Home Blog Page 128

মুঠ বনাঞ্চলৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে নৱম স্থানলৈ উন্নীত

বালিত খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা গ্ল’বেল ফৰেষ্ট ৰিচ’ৰ্ছ এচেছমেণ্ট (জিএফআৰএ) ২০২৫ অনুসৰি ভাৰতে মুঠ বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে নৱম স্থান লাভ কৰিছে। ইয়াৰ পূৰ্বে দেশখনে দশম স্থান দখল কৰিছিল।কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী ভূপেন্দৰ যাদৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই সাফল্যৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে ভাৰতে বাৰ্ষিক বনাঞ্চল লাভৰ ক্ষেত্ৰত বিশ্বজুৰি তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

মন্ত্ৰীগৰাকীয়ে এই অগ্ৰগতিৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত বন সুৰক্ষা, বনানীকৰণ, আৰু সম্প্ৰদায়ৰ নেতৃত্বত পৰিৱেশ কাৰ্যসূচীৰ লক্ষ্যৰে চৰকাৰী পদক্ষেপৰ বাবেই বুলি কয়।‘এক পেড় মা কে নাম’ৰ দৰে অভিযানে নাগৰিকসকলক বৃক্ষৰোপণ আৰু বন সংৰক্ষণত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে, পৰিৱেশ পৰিচালনাৰ ক্ষেত্ৰত জনসংযোগ বৃদ্ধি কৰিছে।যাদৱে কয় যে এই সাফল্যই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংযুক্ত প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে পৰিকল্পনা, নীতি ৰূপায়ণ, আৰু বৃহৎ পৰিসৰৰ বাগিচাৰ অভিযান, যিয়ে ভাৰতৰ বহনক্ষম বন ব্যৱস্থাপনা আৰু পৰিৱেশ ভাৰসাম্যৰ প্ৰতি দায়বদ্ধতাক শক্তিশালী কৰে।

৫০ বছৰৰ পিছত নগা বিদ্ৰোহী নেতা মুইভাৰ স্বগৃহলৈ প্ৰত্যাৱৰ্তন


সুদীৰ্ঘ ৫০ বছৰৰ পিছত এন এছ চি এন-আই এমৰ নেতা থুইংগালেং মুইভাই ২২ অক্টোবৰ বুধবাৰে নিজৰ জন্ম গাঁও মণিপুৰৰ উখৰুল জিলাৰ সোমডাললৈ উভতি আহে। নিজৰ গাঁৱত উপস্থিত হৈয়েই নগা বিদ্ৰোহী নেতাগৰীয়ে নগাসকলৰ মাজত তেওঁৰ চিৰস্থায়ী প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে। উখৰুল চহৰত হাজাৰ হাজাৰ লোকে সমবেত হৈ টিএনএল খেলপথাৰলৈ এক বৃহৎ শোভাযাত্ৰা কৰি যায় আৰু ৯৩ বছৰীয়া নগা নেতাগৰাকীক আদৰণি জনায়। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি স্থানীয় লোকসকলে মুইভাক উষ্ম আদৰণি জনায়। মুইভাৰ আগমনৰ সময়তে আনন্দ উদযাপন কৰিবলৈ দোকান আৰু কাৰ্যালয় আদি বন্ধ হৈ পৰে। উল্লেখ্য ৫০ টা বছৰ ধৰি নগা বিদ্ৰোদী নেতাজনে ম্যানমাৰ সীমান্তত বাস কৰিছিল। ১৯৮০ চনত তেওঁ গঠন কৰিছিল এন এছ চি এন-আই এম। বিদ্ৰোহী সংগঠনটোৱে নগালেণ্ডৰ স্বাধীনতাৰ বাবে যুঁজ দি আহিছে। ইপিনে বুধবাৰে দুৰ্বল স্বাস্থ্যৰ বাবে মুইভাৰ বাৰ্তা পঢ়ি শুনায় এন এছ চি এন-আই এমৰ আন এজন নেতাই। বিবৃতিটোত মুইভাই পুনৰ দৃঢ়তাৰে কয় যে ভাৰত চৰকাৰৰ সৈতে চলি থকা শান্তি আলোচনাত নগা ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধান “আলোচনা কৰিব নোৱাৰা” উপাদান। তেওঁ কয় যে যিকোনো চূড়ান্ত চুক্তিয়ে আমষ্টাৰডাম যৌথ বিজ্ঞপ্তি (২০০২) আৰু কাঠামো চুক্তি (২০১৫) দুয়োটাৰে “আখৰ আৰু আত্মা”ক সন্মান কৰিব লাগিব, যিবোৰক তেওঁ নগা ঐক্য আৰু পৰিচয়ৰ মূল স্তম্ভ বুলি অভিহিত কৰে।


