Home Blog Page 127

Kaliabor: কলিয়াবৰত মটৰচাইকেলসহ যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, কলিয়াবৰঃ Kaliabor নিশা কলিয়াবৰৰ শিলঘাট আৰক্ষী চকীৰ অন্তৰ্গত বাঘৰচুক গাঁৱত এক ৰহস্যজনক ঘটনাৰ প্ৰকাশ পায়। এখন মটৰচাইকেলসহ উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ। মৃতদেহটো গাঁতত বাইকসহ হেঁচা মাৰি ৰখা অৱস্থাত পোৱা যায়, যি দৃশ্য সন্দেহজনক বুলি স্থানীয়সকলে মন্তব্য কৰে।

মৃত যুৱকজনক চিনাক্ত কৰা হৈছে বালিটিকা গাঁৱৰ বাসিন্দা মিন্টু বৰা হিচাপে। ঘটনাৰ খবৰ পায় শিলঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে মিন্টু বৰাক মৃত ঘোষণা কৰে।

উদ্ধাৰ হোৱা বাইকখনৰ নম্বৰ আছিল AS 12 L 1867।
মৃতৰ পৰিয়ালৰ দাবী অনুসৰি, ই এটা সাজি কৰা হত্যাকাণ্ড। তেওঁলোকে অভিযোগ কৰিছে যে, যুৱকজনৰ ডিঙি আৰু কপালত গভীৰ আঘাতৰ চিন পোৱা গৈছে।

সচেতন মহলে গাঁওখনত অব্যাহতভাৱে চলি থকা মুকলি মদৰ বেহাৰ ওপৰত সন্দেহ উত্থাপন কৰিছে আৰু ঘটনাটোৰ সঁচা তদন্তৰ দাবী জনাইছে।

England vs India 2nd Test Match: এডবেষ্টনত আজিৰে পৰা ভাৰতীয় বলাৰৰ ‘অগ্নিপৰীক্ষা’

ডিজিটেল ডেস্কঃ England vs India 2nd Test Match ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পৰাজয়ৰ সম্মুখীন হোৱাৰ পিছত আজি ভাৰতীয় দলৰ বাবে হ’ব এক গুৰুত্বপূর্ণ দিন।

এডবেষ্টনত খেলি থকা দ্বিতীয় টেষ্টৰ তৃতীয় দিনত আজিৰে পৰা বলাৰসকলৰ বাবে হ’ব ‘অগ্নিপৰীক্ষা’। টিম ইণ্ডিয়াই প্ৰথম ইনিংছত শুভমন গিলৰ অভিলেখ গঢ়া ২৬৯ ৰানৰ ইনিংছৰ জৰিয়তে ৫৮৭ ৰানৰ ডাঙৰ স্ক’ৰ তুলি ইংলেণ্ডৰ ওপৰত গুৰুত্বপূর্ণ চাপ সৃষ্টি কৰিছে। বিদেশৰ মাটিত সৰ্বাধিক ৰান কৰা ভাৰতীয় বেটাৰ হিচাপে শুভমন গিলে ইতিহাস গঢ়িছে। লগতে, গিল হৈছে টেষ্ট ক্রিকেটত দ্বিশতক কৰা তৃতীয় সৰ্বাধিক কম বয়সীয়া অধিনায়ক।

ইংলেণ্ডে দ্বিতীয় দিনৰ অন্তত ৩টা উইকেট হেৰুৱাই ৭৭ ৰানত থমকি আছে। ইংলেণ্ড এতিয়াও ৫১০ ৰানৰ পিছত আছে। আকাশ দীপে প্ৰথম দিনাই ক্ষীপ্ৰগতিত বেন ডাকেট আৰু অলি পোপক শূন্যত আউট কৰে, আৰু তাৰ পাছতে মহম্মদ ছিৰাজে জেক ক্ৰ’লিক ১৯ ৰানত পেভিলিয়নলৈ পঠাই দিয়ে।

