লং জাম্পত স্বৰ্ণপদক জয় কৰাৰ পাছত, ৰিম্পীয়ে ত্ৰিপল জাম্পত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই দ্বিতীয়টো সোণৰ পদক লাভ কৰে।
এই প্ৰতিযোগিতা আমেৰিকাৰ আলাবামা ৰাজ্যৰ বাৰ্মিংহাম চহৰত ২৭ জুনৰ পৰা ৬ জুলাই লৈ অনুষ্ঠিত হৈছে। ৰিম্পী বুঢ়াগোহাঁইয়ে অসম ৰাইফলছৰ প্ৰতিনিধিত্ব কৰি এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰিম্পীয়ে সৰ্ব ভাৰতীয় পুলিচ এথলেটিকছ চেম্পিয়নশ্বিপত ৬.৩৪ মিটাৰ লং জাম্প কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে এটা নতুন ৰেকৰ্ডো গঢ়িছিল।
ৰিম্পীৰ এই অসাধাৰণ সফলতাই ৰাজ্যবাসীৰ লগতে দেশবাসীকো গৌৰৱান্বিত কৰিছে।
আজি কবি হীৰেন ভট্টাচাৰ্য্যৰ মৃত্যুবাৰ্ষিকী। সুগন্ধি পখিলাৰ কবি হীৰুদাক সশ্ৰদ্ধ স্মৰণ। ২০১২ চনৰ ৪ জুলাইত কাব্য অনুৰাগীসকলক কন্দুৱাই চিৰ দিনৰ বাবে আঁতৰি গৈছিল হীৰুদা ৷ (Hiren Bhattacharya)
কবি বুলি ক’লেই প্ৰত্যেকৰে মনলৈ অহা এটা নাম “সুগন্ধি পখিলাৰ কবি” অথবা “হীৰুদা” নামেৰে খ্যাত হীৰেন ভট্টাচাৰ্য্য দেৱৰ প্ৰতিটো কবিতা ৰাইজৰ মাজত জনপ্ৰিয়।(poet)
অসমীয়া ৰোমান্টিক কবিতাৰ ক্ষেত্ৰত হীৰুদাই সৃষ্টি কৰিছিল এক নতুন ধাৰাৰ। তেওঁৰ কলমত প্ৰাণ পাই উঠিছিল ৰৌদ্ৰ কামনা, কবিতাৰ ৰ’দ, তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ দেশ আৰু প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বুকুৰ মাটি, ভালপোৱাৰ দিকচৌ বাটেৰে আদি কবিতা পুথি। আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে হীৰুদাক।(death anniversary)
‘আমেৰিকা পাৰ্টী’ গঠন কৰিবলৈ ইলন মাস্কৰ ঘোষণা: ট্ৰাম্প-মাস্ক বিবাদত চীনৰ সমৰ্থন, বিশ্ব ৰাজনীতিত সম্ভাব্য তীব্ৰ প্ৰভাৱ ।
বিশ্বৰ ধনীতম ব্যক্তি তথা টেসলা আৰু স্পেচএক্সৰ CEO ইলন মাস্কে এতিয়া নিজৰ নতুন ৰাজনৈতিক দল গঠন কৰাৰ ঘোষণাৰে বিশ্ব ৰাজনীতিত আলোড়ন সৃষ্টি কৰিছে। “আমেৰিকা পাৰ্টী” নামৰ এই দলৰ সূচনাৰ কথা তেওঁ ঘোষণা কৰে শেহতীয়াকৈ মার্কিন চেনেটত গৃহীত হোৱা ‘One Big Beautiful Bill’ নামৰ বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে।
“যদি এই বিধেয়কখন গৃহীত হয়, তেন্তে তাৰ পাছদিনাই মই নতুন ৰাজনৈতিক দল গঠন কৰিম। আমেৰিকাৰ জনতাৰ সত্যিকাৰ কণ্ঠস্বৰ হ’ব লাগিছে, ডেমোক্ৰেট বা ৰিপাব্লিকান নহয়।”