১৯৬৪ চনৰ পৰা দশকজুৰি চলি অহা ৰাজনৈতিক সংগ্ৰামৰ কথা স্মৰণ মুইভাই কয় যে ১৯৯৭ চনৰ যুদ্ধবিৰতিৰ সৈতে আৰম্ভ হোৱা ভাৰত-নগা শান্তি প্ৰক্ৰিয়াটো পাৰস্পৰিক স্বীকৃতি আৰু উচ্চতম পৰ্যায়ত আলোচনাৰ আধাৰত গঢ় লৈ উঠিছিল। অৱশ্যে নতুন দিল্লীয়ে নগা জাতীয় প্ৰতীকক স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰাৰো অভিযোগ উত্থাপন কৰে তেওঁ । তেওঁ কয়, ‘ভাৰত চৰকাৰে নগা পতাকা আৰু সংবিধানক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰি চুক্তিৰ সাৰমৰ্ম উলংঘা কৰিছে।
মুইভাই লগতে অভিযোগ কৰে যে নগা সম্প্ৰদায়ক বিভাজিত কৰাৰ চেষ্টা কৰা হৈছে, এনে কাৰ্য্যই চুক্তিখনে ৰক্ষা কৰিব বিচৰা সামূহিক মনোভাৱৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও তেওঁ সকীয়াই দিয়ে। তেওঁ কেন্দ্ৰক আহ্বান জনায় যে যদিহে ই সঁচাকৈয়ে “সন্মানজনক আৰু স্থায়ী বন্দোবস্তী” বিচাৰে তেন্তে সকলো পক্ষকে সন্মান জনাব লাগিব । তেওঁ সকলো নগাকে নগা পতাকা আৰু সংবিধানৰ অধীনত সাৰ্বভৌমত্ব তথা ঐক্যৰ সন্ধানত অটল হৈ থাকিবলৈ আহ্বান জনায়।

পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ হাতলৈ আহি আছে ‘জোৰাৱাৰ’ টেংক – ‘নাগ’ মিছাইল

পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ হাতলৈ আহি আছে ‘জোৰাৱাৰ’ টেংক – ‘নাগ’ মিছাইল । বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অহা শীতকালত সেনাবাহিনীলৈ আহি আছে নতুন অস্ত্ৰ।দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ নতুন ৰূপ ধাৰণ কৰিছে মোদী চৰকাৰে। এফালে আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰা হৈছে, আনফালে স্বাৱলম্বী ভাৰতৰ উদ্দেশ্যে থলুৱা প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সেই ধাৰাত থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা টেংক জোৰাৱাৰ ভাৰতীয় সেনাক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা বা ডি আৰ ডি অ’ৰ উদ্যোগত জোৰাৱাৰৰ টেংক প্ৰস্তুত কৰা হৈছে। জানিব পৰা মতে, এই লাইট টেংকত থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত ‘নাগ’ মিছাইল লগোৱা হ’ব পাৰে, যাতে মিছাইলো টেংকৰ পৰাই নিক্ষেপ কৰিব পাৰি । সমগ্ৰ বিষয়টো পৰীক্ষাৰ পৰ্যায়ত আছে বুলি সূত্ৰটোৱে কয় ।