আজিৰ তৃতীয় দিনত বলাৰসকলৰ লক্ষ্য হ’ব ইংলেণ্ডৰ দুটা গুৰুত্বপূর্ণ বেটাৰ — জো ৰুট আৰু হেৰী ব্ৰুকক শীঘ্ৰে পেভিলিয়নলৈ পঠোৱা। বিশেষকৈ জো ৰুটৰ অভিজ্ঞতা, ধৈৰ্য্য আৰু দক্ষতা ভাৰতীয় বলাৰসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব পাৰে।

এই মেচত যদিহে ভাৰতীয় বলাৰসকলে ইংলেণ্ডৰ মিডল অৰ্ডাৰ চলাৰ আগতেই ভাঙি পেলাব পাৰে, তেন্তে দ্বিতীয় টেষ্টত জয়ৰ দিশে দৃঢ় ভাৱে আগবাঢ়িব পাৰিব টিম ইণ্ডিয়া।

Lakhimpur Eviction News: গুণগুণ চেতিয়াৰ পিতৃৰ কঠীয়াডৰা মহটিয়াই গ’ল এস্কেভেটৰে

Lakhimpur Eviction News: গুণগুণ চেতিয়াৰ পিতৃৰ কঠীয়াডৰা মহটিয়াই গ’ল এস্কেভেটৰে
Lakhimpur Eviction News: গুণগুণ চেতিয়াৰ পিতৃৰ কঠীয়াডৰা মহটিয়াই গ’ল এস্কেভেটৰে

গুণগুণ চেতিয়াৰ লহপহীয়াকৈ বাঢ়ি অহা কঠীয়াডৰা এফালৰ পৰা মহটিয়াই গ’ল এস্কেভেটৰে।(Lakhimpur Eviction News)

গুণগুণৰ পিতৃৰ সপোনৰ কঠীয়াতলীত চলিল প্ৰশাসনৰ বুলড’জাৰ।

উত্তৰ লখিমপুৰত বৃহস্পতিবাৰে চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এঙাৰখোৱাৰ খ্ৰীষ্টানগাঁও, দেবেৰা আৰু ফুকনহাটৰ প্ৰায় ৩০০ পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে।

অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি অহাথলীত প্ৰশাসনে চলাইছিল বৃহৎ উচ্ছেদ অভিযান।

ৰাতিটোতে কঠিয়াখিনি চপোৱাৰ চেষ্টা কৰিছিল গুণগুণহঁতে কিন্তু, নোৱাৰিলে।কিন্তু প্ৰশাসনে এদিন ৰৈ দিয়া হ’লে হয়তো কঠিয়াখিনি নষ্ট নহ’লহেঁতেন! সামাজিক মাধ্যমযোগে প্ৰশাসনৰ এনে উচ্ছেদ অভিযানৰ গৰিহণা দিছে ৰাইজে।

অসমীয়া খিলঞ্জীয়া গুনগুনহঁতৰ কঠীয়াখিনিত প্ৰশাসনৰ চলা বুলডজাৰ সন্দৰ্ভত আপোনাৰ কি মন্তব্য?

Assam State Zoo cum Botanical Garden: অসম চিৰিয়াখানাৰ পৰা সন্ধানহীন যুৱকক লৈ চাঞ্চল্য, পৰিচয় উন্মোচিত

ডিজিটেল ডেস্ক: Assam State Zoo cum Botanical Garden অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা সন্ধানহীন হোৱা যুৱকজনক লৈ উদ্ভৱ হোৱা চাঞ্চল্যৰ মাজতে অব্যাহত আছে উদ্ধাৰ অভিযান। ইতিমধ্যে যুৱকজনৰ পৰিচয় প্ৰকাশ পাইছে। আৰক্ষীৰ সূত্ৰ মতে, সন্ধানহীন যুৱকজন মেঘালয়ৰ ৰেংৰো চাইডৰ হাতীদঙা গাঁওৰ বাসিন্দা বুল্ট মোৰ ব’থমিট (Bulitmore Bothmit) বুলি চিনাক্ত কৰা হৈছে।

২২ বছৰীয়া বুল্ট মৰ ব’থমিট বৃহস্পতিবাৰে বিয়লি ২.৫৬ বজাত অসম চিৰিয়াখানাত প্ৰৱেশ কৰিছিল। তাৰ পাছতে তেওঁ সন্ধানহীন হৈ পৰে। ঘটনাৰ পিছতে পৰিয়ালৰ পক্ষৰ পৰা থানাত এজাহাৰ দাখিল কৰা হৈছে।

ঘটনাৰ তদন্তত নামি পৰা আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ এটা বেগ উদ্ধাৰ কৰিছে। উক্ত বেগটোত কেইবাটাও নথি-পত্ৰ পোৱা গৈছে, যাৰ সহায়ত তেওঁৰ পৰিচয় নিশ্চিত কৰা হয়।

সূত্ৰ অনুসৰি, বুল্ট মৰ ব’থমিটে এমাহ পূৰ্বে এখন কোচিঙ কেন্দ্ৰত নামভৰ্তি কৰিছিল। যদিও চিৰিয়াখানাৰ ভিতৰত ঠিক কেনেকৈ সন্ধানহীন হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে চিৰিয়াখানাৰ চি চি টিভি ফুটেজ পৰ্যবেক্ষণ কৰি তদন্ত অব্যাহত ৰাখিছে।

Japanese Encephalitis : বজালী জিলাত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ

ডিজিটেল ডেস্ক, বজালীঃ Japanese Encephalitis সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি পাইছে। এই ভয়াৱহ ৰোগৰ বিস্তাৰ ৰোধৰ বাবে জিলা প্ৰশাসনে তৎপৰতাৰে হাতত লৈছে বিভিন্ন প্রতিৰোধমূলক ব্যৱস্থা।

বজালী জিলাৰ বিভিন্ন অঞ্চলত ফগিঙৰ কাম জোৰদাৰ কৰা হৈছে। স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত স্থানীয় ৰাস্তা, পথাৰ আৰু জনবসতিপূৰ্ণ এলেকাসমূহত গাড়ীযোগে আৰু স্বাস্থ্যকৰ্মীৰ সহায়ত ঘৰে ঘৰে গৈ ফগিঙৰ ব্যবস্থা কৰিছে। ইয়াৰ উপৰিও, ৰোগ সন্দর্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে অনুষ্ঠিত হৈছে সচেতনতা সভাও।

জিলা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, বৰ্তমানলৈকে বজালীৰ বাঘমাৰা, দলোপথাৰ আৰু ভৱানীপুৰ অঞ্চলৰ তিনিগৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে। লগতে পাঁচজন সন্দেহজনক ৰোগীৰ দেহত ৰোগটোৰ লক্ষণ পোৱা গৈছে, যাৰ চিকিৎসা চলি আছে।

স্বাস্থ্য বিভাগে অঞ্চলবাসীক সতৰ্ক কৰি আহ্বান জনাইছে—জ্বৰ বা এনেধৰণৰ উপসর্গ দেখা দিলে ফাৰ্মাচীৰ পৰা ঔষধ লোৱাৰ পৰিবর্তে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ চিকিৎসকৰ পৰামৰ্শ ল’ব।

Dr Rupline Rongpipi: চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল মৃত্যু

Dr Rupline Rongpipi: চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল মৃত্যু
Dr Rupline Rongpipi: চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল মৃত্যু

পশ্চিম কাৰ্বি আংলংঙৰ ডংকামোকামত শোকাৱহ ঘটনাকলৈ চাঞ্চল্য। এগৰাকী উদীয়মান চিকিৎসক তথা ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপী মৃত্যু৷(Dr Rupline Rongpipi)