ইফালে, এই পদক্ষেপে ড’নাল্ড ট্ৰাম্পক জোৰদাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য কৰিছে। ট্ৰাম্পে তেওঁৰ Truth Social প্লেটফৰ্মত মন্তব্য কৰে —
“ৰাজসাহায্য অবিহনে ইলনক দক্ষিণ আফ্ৰিকালৈ উভতি যাব লাগিব।”
মাস্কে তাৰ উত্তৰত X (পূৰ্বতন টুইটাৰ)-ত লিখে —
“সঁচাকৈ কৈছো, সকলো ৰাজসাহায্য বন্ধ কৰক। এই বিধেয়কখনে কেৱল ঋণ বৃদ্ধি কৰাই নহয়, লাখ লাখ চাকৰি বিপন্ন কৰিব।”
উল্লেখযোগ্য যে, এই বিলখনে আমেৰিকাৰ ঋণ ৩.৩ ট্রিলিয়ন ডলাৰে বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে। লগতে নবীকৰণযোগ্য শক্তি আৰু ইলেকট্ৰিক বাহনৰ ক্ষেত্ৰত দিয়া সাহায্য হ্ৰাস কৰাৰ ফলত মাস্কৰ উদ্যোগসমূহ ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা প্ৰকাশ কৰিছে তেওঁ।
ট্ৰাম্প-মাস্কৰ এই শক্তিশালী বিবাদে আমেৰিকাৰ ৰাজনৈতিক পৰিস্থিতিক তীব্ৰ ৰূপ দিছে। ইফালে, ইলন মাস্কৰ নতুন দল গঠনৰ পদক্ষেপে দ্বিদলীয় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলিছে আৰু আমেৰিকাৰ ৰাজনীতিৰ নতুন অধ্যায়ৰ সূচনা হোৱাৰ সম্ভাৱনা সৃষ্টি কৰিছে।
বিশ্লেষকৰ মতে, “‘আমেৰিকা পাৰ্টী’ গঠন হ’লে এনে এগৰাকী প্ৰযুক্তি-উদ্যোক্তা ৰাজনীতিত প্ৰৱেশ কৰিলে, বিশ্ব ৰাজনীতিতো ইয়াৰ গভীৰ প্ৰভাৱ পৰিব।”
BJP । BTR ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত হ'ল এক বৃহৎ বিজেপি কাৰ্যকৰ্তা সন্মিলন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকিয়াও উপস্থিত থাকে।
BJP । BTR ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত হ’ল এক বৃহৎ বিজেপি কাৰ্যকৰ্তা সন্মিলন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকিয়াও উপস্থিত থাকে।
এই কাৰ্যসূচীত ওদালগুৰি জিলাৰ ৮৩১টা বুথৰ পৰা অহা হাজাৰো বিজেপি কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে বক্তব্য ৰাখি কয় – “বিজেপিয়ে বিটিআৰৰ চাৰিখন জিলাত নিৰ্বাচন খেলিব, কিন্তু প্ৰতিদ্বন্দী হিচাপে নহয়। আমাৰ উদ্দেশ্য হ’ল বিটিআৰত শান্তি, সমৃদ্ধি আৰু জনকল্যাণ নিশ্চিত কৰা।”
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে – “UPPL দলৰ সৈতে আমাৰ চৰকাৰ আছে। সেয়ে যদি ভাল কাম হয়, দায়িত্ব আমাৰ; যদি বেয়া কাম হয়, তাতো আমাৰ দায়িত্ব।”
বিটিআৰৰ উন্নয়ন, সকলে সম অধিকাৰ লাভ কৰা আৰু অঞ্চলটোত স্থায়ী শান্তি অৱ্যাহত ৰখাই বিজেপিৰ মুখ্য লক্ষ্য বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে।