Actress and ex cm Love Story : প্ৰথম স্বামীৰ মৃত্যুৰ পিছত নিজতকৈ ২৭ বছৰ ডাঙৰ প্ৰাক্তন মুখ্যৰ সৈতে গোপন প্ৰেম!
এগৰাকী অভিনেতা বা অভিনেত্ৰী (Actress and ex cm Love Story) প্ৰথম চৰ্চালৈ আহে তেওঁলোকৰ অভিনয়ৰ জৰিয়তে । ব্লকবাষ্টাৰ হিট ছবি হওক বা ফল্প ছবি হওক, তেওঁলোকে অভিনয়ৰ বাবে জনপ্ৰিয়তা লাভ কৰে। কিন্তু আজি আমি আপোনালোকক কম এগৰাকী অভিনেত্ৰীৰ কথা যিগৰাকীয়ে অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ বাবেহে চৰ্চালৈ আহিল। অভিনেত্ৰীগৰাকীয়ে প্ৰথমে শিশু শিল্পী হিচাপে আৰম্ভ কৰিছিল আৰু পিছলৈ এগৰাকী ডাঙৰ নায়িকা হৈ পৰিছিল। এসময়ত তেওঁৰ সৌন্দৰ্য্যৰ বিষয়ে চৰ্চা হৈছিল।
সেই অভিনেত্ৰীগৰাকী হৈছে ৰাধিকা কুমাৰস্বামী। ৰাধিকা কুট্টি নামেৰে পৰিচিত ৰাধিকাই দুবাৰকৈ বিবাহপাশত আবদ্ধ হয়। মাত্ৰ ১৩ বছৰ বয়সতে ২০০০ চনত ব্যৱসায়ী ৰতন কুমাৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু বিয়াৰ ২ বছৰ পিছত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৰতনৰ মৃত্যু হয়। খবৰ অনুসৰি ৰাধিকাই ৰতন কুমাৰৰ সৈতে পলাই গৈ মন্দিৰত বিয়া হৈছিল।
ৰাধিকা কুমাৰস্বামীয়ে ২০০২ চনত বিজয় ৰাঘবেন্দ্ৰৰ সৈতে নিনাগাগী ছবিত মুখ্য মহিলা হিচাপে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। এই ছবিখনে হিট হোৱা লগতে সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবিৰ ভিতৰত অন্যতম হৈ পৰে। ইয়াৰ পিছৰ কেইবছৰমানৰ ভিতৰত ৰাধিকাই কানাড়া, তামিল আৰু তেলেগু ভাষাৰ কেইবাখনো হিট ছবিত অভিনয় কৰিছিল।
I express my heartfelt gratitude to President Christine Carla Kangaloo, Prime Minister Kamla Persad-Bissessar, the Government and wonderful people of Trinidad & Tobago for honouring me with ‘The Order of the Republic of Trinidad and Tobago.’ This honour symbolises the eternal… pic.twitter.com/3wf3tZ9hWt
প্ৰধানমন্ত্ৰী মোডীক সৰ্বাধিক সন্মান দিয়া ২৫ সংখ্যক দেশ হিচাপে পৰিগণিত হৈছে ট্ৰিনিদাদ এণ্ড ট’বাগো। বৰ্তমানলৈ ২৫টা অসামৰিক সন্মান লাভেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী।
বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই এক্সত পোষ্টৰ জৰিয়তে জনাইছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ২৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। ইয়াৰ লগতে তেওঁ এখন তালিকাও শ্বেয়াৰ কৰিছে, য’ত প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা সন্মানৰ তথ্য দিয়া হৈছে। তেওঁ এক্সত লিখিছে, ‘পিএম মোদীয়ে পুনৰ ইতিহাস সৃষ্টি কৰিলে!
PM Modi creates history again! 🇮🇳
He becomes the first foreign leader to be conferred with the Order of the Republic of Trinidad and Tobago 🇹🇹, the highest civilian honour of the Caribbean nation.
DA hike 2025: চৰকাৰী কৰ্মচাৰীৰ বাবে সু-খবৰ, বৃদ্ধি পাব DA !
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে DA বৃদ্ধিৰ সম্ভাৱনা। (DA hike 2025) বছৰত দুবাৰকৈ, জানুৱাৰী আৰু জুলাই মাহত Dearness Allowance সংশোধন কৰা হয়। ইয়াৰ ভিত্তি হৈছে বিগত ১২ মাহৰ সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক ঔদ্যোগিক শ্ৰমিকৰ (AICPI-IW) তথ্যৰ ওপৰত।
২০২৫ চনৰ জুলাই মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪% ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা। ছেপ্টেম্বৰ বা অক্টোবৰ মাহত দেৱালীৰ আশে-পাশে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা। শেহতীয়া মুদ্ৰাস্ফীতিৰ তথ্যৰ ভিত্তিত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাৱেন্স (ডি এ) ৪% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একে সময়তে খবৰ ওলাইছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’বলৈ সময় লাগিব। ২০২৫ চনৰ জানুৱাৰী মাহত ঘোষণা কৰা হৈছিল অষ্টম দৰমহাৰ আয়োগৰ কথা। কিন্তু এতিয়ালৈকে অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ নিযুক্তি দিয়া হোৱা নাই আৰু টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ৰ সিদ্ধান্তও লোৱা হোৱা নাই।
এই পদক্ষেপে ডি এ বৰ্তমানৰ ৫৫%ৰ পৰা ৫৯%লৈ বৃদ্ধি কৰিব। জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব যদিও ছেপ্টেম্বৰ বা অক্টোবৰ মাহত উৎসৱৰ বতৰৰ ওচৰত এই আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।
CPI DATA ৰ ভিত্তিত DA য়ে ৫৯% পোৱাৰ সম্ভাৱনা আছে। ডি এ গণনাৰ ভিত্তি হিচাপে পৰিগণিত হোৱা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (AICPI-IW) ২০২৫ চনৰ মে’ মাহত ০.৫ পইণ্ট বৃদ্ধি পাই ১৪৪ পইণ্ট হৈছে। বিগত তিনিমাহত এই সূচকাংক ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা দেখা গৈছে, মাৰ্চ মাহত ১৪৩, এপ্ৰিল মাহত ১৪৩.৫, আৰু মে’ মাহৰ বাবে এতিয়া ১৪৪ পইণ্টত আছে।
যদি জুন মাহত এই সংখ্যা ১৪৪.৫ হয়, তেন্তে ১২ মাহৰ গড় সূচকাংক হ’ব ১৪৪.১৭। সপ্তম দৰমহা আয়োগৰ সূত্ৰ অনুসৰি এই গড়ৰ ওপৰত ভিত্তি কৰি DA প্ৰায় ৫৮.৮৫%লৈ বৃদ্ধি হ’ব পাৰে, অৰ্থাৎ ৫৯% লৈ।
ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি বছৰত দুবাৰকৈ অৰ্থাৎ জানুৱাৰী আৰু জুলাই মাহত DA পুনৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে ২০২৫ চনৰ জানুৱাৰী মাহত DA ৫১%ৰ পৰা ৫৫%লৈ বৃদ্ধি কৰা হৈছিল।
যদিও জুলাইৰ পৰা ডি এ বৃদ্ধি কাৰ্যকৰী হ’ব, সাধাৰণতে পিছত ঘোষণা কৰা হয়। বিগত বছৰবোৰত চৰকাৰে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত এনে সংশোধনৰ কথা ঘোষণা কৰিছিল, প্ৰায়ে উৎসৱৰ সময়ছোৱাৰ আশে-পাশে। এইবাৰো দীপাৱলীৰ আশে-পাশে ঘোষণা হোৱাৰ সম্ভাৱনা আছে।
এইটোৱেই হ’ব সপ্তম দৰমহা আয়োগৰ অধীনত চূড়ান্ত ডি এ বৃদ্ধি, যাৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰত শেষ হ’ব।চলিত বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত অষ্টম দৰমহা আয়োগ ঘোষণা কৰা হৈছিল যদিও ইয়াতকৈ আৰু কোনো অগ্ৰগতি হোৱা নাই। নতুন আয়োগৰ বাবে এতিয়াও অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া নাই চৰকাৰে। টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ও বাকী আছে।