পশ্চিম কাৰ্বি আংলংৰ ডংকামোকাম নিবাসী তথা ক্ৰকেংদাং স্বাস্থ্য কেন্দ্ৰ কৰ্মৰত চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল মৃত্যু ৷ তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাতি অহা এজাক বতাহ বৰষুণ বিজুলী ধেৰেকনি ফলত ইনভাৰ্টাৰ সংযোগ বিচিন্ন কৰিবলৈ যাওঁতে বিদ্যুৎস্পৃষ্টহৈ অতিকৈ জনপ্ৰিয় মানৱদৰপী ডাঃ ৰূপলীন ৰংপিপীৰ মৃত্যু বাতৰি সামাজিক মাধ্যমত প্ৰচাৰৰ লগে লগে ডংকামোকা তথা দুই পাহাৰীয়া জিলা জনসাধাৰণৰ মাজত শোকাৱহ পৰিবেশ সৃষ্টি হয় ৷

প্ৰয়াত ডাঃ ৰূপলীন ৰংপিপীৰ মৃত্যু খবৰ বিয়পি পৰাৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড° তুলিৰাম ৰংহাংসহ পৰিষদৰ বিভিন্ন বিভাগৰ ইএম :এমএচি ;প্ৰাক্তন এমএচি সকল আদি কৰি জিলাখনৰ বিশিষ্ট ব্যক্তি তথা কাৰ্বি সাংস্কৃতিক সমাজৰ কৰ্মকৰ্তা সকলে সামাজিক মাধ্যমৰ জৰিয়তে গভীৰ সমবেদনা জ্ঞাপন কৰা লগতে তেওঁৰ বিদেহ আত্মাৰ শান্তি কামনা কৰে ৷


তদুপৰি জিলাখন এক নং দোৱাৰ আমলা পৰিষদীয় সমষ্টি পূনজা ইডেনবাৰীল যোৱা ৰাতি হঠাতে বতাহ বৰষুণ বিজুলী ধেৰেকনিৰ ফলত শিহুসহ ছয়গৰাকী ব্যক্তি আঘাত পাই বৈঠালাংচ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি উন্নত চিকিৎসা বাবে নগাঁও চিকিৎসালৈ প্ৰেৰণা কৰিছে বুলি জানিব পৰা গৈছে ৷

Rimpi Buragohain: ৱৰ্ল্ড পুলিচ মীটত ৰিম্পী বুঢ়াগোহাঁইৰ দ্বিতীয়টো সোণৰ পদক

ডিজিটেল ডেস্কঃ Rimpi Buragohain অসমৰ গৌৰৱ ৰিম্পী বুঢ়াগোহাঁইয়ে ৱৰ্ল্ড পুলিচ এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৪ত দ্বিতীয়টো সোণৰ পদক নিজৰ নামেৰে সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে।

লং জাম্পত স্বৰ্ণপদক জয় কৰাৰ পাছত, ৰিম্পীয়ে ত্ৰিপল জাম্পত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই দ্বিতীয়টো সোণৰ পদক লাভ কৰে।

এই প্ৰতিযোগিতা আমেৰিকাৰ আলাবামা ৰাজ্যৰ বাৰ্মিংহাম চহৰত ২৭ জুনৰ পৰা ৬ জুলাই লৈ অনুষ্ঠিত হৈছে। ৰিম্পী বুঢ়াগোহাঁইয়ে অসম ৰাইফলছৰ প্ৰতিনিধিত্ব কৰি এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰিম্পীয়ে সৰ্ব ভাৰতীয় পুলিচ এথলেটিকছ চেম্পিয়নশ্বিপত ৬.৩৪ মিটাৰ লং জাম্প কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে এটা নতুন ৰেকৰ্ডো গঢ়িছিল।

ৰিম্পীৰ এই অসাধাৰণ সফলতাই ৰাজ্যবাসীৰ লগতে দেশবাসীকো গৌৰৱান্বিত কৰিছে।

Traditional farming: অসমৰ চহা জীৱনৰ নাঙল, জুঁৱলি মৈৰ সৈতে গৰুহাল যেন পাহৰণিৰ গৰ্ভত !

Traditional farming: অসমৰ চহা জীৱনৰ নাঙল, জুঁৱলি মৈৰ সৈতে গৰুহাল যেন পাহৰণিৰ গৰ্ভত !
Traditional farming: অসমৰ চহা জীৱনৰ নাঙল, জুঁৱলি মৈৰ সৈতে গৰুহাল যেন পাহৰণিৰ গৰ্ভত !

