Home Blog Page 125

Relationship Mistake: যদি পতি-পত্নীৰ কাজিয়া হয়, ভুলতেও এই ৪টা কাম নকৰিব, বিবাদ বাঢ়িব !

Relationship Mistake: যদি পতি-পত্নীৰ কাজিয়া হয়, ভুলতেও এই ৪টা কাম নকৰিব, বিবাদ বাঢ়িব !
Relationship Mistake: যদি পতি-পত্নীৰ কাজিয়া হয়, ভুলতেও এই ৪টা কাম নকৰিব, বিবাদ বাঢ়িব !

স্বামীৰ লগত কাজিয়া হোৱাৰ পিছত পত্নীয়ে ভাবিব লাগে যে আমি গোটেই জীৱন একেলগে থাকিব লাগিব আৰু এই কাজিয়াৰ সমস্যাটো যিকোনো মূল্যৰ বিনিময়ত সমাধান কৰিব লাগিব। ইয়াৰ বাবে কিছুমান বিশেষ পদ্ধতি গ্ৰহণ কৰিব পাৰি।(Relationship Mistake)

বিয়াৰ পিছত পতি-পত্নীৰ মাজত সৰু সৰু কাজিয়া হোৱাটো অতি স্বাভাৱিক, কিন্তু এই কাজিয়াখন বেছি বঢ়াব নালাগে। তেতিয়াহে সম্পৰ্ক আজীৱন থাকিব। যিমান কাজিয়া লাগিলেও কিছুমান কাম একেবাৰে নকৰিব, বিবাদ বাঢ়িব।

১/ পুৰণি ভুলৰ কথা সোঁৱৰাই নিদিব

পত্নীয়ে যেতিয়াই স্বামীৰ লগত কাজিয়া কৰে তেতিয়াই তেওঁৰ অতীতৰ ভুলৰ কথা সোঁৱৰাই দিয়া উচিত নহয়। কাৰণ পুৰণি কথা খুচৰিলে সম্পৰ্ক উন্নত হোৱাৰ পৰিৱৰ্তে আৰু বেয়া হ’ব। নহ’লে কাজিয়া আৰু অধিক হ’ব পাৰে। আপোনাৰ লক্ষ্য যুদ্ধ শেষ কৰা হ’ব লাগিব।

২/ কাজিয়া সমাধান কৰিবলৈ খৰখেদা নকৰিব

কেতিয়াবা আপুনি যুঁজখনৰ প্ৰতি অতি গুৰুতৰ হৈ পৰে, এনে পৰিস্থিতিত তৎক্ষণাত ক্ষতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব। কাৰণ ইয়াৰ ফলত বিষয়টো আৰু অধিক তীব্ৰতৰ হ’ব পাৰে। যদি আপুনি আপোনাৰ খঙাল স্বামীৰ লগত যুক্তি কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁৰ খং আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা থাকে। কেতিয়াবা সময়ে প্ৰতিটো ঘাঁ ভাল কৰে, গতিকে এই বিবাদো বুজাবুজিৰে সমাধান হ’ব।

৩/ বিষয়টো ঠিক কৰাৰ অভিনয় নকৰিব

যদি আপুনি আপোনাৰ স্বামীৰ সৈতে হোৱা কাজিয়া সমাধান কৰিব বিচাৰে তেন্তে এই কামটো সম্পূৰ্ণ হৃদয়েৰে কৰক। কেৱল সকলো ঠিক কৰিব বিচৰাৰ অভিনয় নকৰিব। ভুৱা আৱেগ লুকুৱাই ৰখাটো কোনো ব্যক্তিৰ বাবে সহজ নহয়। যদি ভুলটো আপোনাৰ হয় তেন্তে ক্ষমা খুজিবলৈ কুণ্ঠাবোধ নকৰিব আৰু বিষয়টো সোনকালে সমাধান কৰিব।

৪/ স্বামীৰ আত্মীয়ৰ ওপৰত কোনো মন্তব্য নকৰিব

প্ৰায়ে এনেকুৱা হয় যে স্বামী-স্ত্ৰীৰ কাজিয়া হ’লে ইজনে সিজনৰ আত্মীয়ৰ ওপৰত জঘন্য মন্তব্য কৰিবলৈ আৰম্ভ কৰে। পত্নীয়ে এইটো আৰম্ভ কৰিব নালাগে, নহলে স্বামীয়ে আপোনাৰ মাতৃত্বৰ আত্মীয়ক ঠাট্টা-মস্কৰা কৰিব আৰু তেতিয়া এই চক্ৰ চলি থাকিব।

2025 World Police & Fire Games : আলাবামাৰ বাৰ্মিংহামত উজলিছে অসমৰ কন্দৰ্প বৰা, বিশ্ব পুলিচ পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক অৰ্জন

ডিজিটেল ডেস্কঃ আমেৰিকাৰ আলাবামা ৰাজ্যৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত হোৱা “2025 World Police & Fire Games”-ত কন্দৰ্পই দুটা সোণৰ পদক লাভ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতৰ নাম উজ্জ্বল কৰিছে।

বিশ্ব পুলিচ আৰু অগ্নিনিৰ্বাপক ক্ৰীড়া প্ৰতিযোগিতাত কন্দৰ্প বৰাই অংশ লৈছিল পাঞ্জা ক্রীড়াৰ ৭০ কেজি শাখাত। উল্লেখযোগ্য যে তেওঁ সোঁহাত আৰু বাওঁহাত – দুয়োটা শাখাতে সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়।

Sub Lt Astha Poonia: ভাৰতীয় নৌ সেনাৰ যুঁজাৰু পাইলট হ’ল আস্থা পুণিয়া

ডিজিটেল ডেস্কঃ Sub Lt Astha Poonia ভাৰতীয় সেনাৰ ইতিহাসত গৌৰৱৰ অধ্যায় সংযোজন। দেশৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু বিমান চালকৰ স্বীকৃতি লাভ কৰিছে উপ লেফটেনেন্ট আস্থা পুণিয়াই। ভাৰতীয় নৌ সেনাৰ পক্ষৰ পৰা আনুষ্ঠানিকভাৱে এই গৌৰবজনক খবৰ ঘোষণা কৰা হৈছে।

আস্থা পুণিয়া এতিয়াৰে পৰা ভাৰতীয় নৌ সেনাৰ অন্তৰ্গত আইএএন এছ বিক্ৰান্তৰ পৰা মিগ-২৯ কে (MiG-29K) যুঁজাৰু বিমান উৰুৱাব। উল্লেখযোগ্য যে, মিগ-২৯ কে হৈছে এখন উচ্চ ক্ষমতা সম্পন্ন যুদ্ধ বিমান, যি বিশেষকৈ যুদ্ধৰ সময়ত শত্রু সেনাৰ ওপৰত আক্রমণ চলাবলৈ ব্যৱহাৰ কৰা হয়।

এই বিমানসমূহৰ পৰা একে সময়তে প্ৰায় ৪৫০ কিলোগ্ৰাম ওজনৰ চাৰিটাকৈ বোমা তথা মিছাইল প্ৰক্ষেপণ কৰিব পৰা যায়। আস্থা পুণিয়াৰ এই সফলতাৰ লগত ভাৰতীয় নাৰীৰ শক্তি আৰু সক্ষমতাৰ এক উজ্জ্বল নিদৰ্শন প্ৰমাণিত হৈছে।

Diogo Jota: বিবাহৰ দহ দিনৰ পিছতে দুৰ্ঘটনাত মৃত্যু পৰ্টুগালৰ বিখ্যাত ফুটবলাৰ ডিঅ’গ’ জটা

Diogo Jota: বিবাহৰ দহ দিনৰ পিছতে দুৰ্ঘটনাত মৃত্যু পৰ্টুগালৰ বিখ্যাত ফুটবলাৰ ডিঅ’গ’ জটা
Diogo Jota: বিবাহৰ দহ দিনৰ পিছতে দুৰ্ঘটনাত মৃত্যু পৰ্টুগালৰ বিখ্যাত ফুটবলাৰ ডিঅ’গ’ জটা

স্পেইনত গাড়ী দুৰ্ঘটনাত(Diogo Jota)পৰ্টুগালৰ বিখ্যাত ফুটবলাৰ ডিঅ’গ’ জটা আৰু তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভাৰ কৰুণ মৃত্যু হয়। ২০২৫ চনৰ ২২ জুনত ৰুটে কাৰ্ডোছ’ৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ২৮ বছৰীয়া ডিঅ’গ’ জটাই পত্নী আৰু তিনিটা সন্তানক এৰি থৈ যায়।

স্পেইনৰ জামোৰা প্ৰদেশত টায়াৰ পাম্পচাৰ হোৱাৰ বাবে গাড়ীখন পথ দুৰ্ঘটনাত পতিত হৈ পৰ্তুগালৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকী আৰু তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভা (২৫)ৰ মৃত্যু হয়। জটাই যোৱা মাহৰ ২২ জুনত তেওঁৰ দীৰ্ঘদিনীয়া সংগী ৰুটে কাৰ্ডোছ’ক বিয়া কৰাইছিল, তেওঁলোকৰ তিনি সন্তানো আছে।

কিন্তু, নিয়তিৰ পৰিহাস! বিয়াৰ মাত্ৰ ১০ দিনৰ পিছতে দুৰ্ঘটনাত মৃত্যু হ’ল ডিঅ’গ’ জটাৰ। বৃহস্পতিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালী লয় পৰ্তুগালৰ প্ৰতিভাৱান ফুটবলাৰ জনে লগতে মৃত্যু হয় তেওঁৰ ভাতৃৰো।

তেওঁলোকৰ দিঘলীয়া প্ৰেম যাত্ৰাত সংসাৰলৈ আহিছিল ৩ সন্তানো। জীৱন এনেকোৱাই, কোনে, কাক; কেতিয়া এৰি যাব সেয়া কেৱল ভগৱানৰ হাতত!

Akhil Gogoi অখিল গগৈৰ গুৰুতৰ আৰোপঃ মন্ত্রী জয়ন্ত মল্লবৰুৱাই বেদখল কৰিছে ৮৫ বিঘা চৰকাৰী ভূমি

ডিজিটেল ডেস্কঃ Akhil Gogoi ৰাইজৰ দলৰ সভাপতি তথা সদৌ অসমৰ জনপ্ৰিয় বিধায়ক অখিল গগৈয়ে মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজি অনুষ্ঠিত এক সংবাদমেলত অখিল গগৈয়ে কয়, মন্ত্রী জয়ন্ত মল্লবৰুৱাই আৰু তেওঁৰ পত্নীয়ে গুৰুতৰভাৱে ভূমি অধিগ্ৰহণ কৰিছে আৰু চৰকাৰী ভূমিও বেদখল কৰিছে।

অখিল গগৈয়ে দাবী কৰে যে—
🔹ৰঙিয়াৰ কুন্তীবাৰীত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ৩৯ বিঘা ৩ কঠা ১৬ লেচা মিয়াদী মাটি ক্ৰয় কৰিছে।
🔹 ইয়াৰ উপৰিও, ২০২৩ চনৰ ২৬ এপ্ৰিল তাৰিখে ৪০ বিঘা মাটি ক্ৰয় কৰাৰ তথ্য প্ৰকাশ কৰিছে।
🔹 এই সকলোৰে উপৰিও, মন্ত্রীজনে ৮৫ বিঘা চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে বুলি অভিযোগ তুলি ধৰে।

অখিল গগৈয়ে সংবাদমেলত স্পষ্টভাৱে কয় যে, জয়ন্ত মল্লবৰুৱাই যিসকল ভূমি অবৈধভাৱে অধিকাৰ কৰিছে, সেইবোৰত অবিলম্বে উচ্ছেদ অভিযান চলাব লাগিব। লগতে তেওঁ দাবী কৰে যে, লখিমপুৰ জিলাৰ উচ্ছেদিত ৰাইজক পূৰ্ণৰূপে পুনঃসংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব।

উল্লেখযোগ্য যে, এই অভিযোগ সমূহ সম্পৰ্কে এতিয়ালৈকে জয়ন্ত মল্লবৰুৱাৰ পৰা কোনো প্ৰতিক্ৰিয়া অহা নাই।

Kaliabor: কলিয়াবৰত মটৰচাইকেলসহ যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, কলিয়াবৰঃ Kaliabor নিশা কলিয়াবৰৰ শিলঘাট আৰক্ষী চকীৰ অন্তৰ্গত বাঘৰচুক গাঁৱত এক ৰহস্যজনক ঘটনাৰ প্ৰকাশ পায়। এখন মটৰচাইকেলসহ উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ। মৃতদেহটো গাঁতত বাইকসহ হেঁচা মাৰি ৰখা অৱস্থাত পোৱা যায়, যি দৃশ্য সন্দেহজনক বুলি স্থানীয়সকলে মন্তব্য কৰে।

মৃত যুৱকজনক চিনাক্ত কৰা হৈছে বালিটিকা গাঁৱৰ বাসিন্দা মিন্টু বৰা হিচাপে। ঘটনাৰ খবৰ পায় শিলঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে মিন্টু বৰাক মৃত ঘোষণা কৰে।

উদ্ধাৰ হোৱা বাইকখনৰ নম্বৰ আছিল AS 12 L 1867।
মৃতৰ পৰিয়ালৰ দাবী অনুসৰি, ই এটা সাজি কৰা হত্যাকাণ্ড। তেওঁলোকে অভিযোগ কৰিছে যে, যুৱকজনৰ ডিঙি আৰু কপালত গভীৰ আঘাতৰ চিন পোৱা গৈছে।

সচেতন মহলে গাঁওখনত অব্যাহতভাৱে চলি থকা মুকলি মদৰ বেহাৰ ওপৰত সন্দেহ উত্থাপন কৰিছে আৰু ঘটনাটোৰ সঁচা তদন্তৰ দাবী জনাইছে।

England vs India 2nd Test Match: এডবেষ্টনত আজিৰে পৰা ভাৰতীয় বলাৰৰ ‘অগ্নিপৰীক্ষা’

ডিজিটেল ডেস্কঃ England vs India 2nd Test Match ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পৰাজয়ৰ সম্মুখীন হোৱাৰ পিছত আজি ভাৰতীয় দলৰ বাবে হ’ব এক গুৰুত্বপূর্ণ দিন।

এডবেষ্টনত খেলি থকা দ্বিতীয় টেষ্টৰ তৃতীয় দিনত আজিৰে পৰা বলাৰসকলৰ বাবে হ’ব ‘অগ্নিপৰীক্ষা’। টিম ইণ্ডিয়াই প্ৰথম ইনিংছত শুভমন গিলৰ অভিলেখ গঢ়া ২৬৯ ৰানৰ ইনিংছৰ জৰিয়তে ৫৮৭ ৰানৰ ডাঙৰ স্ক’ৰ তুলি ইংলেণ্ডৰ ওপৰত গুৰুত্বপূর্ণ চাপ সৃষ্টি কৰিছে। বিদেশৰ মাটিত সৰ্বাধিক ৰান কৰা ভাৰতীয় বেটাৰ হিচাপে শুভমন গিলে ইতিহাস গঢ়িছে। লগতে, গিল হৈছে টেষ্ট ক্রিকেটত দ্বিশতক কৰা তৃতীয় সৰ্বাধিক কম বয়সীয়া অধিনায়ক।

ইংলেণ্ডে দ্বিতীয় দিনৰ অন্তত ৩টা উইকেট হেৰুৱাই ৭৭ ৰানত থমকি আছে। ইংলেণ্ড এতিয়াও ৫১০ ৰানৰ পিছত আছে। আকাশ দীপে প্ৰথম দিনাই ক্ষীপ্ৰগতিত বেন ডাকেট আৰু অলি পোপক শূন্যত আউট কৰে, আৰু তাৰ পাছতে মহম্মদ ছিৰাজে জেক ক্ৰ’লিক ১৯ ৰানত পেভিলিয়নলৈ পঠাই দিয়ে।

আজিৰ তৃতীয় দিনত বলাৰসকলৰ লক্ষ্য হ’ব ইংলেণ্ডৰ দুটা গুৰুত্বপূর্ণ বেটাৰ — জো ৰুট আৰু হেৰী ব্ৰুকক শীঘ্ৰে পেভিলিয়নলৈ পঠোৱা। বিশেষকৈ জো ৰুটৰ অভিজ্ঞতা, ধৈৰ্য্য আৰু দক্ষতা ভাৰতীয় বলাৰসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব পাৰে।

এই মেচত যদিহে ভাৰতীয় বলাৰসকলে ইংলেণ্ডৰ মিডল অৰ্ডাৰ চলাৰ আগতেই ভাঙি পেলাব পাৰে, তেন্তে দ্বিতীয় টেষ্টত জয়ৰ দিশে দৃঢ় ভাৱে আগবাঢ়িব পাৰিব টিম ইণ্ডিয়া।

Lakhimpur Eviction News: গুণগুণ চেতিয়াৰ পিতৃৰ কঠীয়াডৰা মহটিয়াই গ’ল এস্কেভেটৰে

Lakhimpur Eviction News: গুণগুণ চেতিয়াৰ পিতৃৰ কঠীয়াডৰা মহটিয়াই গ’ল এস্কেভেটৰে
Lakhimpur Eviction News: গুণগুণ চেতিয়াৰ পিতৃৰ কঠীয়াডৰা মহটিয়াই গ’ল এস্কেভেটৰে

গুণগুণ চেতিয়াৰ লহপহীয়াকৈ বাঢ়ি অহা কঠীয়াডৰা এফালৰ পৰা মহটিয়াই গ’ল এস্কেভেটৰে।(Lakhimpur Eviction News)

গুণগুণৰ পিতৃৰ সপোনৰ কঠীয়াতলীত চলিল প্ৰশাসনৰ বুলড’জাৰ।

উত্তৰ লখিমপুৰত বৃহস্পতিবাৰে চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এঙাৰখোৱাৰ খ্ৰীষ্টানগাঁও, দেবেৰা আৰু ফুকনহাটৰ প্ৰায় ৩০০ পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে।

অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি অহাথলীত প্ৰশাসনে চলাইছিল বৃহৎ উচ্ছেদ অভিযান।

ৰাতিটোতে কঠিয়াখিনি চপোৱাৰ চেষ্টা কৰিছিল গুণগুণহঁতে কিন্তু, নোৱাৰিলে।কিন্তু প্ৰশাসনে এদিন ৰৈ দিয়া হ’লে হয়তো কঠিয়াখিনি নষ্ট নহ’লহেঁতেন! সামাজিক মাধ্যমযোগে প্ৰশাসনৰ এনে উচ্ছেদ অভিযানৰ গৰিহণা দিছে ৰাইজে।

অসমীয়া খিলঞ্জীয়া গুনগুনহঁতৰ কঠীয়াখিনিত প্ৰশাসনৰ চলা বুলডজাৰ সন্দৰ্ভত আপোনাৰ কি মন্তব্য?

Assam State Zoo cum Botanical Garden: অসম চিৰিয়াখানাৰ পৰা সন্ধানহীন যুৱকক লৈ চাঞ্চল্য, পৰিচয় উন্মোচিত

ডিজিটেল ডেস্ক: Assam State Zoo cum Botanical Garden অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা সন্ধানহীন হোৱা যুৱকজনক লৈ উদ্ভৱ হোৱা চাঞ্চল্যৰ মাজতে অব্যাহত আছে উদ্ধাৰ অভিযান। ইতিমধ্যে যুৱকজনৰ পৰিচয় প্ৰকাশ পাইছে। আৰক্ষীৰ সূত্ৰ মতে, সন্ধানহীন যুৱকজন মেঘালয়ৰ ৰেংৰো চাইডৰ হাতীদঙা গাঁওৰ বাসিন্দা বুল্ট মোৰ ব’থমিট (Bulitmore Bothmit) বুলি চিনাক্ত কৰা হৈছে।

২২ বছৰীয়া বুল্ট মৰ ব’থমিট বৃহস্পতিবাৰে বিয়লি ২.৫৬ বজাত অসম চিৰিয়াখানাত প্ৰৱেশ কৰিছিল। তাৰ পাছতে তেওঁ সন্ধানহীন হৈ পৰে। ঘটনাৰ পিছতে পৰিয়ালৰ পক্ষৰ পৰা থানাত এজাহাৰ দাখিল কৰা হৈছে।

ঘটনাৰ তদন্তত নামি পৰা আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ এটা বেগ উদ্ধাৰ কৰিছে। উক্ত বেগটোত কেইবাটাও নথি-পত্ৰ পোৱা গৈছে, যাৰ সহায়ত তেওঁৰ পৰিচয় নিশ্চিত কৰা হয়।

সূত্ৰ অনুসৰি, বুল্ট মৰ ব’থমিটে এমাহ পূৰ্বে এখন কোচিঙ কেন্দ্ৰত নামভৰ্তি কৰিছিল। যদিও চিৰিয়াখানাৰ ভিতৰত ঠিক কেনেকৈ সন্ধানহীন হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে চিৰিয়াখানাৰ চি চি টিভি ফুটেজ পৰ্যবেক্ষণ কৰি তদন্ত অব্যাহত ৰাখিছে।

Japanese Encephalitis : বজালী জিলাত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ

ডিজিটেল ডেস্ক, বজালীঃ Japanese Encephalitis সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি পাইছে। এই ভয়াৱহ ৰোগৰ বিস্তাৰ ৰোধৰ বাবে জিলা প্ৰশাসনে তৎপৰতাৰে হাতত লৈছে বিভিন্ন প্রতিৰোধমূলক ব্যৱস্থা।

বজালী জিলাৰ বিভিন্ন অঞ্চলত ফগিঙৰ কাম জোৰদাৰ কৰা হৈছে। স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত স্থানীয় ৰাস্তা, পথাৰ আৰু জনবসতিপূৰ্ণ এলেকাসমূহত গাড়ীযোগে আৰু স্বাস্থ্যকৰ্মীৰ সহায়ত ঘৰে ঘৰে গৈ ফগিঙৰ ব্যবস্থা কৰিছে। ইয়াৰ উপৰিও, ৰোগ সন্দর্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে অনুষ্ঠিত হৈছে সচেতনতা সভাও।

জিলা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, বৰ্তমানলৈকে বজালীৰ বাঘমাৰা, দলোপথাৰ আৰু ভৱানীপুৰ অঞ্চলৰ তিনিগৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে। লগতে পাঁচজন সন্দেহজনক ৰোগীৰ দেহত ৰোগটোৰ লক্ষণ পোৱা গৈছে, যাৰ চিকিৎসা চলি আছে।

স্বাস্থ্য বিভাগে অঞ্চলবাসীক সতৰ্ক কৰি আহ্বান জনাইছে—জ্বৰ বা এনেধৰণৰ উপসর্গ দেখা দিলে ফাৰ্মাচীৰ পৰা ঔষধ লোৱাৰ পৰিবর্তে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ চিকিৎসকৰ পৰামৰ্শ ল’ব।