Home Blog Page 1281

খালী পেটত দৈনিক খাবলৈ আৰম্ভ কৰক এটাকৈ আপেল…

আপেল পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এবিধ ফল। হজম শক্তিৰ পৰা আৰম্ভ কৰি ছালৰ পৰা চুলিলৈকে সকলোৰে বাবে আপেল অতি উপকাৰী। দৈনিক এটা আপেল খালী পেটত খোৱাটো অতি পুৰণি উপদেশ। এই উপদেশ ঘৰৰ বয়োজ্যেষ্ঠসকলে সদায় মানি আহিছে। আপেল খালে কি কি লাভ হয় জানো আহক-

আপেল ফাইবাৰৰ অতি উত্তম উৎস। ইয়াৰ উপৰিও ই সোনকালে হজম হয়। আপেলে আপোনাক কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে আৰু হজম শক্তি উন্নত কৰে।

উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে আপেল অতি উত্তম। ই কলেষ্টেৰলৰ মাত্ৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা যিকোনো হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

পুষ্টিকৰ উপাদান সমৃদ্ধ আপেলত কুইৰচেটিন আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। যিয়ে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত শৰীৰক বহুত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰৰ পুৰণি ৰোগ নিৰাময় কৰে।

আপেলত ভিটামিন ডিও থাকে যি হাড়ৰ বাবে অতি উত্তম। আপেল খোৱাৰ পিছত হাড়বোৰ মজবুত হৈ পৰে।

আপেল খালে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে। ডায়েবেটিছ ৰোগীৰ বাবে আপেল অতি উত্তম।

আপেলত পোৱা ভিটামিন চিয়ে শৰীৰত সুস্থ কলাজেনক প্ৰসাৰিত কৰে।


শতাধিক ৰোগৰ মহৌষধী ডালিমৰ বিষয়ে জানক…

গুণাগুণ –

১। ডালিম ৰক্ত বৃদ্ধিকাৰক । সেয়ে ৰক্তহীনতাত ভোগা সকলো ৰোগীৰ বাবে উত্তম পথ্য । যিকোনো ৰোগত শাৰিৰীক দুৰ্বলতা গুচাবলৈ ডালিম খুবেই উপকাৰী ।
২। ডালিমৰ ৰস বা জুচ উৎকৃষ্ট শীতল পানীয় । গৰমত ইয়াৰ ৰসে দেহ জুৰ পেলোৱাই নহয় ই শক্তি বৰ্ধক, স্মৃতি শক্তি তথা হিমোগ্লোবিন বৃদ্ধিকাৰক, বায়ু ,পিত্ত,কফ জনীত ৰোগ নাশক ।
৩। ডালিমে পাচন ক্ৰিয়া মজবুত কৰে।
পেটৰ যিকোনো ৰোগ – অৰুচি,অজীৰ্ন,আমাশয়, অতিসাৰ ,হাগনি , তেজহাগনি , গেছ বা অম্লতা(acidity) পিত্তৰোগ , অৰ্শ(pilse), ভগন্দৰ আদিৰ বাবে ডালিমৰ ৰস, বীজ পাত,কলি, চাল আদি সকলো অংশই মহৌষধী ।

৪। পেটৰ কৃমি নাশ কৰাৰ বাবে ডালিম ফল , ফলৰ বাকলি , পাত,কলি, গাগছ বা শিপাৰ চাল ,, আদি সকলো অংশই মহৌষধ ।


