Home Blog Page 123

Udayaditya Bharali : বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সাহিত্যিক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ Udayaditya Bharali অসম তথা গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ জ্ঞান-সংস্কৃতিৰ ক্ষেত্ৰখনত এক উজ্জ্বল নক্ষত্র আছিল অধ্যাপক উদয়াদিত্য ভৰালী। কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট ইতিহাসবিদ, শিক্ষাবিদ, সাহিত্যিক তথা ক্ৰীড়া সংগঠকগৰাকীৰ দেহাৱসান হৈছে শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা ভৰালীয়ে গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াৰ নিজৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।

১৯৪৭ চনৰ ১ ছেপ্টেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা উদয়াদিত্য ভৰালীয়ে ১৯৬৮ চনৰ পৰা ২০০৩ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত অধ্যাপক হিচাপে কৰ্মৰত আছিল। তাৰপিছত ২০০৩-২০০৬ সময়চোৱাত তেওঁ কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব নিৰ্বাহ কৰে।

ইতিহাস চৰ্চাৰ ক্ষেত্ৰত উদয়াদিত্য ভৰালীয়ে অসমীয়াৰ মনোভূমিত এক নতুন দিশৰ সন্ধান দিছিল। বিশেষকৈ প্ৰাচীন অসমৰ ইতিহাসক লৈ তেওঁৰ দৃষ্টিভংগী, বিশ্লেষণ আৰু শৈলীৰ বাবে তেওঁ অদ্বিতীয় হিচাপে বিবেচিত। সাহিত্যৰ ক্ষেত্ৰতো তেওঁ এগৰাকী শক্তিশালী গল্পকাৰ আছিল। লগতে ক্ৰীড়া সংগঠক আৰু ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও জনাজাত আছিল।

তেওঁৰ এই বৌদ্ধিক অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৬ চনত অধ্যাপক ভৰালীয়ে অসম সাহিত্য সভাৰ পক্ষৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল।

তেওঁৰ মৃত্যুত বিভিন্ন দল, সংগঠন, সাহিত্যিক, অধ্যাপক আৰু শিক্ষানুৰাগীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু

Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু
Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু

আমেৰিকাৰ টেক্সাছত বানৰ সংহাৰী ৰূপ। (Texas flood) বানৰ কৱলত টেক্সাছত ৫০ গৰাকীৰ মৃত্যু। ৫ মিনিটত ২৬ ফুট উচ্চতালৈ জলস্তৰ বৃদ্ধি গুৱাদালুপ নদীৰ।

অধিক বৰষুণৰ হোৱাৰ সম্ভাৱনা আৰু অধিক কৃত্ৰিম বানপানীৰ আশংকা। টেক্সাছ পাহাৰীয়া দেশত বহু লোক নিৰুদ্দেশ হৈছে, বৰ্তমান অনুসন্ধান অভিযান চলি আছে।

আমেৰিকাৰ টেক্সাছত সৃষ্টি হোৱা কৃত্ৰিম বানত ১৫টা শিশুসহ কমেও ৫০ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছে। বহুলোক এতিয়াও নিৰুদ্দেশ হৈ আছে।

দ্য টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি টেক্সাছত ভয়াৱহ বানত ৫০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে। কেৰ কাউন্টি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম আৰু ৪৩ জন লোকৰ মৃত্যু হয়। ট্ৰেভিছ কাউন্টিত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে, বাৰ্নেট কাউন্টিত দুজনৰ আৰু টম গ্ৰীণ কাউন্টিত এজনৰ। আগন্তুক দিনত অধিক বৰষুণৰ আশংকা থকাৰ লগতে আৰু অধিক কৃত্ৰিম বানপানীৰ আশংকা থকাৰ বাবে পৰিস্থিতি ভয়াবহ হ’ব বুলি কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰিছে।

গুৱাদালুপ নদীৰ আশে-পাশে থকা অঞ্চলত হঠাতে ১৫ ইঞ্চি পৰ্যন্ত বৰষুণৰ ফলত ৮৫০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছিল।

Smriti Rekha Lahon: দৈনন্দিন বাৰ্তাৰ টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ আৰণ্যকৰ মেডিয়া ফেল’শ্বিপ

Smriti Rekha Lahon: দৈনন্দিন বাৰ্তাৰ টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ আৰণ্যকৰ মেডিয়া ফেল'শ্বিপ
Smriti Rekha Lahon: দৈনন্দিন বাৰ্তাৰ টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ আৰণ্যকৰ মেডিয়া ফেল'শ্বিপ

ভাৰতৰ অন্যতম অগ্ৰণী জৈৱবৈচিত্ৰ্য(Smriti Rekha Lahon)সংৰক্ষণ সংস্থা আৰণ্যকে ‘প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী’ বিষয়ক মেডিয়া ফেলশ্বিপৰ বাবে অসমৰ আঠ গৰাকী সাংবাদিকক নিৰ্বাচিত কৰিছে। আঠ গৰাকী সাংবাদিকৰ ভিতৰত টীয়কৰ যুৱ সাংবাদিক তথা দৈনন্দিন বাৰ্তা টীয়কৰ সংবাদদাতা স্মৃতিৰেখা লাহনলৈ মিডিয়া ফেল’শ্বিপ প্ৰদান কৰা হৈছে।

ভাৰতৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পৰিৱেশ প্ৰতিবেদনৰ প্ৰতি আকৰ্ষিত যুৱ মিডিয়া পেছাদাৰীসকলৰ বাবে মিডিয়া ফেল’শ্বিপ ঘোষণা কৰিছিল। মুঠ ৮ গৰাকী ফেলয়ে আৰ্থিক সহায়ৰ উপৰিও নিৰ্বাচিত ফেল’সকলে জ্যেষ্ঠ সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ পৰা অৰিয়েণ্টেচন আৰু দিহা-পৰামৰ্শ লাভ কৰিব। আনহাতে, ফেল’সকলক ক্ষেত্ৰভিত্তিক কাম-কাজত স্থানীয় গাইডে সহায় কৰিব।


উল্লেখযোগ্য যে সংবাদকৰ্মী স্মৃতিৰেখা লাহন ২০১৯ বৰ্ষৰ পৰা সাংবাদিকতাৰ লগত জড়িত হৈ আছে। তেওঁ লেখা-মেলা কৰাৰ উপৰিও বিভিন্ন সামাজিক কামত জড়িত। মেডিয়া ফেল’শ্বিপলৈ নিৰ্বাচিত হোৱাৰ পিছতে বিভিন্নজনে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

Actress and ex cm Love Story : প্ৰথম স্বামীৰ মৃত্যুৰ পিছত নিজতকৈ ২৭ বছৰ ডাঙৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে গোপন প্ৰেম!

Actress and ex cm Love Story : প্ৰথম স্বামীৰ মৃত্যুৰ পিছত নিজতকৈ ২৭ বছৰ ডাঙৰ প্ৰাক্তন মুখ্যৰ সৈতে গোপন প্ৰেম!
Actress and ex cm Love Story : প্ৰথম স্বামীৰ মৃত্যুৰ পিছত নিজতকৈ ২৭ বছৰ ডাঙৰ প্ৰাক্তন মুখ্যৰ সৈতে গোপন প্ৰেম!

এগৰাকী অভিনেতা বা অভিনেত্ৰী (Actress and ex cm Love Story) প্ৰথম চৰ্চালৈ আহে তেওঁলোকৰ অভিনয়ৰ জৰিয়তে । ব্লকবাষ্টাৰ হিট ছবি হওক বা ফল্প ছবি হওক, তেওঁলোকে অভিনয়ৰ বাবে জনপ্ৰিয়তা লাভ কৰে। কিন্তু আজি আমি আপোনালোকক কম এগৰাকী অভিনেত্ৰীৰ কথা যিগৰাকীয়ে অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে চৰ্চালৈ আহিল। অভিনেত্ৰীগৰাকীয়ে প্ৰথমে শিশু শিল্পী হিচাপে আৰম্ভ কৰিছিল আৰু পিছলৈ এগৰাকী ডাঙৰ নায়িকা হৈ পৰিছিল। এসময়ত তেওঁৰ সৌন্দৰ্য্যৰ বিষয়ে চৰ্চা হৈছিল।

সেই অভিনেত্ৰীগৰাকী হৈছে ৰাধিকা কুমাৰস্বামী। ৰাধিকা কুট্টি নামেৰে পৰিচিত ৰাধিকাই দুবাৰকৈ বিবাহপাশত আবদ্ধ হয়। মাত্ৰ ১৩ বছৰ বয়সতে ২০০০ চনত ব্যৱসায়ী ৰতন কুমাৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু বিয়াৰ ২ বছৰ পিছত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৰতনৰ মৃত্যু হয়। খবৰ অনুসৰি ৰাধিকাই ৰতন কুমাৰৰ সৈতে পলাই গৈ মন্দিৰত বিয়া হৈছিল।

ৰাধিকা কুমাৰস্বামীয়ে ২০০২ চনত বিজয় ৰাঘবেন্দ্ৰৰ সৈতে নিনাগাগী ছবিত মুখ্য মহিলা হিচাপে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। এই ছবিখনে হিট হোৱা লগতে সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবিৰ ভিতৰত অন্যতম হৈ পৰে। ইয়াৰ পিছৰ কেইবছৰমানৰ ভিতৰত ৰাধিকাই কানাড়া, তামিল আৰু তেলেগু ভাষাৰ কেইবাখনো হিট ছবিত অভিনয় কৰিছিল।

প্ৰথম স্বামীৰ মৃত্যুৰ পিছত ৩৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে পৰিয়ালৰ বিৰুদ্ধে গৈ বিয়া হৈছিল। এইচ ডি কুমাৰস্বামী পত্নী ৰাধিকা, এইচ ডি কুমাৰস্বামী কৰ্ণাটক প্ৰাক্তন মুখ্যমন্ত্ৰী।(Ex CM Kumaraswamy)

আনহাতে ৰাধিকাৰ দেউতাকে জীয়েকক কুমাৰস্বামীৰ সৈতে বিয়া বিয়াত বহিবলৈ বাধা দিছিল যদিও অভিনেত্ৰীগৰাকী দেউতাকৰ বিৰুদ্ধে গৈ বিয়া পাতিলে। দুয়োজনে নিজৰ বিয়াখন অতি গোপন কৰি ৰাখিছিল।

ৰাধিকা এগৰাকী ফল্প অভিনেত্ৰী হ’লেও অৱশ্যে ব্যৱসায়ী হিচাপে তেওঁ যথেষ্ট বিখ্যাত। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে বিয়া হৈ কোটি কোটি টকাৰ মালিক হ’ল ৰাধিকা। খবৰ অনুসৰি ৰাধিকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী দুয়োৰে আছে এগৰাকী কন্যা সন্তান।

Bhagadatta Flyover: আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৰুক্মিণী গাঁও উৰণ সেতু

Bhagadatta Flyover: আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৰুক্মিণী গাঁও উৰণ সেতু
Bhagadatta Flyover: আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৰুক্মিণী গাঁও উৰণ সেতু

আজি মুকলি হ’ব ডাউন টাউনৰ নতুন উৰণ সেতু।(Bhagadatta Flyover)

ভগদত্ত উৰণ সেতু নামেৰে নামাকৰণ হ’ব নৱনিৰ্মিত উৰণ সেতুখন।

নৰকাসুৰৰ পুত্র তথা প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ নামেৰে হ’ব মহানগৰীৰ ৰুক্মিণীগাঁৱৰ উৰণ সেতু ।

চুপাৰ মাৰ্কেটৰ উৰণসেতু নামংকৃত হ’ব ভগদত্ত প্ৰথম।

আনহাতে ডাউন টাউনৰ উৰণসেতুৰ নামংকৃত হ’ব ভগদত্ত দ্বিতীয়।

মহানগৰীৰ নৱনিৰ্মিত উৰণসেতু সন্দৰ্ভত এইদৰে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ’ব । Duliajan

তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ'ব । Duliajan
তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ'ব । Duliajan

Duliajan । তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ’ব। আপুনি মই কেতিয়াও নেদেখা দৃশ্য দেখা পাব । দুলীয়াজানৰ মাষ্টৰ পাৰা অঞ্চলটোৰ পৰিৱেশ দেখিলে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হ’ব যে বিজেপি চৰকাৰে দাবী কৰা উন্নয়নৰ নমুনা এইয়াই নেকি।

উক্ত বৃহত্তৰ অঞ্চলটো বছৰৰ আঠ মাহেই এনেদৰে পানীৰ তলত ডুব গৈ থাকে। এক কদৰ্যময় পৰিৱেশৰ মাজত জনসাধাৰণৰ পানীৰ মাজতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

স্থানীয় ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক তেৰচ গোৱালা,ৰাজ্য সভাৰ সাংসদ তথা দুবাৰকৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালক আবেদন-নিবেদন জনাই আহিছে যদিও আজিপৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ।


যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । ইফালে দুলীয়াজানত মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড,ৰাজ্যৰ অতি লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেড, ডি এন পি এল,বি চি পি এল,নীপকো আদি বিভিন্ন লাভজনক উদ্যোগ প্ৰতিষ্ঠান থকাৰ পিচতো একাংশ লোকৰ এনে দুৰ্দশা সঁচাকৈয়ে চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে।

Assam Weather: অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ

assam weather

অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ৷ (assam weather) বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিলে সতৰ্কবাণী৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীত সমগ্ৰ মধ্য, উত্তৰ, উপকূলীয় আৰু উত্তৰ-পূব ভাৰতত কেইবাদিনো ধৰি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে৷ লগতে আই এম ডিয়ে কেইবাখনো ৰাজ্যৰ বাবে কমলা আৰু ৰঙা সতৰ্কবাণী জাৰি কৰি নগৰীয়া বান, ভূমিস্খলন আৰু যাতায়াতত ব্যাঘাত জন্মাব পৰাৰ অধিক আশংকা থকাৰ সতৰ্কবাণী জাৰি কৰিছে ৷

উত্তৰ-পশ্চিম ভাৰতৰ কেইবাখনো ৰাজ্যত বাৰিষা আৰু সক্ৰিয় ঘূৰ্ণী বতাহৰ বাবে প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণৰ সম্ভাৱনা আছে৷ আই এম ডিয়ে পূৰ্বাভাস দিয়া ৰাজ্যকেইখন হৈছে– হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু হাৰিয়ানা৷ প্ত-জ্ঝ জুলাইলৈ প্ৰবল বৰষুণ, ৬-৭ জুলাইলৈ অতি প্ৰবল বৰষুণ৷ পূব ৰাজস্থান আৰু পূব উত্তৰ প্ৰদেশ ঃ ৪-৬ জুলাইলৈ প্ৰবল বৰষুণ৷ জম্মু অঞ্চল ঃ ৫-৮ জুলাইলৈ ধাৰাসাৰ বৰষুণ আৰু বানৰ সতৰ্কবাণী৷ মধ্যপ্ৰদেশ, ছত্তীশগড়, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডত ৯ জুলাইলৈ ধাৰাবাহিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

উত্তৰ-পূব ভাৰতৰ ভিতৰত মেঘালয়ত ভূমি…লনৰ সম্ভাৱনা৷ আই এম ডিয়ে ৬ জুলাইত মেঘালয়ত অতি প্ৰবল বৰষুণ [২১ চেঃ মিঃ] হোৱাৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৷ আনহাতে, ভংগুৰ পাহাৰীয়া ভূখণ্ডত ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ আনহাতে অসম, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশত মধ্যমীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে৷ গোটেই সপ্তাহটোতে ধুমুহা আৰু বজ্ৰপাত অব্যাহত থাকিব৷

Himanta Biswa Sarma: পংকজ পাঠকৰ চিকিৎসাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য!

Himanta Biswa Sarma: পংকজ পাঠকৰ চিকিৎসাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য!
Himanta Biswa Sarma: পংকজ পাঠকৰ চিকিৎসাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য!

এইবাৰ পংকজ পাঠকৰ চিকিৎসাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। (Himanta Biswa Sarma)

বিগত দিন ধৰি পংকজ পাঠকে গোৱালপাৰাত কাণত ধৰি ক্ষমা খোজা বিষয়তো চৰ্চাত আছিল।

পংকজ পাঠকৰ সেই ঘটনাক লৈ মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া কৰিছিল। (pankaj pathak)

আনহাতে আজি পংকজ পাঠকৰ চিকিৎসাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে।

মুখ্যমন্ত্ৰী শৰ্মাই ক’লে, ‘পংকজ পাঠকৰ চিকিৎসাত যদি সঁচাই চুলি গজে তেন্তে অসমৰ বাবে এয়া কৃত্বিত্ব’।

‘পংকজ পাঠকৰ তেল লগালে যদি চুলি সঁচাকৈ আহে ময়ো লগাম’।

‘পংকজ পাঠকৰ ঔষধে মূৰত চুলি গজাব পাৰিলে নোবেল বঁটা পোৱাৰ যোগ্য হ’ব’।

এইদৰে আজি মন্তব্য কৰে পংকজ পাঠকৰ ঔষধে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে আজি পুনৰ এবাৰ পংকজ পাঠকে যি ৰাজহুৱা হাৰাশাস্তিৰ সন্মুখীন হৈছিল তাক লৈ পুনৰ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

PM Narendra Modi Global Awards: এই পৰ্যন্ত ২৫খন দেশে সৰ্বাধিক সন্মান দিছে প্ৰধানমন্ত্ৰী মোডীক

PM Narendra Modi Global Awards: এই পৰ্যন্ত ২৫খন দেশে সৰ্বাধিক সন্মান দিছে প্ৰধানমন্ত্ৰী মোডীক
PM Narendra Modi Global Awards: এই পৰ্যন্ত ২৫খন দেশে সৰ্বাধিক সন্মান দিছে প্ৰধানমন্ত্ৰী মোডীক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ত্ৰিনিদাদ আৰু ট’বেগোৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয়। (PM Narendra Modi Global Awards) আনহাতে দুদিন পূৰ্বে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই প্ৰধানমন্ত্ৰী মোদীক নিজৰ দেশৰ ৰাষ্ট্ৰীয় সন্মান ‘অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ প্ৰদান কৰিছিল।

প্ৰধানমন্ত্ৰী মোডীক সৰ্বাধিক সন্মান দিয়া ২৫ সংখ্যক দেশ হিচাপে পৰিগণিত হৈছে ট্ৰিনিদাদ এণ্ড ট’বাগো। বৰ্তমানলৈ ২৫টা অসামৰিক সন্মান লাভেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই এক্সত পোষ্টৰ জৰিয়তে জনাইছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ২৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। ইয়াৰ লগতে তেওঁ এখন তালিকাও শ্বেয়াৰ কৰিছে, য’ত প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা সন্মানৰ তথ্য দিয়া হৈছে। তেওঁ এক্সত লিখিছে, ‘পিএম মোদীয়ে পুনৰ ইতিহাস সৃষ্টি কৰিলে!

কেৰিবিয়ান ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগোৰে সন্মানিত হোৱা প্ৰথমজন বিদেশী নেতা হিচাপে পৰিগণিত হৈছে তেওঁ। বিদেশী চৰকাৰে প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা এয়া ২৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান।’

DA hike 2025: চৰকাৰী কৰ্মচাৰীৰ বাবে সু-খবৰ, বৃদ্ধি পাব DA !

DA hike 2025: চৰকাৰী কৰ্মচাৰীৰ বাবে সু-খবৰ, বৃদ্ধি পাব DA !
DA hike 2025: চৰকাৰী কৰ্মচাৰীৰ বাবে সু-খবৰ, বৃদ্ধি পাব DA !

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে DA বৃদ্ধিৰ সম্ভাৱনা। (DA hike 2025) বছৰত দুবাৰকৈ, জানুৱাৰী আৰু জুলাই মাহত Dearness Allowance সংশোধন কৰা হয়। ইয়াৰ ভিত্তি হৈছে বিগত ১২ মাহৰ সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক ঔদ্যোগিক শ্ৰমিকৰ (AICPI-IW) তথ্যৰ ওপৰত।

২০২৫ চনৰ জুলাই মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪% ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা। ছেপ্টেম্বৰ বা অক্টোবৰ মাহত দেৱালীৰ আশে-পাশে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা। শেহতীয়া মুদ্ৰাস্ফীতিৰ তথ্যৰ ভিত্তিত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাৱেন্স (ডি এ) ৪% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একে সময়তে খবৰ ওলাইছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’বলৈ সময় লাগিব। ২০২৫ চনৰ জানুৱাৰী মাহত ঘোষণা কৰা হৈছিল অষ্টম দৰমহাৰ আয়োগৰ কথা। কিন্তু এতিয়ালৈকে অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ নিযুক্তি দিয়া হোৱা নাই আৰু টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ৰ সিদ্ধান্তও লোৱা হোৱা নাই।

এই পদক্ষেপে ডি এ বৰ্তমানৰ ৫৫%ৰ পৰা ৫৯%লৈ বৃদ্ধি কৰিব। জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব যদিও ছেপ্টেম্বৰ বা অক্টোবৰ মাহত উৎসৱৰ বতৰৰ ওচৰত এই আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।

CPI DATA ৰ ভিত্তিত DA য়ে ৫৯% পোৱাৰ সম্ভাৱনা আছে। ডি এ গণনাৰ ভিত্তি হিচাপে পৰিগণিত হোৱা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (AICPI-IW) ২০২৫ চনৰ মে’ মাহত ০.৫ পইণ্ট বৃদ্ধি পাই ১৪৪ পইণ্ট হৈছে। বিগত তিনিমাহত এই সূচকাংক ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা দেখা গৈছে, মাৰ্চ মাহত ১৪৩, এপ্ৰিল মাহত ১৪৩.৫, আৰু মে’ মাহৰ বাবে এতিয়া ১৪৪ পইণ্টত আছে।

যদি জুন মাহত এই সংখ্যা ১৪৪.৫ হয়, তেন্তে ১২ মাহৰ গড় সূচকাংক হ’ব ১৪৪.১৭। সপ্তম দৰমহা আয়োগৰ সূত্ৰ অনুসৰি এই গড়ৰ ওপৰত ভিত্তি কৰি DA প্ৰায় ৫৮.৮৫%লৈ বৃদ্ধি হ’ব পাৰে, অৰ্থাৎ ৫৯% লৈ।

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি বছৰত দুবাৰকৈ অৰ্থাৎ জানুৱাৰী আৰু জুলাই মাহত DA পুনৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে ২০২৫ চনৰ জানুৱাৰী মাহত DA ৫১%ৰ পৰা ৫৫%লৈ বৃদ্ধি কৰা হৈছিল।

যদিও জুলাইৰ পৰা ডি এ বৃদ্ধি কাৰ্যকৰী হ’ব, সাধাৰণতে পিছত ঘোষণা কৰা হয়। বিগত বছৰবোৰত চৰকাৰে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত এনে সংশোধনৰ কথা ঘোষণা কৰিছিল, প্ৰায়ে উৎসৱৰ সময়ছোৱাৰ আশে-পাশে। এইবাৰো দীপাৱলীৰ আশে-পাশে ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

এইটোৱেই হ’ব সপ্তম দৰমহা আয়োগৰ অধীনত চূড়ান্ত ডি এ বৃদ্ধি, যাৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰত শেষ হ’ব।চলিত বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত অষ্টম দৰমহা আয়োগ ঘোষণা কৰা হৈছিল যদিও ইয়াতকৈ আৰু কোনো অগ্ৰগতি হোৱা নাই। নতুন আয়োগৰ বাবে এতিয়াও অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া নাই চৰকাৰে। টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ও বাকী আছে।