ব’হাগৰ পৰাই খেতি চহাবলৈ আৰম্ভ কৰে। (Traditional farming) জেঠ-আহাৰ-শাওণ এই মাহকেইটা পথাৰত বৰ ব্যস্ত হৈ পৰে চহা লোকসকল। হালৰ গৰুহাল, নাঙল, মৈ, জুঁৱলি আৰু কোৰখনৰ সৈতে পথাৰত ব্যস্ত হৈ পৰে খেতিয়কসকল। খেতিয়কসকল বুলি ক’লে ভূল হ’ব, এই মাহকেইটা পথাৰত আনন্দৰ মনেৰে সৰুৰ পৰা ডাঙৰলৈকে সকলো ব্যস্ত হৈ পৰে মাটি চহোৱা কামত। পুৱতি নিশাই হালখন লৈ পথাৰলৈ যোৱা, ৬-৭ মান বজাত তেওঁলোকলৈ বুলি লৈ যোৱা জলপানৰ টোপোলাটো; আনন্দ মনেৰে ভগাই খাই কাষৰতে মাটি চহাই থকাজনকো মাতি। কল্পনা কৰকচোন আপুনিও এনেখন গাঁও, এনে এখন পথাৰ। মাটি চহোৱাৰ অন্তত কঠিয়া ৰুৱাত ব্যস্ত হৈ পৰে ৰোৱনীসকল। গান গাই, আনন্দমনেৰে শাওণৰ পথাৰত বৰষুণত তিতি কেঁচা মাটিৰ গোন্ধ লৈ কঠিয়া ৰুৱা সেই দৃশ্য আপোনোলোকে দেখিছেনে?

এই কাহিনী অতীজৰ। বৰ্তমান এনে পৰিৱেশ নাই। এতিয়া গাঁঞে-ভূঁঞে আপুনি হালৰ গৰু দেখিবলৈ নাপাই। পথাৰখন খালি হৈ গ’ল। গৰু স্থান টেক্টৰে ল’লে। ৰুৱনীসকলো নাই। ন-ভূঁইৰ সেই সোৱাদ হয়তো আজিৰ চামে বুজি নাপাব।

হয়তো এতিয়াও কিছু কিছু ঠাইত এনে পৰিৱেশ এতিয়াও আছে। যদি আপোনাৰ অঞ্চলৰ পথাৰত গৰুৱে হাল বোৱা দৃশ্য দেখে তেনেহ’লে কমেণ্ট বক্সত জনাব।

Hiren Bhattacharya: কবি বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটি নাম “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰুদা”

Hiren Bhattacharya: কবি বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটি নাম “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰুদা”(Hiren Bhattacharya)
Hiren Bhattacharya: কবি বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটি নাম “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰুদা”(Hiren Bhattacharya)

“মোৰ প্ৰতিটো কামে,
মোৰ প্ৰতিটো চিন্তাই
এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোণোৱালী ভৱিষ্যতৰ সপোন ।
মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে-কোঁহে
সেই সপোনৰ কলৰোল “।

আজি কবি হীৰেন ভট্টাচাৰ্য্যৰ মৃত্যুবাৰ্ষিকী। সুগন্ধি পখিলাৰ কবি হীৰুদাক সশ্ৰদ্ধ স্মৰণ। ২০১২ চনৰ ৪ জুলাইত কাব্য অনুৰাগীসকলক কন্দুৱাই চিৰ দিনৰ বাবে আঁতৰি গৈছিল হীৰুদা ৷ (Hiren Bhattacharya)

কবি বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটা নাম “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰুদা” নামেৰে খ্যাত হীৰেন ভট্টাচাৰ্য্য দেৱৰ প্ৰতিটো কবিতা ৰাইজৰ মাজত জনপ্ৰিয়।(poet)