৫। যকৃত(liver) , হৃদপিন্ড(heart) বৃক্ক(kidney) আদিৰ সুৰক্ষাৰ বাবে ডালিম উত্তম ফল ।
৬। সৰু বা ডাঙৰ লৰাছোৱালীৰ নাকেৰে তেজ যোৱা ৰোগ হলে ডালিমৰ এটা ৰঙা কলি (অভাৱত ডালিমৰ ৰস) আৰু কিছু দুবৰিবনৰ ৰস উলিয়াই কাপোৰেৰে চেকি নাকত দিব আৰু ১০টা পাত থেতেলাই গৰমপানী মিহলাই দিনটোত ২বাৰ খুৱাব। নিয়মিত ডালিম ফলৰ ৰস খুৱাব। গৰমৰ বাবে তেজ ওলালে উক্ত দিহাৰ উপৰি ডালিমৰ পাত বা ডালিমৰ বাকলি আৰু দুবৰি থেতেলাই তালুত লেপ দিব । সঘনাই তেজ গলে ৫০ -১০০মি:লি: ডালিমৰ ৰসত কিছু দুবৰিৰ ৰস, নাৰ্জীফুলৰ পাত আৰু ধনিয়া পাতৰ ৰস একেলগে মিহলাই দিনে দুবাৰ খুৱাব।
৭।গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ডালিম অতিকে সুষম ফলাহাৰ ।
৯। মহিলাৰ অধিক ঋতুস্ৰাৱ সমস্যাত উপকাৰী ।
১০। পুৰুষ মহিলাৰ যৌন দুৰ্বলতাৰ বাবে নিয়মিত এটাকৈ ডালিম সেৱন অতি ফলপ্ৰদ ।
১১। স্বপ্নদোষ বা ধাতুদুৰ্বলতাৰ সমস্যাত ডালিম খোৱাৰ লগতে বাকলিৰ শুকান চুৰ্ন এচামুচ এগিলাচ ঠাণ্ডা পানীৰে শোৱাৰ আগতে খাব ।
১২। শৰীৰত বগাদাগ পৰিলে ডালিম খাব আৰু ৰস + লাল চন্দন লেপ দিব ।
১৩। ঘা,ফোহোৰা,পোৰা ঘা, খজুৱতি আদিত ডালিমৰ পাত বতি লেপ লগাব ।


১৪। মুৰ বিষ ,আধকপালি বিষ,মাইগ্ৰেন পেইন , উচ্চ ৰক্তচ্চাপৰ বাবে হোৱা মুৰৰ বিষ আদিত ডালিমৰ চাল থেতেলাই মুৰত লেপ দিব । নাইবা ডালিম ফুল,আমৰ বেৰী থেতেলাই নাকেৰে শুঙিব পাৰে । ডালিম ফলে উচ্চ ৰক্তচাপ কৰায়।
১৫। চুলি সৰা বন্ধ কৰিবলৈ ডালিমৰ পাত ২৫ গ্ৰাম ১০০ মিলি: সৰিয়হ তেলত ভাজি সেই তেল কিছুদিন মুৰত লগাব ।
১৬। দাঁতেৰে তেজ ওলোৱা , পায়েৰীয়া বা দাঁতৰ অন্যান্য সমস্যাত ডালিমৰ কলি শুকান গুড়িৰে দিনত ৩বাৰ মঞ্জন কৰিব ।
১৭। মুখৰ দুগন্ধ গুচাবলৈ ডালিমৰ বাকলি বা পাত সিজোৱা পানীৰে কুলকুলিয়াব আৰু দিনে দুবাৰ সেই পানী এঢোককৈ খাব ।
১৮। বাৰে বাৰে প্ৰস্ৰাৱ কৰা (বহুমূত্ৰ) ৰোগত বাকলিৰ এক চামুচ চুৰ্ণ পানীত মিহলাই দিনে
তিনি বাৰ খাব ।
১৯ । চকুৰ বিষ আৰু ৰাতি নেদেখা (কুকুৰিকণা) ৰোগীয়ে ডালিম খোৱাৰ উপৰি ডালিমৰ পাত থেতেলি চকুৰ পতাৰ ওপৰত পাতল কাপোৰ দি লেপ দিলে উপসম হয়।
২০। কানেৰে কম শুনা ব্যক্তিয়ে ডালিমৰ ৰস+ বেলপাতৰ ৰস+ ঘি+মিচিৰি মিহলাই দিনে ২বাৰ খালে শ্ৰবন শক্তি বৃদ্ধি হয় ।
ইয়াৰোপৰি হিষ্টিৰীয়া, মৃগী ,ৰক্ত বিকাৰ,মুৰ্চাৰোগ, টায়েফয়েড, ৰক্ত বমন , মেদ বহুলতা, হাড়ৰ বিষ ,গাথি বিষ আদি নানাবিধ ৰোগৰ উপৰি ৰোগজনীত শাৰিৰীক দুৰ্বলতাৰ বাবে ডালিম উত্তম ফল ।

লেখক : যতীন দাস

শিৱসাগৰত সংকল্পিত মহা পাল নাম শুভাৰম্ভ


ওঁ নমো ভগৱতে বাসুদেৱায় !! জয় গুৰু শংকৰ , এই অমৃত বাক্য ফাকিৰে মঙলবাৰৰ পৰা শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত সংকল্গিত মহা পাল নাম অনুষ্ঠিত কৰা হৈছে।

সদৌ অসম কৃষ্ণ সূয্য নাম সমাজৰ সৈাজন্যত অসমবাসী ৰাইজৰ সহযোগত আৰু শিৱসাগৰ বাসীৰ আতিথ্যত অনুষ্ঠিত হোৱা মহা পালনামৰত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে আৰু আই মাতৃ সকলে নামেৰে শিৱসাগৰ নগৰৰ আকাশ বতাহ ভক্তিময় কৰি তোলে ।

ঘোলাঘাট ,ডিব্ৰুগৰ , মৰাণ আদি ঠাইৰ পৰাও ভক্তি প্ৰাণ ৰাইজৰ আগমন ঘটে ।ৰন্ধন শালত মাজুলী আৰু টীয়কৰ ভক্ত প্লাণ ৰাইজে সেৱা আগবঢ়াই ।

-সমুদ্ৰ জিৎ গগৈ, শিৱসাগৰ ।

ৰে’ল ষ্টেচনত অঘটন! চলন্ত ৰে’ল ইঞ্জিনৰ আগত পৰিল যুৱক…

নাজিৰা ৰে’ল ষ্টেচনত অঘটন।

সোমবাৰে নিশা লাইন পৰিভ্ৰমণ কৰা চলন্ত ৰে’ল ইঞ্জিনৰ আগত পৰিল যুৱক!

শিমলুগুৰি ৰে’ল জংচনৰ সমীপতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়!

যুৱকজনৰ নাম লাঠু আলী (২৬)!

শিমলুগুৰি ৰে’ল আৰক্ষীৰ তৎপৰতাত যুৱকজনৰখত মৃতদেহটো উদ্ধাৰ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত ক্ষণত যুৱকজন সুৰাসক্ত হৈ ৰে’ল লাইনৰ কাষত অনাই বনাই ঘূৰি ফুৰাৰ অভিযোগ উঠিছে যদিও ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে!

কলাইগাওঁ সমষ্টিৰ বায়ুসেনাৰ প্ৰাক্তন সৈনিক মন্থিৰ বড়াৰ মৃত্যু…

কলাইগাওঁ সমষ্টিৰ লক্ষীমপুৰ গাৱৰ নিবাসী বিশিষ্ট সমাজ কৰ্মী, ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক, শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয় মহলীয়াপাৰা দৰঙৰ প্ৰাক্তন অধ্যক্ষ, আৰু একে  বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, লগতে  এগৰাকী আদৰ্শ শিক্ষক তথা এগৰাকী স্পষ্টবাদী ব্যক্তি মন্থিৰ বড়াৰ (৮১)  মৃ্ত্যুত অঞ্চলজুৰি শোকৰ ছা পৰে  ৷