ডি আৰ ডি অ’ই ‘এল এণ্ড টি হেভি ইঞ্জিনিয়াৰিং’ৰ সহযোগত তুলনামূলকভাৱে লঘু জোৰাৱাৰ টেংক প্ৰস্তুত কৰিছে। ইয়াত এণ্টি টেংক মিছাইল নাগ এমকে-২ সজ্জিত কৰা হৈছে। নাগ এম কে-২ ক্ষেপণাস্ত্ৰ বায়ুৰ পৰা মাটিলৈ আৰু মাটিৰ পৰা মাটিলৈ উভয়তে যুদ্ধ কৰিবলৈ সক্ষম। ই চাৰি কিলোমিটাৰ দূৰৈৰ শত্ৰুৰ টেংক নিমিষতে ধ্বংস কৰিব পাৰে। আকাশৰ পৰা উৎক্ষেপণ কৰিলে নাগ এম কে-২ ৭ৰ পৰা ১০ কিলোমিটাৰ দূৰৰ লক্ষ্যত আঘাত কৰিব পাৰে।বৰ্তমান জোৰাৱাৰ টেংকত নাগ এম কে-২ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা চলি আছে। সামৰিক সূত্ৰৰ পৰা জানিব পৰা মতে, ইতিমধ্যে লাডাখৰ পাহাৰ, শীতল মৰুভূমি অঞ্চল আৰু গুজৰাটৰ ৰান অৱ কচ্চৰ দুৰ্গম ভূখণ্ডত এই পৰীক্ষা সফল হৈছে।১৯৮০ চনত ডি আৰ ডি অ’ই ‘ইণ্টিগ্ৰেটেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেম’ৰ অধীনত পাঁচটা ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। এই পাঁচটা ক্ষেপণাস্ত্ৰ হ’ল অগ্নি, পৃথ্বী, আকাশ, ত্ৰিশূল আৰু নাগ।
বিশেষজ্ঞসকলে কয় যে ভাৰতীয় সেনাৰ নতুন আৰ্টিলাৰী আৰু মিছাইল নাগ এম কে-২ য়ে লাডাখ উপত্যকাত চীনৰ সৈতে মোকাবিলা কৰি কাশ্মীৰ, ৰাজস্থান আৰু গুজৰাটৰ সীমান্তত পাকিস্তানৰ সেনাক ধ্বংস কৰিব পাৰিব।

১০০ বছৰ বয়সত মৃত্যু ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পথ প্ৰদৰ্শক বিশিষ্ট বিজ্ঞানী অধ্যাপক একনাথ চিটনিছৰ

১০০ বছৰ বয়সত মৃত্যু ঘটিল ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পথ প্ৰদৰ্শক বিশিষ্ট বিজ্ঞানী অধ্যাপক একনাথ চিটনিছৰ ।
প্ৰবীণ মহাকাশ বিজ্ঞানী অধ্যাপক একনাথ বসন্ত চিটনিছে বুধবাৰে পুনেত শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ মহাকাশ কাৰ্যসূচীৰ পথ প্ৰদৰ্শকসকলৰ ভিতৰত চিটনিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বুধবাৰে বিয়লি পুনেত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ বিক্ৰম ছাৰাভাইৰ প্ৰিয় চিটনিছে লঞ্চপেডৰ বাবে স্কাউট কৰা এটা দলৰ নেতৃত্ব দিছিল।
তেওঁ ১৯৮০ চনৰ মাজভাগত আহমেদাবাদৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল । অৱসৰৰ পিছত তেওঁ পত্নী প্ৰয়াত কুমুদ চিটনিছৰ সৈতে পুনেত বসতি স্থাপন কৰিছিল। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অৱদান আছিল ১৯৭৫-৭৬ চনত চেটেলাইট ইনষ্ট্ৰকচনেল টেলিভিছন এক্সপেৰিমেণ্ট (SITE)। এই প্ৰকল্পটোৱে নাছাৰ এ টি এছ-৬ উপগ্ৰহ ব্যৱহাৰ কৰি ছখন ৰাজ্যৰ ২,৪০০ গাঁৱত শিক্ষামূলক কাৰ্যসূচী চলাইছিল আৰু ডিজিটেল বিপ্লৱৰ ভেটি স্থাপন কৰিছিল ।চিটনিছে ১৯৮৩ চনৰ পৰা ২০১০ চনলৈকে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ পৰিচালনা সমিতিতো কাৰ্যনিৰ্বাহ কৰিছিল, দুবাৰকৈ ইয়াৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চিটনিছে তেওঁৰ বৈচিত্ৰ্যপূৰ্ণ অৱদানৰ বাবে ১৯৮৫ চনত পদ্মভূষণ বঁটা লাভ কৰে।প্ৰাক-স্বাধীন ভাৰতৰ কলহাপুৰত জন্মগ্ৰহণ কৰা চিটনিছে পুনা (বৰ্তমান পুনে)ত স্কুলীয়া শিক্ষা আৰু উচ্চ শিক্ষা গ্ৰহণ কৰে। চিটনিছে ইহসংসাৰত পুত্ৰ পেৰিছৰ পেষ্টুৰ ইনষ্টিটিউটত কৰ্মৰত জ্যেষ্ঠ বিজ্ঞানী অধ্যাপক চেতন চিটনিছ, বোৱাৰী আৰু দুগৰাকী নাতিনীক এৰি থৈ যায়।

এছআইটিৰ সন্মুখত হাজিৰ হল কণ্ঠশিল্পী গীতালী দেৱী । SIT

এছআইটিৰ সন্মুখত হাজিৰ হল কণ্ঠশিল্পী গীতালী দেৱী । SIT
এছআইটিৰ সন্মুখত হাজিৰ হল কণ্ঠশিল্পী গীতালী দেৱী । SIT

SIT । ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যজনকভাবে মৃত্যুক সাৱটি লোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে আজিও কন্দুৱাই আছে ৰাজ্যবাসীক। এনে সময়তে চিআইডি আৰু এছআইটিয়েও জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত আগবঢ়াই নিছে। ইতিমধ্যে কালি অসমৰ পৰা যোৱা এছ আই টিৰ দুজনীয়া দলে ছিংগাপুৰত উপস্থিত হৈছে আৰু মঙলবাৰে ছিংগাপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে তিনি ঘণ্টা দৰি আলোচনাত মিলিত হৈছে। এনে ঘটনা পৰিঘটনাৰ মাজতে মঙলবাৰে এছআইটিৰ সন্মুখত হাজিৰ হয় কণ্ঠশিল্পী গীতালী দেৱী। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শিল্পী সমাজৰ হৈ কণ্ঠশিল্পী গীতালী দেৱীয়ে এজাহাৰ দাখিল কৰিছিল।

এজাহাৰকাৰী হিচাপে আজি এছআইটিৰ সন্মুখত সাক্ষ্য প্ৰদান কৰে গীতালী দেৱীয়ে । এছআইটিৰ সন্মুখত উপস্থিত হোৱাৰ পিছত গীতালি দেৱীয়ে সাংবাদিকক কয়, “আমাৰ হাতত যি তথ্য আছে আমি দাখিল কৰিছো । ‌আমাক জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য লাগে । জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা প্ৰত্যেকজনেই দোষী ।”তেওঁ লগতে কয়, “এছ আই টিয়ে তদন্তত সহায় কৰিব দিছে । আজি মোক মাতিছিল । মই যিখিনি জানো সেইখিনিৰ ওপৰত সোধা-পোছা কৰিছে । আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ । দোষীয়ে শাস্তি পাওক । জুবিন গাৰ্গ আমাৰ সম্পদ আছিল ।”ছিংগাপুৰলৈ নি জুবিন গাৰ্গক পৰ্যাপ্ত সুবিধা প্ৰদান নকৰা বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে কয় , “এজন চেলিব্ৰিটীক নিলে যি সুবিধা দিব লাগিছিল সেইখিনি দিয়াত ব্যৰ্থ হৈছে । এই ঘটনাটোৰ বাবে এজনেই দোষী নহয় । জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা প্ৰত্যেকজনেই দোষী । আমি ন্যায় পাম বুলি আশাবাদী ।”

সংঘৰ্ষত নিহত আলফা স্বাধীনৰ কেডাৰ আই ওৱান অসম ওৰফে কন্তি

অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ, অৰুণাচল আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত সংঘৰ্ষ
নামচাইৰ ছয়মাইলত সংঘটিত হয় এই সংঘৰ্ষ।


সংঘৰ্ষত নিহত আলফা স্বাধীনৰ কেডাৰ আই ওৱান অসম ওৰফে কন্তি ওৰফে অভিকেশৰ মৰাণ
আই ওৱান অসমৰ ঘৰ তিনিচুকীয়াৰ কৰ্দৈগুৰিত।


