Foods to Avoid in Sawan: শাওণ মাহত নাখাব এইসমূহ বস্তু, নহ'লে স্বাস্থ্যৰ ওপৰত পৰিব বেয়া প্ৰভাৱ !
শাওণ মাহটো ভোলানাথৰ বিশেষ মাহ (Foods to Avoid in Sawan) বুলি গণ্য কৰা হয়। বয়োজ্যেষ্ঠসকলে প্ৰায়ে কয় যে এই মাহত কিছুমান খাদ্য খাব নালাগে। কেৱল ধৰ্মীয় কৰাণে নহয়, বৈজ্ঞানিক কাৰণো আছে।
শাওণ মাহত বতৰৰ বহুতে পৰিৱৰ্তন হয়। শাওণ মাহত মানুহৰ জীৱনশৈলীৰ লগতে খাদ্যাভ্যাসও সলনি হয়। শাওণ মাহত কি কি খাব নালাগে জানো আহক-
শাওণত গাখীৰৰ সামগ্ৰী নাখাব। কাৰণ মাটিত থকা বেছিভাগ পোকৰ সংক্ৰমণ ঘাঁহ বা সেউজীয়া বস্তুত বিয়পে। ঘাঁহবোৰ গৰু বা ম’হে খায় আৰু সেই গাখীৰ আমাৰ ঘৰলৈ আহে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। দৈ খাব নালাগে কাৰণ বৰ্তমান পৰিৱেশত আৰ্দ্ৰতা আৰু বীজাণু বাঢ়িছে, যাৰ ফলত ক্ষতিকাৰক বেক্টেৰিয়া বাঢ়ি যায়। ইয়াৰ উপৰিও দৈ ঠাণ্ডা, যাৰ বাবে ঠাণ্ডা আৰু কাহৰ ভয়ও দেখা যায়।
অপাৰেচন সিন্দূৰৰ সময়তো ইয়াৰ এক শক্তিশালী উদাহৰণ প্রত্যক্ষ হয়। আমাৰ সংস্থাসমূহে আমাৰ আন্তঃগাঁথনিৰ ওপৰত সংঘটিত একাধিক সমন্বিত চাইবাৰ আক্ৰমণক সফলতাৰে প্ৰতিহত কৰিছিল।
উদ্ভাৱন আৰু ষ্টাৰ্টআপ ১.৮ লাখৰো অধিক ষ্টাৰ্টআপ আৰু ১০০+ ইউনিকৰ্ণেৰে ভাৰত আজি বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ষ্টাৰ্টআপ ব্যৱস্থাৰ দেশ হৈ পৰিছে। এই ষ্টাৰ্টআপসমূহৰ একাধিকৰেই আধাৰ হৈছে ডিজিটেল ইণ্ডিয়াৰ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি।
আমাৰ এআই মিছন এ ষ্টাৰ্টআপ, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হাই-এণ্ড কম্পিউটিংকো সুলভ কৰি তুলিছে। ৩৪,০০০ ৰো অধিক জিপিইউ এতিয়া উপলব্ধ আৰু ৬০০০ পাইপলাইনত আছে।
টেলিকমৰ পৰা ছেমিকণ্ডাক্টৰলৈঃপ্ৰধানমন্ত্ৰী মোদীৰ “Make in India, Make for India, Make for the World”-ত গুৰুত্ব আৰোপৰ ফলশ্ৰুতিত ইলেক্ট্ৰনিকছ আৰু ম’বাইল উৎপাদনৰ ব্যাপক উত্থান ঘটিছে। আমাৰ ইলেক্ট্ৰনিকছ উৎপাদনে ১২ লাখ কোটি টকা অতিক্ৰম কৰিছে। আজি ভাৰত ম’বাইল ফোনৰ নেট ৰপ্তানিকাৰী দেশো।
টেলিকম আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণে এই বৃদ্ধি একেদৰে সমৰ্থন কৰিছে। ভালেমান বছৰৰ পাছত বিএছএনএল (BSNL) এ পুনৰ লাভ অৰ্জন কৰিছে, এই কাৰ্য্যই ৰাজহুৱা টেলিকম খণ্ডটোৰ এক উল্লেখযোগ্য প্রত্যাৱর্তনক সূচিত কৰিছে। ভাৰতে নিজাকৈ থলুৱা টেলিকম ষ্টেক গঢ়ি তুলিছে।
কচুগাঁও: Mid Day Meal কচুগাঁও ছোৱালী এম ই স্কুলত অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ কচুগাঁও ব্লক সমিতিৰ এক গুৰুত্বপূর্ণ সাধাৰণ সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত এই সভাখন সন্থাৰ সভাপতি দলসিং কোচৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত কচুগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত সকলো বিদ্যালয়ৰ ৰন্ধন কৰ্মীসকল উপস্থিত থাকে।
সভাত ৰন্ধন কৰ্মীসকলে চৰকাৰৰ প্ৰতিশ্ৰুতি ভংগ আৰু উপেক্ষাৰ প্ৰতি তীব্ৰ ক্ষোভ ব্যক্ত কৰে। তেওঁলোকৰ অভিযোগ, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মাননী বৃদ্ধি কৰাৰ আশ্বাস দিয়াৰ পিছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ৰন্ধন কৰ্মীসকলে কয় যে, “দুটা দশক ধৰি আমি নামমাত্ৰ মাননীৰ বিনিময়ত কাম কৰি আহিছো। চৰকাৰে ভাল দিনৰ আশা দেখুৱাইছিল, কিন্তু বৰ্তমানে আমাৰ বাবে কোনো চিন্তা কৰা হোৱা নাই।”
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০০ টকা আৰু ৰাজ্য চৰকাৰৰ পৰা ৫০০ টকা হাৰত মাননী লাভ কৰি আছে ৰন্ধন কৰ্মীসকল। যদিও চৰকাৰে মাননী ৬০০০ টকা কৰাৰ কথা কৈছিল, তাৰ বিপৰীতে কেৱল ৫০০ টকা বৃদ্ধি কৰে। এই সামান্য মাননীৰ বিপৰীতে ৰন্ধন কৰ্মীসকলে প্ৰতিদিনে ৫-৬ ঘণ্টা সময় দিছে। তাৰোপৰি, এতিয়া তেওঁলোকক মধ্যাহ্ন ভোজন বিলোৱাৰ দায়িত্বও দিয়াৰ কথা উঠিছে।
সভাত এই কথা উত্থাপন কৰি, বহিঃৰাজ্যৰ কোনো কোম্পানীক মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব দিয়াৰ সম্ভাৱনাত ৰন্ধন কৰ্মীসকলে গভীৰ চিন্তা আৰু প্ৰতিবাদ প্ৰকাশ কৰে।
এই কাৰ্যসূচীৰ অংশস্বৰূপে আজিৰ দিনটোত প্ৰথম কাৰ্যসূচী ৰূপে ONGCৰ আবাসিক এলেকাস্থিত ডঃ বি. আৰ. আম্বেদকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক শৈক্ষিক আলোচনা চক্ৰ। উক্ত আলোচনাত নাজিৰাৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি পৰিবেশ সজাগতা, স্বচ্ছতা আৰু সামাজিক দায়িত্ব সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।
অনুষ্ঠানখনত উপস্থিত থাকে ONGCৰ বিষয়ববীয়া, অঞ্চলটোৰ শিক্ষক-শিক্ষয়িত্ৰী, “নাৰী উন্নতি”ৰ সদস্যসকলৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি আৰু স্থানীয় ছাত্ৰ-ছাত্ৰী।
“স্বচ্ছতা পষেক” কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ মাজত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা হৈছে মূল উদ্দেশ্য। আগন্তুক দিনবোৰতো এই কাৰ্যসূচীৰ অধীনত বিভিন্ন সচেতনতামূলক আৰু প্ৰৰোচনামূলক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি আয়োজনকাৰী সকলে জানিবলৈ দিয়ে।