Home Blog Page 122

Bilasipara Eviction: চাপৰত চলিছে অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান

Bilasipara Eviction: চাপৰত চলিছে অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান
Bilasipara Eviction: চাপৰত চলিছে অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান

চাপৰত চলিছে অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। এফালৰ বুলড’জাৰেৰে ভাঙি পেলাইছে ঘৰ। চিঞৰি চিঞৰি উচ্ছেদিতই কান্দিছে।(Bilasipara Eviction)

বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ৩,৫০০ বিঘা ভূমিত অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ব বৃহৎ বুলড’জাৰ কোব আৰম্ভ।

বিলাসীপাৰা সম-জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা জংগল ব্লক গাঁৱত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।

শ শ বুলড’জাৰ, আৰক্ষীৰ সমৰসজ্জাৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ।

নিজৰ ঘৰ ত্যাগ কৰি অন্য স্থানলৈ ৰাওনা উচ্ছেদিত লোক। চিঞৰি- চিঞৰি কান্দি টালি-টোপলা বান্ধি এৰিছে ঘৰ উচ্ছেদিত লোকে।

আনহাতে উচ্ছেদিত ঠাইত অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে আৰক্ষীৰ সমৰসজ্জা।

সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা জংগল ব্লক গাঁৱত এতিয়া কান্দোনৰ ৰোল।

চাপৰৰ সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটাত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে।

Hanuman Mantra: মঙলবাৰে হনুমানৰ এই শক্তিশালী মন্ত্ৰফাঁকি জপ কৰক, সমস্যা আৰু ধনৰ সমস্যা নাইকিয়া হ’ব!

Hanuman Mantra: মঙলবাৰে হনুমানৰ এই শক্তিশালী মন্ত্ৰফাঁকি জপ কৰক, সমস্যা আৰু ধনৰ সমস্যা নাইকিয়া হ'ব!
Hanuman Mantra: মঙলবাৰে হনুমানৰ এই শক্তিশালী মন্ত্ৰফাঁকি জপ কৰক, সমস্যা আৰু ধনৰ সমস্যা নাইকিয়া হ'ব!

মঙলবাৰৰ দিনটো হনুমানৰ পূজাৰ বাবে উচৰ্গা কৰা হয়। আজিৰ দিনটোত হনুমানক ভক্তিৰে পূজা কৰি উপবাসে থাকিলে ৰাশিফলত মংগল দোষ আঁতৰি যায়।(Hanuman Mantra)

মঙলবাৰৰ দিনটো ভগৱান শ্ৰীৰামৰ পৰম ভক্ত আৰু পৱন দেৱৰ পুত্ৰ হনুমান পূজাৰ বাবে উচৰ্গা কৰা হয়। এই দিনটোত শ্ৰী ৰাম আৰু মাতা জানকীক ভক্তিৰে পূজা কৰা যিকোনো ভক্তৰ ওপৰত হনুমান সন্তুষ্ট হয়। মঙলবাৰে হনুমানক পূজা কৰিলে ভয়ৰ পৰা মুক্তি পোৱা যায় আৰু বিপদ দূৰ হয়। হনুমানৰ বাবে মঙলবাৰে উপবাসে ৰখাৰ সংকল্প গ্ৰহণ কৰি মংগল দোষ ৰাশিফলৰ পৰা আঁতৰাই মনৰ কামনা পূৰণ হয়।

মঙলবাৰৰ প্ৰভু হনুমানক পূজা কৰিলে জীৱনত প্ৰচলিত সকলো ধৰণৰ দুখ নাশ হয়। আনহাতে মঙলবাৰৰ পূজাৰ সময়ত যিকোনো ভক্তই হনুমানৰ বিশেষ মন্ত্ৰ জপ কৰিলে তেওঁৰ ভয় ধ্বংস হয়, শক্তি, বুদ্ধি আৰু জ্ঞান বৃদ্ধি পায় আৰু ধন সম্পৰ্কীয় সমস্যাৰো অন্ত পৰে। হনুমানৰ মন্ত্ৰ জপা কৰি মঙলবাৰৰ বাবে আটাইতকৈ শক্তিশালী প্ৰতিকাৰ বুলি কোৱা হয়, হনুমানয়ে সদায় মন্ত্ৰ জপ কৰা ভক্তক ৰক্ষা কৰিবলৈ আহে। সেই মন্ত্ৰবোৰৰ বিষয়ে জানো আহক-

হনুমানৰ এই মন্ত্ৰটোও বিশেষ-


“অম নমো হনুমতে ৰুদ্ৰৱতৰায় বিশ্বৰূপায় অমিতবিক্ৰমায়”।
“মেনিফেষ্টেড-মাইটি মহাবলয় সূৰ্য্যকোটিসম্প্ৰভাই ৰামদুতায়া স্বাহা।”

এই মন্ত্ৰ জপ কৰিলে হনুমানয়ে সকলো বিপদ দূৰ কৰিব।
“অম নমো হনুমতে ৰুদ্ৰৱতৰায় সৰ্বশত্ৰুসাৰণয়”।
“সকলো ৰোগ সকলো ৰোগে পৰাস্ত কৰে, ৰামদূতয় স্বাহা।”

হনুমানয়ে এই মন্ত্ৰ জপ কৰাসকলক আশীৰ্বাদ দিব।
“অম নমো হনুমতে ৰুদ্ৰৱতৰায় সৰ্বশত্ৰুসহৰ্ণয়”।
“সৰ্বোগহৰায় সৰ্ববশিকাৰণে ৰামদূতায় স্বাহা।”

এই মন্ত্ৰ জপ কৰিলে হনুমানয়ে সকলো দুখ নোহোৱা কৰিব।
“আদিদেৱ নামস্তুভ্যম সপ্তসপ্তে দিবাকৰ!”
“ত্ৱাম ৰাৱে তাৰায় স্বাস্মানস্মৎসনছাৰ সাগৰত!!”

“অম দক্ষিণমুখা পচ্চমুখ হনুমাতে কৰালবাদনয়”

“নৰসিংহয়া ওম হান হীম হূন হাহ সকালভীতপ্ৰেতমনয় স্বাহা।”

প্ৰাণৱৌম পৱনকুমাৰ খাল বন পৱক জ্ঞানধন।

যশু হৃদয় আগৰ বসিং ৰাম সৰ চাপ ঘৰ।

আনহাতে মঙলবাৰে হনুমানক তেওঁৰ প্ৰিয় ভোগ আগবঢ়াব।

সাংবাদিক আক্ৰমণৰ ঘটনাত উদ্বিগ্ন অসম বাৰ্তাজীৱী সংঘৰ ৰাজ্যজুৰি আন্দোলনসূচী ঘোষণা । সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবী । Assam Bartajibi Sangha

সাংবাদিক আক্ৰমণৰ ঘটনাত উদ্বিগ্ন অসম বাৰ্তাজীৱী সংঘৰ ৰাজ্যজুৰি আন্দোলনসূচী ঘোষণা । সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবী । Assam Bartajibi Sangha
সাংবাদিক আক্ৰমণৰ ঘটনাত উদ্বিগ্ন অসম বাৰ্তাজীৱী সংঘৰ ৰাজ্যজুৰি আন্দোলনসূচী ঘোষণা । সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবী । Assam Bartajibi Sangha

Assam Bartajibi Sangha । ৰাজ্যজুৰি ক্ৰমবৰ্ধমান সাংবাদিক নিৰ্যাতন তথা আক্ৰমণৰ ঘটনাক গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম বাৰ্তাজীৱী সংঘই । সংঘই আজি অনুষ্ঠিত কৰা এখনি বিশেষ জুম বৈঠকত এই উদ্বিগ্নতা প্ৰকাশ কৰে সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই । ৰাজ্যখনৰ ২৭ খন জিলাৰ প্ৰতিনিধি , ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আৰু নিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহকে অংশগ্ৰহণ কৰা উক্ত সভাত সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়া হয় । উক্ত সভাতে ৰাজ্যখনৰ সাংবাদিক সকলৰ নিৰাপত্তাৰ বাবে এখনি সুকীয়া সাংবাদিক সুৰক্ষা আইন প্ৰণয়ন কৰিবলৈ অসম চৰকাৰক দাবী জনোৱা হয় । যি আইনৰ জড়িয়তে কতব্যৰত সাংবাদিক সকলক সুৰক্ষা প্ৰদান কৰা হব ।


আনহাতে আজিৰ সভাতে ক্ৰমবৰ্ধমান সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি এক আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে অসম বাৰ্তাজীৱী সংঘই । সেই অনুসৰি অহা ৮ জুলাইত অসমৰ সকলো জিলা সমিতিয়ে সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব । আনহাতে আজিৰ সভাতে চলিত মাহতে গুৱাহাটীত কেন্দ্ৰীয় ভাৱে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজ্যিক উপ সভাপতি অঞ্জন কুমাৰ শৰ্মা , কাৰ্যালয় সম্পাদক হেমন্ত বৰ্মন , কাৰ্যনিৰ্বাহক ভাস্কৰ শৰ্মা , অশ্বিনী দুৱৰা , প্ৰশান্ত মোদক উপস্থিত থকা আজিৰ বৈঠকত আই এফ ডব্লিউ জেৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য ক্ৰমে ৰাণাজ্যোতি নেওগ , কিশোৰজ্যোতি শৰ্মা , আশিকুৰ ৰহমান , ভাস্কৰ জোতি মেধি ৰাহুল চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে । তদুপৰি ধেমাজি জিলাৰ সভাপতি ভাস্কৰ সভাপণ্ডিত , নলবাৰীৰ সভাপতি ব্ৰজেন তালুকদাৰ , গোৱালপাৰাৰ সভাপতি চৈয়দ ৰবিউল হক , সম্পাদক জাহিদুল ইছলাম, হোজাইৰ সভাপতি মুকুল গোস্বামী , কামৰূপ জিলাৰ সভাপতি বিকাশ দাস , ওদালগুৰিৰ সভাপতি মোছাদ্দিক হুছেইন , শ্ৰীভূমিৰ সভাপতি অসীম দেব , বাক্সাৰ সভাপতি ৰাজীৱ তালুকদাৰ , সম্পাদক ভাৰত ৰাজবংশী; বিশ্বনাথ জিলাৰ দীপক শৰ্মা , দৰং জিলাৰ সম্পাদক লক্ষীনন্দন কলিতা , বজালীৰ সম্পাদক হীৰেন কলিতা ,শিবসাগৰত সম্পাদক মনোজ গগৈ , ধুবুৰীৰ সম্পাদক ইৰফান খণ্ডকাৰ; দক্ষিণ শালমাৰা মানকাচৰৰ সভাপতি শ্বাজাহান আলী. ধেমাজিৰ গৌতম পেগু , হাইলাকান্দিৰ সম্পাদক অনুপম সিংহ , উত্তৰ পুব মণ্ডলৰ সম্পাদক জগত বৰা আদিয়ে অংশগ্ৰহণ কৰে ।


উক্ত সভাৰ পিছতে সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই এক বিবৃতিত কয় যে অসমৰ শোষিত বঞ্চিত শ্ৰেণীৰ ভিতৰত সাংবাদিক সকল হৈছে অন্যতম । দিনে নিশাই ৰাইজৰ হৈ সেৱা আগবঢ়োৱা সাংবাদিক সকল আজিও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে । আৰ্থিক ভাৱে দুৰ্বল সাংবাদিক সকলে চৰকাৰে সাধাৰণ ৰাইজৰ বাবে ঘোষিত আঁচনিসমূহো লাভ নকৰে । বৰঞ্চ বহু সময়ত মন্ত্ৰী -বিধায়ক , নেতা সকলৰ বিভিন্ন তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে বুলি কয় । যিটো সাংবাদিক সকলৰ বাবেই নহয় অসমৰ সমাজ জীৱনৰ বাবেই দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে । অসম বাৰ্তাজীৱী সংঘই ৰাজ্যখনত কৰ্মৰত ৪০ হাজাৰ সাংবাদিক , সংবাদ কৰ্মীৰ দ-দৰমহা নিশ্চিত কৰাৰ লগতে নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিবলৈও চৰকাৰক দাবী জনায় । সংঘই অহা ৮ জুলাইত গুৱাহাটীত এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছে বুলিও বিবৃতিযোগে জনাইছে ।

আবাসিক প্ৰকৃতি শিবিৰ ৩.০ সম্পন্ন ।Nature Camp 3.0

আবাসিক প্ৰকৃতি শিবিৰ ৩.০ সম্পন্ন ।Nature Camp 3.0
আবাসিক প্ৰকৃতি শিবিৰ ৩.০ সম্পন্ন ।Nature Camp 3.0

Nature Camp 3.0 । পু এন ফ’ ৱাইল্ড, অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখা, মেগামিক্স প্ৰকৃতি সংঘৰ উদ্যোগত আৰু অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখা মহিলা কোষৰ সহযোগত ইংৰাজী ৪ জুলাইৰ পৰা ৭ জুলাই, ২০২৫ লৈ আৱাসিক প্ৰকৃতি শিবিৰ ৩.০ অনুষ্ঠিত হৈ যায়।


পৰিৱেশ বিষয়টো কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয়। পৰিৱেশ বিষয়টো জানিবলৈ, বুজিবলৈ হ’লে আমি ইয়াৰ বিষয়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগিব লগতে পৰিৱেশক ওচৰৰ পৰা অনুধাৱন কৰিবলৈ হ’লে পৰিৱেশ মাজত নিজেই থাকি সম‌য় অতিবাহিত কৰিব লাগিব ।


বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি সততে এটা প্ৰশ্নৰ সন্মুখীন হোৱা দেখা যায় বা অভিভাৱক সকলে নিজৰ সন্তানৰ বিষয়ে কোৱা শুনা যায় আজিকালি ইন্টাৰনেট,ম’বাইল, লেপটপ আদি অধিক সময় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে কৰবাত নহয় কৰাবত একাত্ম হব পৰা নাই যেন অনুভৱ হয়। পৰিৱেশ বিষয়ক কথাবোৰ ওচৰৰ পৰা অনুভৱ কৰিবলৈ আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকলক আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে একাত্ম কৰিব পৰাকৈ এটা পৰিৱেশ গঢ়ি দিবৰ বাবে বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো আয়োজন কৰা হৈছে আৱাসিক প্ৰকৃত শিবিৰ।
আৱাসিক প্ৰকৃতি শিবিৰ সম্পৰ্কে পু এন ফ’ ৱাইল্ডৰ প্ৰতিষ্ঠাপক মানস প্ৰতিম দত্ত, ধ্ৰুৱ জ্যোতি চেতিয়া আৰু বিমান সন্দিকৈয়ে জানিবলৈ দিয়ামতে অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ সম্পাদক বিমান সন্দিকৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন কৰে অসম বিজ্ঞান সমিতিৰ প্ৰধান সচিব শ্ৰীযুত মৃণাল কুমাৰ হাজৰিকাই। ভাষণপ্ৰসংগত হাজাৰিকাই পৰিৱেশ আৰু প্ৰকৃতিৰ নিয়মাৱলী লগতে অসমৰ বিজ্ঞান চৰ্চাৰ ইতিহাস সম্পৰ্কে বহুখিনি কথা ব্যক্ত কৰে। উদ্বোধনী অনুষ্ঠানত পৰিৱেশমিত্ৰ দেৱজিৎ ফুকন , দিগেন্দ্ৰ নাথ হাজৰিকা, ডঃ নৰেন্দ্ৰ নাথ দত্ত , পৰমানন্দ দত্ত, পদ্মা বৰা , স্বৰ্ণ লতা গগৈ চমুৱা ,হীমাশ্ৰী চমুৱা, হেমন্ত কুমাৰ বৰুৱা আদি উপস্থিত থাকে । প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আৱাসিক ছাত্ৰছাত্ৰীৰ চিনাকি অনুষ্ঠান আৰম্ভ হয় পূৰ্ণিমা দেৱীৰ সঞ্চালনাত। ইয়াৰ পিছতেই তিনিজন সমল ব্যক্তি ক্ৰমে সত্যব্ৰত গগৈ , যুগল সন্দিকৈ আৰু নয়নদীপ দত্তই হাতে কামে বিজ্ঞান , দৈনন্দিন জীৱনত গণিত আদি বিভিন্ন দিশ অৱলোকন কৰে ।


দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় পক্ষী নিৰীক্ষণৰ জৰিয়তে । উক্ত কাৰ্যসূচী ৰূপায়ন কৰে অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ শ্যামল শইকীয়াই । ইয়াৰ পিছতে পৰিৱেশমিত্ৰ দেৱজিৎ ফুকনৰ পৰিৱেশ, প্ৰকৃতি আৰু মানুহ বিষয়ক বক্তব্য আগবঢ়ায়। নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠাপক অসম গৌৰৱ সৌম্যদ্বীপ দত্ত জৈৱবৈচিত্ৰ আৰু মানুহ বিষয়ক আলোচনাচক্ৰত অংশগ্ৰহণ কৰে আৰু প্ৰশিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত অংশ লয়। ইয়াৰ পিচতেই ডঃ অমল চন্দ্ৰ দত্ত দেৱে প্লাষ্টিকৰ পৰা সম্পদলৈ শীৰ্ষক এটি আলোচনা power point presentation কৰে। ৰাতিলৈ ত্ৰীবেণী গগৈ আৰু ৰুবি বৰাই পৰ্বতাৰোহনৰ আদিপাঠ বিষয়ক এটি মনোগ্ৰাহী আলোচনা আগবঢ়াই।
তৃতীয় দিনৰ কাৰ্যসূচী আছিল ক্ষেত্ৰ অধ্যয়ন , পৰ্বতাৰোহন আৰু ট্ৰেকিং । ত্ৰিবেণী ৰঞ্জন গগৈ, ৰুবী বৰাৰ নেতৃত্বত শিবিৰৰ ছাত্ৰছাত্ৰীক লৈ যোৱা হয় অৰুণাচল প্ৰদেশত অৱস্থিত ৰূপহী জলপ্ৰপাতলৈ । দিনটো ট্ৰেকিং , ক্ষেত্ৰ অধ্যয়ন, জলপ্ৰপাতৰ পৰিৱেশ নিকাকৰণ , বনভোজ আদিৰে দিনটোৰ সামৰণি পৰে । ট্ৰেকিংৰ দলটোত য়াচমিন চুলতান, দেৱজিৎ ফুকন , স্বৰ্ণলতা গগৈ, মানস প্ৰতিম দত্ত , ধ্ৰুৱ জ্যোতি চেতিয়া , সুনীল চেতিয়া, বিমান সন্দিকৈ আদিয়ে সহযোগ কৰে ।


