ডিজিটেল ডেস্ক, গুৱাহাটী: Himanta Biswa Sarma লখিমপুৰত চলি থকা উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক কঠোৰ আৰু স্পষ্ট বক্তব্য দাঙি ধৰে। তেওঁ কয়, “আমি লখিমপুৰৰ মানুহৰ অস্তিত্ব আৰু ৰাজনৈতিক স্বতন্ত্ৰতা ৰক্ষাৰ বাবে এই উচ্ছেদ অভিযান চলাইছো। কোনো গুণগুণ চেতিয়াক উচ্ছেদ কৰা হোৱা নাই।”
মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ ওপৰতো নিৰ্দেশনা সৰূপ আক্রমণ কৰি কয়, “উচ্ছেদক লৈ কংগ্ৰেছে ৰাজনীতি কৰিবলৈ চেষ্টা কৰি আছে। প্রকৃতপক্ষে, কৰিমগঞ্জ, কাছাৰ আৰু ধুবুৰীৰ বহু লোক গৈ লখিমপুৰত ভূমি দখল কৰি আছে।”
তেওঁ লগতে অভিযোগ তোলে যে “গুণগুণৰ নামত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচৰা হৈছে।” মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যদি অসমীয়াই সাহস নেদেখুৱায়, তেন্তে এদিন আত্মসমৰ্পণ কৰিব লগা হ’ব। তেওঁ কয়, “৩৫০ জন বাংলাদেশীক উচ্ছেদ কৰোঁতে কেতিয়াবা সামান্য খুন্দা নালাগিব নেকি? এনেকৈয়ে জাতি বাচিব নেকি?”
মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ জৰিয়তে স্পষ্ট যে ৰাজ্য চৰকাৰে ভূমি দখল, অনুপ্ৰৱেশ আৰু জনসংখ্যাগত পৰিৱর্তনক লৈ যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপত কোনো ৰাজনৈতিক প্ৰভাৱ চলিব নিদিব বুলি তেওঁ দৃঢ়ভাৱে ঘোষণা কৰে।
ডিজিটেল ডেস্ক, গুৱাহাটী: Himanta Biswa Sarma গুৱাহাটীবাসীৰ বাবে সুখবৰ! অহা নৱেম্বৰ মাহত মহানগৰীত মুকলি হ’ব নতুন বিমান বন্দৰ। এই বিমান বন্দৰটো বিশেষভাৱে অসমৰ সাংস্কৃতিক পৰিচয় প্ৰতিনিধিত্ব কৰা “কপৌ ফুলৰ আকৃতি” অনুসৰি নিৰ্মাণ কৰা হৈছে। বিমান বন্দৰখনৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এই বিমান বন্দৰখনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এটা এলিভেটেড কৰিড’ৰ (Elevated Corridor) এই বছৰে আৰম্ভ হ’ব। এই কৰিড’ৰটো গুৱাহাটীৰ যানবাহন সমস্যাৰ এক উল্লেখযোগ্য সমাধান হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।