তেও বহুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও ডাক্তৰৰ পৰামৰ্শ অনুসৰি ঘৰতে চিকিৎসাধীন হৈ আছিল ৷  তেখেতৰ মৃত্যুত তেওঁ প্ৰতিষ্ঠা কৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘ লক্ষীমপুৰ প্ৰাথমিক শাখাৰ সংগী বৃন্দই শেষ শ্ৰদ্ধা জনোৱাৰ উপৰি   লক্ষীমপুৰ মীন মহল কমিটি, শ্ৰীমন্তশঙ্কৰদেৱ সংঘ দৰং জিলা শাখা, শ্ৰীমন্তশঙ্কৰদেৱ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী,

ৰামগাও বিষ্ণুজ্যোতি প্ৰাথমিক শাখা, কাইঠপাৰা প্ৰাথমিক শাখা, মধ্য মঙলদৈ আঞ্চলিক শাখা, লক্ষীমপুৰ গেছ এজেন্সী, অৱসৰী বায়ুসেনা সন্থা দৰং জিলা শাখাৰ সভাপতি সম্পাদক, বুঢ়াখাট প্ৰাথমিক শাখা, স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ বড়াই দুগৰাকীকৈ পত্নী এগৰাকী জী জোৱাই আৰু আত্মীয় স্বজনক এৰি যায় ৷

মঙলবাৰে যিকোনো সময়তে ৫ মিনিট এই কাম কৰক, সন্তুষ্ট হ’ব ভগৱান হনুমান দূৰ হ’ব সমস্যা…


হিন্দু ধৰ্ম শাস্ত্ৰত হনুমানক কলিযুগৰ জাগ্ৰত দেৱতা বুলি জনা যায়। কোৱা হয় যে যদি তেওঁক সঁচা অন্তৰ আৰু পূৰ্ণ ভক্তিৰে স্মৰণ কৰে তেন্তে তেওঁ ভক্তসকলৰ সকলো কামনা পূৰণ কৰে আৰু প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰে। ধৰ্মীয় গ্ৰন্থ অনুসৰি সপ্তাহৰ সাতটা দিনেই কোনোবা নহয় কোনোবা দেৱতাৰ নামত উচৰ্গা কৰা হয়। মঙলবাৰে হনুমান ভগৱান পূজাৰ দিন। যদি হনুমানক কঠিন সময়ত সঁচা অন্তৰেৰে স্মৰণ কৰা হয়, তেন্তে তেওঁ ব্যক্তিগতভাৱে উপস্থিত হৈ ভক্তসকলৰ সকলো দুখ-কষ্ট দূৰ কৰে।

জ্যোতিষৰ হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে ব্ৰত পালন কৰা হয়।

গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু…

গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু ৷

মালিগাঁৱৰ সানভি ৱেলনেছ চেণ্টাৰত

মিত্ৰ টাই নামৰ ২৫ বছৰীয়া যুৱকজনৰ মৃত্যু৷

নাই পান কাৰ্ড, নাই বেংক একাউণ্ট ফোনত মাত্ৰ ৩ টকা বেলেঞ্চ; কেবিচিৰ প্ৰথমগৰাকী মহিলা কোটিপতিৰ কাহিনী…

কৌন বনেগা কোটিপতি ১৫ য়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, ইয়াৰ কৃতিত্ব অমিতাভ বচ্চনৰ আচৰিত আতিথ্য দক্ষতা আৰু প্ৰতিভাৱান প্ৰতিযোগীক। ২০০০ চনত কেবিচি আৰম্ভ হৈছিল যদিও প্ৰথম মহিলা কোটিপতি পাবলৈ দৰ্শকে ১০ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। হয়, ২০১০ চনত অনুষ্ঠিত কেবিচি ৪ত ১ কোটি টকা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল ঝাৰখণ্ডৰ গিৰিডিহৰ ৰাহত তাছলিম। শ্ব’টোত জয়ী হোৱাৰ পিছত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে। ৰাহত তাছলীম এগৰাকী অতি আত্মবিশ্বাসী মহিলা। নিজৰ আচৰিত জ্ঞানেৰে অমিতাভ বচ্চনক আপ্লুত কৰাত সফল হৈছিল। এবাৰ তাই এটা সাক্ষাৎকাৰত কৈছিল, “যেতিয়া বিগ বিয়ে মোক সুধিছিল যে মই মোৰ আত্মবিশ্বাস ক’ৰ পৰা পাইছো, তেতিয়া মই উত্তৰ দিছিলো যে আত্মবিশ্বাসৰ পৰাই আহিছে আৰু মই সকলো জানো।”


মুম্বাইত অডিচনৰ সময়ত তেওঁৰ হাতত বেংক একাউণ্ট আৰু পেন কাৰ্ডো নাছিল। “ঘৰলৈ উভতি যোৱাৰ সময়ত প্ৰথমে বেংক একাউণ্ট খুলি পেন কাৰ্ডৰ বাবে আবেদন কৰিছিল মহিলাগৰাকীয়ে। ৰাহত তাছলিমে এতিয়া ঝাৰখণ্ডত নিজৰ ব্যৱসায় চলাই আছে। গিৰিডিহৰ এটা মলত তেওঁৰ কাপোৰৰ শ্ব’ৰুম আছে। ৰাহত তাছলীমে এসময়ত শিক্ষক হ’ব বিচাৰিছিল, কিন্তু পাৰিবাৰিক কাৰণত নোৱাৰিলে। এনে অৱস্থাত তেওঁ পুনৰ দৰ্জীৰ কাম শিকাই পৰিয়ালটোক খৰচত সহায় কৰিবলৈ আৰম্ভ কৰিলে।

ৰাহত তাছলীম যেতিয়া ‘কৌন বানেগা কোৰপতি’লৈ আহিছিল, তেতিয়া তেওঁৰ বহুত ঋণ আছিল। ৰাহত তাছলিমে প্ৰথমে বিজয়ী ধনেৰে সকলো ঋণ পৰিশোধ কৰিলে। ইয়াৰ পিছত তেওঁ ঝাৰখণ্ডৰ গিৰিডিহত নিজাকৈ কাপোৰৰ ব্যৱসায় খুলি পুত্ৰৰ বাবে বাইক এখন লৈছিল।

ৰাজ্যত পুনৰ এনকাউন্টাৰ…

ৰাজ্যত পুনৰ এনকাউন্টাৰ।

ধুবুৰীৰ বিলাসীপাৰাত ছফিকুল ইছলাম নামৰ যুৱকক এনকাউন্টাৰ।

এক অভিযানত এটা পিষ্টল ৩ জাঁই সজীৱ গুলিসহ দুজন যুৱক আটক কৰিছিল আৰক্ষীয়ে।

আটক হোৱা যুৱকদ্বয় ক্ৰমে মতিয়াৰ ৰহমান আৰু ছফিকুল ইছলাম।

যুৱকদ্বয়ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 7.65 MM পিষ্টলসহ তিনি জাঁই গুলি।

লগতে জব্দ কৰে এখন পালচাৰ বাইক।

এনকাউন্টাৰ হোৱা ছফিকুল ইছলামক বৰ্তমানে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সোমবাৰে বিয়লি বিলাসীপাৰাৰ নাথপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাৰনাস্ত্ৰ সহ দুই কুখ্যাত দুৰ্বৃত্তক কাৰায়ত্ত কৰিছিল। নিশা চিৰাকুটাৰ বেতবাৰীত অধিক অস্ত্ৰ লুকাই ৰখাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা দুৰ্বৃত্তক লগত লৈ সন্ধান আৰম্ভ কৰে। আৰক্ষীয়ে সন্ধান চলাই থকাৰ সময়তে দুৰ্ধৰ্ষ দুৰ্বৃত্ত ছফিকুল ইছলামে পলায়ন কৰাৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

জুৰীয়াত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি আমছু নেতা…

জুৰীয়াত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি আমছু নেতা।

আমছু নেতা নাছিৰ উদ্দিনক প্ৰাণে মৰাৰ চেষ্টা দুই দুৰ্বৃত্তৰ।

নগাঁও জিলা আমছুৰ সম্পাদক নাছিৰ উদ্দিন।