চতুৰ্থ দিনৰ কাৰ্যসূচী আৰম্ভ হয় প্ৰদীপ কুমাৰ দত্ত ৰ জীৱাশ্ম ইন্ধন আৰু মানুহ বিষয়ক আলোচনাৰ জৰিয়তে । মাজুলীৰ সুনীল কুমাৰ বৰাৰ থলুৱা মাছ সংৰক্ষণ আৰু আমাৰ প্ৰকৃতি বিষয়ক এক তত্ত্বগধুৰ আলোচনা আগবঢ়াই । সামৰণি অনুষ্ঠানত উপস্থিত আছিল ডঃ নৰেন্দ্ৰ নাথ দত্ত, দেৱজিৎ ফুকন, বিনোদ ফুকন, স্বৰ্ণলতা গগৈ, আদি উপস্থিত থাকে । প্ৰতিজন অংশগ্ৰহণকাৰীকে একোটাকৈ টি-চাৰ্ট, একোখন মানপত্ৰ, সমল ব্যক্তিসকলক কৃতজ্ঞতা পত্ৰ, কাপোৰৰ বেগ, বিচনী আদি প্ৰদান কৰা হয়।
লখিমপুৰ , ধেমাজি, আৰু মাজুলী জিলাৰ মুঠ ৪৩ জন ছাত্ৰছাত্ৰীৰে অংশগ্ৰহণ কৰা প্ৰকৃতি শিবিৰৰ শ্ৰেষ্ঠ শিবিৰাৰ্থী বঁটা লাভ কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰী পৰি দলেয়ে।

পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ প্ৰফুল্ল পাটৰলৈ ’ জীৱন সমৃদ্ধ বঁটা ’ । Award

পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ প্ৰফুল্ল পাটৰলৈ ’ জীৱন সমৃদ্ধ বঁটা ’ । Award
পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ প্ৰফুল্ল পাটৰলৈ ’ জীৱন সমৃদ্ধ বঁটা ’ । Award

পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ প্ৰফুল্ল পাটৰলৈ ’ জীৱন সমৃদ্ধ বঁটা ’ । Award । পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ প্ৰফুল্ল পাটৰলৈ ’ জীৱন সমৃদ্ধ বঁটা ’ অসমৰ ঢকুৱাখনাত ২০০০ চনত স্হাপিত শিক্ষক প্ৰকাশন সংস্হা , অসমৰ দ্বাৰা অনুমোদিত মহাশয় প্ৰকাশন পৰিষদ , অসমে প্ৰতিবছৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা স্মৃতিত প্ৰদান কৰি অহা ২০২৫ বৰ্ষৰ ’ জীৱন সমৃদ্ধ বঁটা ’ টো এইবাৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবি বৰঘাট গাঁৱৰ বাসিন্দা তথা অক্‌ আৰাপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক , সমাজ সেৱা তথা সফল পিতৃৰ বিশেষ অৱদানৰ বাবে প্ৰফুল্ল পাটৰলৈ ২০২৫ বৰ্ষৰ বাবে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা স্মৃতিত ’ জীৱন সমৃদ্ধ বঁটা’ ৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷

এই উপলক্ষে মহাশয় প্ৰকাশন পৰিষদৰ ৬০ সংখ্যক মহাশয় উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানটো অহা ১৪ আৰু ১৫ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মাছখোৱাস্হিত অসম সাংস্কৃতিক ন্যাসত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলিছে ৷ এই ১৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া মহাশয় প্ৰকাশন পৰিষদৰ ৬০ সংখ্যক মহাশয় উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানতে প্ৰদান কৰিবলগীয়া জীৱন সমৃদ্ধ বঁটাটো গ্ৰহণ কৰিবলৈ প্ৰফুল্ল পাটৰক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাই চিঠি প্ৰেৰণ কৰা হৈছে

নৰ্থ লখিমপুৰ কলেজত ‘সাঁচিপতীয়া পুথি পঠন, লিখন আৰু অংকণ’ শীৰ্ষক কৰ্মশালা সম্পন্ন । North Lakhimpur Collage

নৰ্থ লখিমপুৰ কলেজত ‘সাঁচিপতীয়া পুথি পঠন, লিখন আৰু অংকণ’ শীৰ্ষক কৰ্মশালা সম্পন্ন । North Lakhimpur Collage
নৰ্থ লখিমপুৰ কলেজত ‘সাঁচিপতীয়া পুথি পঠন, লিখন আৰু অংকণ’ শীৰ্ষক কৰ্মশালা সম্পন্ন । North Lakhimpur Collage

North Lakhimpur Collage । ‘ঐতিহ্যই হ’ল এটা জাতিৰ প্ৰকৃত পৰিচয়৷ ঐতিহ্যৰ সংৰক্ষণ কৰিব জানিলেহে স্বাভিমান বৰ্তি থাকিব৷’ – এই মন্তব্য ডক্টৰ সংগীতা গগৈৰ৷ নৰ্থ লখিমপুৰ কলেজত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়ে আয়োজন কৰা এখন কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ গগৈয়ে এইদৰে কয়৷ ‘পুৰণি অসমীয়া পুথি পঠন, লিখন আৰু অংকণ’ শীৰ্ষক উক্ত কৰ্মশালা সম্পৰ্কে তেওঁ লগতে কয় যে, ভাৰতীয় জ্ঞান ব্যৱস্থাক লৈ কেৱল গৌৰৱ কৰি থাকিলেই নহ’ব, ইয়াৰ গুৰুত্ব প্ৰতিষ্ঠা কৰিবৰ বাবে যথাযোগ্য অনুশীলনো কৰিব লাগিব৷

যোৱা ৩ জুলাইৰ পৰা জ্জ জুলাইলৈ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহযোগত উক্ত কৰ্মশালাখন অনুষ্ঠিত হয়৷ কৰ্মশালা উদ্বোধন কৰে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ডক্টৰ বিমান চন্দ্ৰ চেতিয়াই৷ আদৰণি ভাষণ দিয়ে অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ অৰবিন্দ ৰাজখোৱাই৷ কৰ্মশালাখনৰ সমন্বয়ক হিচাপেও ডক্টৰ ৰাজখোৱাই দায়িত্ব লয়৷ উদ্বোধনী অনুষ্ঠানত নৰ্থ লখিমপুৰ কলেজৰ শৈক্ষিক সমন্বয়ক বাণীকান্ত কোঁৱৰ আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়ৰ গৱেষণা বিষয়া নম্ৰতা কাকতিও উপস্থিত থাকে৷ সপ্তাহজোৰা এই কৰ্মশালাত সাঁচিপতীয়া পুথি পঠনৰ শিক্ষা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনজিৎ তালুকদাৰে৷ তেওঁ পুৰণি অসমীয়া লিপিৰ শৈলীসমূহৰ পাঠ প্ৰদান কৰাৰ পাছত বহু প্ৰকাৰৰ সাঁচিপতীয়া পুথিৰ পঠন অভ্যাস কৰায়৷ আনহাতে সাঁচিপতীয়া পুথি লিখন আৰু চিত্ৰ অংকণৰ শিক্ষা প্ৰদান কৰে বিশিষ্ট চিত্ৰশিল্পী তথা গৱেষক মৃদু মৌচম বৰাই৷

খ্যাতিসম্পন্ন শিল্পী বৰাই অংশগ্ৰহণকাৰীসকলক ব্যৱহাৰিকভাৱে সাঁচিপাত প্ৰস্তুত, ৰং প্ৰস্তুত আদি প্ৰক্ৰিয়াৰ শিক্ষণৰ মাজেদি চিত্ৰ অংকণ কৰিবলৈ শিকায়৷ সম্পাহজোৰা এই কৰ্মশালাত মুঠ ৫০ গৰাকী শিক্ষাৰ্থীয়ে অংশ লয়৷ তেওঁলোক প্ৰত্যেকেই অসমীয়া ভাষাৰ সাঁচিপতীয়া পুথি পঢ়িব পৰা দক্ষতা অৰ্জন কৰে৷ লগতে প্ৰস্তুত প্ৰণালী লিখন আৰু অংকণতো পাৰ্গত হৈ উঠে৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সকলো অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ ঐতিহ্যৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ নথকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়ে লোৱা পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ পুৰণি পুথি অধ্যয়ন কৰিব জনা এচাম ব্যক্তি সৃষ্টি কৰাটো সম্প্ৰতি ভাৰতবৰ্ষত প্ৰৱৰ্তিত নতুন শিক্ষানীতিত গুৰুত্ব প্ৰদান ভাৰতীয় জ্ঞান ব্যৱস্থাৰ বাবেও ইতিবাচক৷ এই কৰ্মশালা আয়োজনেৰে লখিমপুৰৰ শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ বাবে কৰ্মশালাৰ সমন্বয়ক ডক্টৰ অৰবিন্দ ৰাজখোৱাই অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয় আৰু ভাৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ সংগীতা গগৈক ধন্যবাদ জ্ঞাপন কৰে৷

সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সম্পন্ন । All Assam Chess Association

সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সম্পন্ন । All Assam Chess Association
সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সম্পন্ন । All Assam Chess Association

All Assam Chess Association ।গুৱাহাটীস্থ মালিগাঁও হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম দবা সন্থাৰ বহুপ্ৰত্যাশিত বাৰ্ষিক সভা আৰু সাধাৰণ নিৰ্বাচন ৰবিবাৰে অনুষ্ঠিত হৈ যায় । সন্থাৰ সভাপতি কন্দৰ্প কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হয় বাৰ্ষিক সাধাৰণ সভা খনত ৩৩ খন জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে । সন্থাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহকৰ অন্তিম খন কাৰ্যনিৰ্বাহক আৰু বাৰ্ষিক সাধাৰণ সভাৰ অন্তত নতুন কাৰ্যনিবাহক গঠন হয় । ২০২৫-২৮ বৰ্ষৰ বাবে গঠন হোৱা সদৌ অসম দবা সন্থাৰ কাৰ্যনিবাহক খনৰ সভাপতি হিচাপে নিৰ্বাচিত হয় জি এম ডি এ উপাধ্যক্ষ মুকুটাডেকা । ৰাজীৱ ধৰ পুনৰ সাধাৰণ সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিবাচিত হয় ।

মুঠ ১৩ জনীয়া কাৰ্যনিৰ্বাহক খনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় ক্ৰমে মাধৱ শৰ্মা , মনোজ গোহাঁই , প্ৰান্তপ সুত্ৰধৰ চৌধুৰী , সীমান্ত দাস আৰু ড০ ছাৰ্ভাক আৰু যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় প্ৰণৱ কুমাৰ নাথ , প্ৰদীপ চন্দ্ৰ ডেকা , নন্দন বুঢ়াগোহাঁই , ত্ৰলোক্য নন্দা আৰু আব্দুল মতালেব নিবাচিত হয় । সন্থাৰ কোষাধ্যাক্ষ হিচাপে ৰাকেশ চক্ৰবৰ্ত্তী নিবাচিত হয় । উল্লেখ্য যে সদৌ অসম দবা সন্থাৰ অন্তৰ্গত ৩৩ জিলা উক্ত বাৰ্ষিক সাধাৰণ সভা আৰু সন্থাৰ কাৰ্যনিৰ্বাহকৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰে ।

BTR Election : বাক্সাৰ বাগানপাৰাত ইউপিপিএলৰ হিতাধিকাৰী সভা

বাক্সা, ৭ জুলাইঃ BTR Election (বডোলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়ন) নিৰ্বাচন আগবাঢ়ি আহি থকা পৰিস্থিতিত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শন আৰম্ভ কৰিছে। এনে সময়তে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ভেটি মজবুত কৰিবলৈ ইউপিপিএল (ইউনাইটেড পিপলছ্ পাৰ্টি লিবাৰেল) দলেও সক্ৰিয় ভুমিকা গ্ৰহণ কৰিছে।

সোমবাৰে বাক্সা জিলাৰ বাগানপাৰাত ইউপিপিএল দলটোৱে হিতাধিকাৰীৰ আৰ্থ-সামাজিক সজাগতা সভা আয়োজন কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

সভাখনত আদৰণি ভাষণ দিয়ে বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিধায়ক তথা বিটিআৰ অধ্যক্ষ কাতিৰাম বড়োৱে। সভাত বক্তৃতা ৰাখি প্ৰমোদ বড়োৱে বিগত চাৰি বছৰ ছয় মাহত ইউপিপিএল নেতৃত্বাধীন বিটিআৰ চৰকাৰে কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে।

তেওঁ কয়, “আমাৰ চৰকাৰে বিটিআৰত শান্তি, স্থিৰতা আৰু উন্নয়ন পুনঃস্থাপন কৰিছে। এই অঞ্চলত সশস্ত্ৰ সংঘাতৰ দিন অতীত হৈ পৰিছে, এতিয়া উন্নয়নৰ নতুন যুগত পঠিয়াই লৈ যোৱা হৈছে।”

বিটিআৰ নিৰ্বাচনৰ প্রাকমুহূর্তত অনুষ্ঠিত এই সভাটোৱে অঞ্চলটোৰ ৰাজনৈতিক উত্কটতা আৰু ইউপিপিএলৰ সংগঠনত্মক শক্তিৰ আভাস প্ৰদান কৰিছে।

Van mahotsav: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭৬তম বন মহোৎসৱ উদযাপন…

Van mahotsav: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭৬তম বন মহোৎসৱ উদযাপন…
Van mahotsav: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭৬তম বন মহোৎসৱ উদযাপন…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মঙ্গলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ(Van mahotsav)উদ্যোগত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত ৭৬ তম বন মহোৎসৱ উদযাপন উপলক্ষে দিনীয়া জোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত সজাগতা সভা,গছৰ পুলি ৰোপণ,ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠদান,আৰু গ্ৰীষ্মকালীন প্ৰাকৃতিক শিৱিৰ শুভাৰম্ভ কৰা হয়। বেচৰকাৰী পৰিৱেশ সংস্থা আৰণ্যকে এই কাৰ্যসূচীত বিশেষভাৱে সহযোগিতা কৰে।