প্ৰায় ৭ জনীয়া আলফা স্বাধীনৰ দলৰ সৈতে নিৰাপত্তাৰক্ষীৰ বুধবাৰে সংঘটিত হৈছিল গুলীয়াগুলী
কাকপথাৰৰ সেনা শিবিৰত আক্ৰমণৰ সৈতে জড়িত আছিল আলফা স্বাধীনৰ দলটো।
নিহত আলফা কেডাৰজনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা HK ৰাইফল, এটা গ্ৰেনেড,এটা বেগ আৰু RPG 7 ৰ চেল।

ছিংগাপুৰত কিদৰে চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ?

ছিংগাপুৰতো যোৰদাৰ গতিত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ছিংগাপুৰ আৰক্ষী আৰু CIDৰ SITৰ মাজত অনুষ্ঠিত হয় প্ৰায় ডেৰঘণ্টাজোৰা বৈঠক। বৈঠকত SIT প্ৰধান মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেলে লয় অংশ।

জানিব পৰা অনুসৰি ছিংগাপুৰ আৰক্ষীয়ে এইবৰ্ষৰ ১৯ ডিচেম্বৰৰ পূৰ্বে দাখিল কৰিব কৰ’নাৰৰ তদন্তৰ প্ৰতিবেদন। জুবিনৰ মৃত্যু তদন্তত ছিংগাপুৰ আৰক্ষীয়ে অসম আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জানিব দিয়ে। অসমৰ ৰাইজক ধৈৰ্য ধৰিবলৈও আহ্বান জনাই ছিংগাপুৰ আৰক্ষীয়ে।


ইতিমধ্যে CIDৰ SITএ য়ে ১৯ ছেপ্টেম্বৰত ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেছিফিক, ছানটেক কনভেনচনো পৰিদৰ্শন কৰিছে SITএ।
জানিব পৰা অনুসৰি ⁠SITএ ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সামৰি দুদিন বা এদিনৰ ভিতৰে উভতি আহিব অসমলৈ।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে সোমবাৰে CIDৰ SIT ছিংগাপুৰত উপস্থিত হৈছিল। অসমৰ সমান্তৰালকৈ CIDৰ SITএ ছিংগাপুৰতো চলাইছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপর্যপূর্ণ মন্তব্য

মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ শাম কাটিব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী থকা উত্তেজনা প্ৰশমন হ’ব
দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ২১ অক্টোবৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে তাৎপর্যপূর্ণ মন্তব্য। মুখ্যমন্ত্ৰী শৰ্মাই কয়- মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ শাম কাটিব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী থকা উত্তেজনা প্ৰশমন হ’ব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি থকা প্ৰতিবাদ সন্দৰ্ভত স্পষ্ট মন্তব্য কৰি তেওঁৰ পদত্যাগৰ ফলত প্ৰতিবাদ বহু পৰিমাণে হ্ৰাস পাব পাৰে বুলি কৰা মন্তব্যই বিভিন্ন জনৰ মনত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।সংবাদ মাধ্যমক সম্বোধন কৰি শৰ্মাই কয়, “আজি মই পদত্যাগ কৰিলে ৫০% প্ৰতিবাদ ততালিকে কমি যাব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে বাকী আধা শেষ হৈ যাব।” বৰ্তমানৰ আন্দোলন কেৱল প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ ন্যায় বিচাৰি নহয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয় ‘এই আন্দোলন কেৱল জুবিনক ন্যায় দিয়াৰ বাবে নহয়।’
মুখ্যমন্ত্ৰী শৰ্মাই জুবিনৰ প্ৰকৃত অনুৰাগী আৰু তেওঁৰ মৃত্যুৰ পিছত আত্মপ্ৰকাশ কৰাসকলৰ মাজত পাৰ্থক্য থকা বুলি কয় । ”জুবিনক তেওঁৰ জীৱনকালত সমৰ্থন কৰা প্ৰকৃত অনুৰাগীসকল আৰু আনসকল পৃথক গোটৰ পৰা অহা লোক—যিসকলৰ বহুতেই তেওঁৰ সমালোচক আছিল,” । অতিৰঞ্জিত বাতৰি প্ৰকাশৰ জৰিয়তে কিছুমান সংবাদ মাধ্যমে উত্তেজনা বিয়পাই থকা বুলিও মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰে । তেওঁ পৰিৱেশকলৈ হোৱা উদ্বেগৰ বিষয়ত কয় যে কোনো গছ কটা হোৱা নাই আৰু তেওঁ ব্যক্তিগতভাৱে জুবিনৰ সন্মানত সেইবোৰ সংৰক্ষণ কৰাটো নিশ্চিত কৰিছে।
জুবিনৰ উত্তৰাধিকাৰ সংৰক্ষণৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ কথা আলোকপাত কৰি শৰ্মাই শিল্পীগৰাকীৰ অসমাপ্ত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে। ‘সংগীত বিদ্যালয় আৰু মহাবিদ্যালয় সমষ্টিসমূহত স্থাপন কৰা হ’ব আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।’ ‘চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই নকৰে।উচ্চ ন্যায়ালয়ে তদন্তৰ কাম হাতত লৈছে আৰু আৰক্ষীৰ প্ৰতিবেদন শীঘ্ৰে দাখিল কৰা হ’ব।’-জনসাধাৰণক তেওঁ ধৈৰ্য্য ধৰিবলৈয়ো আহ্বান জনায় । তেওঁ লগতে নিশ্চিত কৰে যে এই গোচৰৰ শুনানি ফাষ্ট ট্ৰেক আদালতত হ’ব, নাগৰিকসকলক ন্যায়িক ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিবলৈ উৎসাহিত কৰা হ’ব।

জুবিন গাৰ্গক স্মৰণ কৰি জন্মদিনত পত্নী গৰিমা শইকীয়া গাৰ্গৰ ছচিয়েল মিডিয়াত আবেগিক পোষ্ট,শিৰোনাম লিখিলে- “গোল্ডি”

জুবিন বিহীন এমাহ পাৰ হৈ গল। এনে সময়তে আজি জুবিন গাৰ্গৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গৰ জন্ম দিন। মঙলবাৰে গৰিমা শইকীয়া গাৰ্গে তেওঁৰ জন্মদিন উপলক্ষে প্ৰয়াত স্বামী সংগীত জগতৰ কিংবদন্তি জুবিন গাৰ্গক গভীৰ আবেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৰিমা গাৰ্গ শইকীয়াই পুৱাই ফেচবুকত তাহানিৰ সুখৰ দিনৰ দুখন মৰমেৰে জীপাল ফটো শ্বেয়াৰ কৰে। , য’ত মাত্ৰ এটা শব্দেৰে কেপচন দিয়া হৈছে — “গোল্ডি”।

যোৱা এমাহ ধৰি গৰিমাই জুবিনৰ ন্যায়ৰ বাবে চলি থকা দাবীৰ ক্ষেত্ৰত আগৰণুৱা হৈ আছে। তেওঁ ৰাজহুৱা আৰু অনলাইন উভয় ক্ষেত্ৰতে নিজৰ দুখ আৰু দৃঢ়তাৰ কথা প্ৰকাশ কৰিছে। সোণাপুৰত সমাৱেশক সম্বোধন কৰাৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়াত আন্তৰিক আবেদন পোষ্ট কৰালৈকে তেওঁ স্বামীৰ মৃত্যুক লৈ সত্য আৰু জবাবদিহিতা বিচৰাত একত্ৰিত হৈ থিয় দিবলৈ সকলোকে আহ্বান জনাইছে। ইপিনে হাজাৰ হাজাৰ অনুৰাগী আৰু শুভাকাংক্ষীয়ে গৰিমালৈ জন্মদিনৰ শুভেচ্ছা জনাইছে। বহুতে তেওঁক শক্তি আৰু কৃপাৰ প্ৰতীক বুলিও অভিহিত কৰিছে।

সূৰ্য উঠা দেশত ইতিহাস ৰচনা: জাপানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলা ছানে টাকাইছি

ইতিহাস ৰচনা কৰিলে জাপানে, দেশখনে লাভ কৰিলে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। জাপানৰ ৰাজনীতিৰ এক উল্লেখযোগ্য মুহূৰ্তত ২১ অক্টোবৰত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভানেত্ৰী ছানে টাকাইছিয়ে দেশ খনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।৬৪ বছৰীয়া টাকাইছিয়ে নিম্ন সদনত ২৩৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী কনষ্টিটিউচনেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী যোছিহিকো নোডাই ১৪৯টা ভোট লাভ কৰে ।

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো এবেৰ ঘনিষ্ঠ টাকাইছিয়ে প্ৰধানমন্ত্ৰী পদত বিজয়ী হোৱাৰ পিছতে দেশ খনৰ অৰ্থনৈতিক স্থবিৰতা আৰু আভ্যন্তৰীণ ৰাজনৈতিক সংকট দূৰ কৰিব বুলি ঘোষণা কৰে।নিৰ্বাচিত হোৱাৰ পিছতে টাকাইছিয়ে কেবিনেট গঠনৰ প্ৰস্তুতি আৰম্ভ কৰে। টাকাইচিয়ে নিপ্পন ইশ্বিন ন’ কাই নামেৰেও পৰিচিত জাপান ইনোভেচন পাৰ্টিৰ নেতা হিৰোফুমি যোছিমুৰাৰ সৈতে কৌশলগত মিত্ৰতা গঢ়ি তুলিছে। যদিও জেআইপিৰ সাংসদসকলে কেবিনেটৰ পদ গ্ৰহণ কৰিব বুলি আশা কৰা হোৱা নাই, তথাপিও দুয়োটা দলে মূল সংস্কাৰৰ পদক্ষেপ আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে — য’ত সংসদীয় আসন ১০% হ্ৰাস, সামাজিক সুৰক্ষা সম্পৰ্কীয় সংস্কাৰ, আৰু টকিঅ’ৰ সমান্তৰালভাৱে ওছাকাক “গৌণ ৰাজধানী” হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে।

জিআইপিৰ সংসদীয় নেতা ফুমিটাকে ফুজিটাই কয় যে মিত্ৰজোঁটৰ এই পদক্ষেপে দলৰ ভিতৰত সৰ্বসন্মতিক্ৰমে সমৰ্থন লাভ কৰিছে। টাকাইছিয়ে জেআইপিৰ সদস্যসকলক “কেইবাটাও মন্ত্ৰী পদ” প্ৰদান কৰাৰ পিছতো দলটোৱে সদ্যহতে কেবিনেটৰ বাহিৰত থাকিবলৈ সিদ্ধান্ত লৈছে। দেওবাৰৰ আলোচনাৰ সময়ত জেআইপিৰ প্ৰাক্তন মুৰব্বী নোবুয়ুকি বাবাই নিশ্চিত কৰে যে কোনো সদস্যই চৰকাৰত যোগদান কৰাৰ সম্ভাৱনা নাই। টাকাইছি দেশ খনৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ বিষয়টো জাপানত লিংগ প্ৰতিনিধিত্বৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। তেওঁৰ প্ৰধানমন্ত্ৰী পদকলৈ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়তে মানুহে তীক্ষ্ণ দৃষ্টি ৰাখিছে।তেওঁ সংস্কাৰ, শাসন আৰু দলীয় সংহতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতাই জাপানৰ ৰাজনৈতিক পৰিৱেশৰ পৰৱৰ্তী পৰ্যায়টোক সংজ্ঞায়িত কৰিব বুলি আশা কৰা হৈছে।উল্লেখ্য সোমবাৰে নতুন ৰাজনৈতিক অংশীদাৰ বিচাৰি থকা টাকাইছিয়ে নিপ্পন ইশ্বিন নো কাই নামেৰেও পৰিচিত জে আই পিৰ নেতৃত্ব দিয়া ওছাকাৰ গৱৰ্ণৰ হিৰোফুমি যোছিমুৰাৰ সৈতে আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ কৰে । ইপিনে জাপানৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হোৱা বাবে ছানে টাকাইছিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে টাকাইছিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। মোদীয়ে এক্সত এটা পোষ্টত কৈছেঃ
“ছানে টাকাইছি, জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জনাইছো। মই ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰতো শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে আমাৰ গভীৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ।