰৰ ফলত এজন যুৱকৰ মৃত্যু আৰু আন দুজন যুৱক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকিবলৈ বাধ্য হোৱা এক দুঃখজনক ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য অনুসৰি, নিতিশ তন্ত্ৰবাই নামৰ এজন যুৱকক পৰিয়ালৰ অজানিতভাৱে ১০ ফেব্ৰুৱাৰীত পথৰ পৰা জোৰপূৰ্বক লৈ যোৱা হয় আৰু আৰক্ষীৰ ভয় দেখুৱাই মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। অভিযোগ অনুসৰি, পৰৱৰ্তী সময়ত নিলমনি চেতিয়া নামৰ এজন ব্যক্তিয়ে পৰিয়ালক মাতি তন্ত্ৰবাইক কেন্দ্ৰত ৰাখিবলৈ জোৰ কৰে আৰু ইয়াৰ বাবদ ধনদাবী কৰে।

১ জুলাই তাৰিখে কেন্দ্ৰটোৰ পৰা তন্ত্ৰবাই অসুস্থ হৈ পৰাৰ কথা পৰিয়ালক জনোৱা হয়। পৰিয়ালৰ দাবী অনুসৰি, যথাযথ চিকিৎসা নকৰাকৈ ১৫,০০০ টকা খৰচৰ দাবী কৰা হয়। অৱশেষত যুৱকজনৰ মৃত্যু অসম চিকিৎসা মহাবিদ্যালয়ত হয়। মৃত্যুৰ পাছত পৰিয়ালে আৰক্ষীক অৱগত কৰে যে নিচামুক্তি কেন্দ্ৰখনত যুৱকজনক অকথ্যভাৱে অত্যাচাৰ কৰা হৈছিল।

ইফালে, তিলক সিং নামৰ অন্য এজন যুৱকে আৰক্ষী থানালৈ গৈ মৃত্যুঞ্জয় কেন্দ্ৰত চলি থকা অমানৱীয় ব্যৱহাৰৰ বৰ্ণনা দি নিলমনি চেতিয়াৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে।

স্থানীয় ভিডিপি (VDP) সকলে থানালৈ গৈ এই নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা অসামাজিক কাৰ্যকলাপৰ বিষয়ে লিখিত অভিযোগ আগবঢ়ায় আৰু কেন্দ্ৰটো বন্ধ কৰাৰ দাবী তোলে।

আদিবাসী ছাত্ৰ সন্থাও এই নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে গৰজি উঠে। সন্থাৰ অভিযোগ অনুসৰি, কোনো প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ আইন-বহিৰ্ভূতভাৱে নামৰূপৰ এই কেন্দ্ৰটো চলি আছে আৰু আৰক্ষীৰ লগত মিলি-মিছল কৰি ইয়াক ড্ৰাগছ ব্যৱসায়ীৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা হৈছে।

খবৰ অনুসৰি, আৰক্ষীয়ে অভিযুক্ত নিলমনি চেতিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, যদিও এতিয়ালৈকে নিচামুক্তি কেন্দ্ৰটোৰ মূল স্বতাধিকাৰীজন তলব কৰা নাই।

Elon Musk: ইলন মাস্কৰ নতুন ৰাজনৈতিক দল ‘আমেৰিকান পাৰ্টি’ৰ ঘোষণা

ডিজিটেল ডেস্কঃ Elon Musk আমেৰিকাৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিছে প্ৰযুক্তি জগতৰ দিগন্তপ্ৰসাৰী উদ্যোগপতি ইলন মাস্কে। শনিবাৰে তেওঁ ঘোষণা কৰে যে, আমেৰিকাত নতুন এক ৰাজনৈতিক দল গঠন কৰা হৈছে, যাৰ নাম ‘আমেৰিকান পাৰ্টি’। এই ঘোষণা তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে কৰিছে।

ইলন মাস্কে নিজৰ ঘোষণা পোষ্টত স্পষ্টকৈ কয়, “আপোনাক স্বাধীনতা ঘূৰাই দিবলৈ ‘আমেৰিকান পাৰ্টি’ গঠন কৰা হৈছে।” লগতে তেওঁ আমেৰিকাৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাৰ তীব্ৰ সমালোচনা কৰি কয়, “দেশ ধ্বংস আৰু দুৰ্নীতিৰ ক্ষেত্ৰত ডেম’ক্ৰেট আৰু ৰিপাব্লিকানৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁলোক আচলতে একেটা দল। আমি গণতন্ত্ৰত নহয়, আমি একদলীয় ব্যৱস্থাত বাস কৰিছো।”

মাস্কে উল্লেখ কৰে যে, শেহতীয়াকৈ কৰা অনলাইন এখন সমীক্ষাত দুগুণে অধিক লোকে নতুন ৰাজনৈতিক বিকল্প বিচাৰিছে। সেই অভিপ্ৰায়ই তেওঁৰ এই নতুন দল গঠনৰ মূল উৎসাহ হৈ পৰে।

ইলন মাস্কৰ এই পদক্ষেপে আমেৰিকাৰ ৰাজনৈতিক পৰিৱেশত এটা নতুন আলোড়ন সৃষ্টি কৰাৰ আশা কৰা হৈছে। ‘আমেৰিকান পাৰ্টি’য়ে কিদৰে আগবাঢ়ে আৰু জনসাধাৰণে কেনেকৈ গ্ৰহণ কৰে, সেয়া সময়হে দেখুৱাব।

Temple Donation: ভাগ্যই লগ দিয়া নাই কি কৰিব ? এইবোৰ বস্তু দান কৰক মন্দিৰত, সকলো দেৱ-দেৱী সন্তুষ্ট হ’ব

Temple Donation: ভাগ্যই লগ দিয়া নাই কি কৰিব ? এইবোৰ বস্তু দান কৰক মন্দিৰত, সকলো দেৱ-দেৱী সন্তুষ্ট হ’ব
Temple Donation: ভাগ্যই লগ দিয়া নাই কি কৰিব ? এইবোৰ বস্তু দান কৰক মন্দিৰত, সকলো দেৱ-দেৱী সন্তুষ্ট হ’ব

সাধাৰণতে যেতিয়াই মানুহ মন্দিৰলৈ যায় (Temple Donation) তেতিয়াই প্ৰায়ে তাত কিছু টকা দান কৰে। ঈশ্বৰক উপহাৰ আগবঢ়ায়। যদি ভাগ্য আপোনাক লগ দিয়া নাই, তেন্তে মন্দিৰত কিছুমান বিশেষ বস্তু দান কৰিলে আপোনাৰ ভাগ্য সলনি হ’ব পাৰে।

প্ৰতিটো ধৰ্মতে দান-বৰঙণি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত প্ৰতিটো উৎসৱ আৰু বিশেষ অনুষ্ঠানত দান দিয়াৰ পৰম্পৰা আছে। যদি আপুনি আপোনাৰ জীৱনত সমস্যাৰ সন্মুখীন হৈছে, আপুনি বিফলতাৰ সন্মুখীন হৈছে, ভাগ্য আপোনাক লগ দিয়া নাই, তেন্তে মন্দিৰত কিছুমান বিশেষ বস্তু দান কৰক। মন্দিৰত এইবোৰ বস্তু দান কৰিলে আপোনাক ভাগ্যই লগ দিব। বিশেষকৈ মন্দিৰত এই বিশেষ বস্তুবোৰ দান কৰিলে জীৱনৰ সকলো বিপদৰ অন্ত পৰিব পাৰে। কেতিয়াও হয়তো ধনৰ অভাৱৰ সন্মুখীন নহ’ব।

মন্দিৰত এইবোৰ বস্তু দান কৰাটো অতি শুভ-

মূৰ্তি দান: মন্দিৰত ঈশ্বৰৰ মূৰ্তি দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কাৰণ সেই মূৰ্তি যেতিয়াই পূজা কৰা হ’ব তেতিয়াই দানকাৰীয়েও তাৰ ফল পাব।

পূজাৰ বাচন: মন্দিৰত তাম বা পিতল বা সোণ-ৰূপৰ পূজাৰ বাচন দান কৰক। মন্দিৰলৈ পূজাৰ বাচন দান কৰিলে দীৰ্ঘম্যাদী লাভ হয় কাৰণ যেতিয়াই এই বাচনবোৰ ঈশ্বৰৰ পূজাত ব্যৱহাৰ কৰা হ’ব তেতিয়াই দানকাৰীয়ে ফল পাব।

মন্দিৰ নিৰ্মাণৰ বাবে সামগ্ৰী: যদি কোনো মন্দিৰ নিৰ্মাণ কৰা হৈছে, তেন্তে তাত আপুনি নিৰ্মাণ সামগ্ৰী যেনে চিমেণ্ট, টাইলছ, শিল বা অন্যান্য সামগ্ৰী দান কৰিব পাৰে। এই ক্ষেত্ৰত যেতিয়ালৈকে মন্দিৰটো থাকিব তেতিয়ালৈকে আপুনি ইয়াৰ সুফল পাই থাকিব।

পানী খোৱা ঠাইঃ মন্দিৰত খোৱা পানীৰ ব্যৱস্থা কৰিলে বহুত ফল পোৱা যায়।

আসন আৰু পূজা সমগ্ৰীঃ ভক্তসকলক মন্দিৰত বহিব পৰাকৈ আসন, পূজাৰ সামগ্ৰী যেনে ঘিউ, তেল, চাউল ইত্যাদি দান কৰিলে ব্যক্তিজনৰ ৰাশিফলত গুৰু শক্তিশালী হৈ উঠিব।

ভগৱানৰ বাবে ভোগ: ভগৱানক অৰ্পণ কৰিবলগীয়া ভোগৰ বাবে পঞ্চমৃত, শুকান ফল, মিঠাই আদিৰ ব্যৱস্থা কৰক। এনে কৰিলে বহুত গুণ পোৱা যায়।

Congress:ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক, নতুন ৰণনীতিৰ খসড়া প্ৰস্তুত হ’ব আজি সন্ধিয়া

ডিজিটেল ডেস্কঃ Congress আজি সন্ধিয়া অনুষ্ঠিত হ’ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। ৰাজীৱ ভৱনত সন্ধিয়া ৭বজাত অনুষ্ঠিত হ’বলগা এই বৈঠকত কংগ্ৰেছৰ বিভিন্ন শাখা-উপশাখাৰ শীৰ্ষ নেতাসকল অংশগ্ৰহণ কৰিব।

বৈঠকখনত উপস্থিত থাকিব অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, নিৰ্বাচনী প্রচাৰ কমিটীৰ সভাপতি ভূপেন বৰা, সমন্বয়ৰক্ষী কমিটীৰ সভাপতি দেৱব্রত শইকীয়া, ইস্তাহাৰ কমিটীৰ সভাপতি প্ৰদ্যুৎ বৰদলৈ, প্ৰচাৰ কমিটীৰ সভাপতি ৰকিবুল হুছেইন আৰু নিৰ্বাচন ব্যৱস্থাপনা কমিটীৰ সভাপতি ৰিপুণ বৰা।

এই বৈঠকখনত আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পৰৱৰ্তী ৰণনীতিৰ খসড়া প্ৰস্তুত কৰাৰ লগতে মিত্ৰতা নীতিৰ ক্ষেত্রতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। লগতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ অসম ভ্ৰমণ সম্পৰ্কেও আলোচনা হ’ব বুলি দলীয় সূত্ৰে জনোৱা হৈছে।

অসমত ৰাজনৈতিক সমীকৰণৰ পটভূমিত এই বৈঠকখনক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

Udayaditya Bharali : বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সাহিত্যিক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ Udayaditya Bharali অসম তথা গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ জ্ঞান-সংস্কৃতিৰ ক্ষেত্ৰখনত এক উজ্জ্বল নক্ষত্র আছিল অধ্যাপক উদয়াদিত্য ভৰালী। কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট ইতিহাসবিদ, শিক্ষাবিদ, সাহিত্যিক তথা ক্ৰীড়া সংগঠকগৰাকীৰ দেহাৱসান হৈছে শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা ভৰালীয়ে গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াৰ নিজৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।

১৯৪৭ চনৰ ১ ছেপ্টেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা উদয়াদিত্য ভৰালীয়ে ১৯৬৮ চনৰ পৰা ২০০৩ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত অধ্যাপক হিচাপে কৰ্মৰত আছিল। তাৰপিছত ২০০৩-২০০৬ সময়চোৱাত তেওঁ কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব নিৰ্বাহ কৰে।

ইতিহাস চৰ্চাৰ ক্ষেত্ৰত উদয়াদিত্য ভৰালীয়ে অসমীয়াৰ মনোভূমিত এক নতুন দিশৰ সন্ধান দিছিল। বিশেষকৈ প্ৰাচীন অসমৰ ইতিহাসক লৈ তেওঁৰ দৃষ্টিভংগী, বিশ্লেষণ আৰু শৈলীৰ বাবে তেওঁ অদ্বিতীয় হিচাপে বিবেচিত। সাহিত্যৰ ক্ষেত্ৰতো তেওঁ এগৰাকী শক্তিশালী গল্পকাৰ আছিল। লগতে ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও জনাজাত আছিল।

তেওঁৰ এই বৌদ্ধিক অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৬ চনত অধ্যাপক ভৰালীয়ে অসম সাহিত্য সভাৰ পক্ষৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল।

তেওঁৰ মৃত্যুত বিভিন্ন দল, সংগঠন, সাহিত্যিক, অধ্যাপক আৰু শিক্ষানুৰাগীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু

Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু
Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু

আমেৰিকাৰ টেক্সাছত বানৰ সংহাৰী ৰূপ। (Texas flood) বানৰ কৱলত টেক্সাছত ৫০ গৰাকীৰ মৃত্যু। ৫ মিনিটত ২৬ ফুট উচ্চতালৈ জলস্তৰ বৃদ্ধি গুৱাদালুপ নদীৰ।

অধিক বৰষুণৰ হোৱাৰ সম্ভাৱনা আৰু অধিক কৃত্ৰিম বানপানীৰ আশংকা। টেক্সাছ পাহাৰীয়া দেশত বহু লোক নিৰুদ্দেশ হৈছে, বৰ্তমান অনুসন্ধান অভিযান চলি আছে।

আমেৰিকাৰ টেক্সাছত সৃষ্টি হোৱা কৃত্ৰিম বানত ১৫টা শিশুসহ কমেও ৫০ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছে। বহুলোক এতিয়াও নিৰুদ্দেশ হৈ আছে।

দ্য টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি টেক্সাছত ভয়াৱহ বানত ৫০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে। কেৰ কাউন্টি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম আৰু ৪৩ জন লোকৰ মৃত্যু হয়। ট্ৰেভিছ কাউন্টিত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে, বাৰ্নেট কাউন্টিত দুজনৰ আৰু টম গ্ৰীণ কাউন্টিত এজনৰ। আগন্তুক দিনত অধিক বৰষুণৰ আশংকা থকাৰ লগতে আৰু অধিক কৃত্ৰিম বানপানীৰ আশংকা থকাৰ বাবে পৰিস্থিতি ভয়াবহ হ’ব বুলি কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰিছে।

গুৱাদালুপ নদীৰ আশে-পাশে থকা অঞ্চলত হঠাতে ১৫ ইঞ্চি পৰ্যন্ত বৰষুণৰ ফলত ৮৫০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছিল।