Home Blog Page 127

Japanese Encephalitis: ধেমাজিত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ, তিনিগৰাকী শিশু আক্ৰান্ত

ডিজিটেল ডেস্ক : Japanese Encephalitis ধেমাজিত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ, তিনিগৰাকী শিশু আক্ৰান্তঅসমৰ বিভিন্ন অঞ্চলৰ লগতে ধেমাজি জিলাতো জাপানিজ এনকেফেলাইটিছ (JE) ৰোগৰ প্ৰাদুৰ্ভাৱ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ধেমাজি জিলা স্বাস্থ্য বিভাগে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে জিলাখনত ৩ গৰাকী শিশুৰ দেহত জাপানিজ এনকেফেলাইটিছ পজিটিভ ধৰা পৰিছে, লগতে আন ৩ গৰাকী সদৃশ লক্ষণযুক্ত ৰোগীকো চিনাক্ত কৰা হৈছে।

আক্ৰান্ত ৩ গৰাকী শিশুৰ ভিতৰত মাছখোৱা অঞ্চলৰ ১২ বছৰীয়া এজন ৰোগীক চিকিৎসাৰ অন্তত আৰোগ্য হৈ ঘৰলৈ ৰিহা দিয়া হৈছে। আনহাতে, আৰচি মাজৰবাৰীৰ চিচিবৰগাঁও অঞ্চলৰ আঢ়ৈ বছৰীয়া এটি শিশুক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। গোগামুখৰ বেটবাৰী অঞ্চলৰ ৪ বছৰীয়া এটি শিশুকো লক্ষীমপুৰলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, সদৃশ লক্ষণযুক্ত ৩ গৰাকী ৰোগী এতিয়া আৰোগ্য হৈ উঠিছে বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে।

এই প্ৰসঙ্গত ধেমাজি জিলা স্বাস্থ্য বিভাগে আক্ৰান্ত অঞ্চলসমূহত ধোঁৱা দিয়াৰ লগতে সচেতনতা বৃদ্ধি, আৰু ভেকচিন প্ৰদানৰ দৰে যাবতীয় প্রতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে, ধেমাজি অসামৰিক চিকিৎসালয়ত ২০ খন আই.চি.ইউ. বিচনাৰো ব্যৱস্থা আগতীয়াকৈ কৰি ৰখা হৈছে।

এই সম্পৰ্কে ধেমাজি মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে জনাইছে যে, সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা, সজাগতা আৰু ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলো ধৰণৰ তৎপৰতা অব্যাহত ৰখা হৈছে।

Assam Flood: বানপানীৰ কবলত বৃহত্তৰ গেলেকী অঞ্চল

ডিজিটেল ডেস্কঃ Assam Flood অসম–নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত যোৱা দুদিন ধৰি হোৱা অবিৰত বৰষুণৰ ফলত বৃহত্তৰ গেলেকী অঞ্চলত ভয়াৱহ বানপানী সৃষ্টি হৈছে। নগা পাহাৰৰ পৰা প্ৰবাহিত নামদাং, দিচৈ, দৈখনা, ডেন্সি আদি উপ-নদী সমূহৰ লগতে জান-জুৰি পানীয়ে উপচি পৰাৰ ফলত সীমান্তৰ মৰণ গাঁও, কছাৰী, ন-মাটি বনুৱা, তল মৰণ গাঁও, নৱ-মাটি কাটনীপাৰ, ওপৰ চুক, চৰাইসজীয়া আদি গাঁওসমূহ বানপানীৰ কৱলত পৰিছে।

স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি, নগা পাহাৰত অনিয়ন্ত্ৰিত আৰু অবাধ কয়লা খননৰ ফলত পাহাৰৰ মাটি উপনদীসমূহত পৰি জলপৃষ্ঠৰ গভীৰতা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। ফলস্বৰূপে, এজাক বৰষুণতে উপনদীসমূহ উপচি বানপানীৰ সৃষ্টি কৰি তোলে।

সম্প্ৰতি বানৰ পৰিস্থিতি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও বান নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰী বিভাগ, স্থানীয় প্ৰশাসন বা সম্পৰ্কীয় কোনো সংস্থাই কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

Dulu Ahmed:পংকজ পাঠকৰ ওপৰত ‘মিথ্যাচাৰৰ’ অভিযোগ দুলু আহমেদৰ

ডিজিটেল ডেস্ক: Dulu Ahmed তৃণমূল কংগ্ৰেছৰ (TMC) অসম প্ৰদেশ সমিতিৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে আচাৰ্য পংকজ পাঠকৰ ওপৰত তীব্ৰ সমালোচনা কৰি তেওঁৰ ওপৰত মিথ্যাচাৰৰ অভিযোগ আনিছে। দুলু আহমেদে স্পষ্টকৈ কয়, “পংকজ পাঠকে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক কোনো ধৰণৰ আমন্ত্ৰণ জনোৱা নাই।”

দুলু আহমেদে অভিযোগ কৰে যে পংকজ পাঠকে মমতা বেনাৰ্জীৰ নাম অপব্যৱহাৰ কৰি অসমবাসীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। তেওঁ সতৰ্কবাণী দিয়ে, “ভুৱা মন্তব্যৰে জনসাধাৰণক বিপথে নিওঁতা অপৰাধৰ সমান। মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ উদ্ধাৰৰ চেষ্টা কৰি আছে পংকজ পাঠক।”

সেই সৈতে আহ্বান জনায় যে, “অসম চৰকাৰে এই ধৰণৰ ভুৱা প্ৰচাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’ব লাগিব।”

উল্লেখযোগ্য যে, এই মন্তব্যৰ আগতে দুলু আহমেদে নিজেই সংবাদ মাধ্যমত কৈছিল যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে পংকজ পাঠকক আমন্ত্ৰণ জনাইছে। তেতিয়া তেওঁ কৈছিল, “মমতা বেনাৰ্জীয়ে পংকজ পাঠকক আমন্ত্ৰণ জনোৱা এটা ডাঙৰ কথা। অসমৰ প্ৰতি ভাল ভাৱ থকাৰ বাবে পশ্চিম বংগৰ নিচিনা ৰাজ্যত তেওঁক আমন্ত্ৰণ জনাইছে।”

তদুপৰি, দুলু আহমেদে কৈছিল, “কালিৰ ঘটনাৰ পিছত অসমত পংকজ পাঠক সুৰক্ষিত নহ’ব পাৰে বুলি চিন্তা কৰি তেওঁক পশ্চিম বংগত মাতি পঠিয়াইছে। এতিয়ালৈ মমতা বেনাৰ্জীৰ লগত কথা হোৱা নাই, কিন্তু যদি কিবা নিৰ্দেশ দিয়ে, আমি তেওঁক সকলো সহায় আগবঢ়াম।”

কিন্তু এতিয়া নিজৰ আগৰ মন্তব্যৰ বিপৰীতে গৈ দুলু আহমেদে পংকজ পাঠকৰ ওপৰত তীব্ৰ সমালোচনা কৰে আৰু মুখ্যমন্ত্ৰীৰ নাম লোৱা বন্ধ কৰিবলৈ সতৰ্কবাণী দিয়ে। ঘটনাটোৱে অসম আৰু পশ্চিম বংগৰ ৰাজনৈতিক পৰিসৰলৈ পুনৰ এখন বিতৰ্কৰ ক্ষেত্ৰ উন্মুক্ত কৰিছে।

GST Rate Cut Soon: কমিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দামঃ GSTৰ হাৰ হ্ৰাস কৰাৰ স্পষ্ট ইংগিত বিত্তমন্ত্ৰী সীতাৰমণৰ

GST Rate Cut Soon: কমিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দামঃ GSTৰ হাৰ হ্ৰাস কৰাৰ স্পষ্ট ইংগিত বিত্তমন্ত্ৰী সীতাৰমণৰ
GST Rate Cut Soon: কমিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দামঃ GSTৰ হাৰ হ্ৰাস কৰাৰ স্পষ্ট ইংগিত বিত্তমন্ত্ৰী সীতাৰমণৰ

কেন্দ্ৰই হয়তো অতি সোনকালে দেশৰ (GST Rate Cut Soon) জনতাক এটা ভাল খবৰ দিব৷ জি এছ টি সন্দৰ্ভত এটা ডাঙৰ পদক্ষেপ লোৱা হ’ব পাৰে বুলি স্পষ্ট ইংগিত দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ ১২ শতাংশ জি এছ টি ে€ব প্ত শতাংশলৈ হ্ৰাস কৰাৰ কথা বিবেচনা কৰা হৈছে৷ সেই সিদ্ধান্তক যদি গ্ৰীণ চিগনেল দিয়া হয় তেন্তে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমি আহিব৷ ফলত ৰাইজৰ মুখত হাঁহি বিৰিঙিব৷

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰই দাবী কৰিছে যে জি এছ টি পৰিষদৰ পৰৱৰ্তী বৈঠকত এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব পাৰে৷ ফলত বহু বস্তুৰ দাম এবাৰতে কমি যাব৷ ইয়াৰ ভিতৰত টুথপেষ্ট, টুথ পাউদাৰ, ছাতি, চিলাই মেচিন, প্ৰেচাৰ কুকাৰ, বাচন-বৰ্তন, বৈদু্যতিক ইস্ত্ৰী, কম ক্ষমতাৰ ধোৱা মেচিন, চাইকেল, ১০০০ টকাতকৈ অধিক মূল্যৰ কাপোৰ, ৫০০ টকাৰ পৰা ১০০০ টকাৰ ভিতৰত জোতা, ষ্টেচনাৰী, ভেকচিন, চিৰামিক টাইলছ ইত্যাদি৷ সূত্ৰসমূহে দাবী কৰিছে যে ইয়াৰ ফলত চৰকাৰৰ ওপৰত ৪০,০০০ কোটিৰ পৰা ৫০,০০০ কোটি টকাৰ অতিৰিক্ত বোজা পৰিব৷ কিন্তু প্ৰাৰম্ভিক বিপৰ্যয় অতিক্ৰম কৰাৰ পিছত চৰকাৰে এই পথত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে৷

শেহতীয়াকৈ এক সাক্ষাৎকাৰত নিৰ্মলা সীতাৰমণে এই কথাৰ ইংগিত দিছিল৷ মধ্যবিত্তীয় ভাৰতীয়সকল যাতে উপকৃত হয় তাৰ বাবে চৰকাৰে অধিক যুক্তিসংগত গাঁথনিৰ ওপৰত কাম কৰি আছে বুলিও কয় তেওঁ৷ ইয়াৰ পূৰ্বেও বিত্তমন্ত্ৰীগৰাকীয়ে ইয়াৰ ইংগিত দিয়া দেখা গৈছে৷ ২০১৭ চনৰ ৰ জুলাইত জি এছ টিৰ গড় হাৰ আছিল ১৫.জ্জ্ব শতাংশ৷ কিন্তু ২০২৩ চনত ১১.চ্ছ্ৰ শতাংশ লৈ হ্ৰাস পায়৷ দৰাচলতে এই হ্ৰাসৰ কাৰণ হৈছে কৰ সংগ্ৰহ বৃদ্ধি৷ মাৰ্চ মাহত সংবাদ মাধ্যমৰ বঁটা প্ৰদান অনুষ্ঠানত নিৰ্মলাই কয় যে কৰ হাৰ যুক্তিসংগত কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে৷ তাৰ ফলস্বৰূপে ভৱিষ্যতে জি এছ টিৰ হাৰ আৰু হ্ৰাস পাব৷ এইবাৰ তেওঁ একেই কথা কোৱা শুনা গ’ল৷

Covid Vaccine And Sudden Deaths: ক’ভিড-১৯ ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

Covid Vaccine And Sudden Deaths: ক’ভিড-১৯ ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই
Covid Vaccine And Sudden Deaths: ক’ভিড-১৯ ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

বহু লোকৰ ক্ষেত্ৰত সংঘটিত আকস্মিক মৃত্যুৰ (Covid Vaccine And Sudden Deaths) বিষয়টোকলৈ দেশৰ কেইবাটাও সংস্থাই অধ্যয়ন চলাইছে৷ এই অধ্যয়নসমূহে নিৰ্ণায়কভাৱে প্ৰতিষ্ঠা কৰিছে যে কোভিড-১৯ টিকা গ্ৰহণ আৰু আকস্মিক মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ [আইচিএমআৰ] আৰু নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল [এনচিডিচি]ৰ অধ্যয়নে ভাৰতত ক’ভিড-১৯১ ভেকচিন নিৰাপদ আৰু ফলপ্ৰসূ বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে৷ প্ৰতিষ্ঠান দুটাই লগতে কৈছে যে ক’ভিড-১৯১ ভেকচিনৰ গুৰুতৰ পাশ্বৰ্ক্ৰিয়াৰ ঘটনা অতি বিৰল৷ জেনেটি’, জীৱনশৈলী, পূৰ্বৰ ৰোগ সম্পৰ্কীয় অৱস্থা, ক’ভিডৰ পিছৰ জটিলতা আদি বহু কাৰকৰ ফলত হঠাৎ হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হ’ব পাৰে৷ বিশেষকৈ ১৮১ পৰা ৪৫ বছৰৰ ভিতৰৰ প্ৰাপ্তবয়স্কলোকসকলৰ আকস্মিক মৃত্যুৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ আইচিএমআৰ আৰু এনচিডিচিয়ে একেলগে কাম কৰি আহিছে৷

এই বিষয়ে অন্বেষণ কৰিবলৈ বিভিন্ন গৱেষণা পদ্ধতিৰ আলমত দুটা পৰিপূৰক অধ্যয়ন কৰা হৈছিল– এটা অতীতৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰু আনটো বাস্তৱ সময়ৰ অনুসন্ধানৰ সৈতে জড়িত অধ্যয়ন৷ আইচিএমআৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজি [এনআইই]য়ে কৰা প্ৰথমটো অধ্যয়নৰ শিৰোনাম হৈছে ‘ফেক্টৰছ এছোচিয়েটেড উইথ আনএক্সপ্লেইনড ছাডেন ডেথছ এমং এডাল্টছ এজড্‌ ১৮-৪৫ ইয়েৰ্ছ ইন ইণ্ডিয়া– এ মাল্টিচেণ্ট্ৰিক মেটছড কেছ -কণ্ট্ৰোল ষ্টাডি৷’ এই অধ্যয়ন ২০২৩ চনৰ মে’ মাহৰ পৰা আগষ্টলৈকে দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন প্ৰাথমিক পৰ্যায়ৰ চিকিৎসালয়ত চলোৱা হৈছিল৷ ইয়াত এনে ব্যক্তিকলৈ অধ্যয়ন চলোৱা হৈছিল যিসকল ব্যক্তিক সুস্থ যেন লাগিছিল যদিও ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকৰ হঠাতে মৃত্যু হৈছিল৷ অধ্যয়নটোৰ পৰা লাভ কৰা তথ্যই নিৰ্ণায়কভাৱে দেখুৱাইছে যে ক’ভিড-১৯১ টিকাকৰণে যুৱ প্ৰাপ্তবয়স্কৰ মাজত আকস্মিক মৃত্যুৰ সম্ভাৱনা বৃদ্ধি নকৰে৷ ‘এষ্টাব্লিছিং দ্য ক’জ ইন ছাডেন আনএক্সপ্লেইনড ডেথছ ইন ইয়ং’ শীৰ্ষক দ্বিতীয়টো অধ্যয়ন বৰ্তমান নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সে আইচিএমআৰৰ সহযোগত চলাই আছে৷ যুৱ প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুৰ সাধাৰণ কাৰণ নিৰ্ণয় কৰাৰ লক্ষ্যৰে এই অধ্যয়ন চলোৱা হৈছে৷ অধ্যয়নটোৰ পৰা লাভ কৰা তথ্যৰ প্ৰাৰম্ভিক বিশ্লেষণে ইংগিত দিছে যে এই বয়সৰ গোটৰ লোকৰ মাজত হৃদৰোগ বা মায়োকাৰ্ডিয়াল ইনফাৰ্কচন আকস্মিক মৃত্যুৰ প্ৰধান কাৰণ হিচাবে পৰিগণিত হৈছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, পূৰ্বৰ বছৰসমূহৰ তুলনাত এতিয়াৰ পৰিস্থিতিত মৃত্যুৰ ধৰণত কোনো ডাঙৰ পৰিৱৰ্তন দেখা পোৱা যোৱা নাই৷ অধিকাংশ আকস্মিক মৃত্যুৰ ক্ষেত্ৰতে মৃত্যুৰ সম্ভাৱ্য কাৰণ হিচাপে জিনীয় মিউটেচনকেই এক অন্যতম কাৰক হিচাবে চিনাক্ত কৰা হৈছে৷ অধ্যয়নটো সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰা হ’ব৷

এই দুয়োটা অধ্যয়নে একেলগে ভাৰতৰ যুৱ প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুৰ কাৰণ সম্পৰ্কে অধিক তথ্য প্ৰকাশৰ বাট মুকলি কৰিছে৷ অধ্যয়নত এইকথাও প্ৰকাশ পাইছে যে ক’ভিড-১৯১ টিকাকৰণে বিপদ বৃদ্ধি কৰা যেন নালাগে৷ আনহাতে পূৰ্বৰে পৰা থকা স্বাস্থ্যজনিত সমস্যা, জিনীয় প্ৰভাৱ আৰু বিশৃংখল জীৱনশৈলীয়ে আআকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰাত অন্যতম ভূমিকা পালন কৰে৷ বিশেষজ্ঞসকলে পুনৰ কয় যে ক’ভিড টিকাকৰণক আকস্মিক মৃত্যুৰ সৈতে জড়িত কৰি কৰা বক্তব্যসমূহ মিছা আৰু বিভ্ৰান্তিকৰ তথা বৈজ্ঞানিকভাবে সেয়া সমৰ্থিত নহয়৷ নিৰ্ণায়ক প্ৰমাণ অবিহনে জল্পনা-কল্পনাৰ আধাৰত কৰা এনে দাবীয়ে মহামাৰীৰ সময়ত লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কোভিড ভেকচিনৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্ৰাস কৰাৰ আশংকা থকা বুলিও তেওঁলোকে কয়৷ এনে ভিত্তিহীন প্ৰতিবেদন আৰু দাবীয়ে দেশত ভেকচিনক লৈ মানুহৰ মাজত দ্বিধাগ্ৰস্ততা বৃদ্ধিত অৰিহণা যোগাব পাৰে, যাৰ ফলত জনস্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

Air India: ইন্ধন ভৰোৱাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, বাতিল হ’ল দিল্লী-ৱাশ্বিংটন বিমান

ডিজিটেল ডেস্কঃ Air India এয়াৰ ইণ্ডিয়াৰ দিল্লী-ৱাশ্বিংটন ডি চি অভিমুখী বিমান (AI103) বুধবাৰে যাত্ৰাৰ মাজভাগত যান্ত্ৰিক সমস্যা দেখা দিয়াৰ ফলত বাতিল কৰা হয়। উল্লেখযোগ্য যে, ভিয়েনাত ইন্ধন ভৰোৱাৰ বাবে বিমানখনৰ অৱতৰণ আগতেই নিৰ্ধাৰিত আছিল। কিন্তু ইন্ধন ভৰোৱাৰ সময়তে বিমানখনত নিয়মীয়া পৰিদৰ্শনৰ সময়ত বিসংগতি ধৰা পৰে।

বিমানখনত ত্ৰুটি ধৰা পৰাৰ পাছতেই জৰুৰীভাৱে অতিৰিক্ত ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হয়, যাৰ ফলত পৰৱৰ্তী সময়ত বিমানখন বাতিল কৰিবলৈ বাধ্য হয় এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ।

এই সিদ্ধান্তৰ ফলত বহু যাত্ৰী ভিয়েনাত আৱদ্ধ হৈ পৰে। এয়াৰ ইণ্ডিয়া সূত্রে জানিবলৈ পোৱা মতে, যিসকল যাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকক বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে। লগতে, বিচাৰিলে সম্পূৰ্ণ ভাড়া ঘূৰাই দিয়াৰ আশ্বাসো দিয়া হৈছে।

উল্লেখযোগ্য যে, ১২ জুনত আহমেদাবাদত সংঘটিত এখন বিমান দুৰ্ঘটনাৰ পাছৰে পৰা এয়াৰ ইণ্ডিয়াৰ একাধিক আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা বিমান যাত্ৰা বাতিল হৈছে।

Pankaj Pathak:কোকৰাঝাৰত পংকজ পাঠকৰ অনুষ্ঠানত পুনৰ অঘটন, আৰক্ষীয়ে আধাতে বন্ধ কৰিলে শিৱিৰ

ডিজিটেল ডেস্ক: Pankaj Pathak পুনৰ বিতৰ্কত পৰিল পংকজ পাঠকৰ “চুলি গজোৱা শিৱিৰ”। কোকৰাঝাৰ জিলাত আয়োজন কৰা শিৱিৰখন আৰক্ষীয়ে আধাতে বন্ধ কৰি দিয়ে, কাৰণ অনুমতি নোলোৱাকৈ কোকৰাঝাৰত অনুষ্ঠিত কৰিছিল চুলি গজোৱা শিৱিৰ।

সূত্ৰৰ পৰা পোৱা তথ্য মতে, পংকজ পাঠকে অনুষ্ঠান আয়োজনৰ বাবে অনুমতি বিচাৰিছিল যদিও, তেওঁক অনুমতি প্ৰদান কৰা হোৱা নাছিল। তথাপিও কোকৰাঝাৰত এই শিৱিৰ আয়োজন কৰা হয়। অৱশেষত, আৰক্ষীয়ে উপস্থিত হৈ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য কৰে।

উল্লেখযোগ্য যে, এই ঘটনাৰ আগতে বুধবাৰে গোৱালপাৰাত অনুষ্ঠিত হোৱা আন এখন শিৱিৰ সময়তো অঘটন সংঘটিত হৈছিল। পৰৱৰ্তী সময়ত পংকজ পাঠকে ৰাইজৰ সন্মুখত কাণত ধৰি ক্ষমাও খুজিছিল।

স্থানীয় প্ৰশাসনৰ মতে, যিকোনো ধৰণৰ জনসমাগমযুক্ত অনুষ্ঠান আয়োজনৰ পূৰ্বে অনুমতি গ্ৰহণ কৰাটো বাধ্যতামূলক।

Sheikh Hasina: শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড বিহিলে ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে

Sheikh Hasina: শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড বিহিলে ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে
Sheikh Hasina: শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড বিহিলে ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক (Sheikh Hasina) ঢাকা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ছমাহৰ কাৰাদণ্ডৰ প্ৰদান কৰে৷ আৱামী লীগৰ বিৰোধিতা কৰি আৰক্ষী প্ৰশাসন আৰু তদন্তকাৰীক ভাবুকি দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ আৱামী লীগৰ এজন নেতাৰ সৈতে শ্বেখ হাছিনাৰ ফোন কথোপকথন ফাদিল হোৱাৰ পিছতে এই গোচৰ ৰুজু কৰা হৈছে৷

বুধবাৰে চূড়ান্ত শুনানিৰ অন্তত ন্যায়াধিকৰণে শ্বেখ হাছিনাক ছমাহ আৰু আনজন অভিযুক্তক দুমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে৷ হাছিনাক বহিষ্কাৰ কৰাৰ পিছত এইবাৰ আদালতে কোনো গোচৰত শাস্তি প্ৰদান কৰিছে৷ হাছিনাৰ বিৰুদ্ধে যিটো ফোন কথোপকথনৰ গোচৰ ৰুজু হৈছিল, তাত এগৰাকী মহিলাৰ মাত শুনা যায় যে ‘মোৰ নামত ২৫০টা হত্যাৰ গোচৰ আছে৷ অৰ্থাৎ ২৫০টা হত্যাকাণ্ড সংঘটিত কৰাৰ অনুমতি পাইছো৷’ আৱামী লীগৰ নেতা-কৰ্মীক অত্যাচাৰ আৰু অত্যাচাৰ কৰা আৰক্ষী আৰু তদন্তকাৰীক ৰেহাই দিয়া নহ’ব বুলিও তাই কোৱা শুনা যায়৷ মহিলাৰ কণ্ঠই শুনা যায় যে ‘এমাহত ঠাণ্ডা নাযায়’ আৰু আৱামী লীগৰ নেতা-সমৰ্থকক হত্যা, অপহৰণ, প্ৰহাৰ কৰা, ঘৰ লুট কৰা বিএনপিকে ধৰি বিৰোধী দলবোৰক ৰেহাই দিয়া নহ’ব৷

সকলোৱে একে পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷ বুধবাৰে ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ গোলাম মৰ্তুজা মজুমদাৰৰ বিচাৰপীঠৰ ৰায়ৰ বিষয়ে ব্যাখ্যা কৰি মুখ্য অভিযুক্ত তাজুল ইছলামে কয় যে কণ্ঠস্বৰ শ্বেখ হাছিনাৰ৷ পৰীক্ষাত প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এই ভাবুকি দিয়াৰ কথা পোহৰলৈ আহিছে৷ ফাইলটো AIৰ জৰিয়তে সৃষ্টি কৰা হোৱা নাছিল৷ বুধবাৰৰ শুনানিৰ সময়ত হাছিনাৰ ৰাজ্যিক অধিবক্তাগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী নিৰ্দোষী বুলি দাবী কৰে৷ শুনানিৰ কেইঘণ্টামানৰ ভিতৰতে এই ৰায় ঘোষণা কৰে ন্যায়াধীশে৷ ইয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ছমাহৰ কাৰাদণ্ড বিহা হৈছিল৷ প্ৰসংগক্ৰমে শ্বেখ হাছিনা আৰু আৱামি লীগে এই বিচাৰক প্ৰহসন আখ্যা দি বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে৷

Shrasti Raghuwanshi: ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু

ডিজিটেল ডেস্ক: Shrasti Raghuwanshi কামাখ্যা মন্দিৰত নৰবলি প্ৰথা সম্পৰ্কে বিতর্কিত মন্তব্য দিয়াৰ পাছত ৰাজা ৰঘুবংশীৰ ভগ্নী  স্ৰষ্টি ৰঘুবংশীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৯৬(২), ২৯৯ আৰু ৩০২ ধাৰাৰ লগতে ধৰ্মীয় আৱেগত আঘাত কৰা ধাৰাত এই গোচৰ ৰুজু কৰিছে।

 স্ৰষ্টি ৰঘুবংশীয়ে কৈছিল যে কামাখ্যা মন্দিৰত নৰবলি প্ৰথা চলি আছে। তেওঁৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। বিভিন্ন ধৰ্মীয় সংগঠন আৰু সচেতন নাগৰিকে এই মন্তব্যৰ তীব্ৰ নিন্দা প্ৰকাশ কৰে।

এই ঘটনাৰ প্ৰেক্ষাপটত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সৃষ্টি ৰঘুবংশীক সোধ – পোছৰ বাবে তলব কৰিছে। উল্লেখযোগ্য যে ৰাজা ৰঘুবংশীৰ মৃত্যুৰ ঘটনা ইতিমধ্যে চাঞ্চল্যকৰ ৰূপ লৈছে। হানিমুন উপলক্ষে মেঘালয় ভ্ৰমণৰ সময়তে হত্যাৰ বলি হোৱা ৰাজাৰ মৃত্যুক লৈ তদন্ত চলি আছে। ৰাজাৰ পত্নী সোনম কেন্দ্ৰিক একাধিক বিস্ফোৰক তথ্য ইতিমধ্যে পোহৰলৈ আহিছে।

সৃষ্টি ৰঘুবংশীয়ে তেওঁৰ মন্তব্যৰ বাবে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিছে, যদিও বিষয়টোক লৈ ৰাজহুৱা ক্ষোভ হ্ৰাস পোৱা নাই।

Rangiya: ৰঙিয়া হত্যাকাণ্ড: স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক, পলাতক ঘাতক

ৰঙিয়া, ৩ জুলাইঃ Rangiya ৰঙিয়াৰ মূৰাৰা অঞ্চলত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ পত্নীক হানি-খুচি হত্যা কৰি পলায়ন কৰিছে এগৰাকী স্বামীয়ে। মৃত মহিলাগৰাকীৰ নাম অঞ্জলি সিং বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, অঞ্জলি সিঙৰ স্বামী ৰাহুল কুমাৰ সিং ৰঙিয়াৰ কেন্দুকোনা ৰেল ষ্টেচনত ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত আছিল। ঘটনা অনুসৰি, বুধবাৰৰ মাজনিশা ৰাহুল কুমাৰ সিং আৰু অঞ্জলি সিঙৰ মাজত হৈছিল কাজিয়া, যাৰ পৰিণতিত স্বামীয়ে নৃশংসভাৱে পত্নীক হত্যা কৰে।

বিশেষভাৱে উল্লেখযোগ্য যে, হত্যাকাণ্ডৰ সময়ত দম্পতীজনৰ ২ বছৰীয়া আৰু ৫ বছৰীয়া দুই পুত্ৰ উপস্থিত আছিল। মাতৃৰ হত্যাৰ দৃশ্য দেখি আতংকিত হৈ কান্দিবলৈ আৰম্ভ কৰে শিশুদ্বয়ে। শিশুৰ কান্দোন শুনি ঘৰখনৰ গৰাকী আগবাঢ়ি আহে। এই সুযোগত ৰাহুলে এটি সন্তান লৈ পলায়নৰ চেষ্টা কৰে।

তথাপিও, অট্টালিকাটোৰ সন্মুখৰ গেটত তলা লাগি থকাৰ বাবে ৰাহুলে পলাব নোৱাৰে। পাছত সন্তানটোক গেটৰ ওচৰত এৰি, গেটৰ ওপৰেৰে ৰাহুলে পলায়ন কৰে।

অঞ্জলি সিঙৰ মৃতদেহ ভাড়াঘৰৰ মজিয়াত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয়। বৰ্তমানলৈ হত্যাকাণ্ডৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই। ঘটনাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে হত্যাকাৰী ৰাহুল কুমাৰ সিঙৰ সন্ধানত অভিযান চলাইছে আৰক্ষীয়ে। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।