পুৱা ১০ বজাৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা অনুষ্ঠানত শিলবৰীৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী, ওৰাং উদ্যানৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কেইবাটাও সভাপতি-সম্পাদক আৰু স্থানীয় গুণীজনসকলৰ উল্লেখযোগ্য উপস্থিতি থাকে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিবেশ আৰু সাধাৰণ জ্ঞানৰ ওপৰত এক কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়। লগতে তেওঁলোকে পৰিবেশৰ লগত সংগতি ৰাখি মনোমোহা নৃত্য-গীতৰ পৰিবেশনো কৰে।

অনুষ্ঠানত মঙ্গলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া প্ৰদীপ্ত বৰুৱা, আৰণ্যকৰ বিষয়া আৰিফ আহমেদ, সুপৰিচিত ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ নেজিব আহমেদ,ওৰাং উদ্যানৰ বনপালক প্ৰাঞ্জীৎ ডেকা আদি বিশিষ্ট অতিথিসকলে বন্যপ্ৰাণী সংৰক্ষণ, গছৰ পুলি ৰোপণৰ প্ৰয়োজনীয়তা আৰু পৰিবেশ সংৰক্ষণৰ ওপৰত গৰিষ্ঠভাৱে আলোচনা আগবঢ়ায়।

অনুষ্ঠানৰ অন্তত উপস্থিত প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক এটি কৰি মূল্যবান গছৰ পুলি বিতৰণ কৰা হয় যাতে তেওঁলোকে নিজৰ অঞ্চলত সেইবোৰ ৰোপণ কৰি পৰিৱেশৰ ৰক্ষাৰ লগতে সজাগতা বৃদ্ধি কৰে।

অনুষ্ঠানখনত মঙ্গলদৈৰ বিশিষ্ট সাংবাদিক ভাৰ্গৱ দাস, নিউজ লাইভৰ হেমন্ত ডেকা, ডি অৱাই ৩৬৫ৰ শ্ৰৱণ কুমাৰ জা, স্থানীয় সমাজকৰ্মী আব্দুল মালেক, স্বপন দাস, বাহাৰুল ইছলাম, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকল আৰু শংকৰদেৱ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষিকাসকলো উপস্থিত থাকে।

বন মহোৎসৱৰ এই কাৰ্যসূচীয়ে পৰিবেশ সজাগতা আৰু বন সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত এক ইতিবাচক বার্তা প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।

ধলাত শিক্ষকৰ যৌন নিৰ্যাতনত ১৪ বছৰীয়া ছাত্ৰীৰ আত্মহত্যা Hatighuli Higher Secondary School

তিনিচুকীয়া, ৭ জুলাইঃ Hatighuli Higher Secondary School তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত এজন বিদ্যালয়ৰ শিক্ষক দ্বাৰা চলা যৌন আতিশায্যৰ বলি হৈ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আত্মহত্যা কৰা ছাত্ৰীজনী হাতীঘূলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ শিক্ষক ভৃকু চেত্ৰীয়ে ছাত্ৰীজনীক শ্লিপিং টেবলেট খুৱাই বিদ্যালয়ৰ ভিতৰতে যৌন নিৰ্যাতন চলাইছিল।

এই নিকৃষ্ট ঘটনাৰ পাছত ছাত্ৰীজনে যোৱা ৩ জুনত আত্মহত্যাৰ চেষ্টা কৰিছিল। যদিও তেতিয়া চিকিৎসকৰ তৎপৰতাত তেওঁক জীৱিত ৰাখিবলৈ সক্ষম হোৱা হৈছিল।

কিন্তু অৱশেষত ৭ জুলাইৰ পুৱা তেওঁৰ নিজ বাসগৃহত চিপ জৰী লৈ আত্মহত্যা কৰে ছাত্ৰীজনে। সংকটজনক অৱস্থাত ততালিকে ৰূপাই ডি চি বৰা নাৰ্ছিং হোমলৈ নিয়াৰ পাছতো চিকিৎসকে মৃত ঘোষণা কৰে ১৪ বছৰীয়া কিশোৰীগৰাকীক।

উল্লেখ্য যে, ছাত্ৰীজনীৰ লিখিত অভিযোগৰ ভিত্তিত ধলা আৰক্ষীয়ে অভিযুক্ত শিক্ষক ভৃকু চেত্ৰীক ১১ জুনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

ঘটনাটোক লৈ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে তীব্ৰ প্ৰতিবাদ জনাইছে। সংগঠনটোৱে এই ঘটনা ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে সোনকালে বিচাৰ সম্পন্ন কৰি অভিযুক্ত শিক্ষকক কঠোৰতম শাস্তি দিয়াৰ লগতে ঘটনাটোক ধূসৰ কৰিবলৈ যিসকল চেষ্টা কৰিছে, তেওঁলোকৰো বিচাৰ বিচাৰিছে।

সংগঠনটোৱে লগতে আহ্বান জনাইছে যাতে আৰক্ষীয়ে পূৰ্ণ নিৰপেক্ষ তদন্ত কৰি ন্যায় নিশ্চিত কৰে।