অসমীয়া ৰোমান্টিক কবিতাৰ ক্ষেত্ৰত হীৰুদাই সৃষ্টি কৰিছিল এক নতুন ধাৰাৰ। তেওঁৰ কলমত প্ৰাণ পাই উঠিছিল ৰৌদ্ৰ কামনা, কবিতাৰ ৰ’দ, তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ দেশ আৰু প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বুকুৰ মাটি, ভালপোৱাৰ দিকচৌ বাটেৰে আদি কবিতা পুথি। আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে হীৰুদাক।(death anniversary)

জি.এছ.টি. সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা: সিগাৰেট, সুৰা আৰু গাড়ীৰ দাম বৃদ্ধি হোৱাৰ আশংকা । GST

জি.এছ.টি. সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা: সিগাৰেট, সুৰা আৰু গাড়ীৰ দাম বৃদ্ধি হোৱাৰ আশংকা । GST
জি.এছ.টি. সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্তৰ সম্ভাৱনা: সিগাৰেট, সুৰা আৰু গাড়ীৰ দাম বৃদ্ধি হোৱাৰ আশংকা । GST

GST । চলিত মাহৰ অন্তিমত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত জি.এছ.টি. (GST) সন্দৰ্ভত কেন্দ্ৰ চৰকাৰে গুরুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। সূত্ৰ অনুসৰি, ১২ শতাংশ জি.এছ.টি. স্লেবত পৰিৱর্তন, লগতে Compensation Cess আঁতৰাই নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ লৈ আলোচনা চলিছে।

এই সম্ভাৱ্য নতুন ব্যৱস্থাৰ প্ৰভাৱত চিগাৰেট, সুৰা, ধঁপাতজাতীয় সামগ্ৰী আৰু দামী গাড়ীৰ মূল্য যথেষ্ট বৃদ্ধি হ’ব পাৰে।

চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীক এতিয়াও ‘Sin Goods’ হিচাপে গণ্য কৰা হয় — অৰ্থাৎ জনস্বাস্থ্যৰ দৃষ্টিকোণত ক্ষতিকাৰক সামগ্ৰী বুলি শ্ৰেণীবদ্ধ। এতিয়া এই সামগ্ৰীবোৰৰ ওপৰত ২৮% জি.এছ.টি. থাকিলেও, ইয়াৰ লগতে Compensation Cess নামত একাধিক আৰ্থিক ভাৰ আৰোপ কৰা হৈছিল।

নতুন প্ৰস্তাৱ অনুসৰি, এই Compensation Cess আঁতৰাই তাৰ সলনি নতুন এককৰ কাঠামো প্ৰৱৰ্তন কৰা হ’ব, যাৰ অন্তৰ্গত:

  • চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ।
  • সুৰাৰ ওপৰত কড়া মূল্যবৃদ্ধি সম্ভাৱনা।
  • দামী গাড়ী আৰু কয়লাৰ ক্ষেত্ৰত ‘Clean Energy Cess’ নামত নতুন চেছ প্ৰৱৰ্তন।

বিশ্লেষকৰ মতে, এই নতুন ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে —
১) ৰাজহ বৃদ্ধি কৰা,
২) জনস্বাস্থ্য ৰক্ষা কৰা,
৩) পৰিৱেশ বান্ধৱ নীতিত উৎসাহ প্ৰদান।

উর্ধ্বতন সূত্ৰৰ মতে —

“চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত এই প্ৰস্তাৱসমূহৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী আৰু দামী গাড়ীৰ ওপৰত নতুন কৰ আৰোপ প্ৰায় নিশ্চিত।”

উল্লেখ্য যে, এই সিদ্ধান্তৰ প্ৰভাৱত সাধাৰণ ৰাইজৰ ওপৰত পৰিব পৰা প্ৰত্যক্ষ আৰ্থিক ভাৰ নিয়া লৈ বিতৰ্কও সৃষ্টি হ’ব পাৰে। তদুপৰি, Sin Goods আৰু Luxury Goodsৰ ওপৰত অধিক চাপ সৃষ্টিৰ বাবে, এই উদ্যোগক বহুতো চৰকাৰ-পৰ্যায়ৰ গোষ্ঠীয়ে সমৰ্থন জনাইছে।